জীৱনত প্ৰথম বাৰ তেখেতে শুভ্ৰ সাজ পৰিধান কৰি উকা কপালখনেৰে সৈতে একো অলংকাৰ নিপিন্ধাকৈ মানুহৰ আগত থিয় হবলৈ সাজু হ'ল( Assamese Storyboard )। তেখেত স্থিতপ্ৰজ্ঞ। দুখ কৰি , কান্দি কাটি হুলস্থুল কৰা নাই। নিজে অলপো বিচলিত হোৱা নাই। সকলো কাম কাজৰ নিজে তদাৰক কৰিছে। কাক কি কামৰ দায়িত্ব দিয়া উচিত তেখেতে ভালদৰে জানে। প্ৰতিটো কামৰ বাবে কিমান টকা খৰচ হ'ব , কাৰ ওপৰত বিশ্বাস কৰি টকা পইচা লেনদেন কৰিব পাৰি , সেইবোৰ তেখেতে ভালকৈ জানে আৰু তেখেত মানসিক ভাবে প্ৰস্তুত হৈ আছে। সুদীৰ্ঘ বিছ বছৰ ধৰি তেওঁলোক দুজনে ইজনে আনজনৰ সাৰথি হৈ আছে। বেছিভাগ সময়ত অকলেই ঘৰখনৰ দায়িত্ব পালন কৰি আহিছে। গতিকে তেওঁ আজি ভাগি পৰা নাই। যি কোনো পৰিস্থিতিৰ বাবে নিজকে মানসিক ভাবে সাজু কৰি ৰাখিছে। একমাত্ৰ ল'ৰা পৰিয়ালৰ সৈতে ভেনিজুৱেলাত থাকে। তেল কোম্পানীৰ অভিযন্তা।বছৰৰ মুৰত এবাৰ আহি মাক দেউতাকৰ খবৰ লৈ যায়। সম্পত্তি খিনি চাই যায়। সময়ে সময়ে ফোন কৰি থাকে। আজি সন্ধিয়া ল'ৰাটো আহি পোৱা কথা। সকলোৱে তেওঁলৈ অপেক্ষা কৰি আছে।
বোৱাৰী কালৰ পৰাই মানুহ গৰাকী বৰ চৌখিন। পয়সত্তৰ বছৰ বয়সতো তেখেতে বৰ সুন্দৰ কৈ সাজ পোছাক, গহনা পাতি পিন্ধি থাকে। মুখত সদায় হাঁহি। নিজেও আনন্দত থাকে, আন দহজনকো আনন্দত থাকিবলৈ অনুপ্ৰাণিত কৰে। আহল বহল ঘৰখনত এতিয়া তেওলোক দুজনেই মানুহ। এটা সময় আছিল , ঘৰখনলৈ সঘনাই মানুহ অহা যোৱা কৰিছিল। আলহী অতিথি লগ বন্ধু সকলো আছিল। ঘৰখন ভৰি আছিল। বিহু বা পূজাৰ সময়ত আনন্দৰ বন্যা বৈছিল।
লাহে লাহে মানুহৰ অহা যোৱা কমি আহিল। ল'ৰা বিদেশলৈ গ'ল। স্বামীয়ে চাকৰিৰ পৰা অৱসৰ পালে। লগ সমনীয়াই কমকৈ খবৰ লোৱা হ'ল। চাকৰি থকা সময়ত কেৱল কাম আৰু কামৰ মাজত সোমাই থকা মানুহটোৱে এতিয়া এবাৰ বজাৰলৈ যাব পালেই ডাঙৰ কাম কৰা যেন হ'ল। সময়ৰ লগে লগে মানুহৰ ব্যস্ততা বাঢ়িল। আধুনিকতাৰ প্ৰভাৱত দৌৰি দৌৰি ভাগৰি পৰা আত্মীয় কুতুম মানুহবোৰেও এষাৰ মাত দিবলৈ সময় নোপোৱা হ'ল। নিসংগতাই আবৰি ধৰা বৃদ্ধ দম্পত্তি হালে কেৱল ৰৈ থাকিল সময়ৰ নিষ্ঠুৰ বাস্তৱক সাক্ষী কৰি। লাহে লাহে বয়সে মনৰ যোৰক কোঙা কৰিবলৈ ধৰিলে। এদিন দুদিনকৈ শৰীৰ দুৰ্বল হৈ আহিবলৈ ধৰিলে। ল'ৰাই বিদেশৰ পৰাই দিহা পৰামৰ্শ দি থাকিল। ডাক্তৰ আহে, ঔষধ দিয়ে। মাজতে ভাল হয়, আকৌ গা বেয়া হয়। এনেদৰে দিন আহে ৰাতি পুৱাই। সময়ৰ নিষ্ঠুৰ আচোৰে কোবাই যায়। আৰু এদিন ......( Assamese Storyboard )
পচাশী বছৰীয়া বৃদ্ধ গৰাকী বিচনাৰ পৰা উঠিব নোৱাৰা হ'ল। পত্নীয়ে যেন সাজু হৈ আছিল। তেখেতে বিচলিত নহৈ এম্বুলেঞ্ছ মাতি মেডিকেললৈ লৈ গ'ল। বিদেশত থকা ল'ৰাক খবৰ দিলে। দুদিন পিছত তেখেত ঢুকাল। ল'ৰাই ডাক্তৰৰ লগত আলোচনা কৰি দেউতাকৰ শৰীৰটো মৰ্গত ৰখাৰ ব্যৱস্থা কৰিলে। মাকে নীৰৱে চকুপানী টুকি ওচৰত বহি থাকিল। কিন্তু কিমান সময় কান্দিব ? তেওঁলোকৰ দুখত সমভাগী হৈ বহুমূলীয়া সময় খৰচ কৰিব জানো কোনোবাই ? তেওঁ জানে মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ঘৰখন ভৰি পৰিব। কান্দিকাতি হুলস্থুল লগাই দিব কিছু সময়। মৃতকৰ গুনানুকীৰ্তন কৰিব। ফুলৰ মালা ভৰি পৰিব, ধুপ ধুণাৰ গোন্ধ চৌদিশে বিয়পি পৰিব। বিভিন্ন জনে ফটো তুলিব । হয়তো এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰিবলৈ ৰাইজে অনুৰোধ কৰিব। এটা সময়ত হৰিধ্বনি দি সমদল কৰি চাৰিজন মানুহে তেওঁক কান্ধত তুলি শ্মশানলৈ লৈ যাব। এটা দীঘলীয়া যাত্ৰাৰ কৰুণ পৰিসমাপ্তি ঘটিব ।
তাৰ পিছত ? তাৰ পিছত ? সকলোৱে কামৰ অজুহাত দেখুৱাই এজন এজনকৈ মাত লগাই আতৰি যাব। স্কুল, কলেজ, অফিচ , ব্যৱসায় , কাৰো সময় নাই , সকলো ব্যস্ত।
সন্ধিয়া হোৱাৰ ঠিক আগে আগে বিদেশত থকা ল'ৰাজন পৰিয়ালৰ সৈতে আহি পালে।ইতিমধ্যে মৃতদেহ মৰ্গৰ পৰা আনি চোতালত থৈছে। সকলোৱে যেন এই মুহুৰ্তটোৰ কাৰনেহে ৰৈ আছিল। চাৰিওফালে লৰাঢপৰা লাগিল। হৈ চৈ কন্দা কটা নীতি নিয়ম ইত্যাদি ইত্যাদি। ল'ৰাজনে যথাৰীতি গা ধুই শুভ্ৰ ধুতি পিন্ধিলে। মাকেও জীৱনত প্ৰথম বাৰ শুভ্ৰ সাজ পৰিধান কৰি উকা কপালখনেৰে সৈতে একো অলংকাৰ নিপিন্ধাকৈ মানুহৰ আগত থিয় হবলৈ সাজু হ'ল।
## কমলেন্দ্ৰ শৰ্মা ##
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment