চিপচিপিয়া বৰষুণ জাকে বসন্ত অহাৰ বাতৰি দিছিল, লঠঙা গছৰ ডালত কোমল কুঁহিপাত মেলিছিল...., নানা ৰঙীন ফুলবোৰে বহাগক আদৰণি জনাইছিল...( Assamese Storyboard )। সেউজীয়া হৈ পৰিছিল সমগ্ৰ পৃথিৱী....., কোমল কুঁহিপাতৰ আঁৰে আঁৰে বনবিহগী কেতেকীৰ হিয়া ভগা বিননী...., ঢোল পেঁপাৰ শব্দত ৰজনজন চুবুৰী..., বিহুলৈ আৰু বেছি দিন নাই...., যিমানেই দিন ওচৰ চাপি আহিছে সিমানেই মনাৰ উচপিচ লাগিছে, বিহুত ৰক্তিম এমাহৰ ছুটীত ঘৰলৈ আহিব.., ৰঙীণ হৈ পৰিব প্ৰতিটো নিশা.., ৰক্তিমৰ সান্নিধ্যত জীপাল হৈ পৰিব মনাৰ হৃদয়...., সময়....! বৰ গতিশীল পাখী লগা কাঁড়ৰ দৰে...., বিচনাৰ পৰা লাহেকৈ নামি গৈ মনাই খিড়িকীৰে বাহিৰলৈ চালে..., পোহৰ হবলৈ আৰু বেছি পৰ নাই...., মনাই খিৰিকীখন মেলি কিছুসময় আকৌ বিচনাত দীঘল দিলে..., বাহিৰৰ ফিৰফিৰিয়া চেঁচা বতাহজাক খিৰিকীৰে সোমাই আহিল....., বাগৰ সলাই থাকোঁতেই মনাৰ টোপনি আহিল...
: চাওঁ....., এৰি দিয়া....,
: কেনেকৈ এৰি দিওঁ তোমাক....., ইমান দিনৰ মূৰত লগ পাইছোঁ....
: ধেৎ মোৰ লাজ লাগে......
: মোলৈ লাজ কৰা তুমি....! কি কথা কৈছা হে....!
চাওঁ মোৰ বুকুৰ মাজলৈ সোমাই আহাঁ.....,
: ৰক্তিম তুমি বৰ দুষ্ট হৈ গলা....
: মোক দুষ্ট হবলৈ তুমি বাধ্য কৰিছা..., তোমালৈ থকা মোৰ মৰমবোৰ আজি উথলি উঠিছে...,
: চাওঁ ....! এৰি দিয়া.....! এৰি দিয়া..... মোক প্লীজ........
মনাৰ চিঞৰত সাৰ পাই গৈছিল নূপুৰে...., উধাতু খাই উঠি আহি মনাৰ দুৱাৰখনত টুকুৰীয়ালে......... বৌ....! বৌ.....! কি হৈছে বৌ....! দুৱাৰখন খোলাচোন...., বৌ....
নূপুৰৰ চিঞৰত উচপ খাই উঠিছিল মনা....., চকুমেলি চাই ৰক্তিমক শিতানত নেদেখি আচৰিত হৈছিল মনা.....,
: বৌ....., দুৱাৰখন খুলি দিয়াচোন...!
: উঠিছোঁ ৰবা...., দুৱাৰখন খুলি দিলে মনাই
: কি হল বৌ... কিয় ইমান বেয়াকৈ চিঞৰিছিলা...? কিবা ভয় লগা সপোন দেখিছিলা নেকি.....!
: ভয় লগা নহয়......, ভাল লগা সপোনেই...
: ভাল লগা যদি কিয় ইমান ভয়লগাকৈ চিঞৰিছিলা...!
: ৰক্তিম আহিছিল....! মোক বুকুৰ মাজত সোমোৱাই জোৰকৈ সাৱটি লৈছিল...
: ৱাহ.....! বৌ বৰ ৰোমান্টিক সপোন দেখিলা দেখুন...! তুমি দাদাৰ কথা ভাবি আছিলা চাগৈ... কাইলৈ দাদা আহিবই .......! সপোনত নহয় দিঠকতেই লগ পাবা....,
: ঘৰৰ মানুহ , ঘৰলৈ আহিব..., তাত ভাবিবলৈ কি আছে....
: হলেও দিয়াচোন...!
: নূপুৰ....!
: দাদা আহিলে মই তোমাৰ সপোনটোৰ কথা কৈ দিম...., তেতিয়া দাদাই তোমাক আৰু মৰম কৰিব.....,
: নূপুৰ......! দৌৰ মাৰি ওলাই গৈছিল নূপুৰ..., ৰাতিপুৱাই মনাই নূপুৰৰ আগত বৰ লাজ পালে..., ইমান ডাঙৰ কৈ চিঞৰিছিলোঁ নে মই....! কি যে সপোন দেখিছিলোঁ ....! ধেৎ....! এতিয়া কিবা মোৰ লাজহে লাগিছে....., চুলিকোচা আচুৰী খোপাটি বান্ধি..., কাপোৰসাঁজ ঠিক কৰি ললে..., খিৰিকী কেইখন খুলি পোহৰ সোমাবলৈ পর্দাকেইখন ছপাই দি বিচনাৰ কাপোৰখন জাৰি জোকাৰি সুন্দৰকৈ পাৰি, ৰূমকেইটা ঝাড়ু দি হাতত দীঘল বাঢ়নীতাৰ লৈ চোতালত পৰি থকা গছৰ শুকান পাতবোৰ সাৰি সাৰি নি দৌল কৰি জ্বলাই দিলে...., ৰাতি বতাহ অহাৰ বাবেই গছৰ পাতে চোতাল ভৰি পৰিছিল...., পূৱৰ আকাশত পুৱাৰ ৰাঙলী বেলি লাহে লাহে উঠি আহিছিল..., কুলিৰ মিঠা মাতত মানুহৰ মন ৰাইজাই কৰিছিল...., পুৱাৰ চাহ কাপ খাম খাম বুলি ভাবি দেউতাক ৰেডীঅ' শুনি বাৰাণ্ডাত বহি আছিল, মনাৰ গা ধোৱা পলম হোৱাৰ বাবে নূপুৰেই দেউতাকক পুৱাৰ চাহকাপ দিলে....., মনাই গোঁসাই ঘৰৰ পৰা ওলাই সূৰ্য্যক প্ৰণাম কৰি তুলসী জোপাত পানী ঢালিলে.....,
" বহাগতে আহিবি চেনাই ঐ..... খোপাতে এপাহী কপৌ ফুল দিবলৈ....." এই সুমধুৰ সংগীতটো শুনাৰ পিছত মনা থমকি ৰৈছিল........ দেউতা চাহ খালে...!
: খালোঁ , নূপুৰেই দিলে..., বৰ ধুনীয়া গীত এটি দিছে....., কিমান মিঠা গীতৰ কথাবোৰ...., এনেকুৱা গীতবোৰ শুনি থাকিলেও আমনি নালাগে....,
: হয় দেউতা....!
: বোপা লৈ ফোন কৰিছিলা নেকি...! কত পালেহি...!
: নাই কৰা দেউতা..., ৰাতি কথা পাতোঁতে কাইলৈ ৰাতিপুৱা গুৱাহাটী পাম বুলি কৈছিল...,
: অ' হয়নেকি...!
: হয় ...! দেউতা...., খৰ খোজেৰে ভিতৰলৈ সোমাই আহিল মনা...., ফ্ৰীজৰ পৰা গাখীৰখিনি উলিয়াই ভালকৈ পগাই ডাঠ কৈ চাহ দুকাপ বাকী দেউতাকক একাপ দি থৈ আহিল..., চাহৰ কাপটো হাতত লৈ মনা বেলকনিলৈ ওলাই গল, তিতা চুলিকোচা ৰ'দত শুকাবলৈ মেলি দিলে.., মনাই লক্ষ্য কৰিলে কোমল কুঁহিপাত বিলাক ৰ'দৰ পোহৰত চিকমিকাই উঠিছে....., নানা ৰঙীন বনৰীয়া ফুলবোৰে প্ৰকৃতিৰ শোভা বৃদ্ধি কৰিছে...., আনন্দত মতলীয়া হৈ ভোমোৰা আৰু মৌ মাখিয়ে ফুলৰ মৌ প্ৰাণ কৰিছে......, প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰি থাকোঁতেই মনাৰ ফোনটো বাজি উঠিল..., ফোনটো ৰিচিভ কৰিবলৈ লওঁতেই কাত খাই থাকিল...., দুই তিনিবাৰ চেষ্টা কৰিও ফোনটো লগাব নোৱাৰিলে......., বৌ...! আজি আমাৰ ঘৰলৈ ঋত্বিক আহিব..., ব্ৰেকফাষ্ট কৰাকৈ...
: কোন ঋত্বিক....?
: তুমি পাহৰি গলা নেকি...! সেইদিনা মোক থবলৈ আহিছিল যে....!
: অ'.....! কিন্তু তাৰ লগত তোমাক সম্পৰ্ক কৰিবলৈ মানা কৰিছিলোঁ নাই...! তথাপিও তুমি.....?
: বৌ ....! তুমি এবাৰ ঋত্বিকক কাষৰ পৰা লগ পালেহে গম পাবা....., তুমি ভবাৰ দৰে সি ইমান বেয়া ল'ৰা নহয় বৌ....!
: নূপুৰ, মানুহক চিনি পোৱাটো ইমান সহজ নহয়...! ওপৰে ওপৰে চাই যিদৰে তামোলটো ভাল নে বেয়া চিনিব নোৱাৰি, সেইদৰে মানুহৰ মনটোও সহজতে চিনিব নোৱাৰি......, দেখাত সহজ সৰল যেন লাগিলেও ভিতৰি সহজ নহবও পাৰে....,
: বৌ তুমি সকলো কথা আওপকীয়াকৈ বুজা...., বাৰু সেইবোৰ বাদ দিয়া, পাকঘৰলৈ বলা, দহ বজাত ঋত্বিক পাবহিয়ে....
পাকঘৰত সোমাই মনাই আটা কেইটা মথে মানে , নূপুৰে কাবেলি বুট কেইটা প্ৰেচাৰটোত দি বইল কৰি ললে......., পনীৰ আৰু কাবেলি এখন, দিম অমলেট, বৌ আৰু কি ৰান্ধিম..?
: সৰিয়হ অকণ বাটিব পাৰা..., ফ্ৰীজত ধনীয়াও আছে....,
: ঠিক আছে, তুমি আটা মথি হয়মানে মই সৰিয়হকণ বটি লওঁ...., কাৰেণ্ট গলে বিপদেই হব,
: আদা নহৰু অলপো পেচ কৰিবাচোন....
আজি শনিবাৰ...... শনিবাৰে তুমি অহাৰে কথা বজাবলৈ তানপুৰা বুকুতে জানা....., গীতটি গুনগুনাই নূপুৰে সৰিয়হ বটিবলৈ লাগিল........... নূপুৰ কিবা এটা প্ৰেম প্ৰেম গোন্ধ পাইছোঁ মই, কোনোদিনে গান নোগোৱা ছোৱালীজনীৰ মুখত আজি হঠাৎ প্ৰেমৰ গীত...
: বৌ...., তুমি যে কি কথাবোৰ কোৱা...., এতিয়া মোৰ প্ৰেম কৰাৰ সময় নাই দেই... বৌ ঋত্বিক পালেহিয়ে নেকি..! পদূলিত বাইক এখন ৰখোৱা যেন লাগিল..., ৰ'বা মই চাওঁ আহোগৈ....
( Assamese Storyboard )
: আহাঁ ....! ঋত্বিক...বহা.., ৰবা মই বৌক মাতি দিছোঁ....., নূপুৰে মনাৰ সৈতে ঋত্বিকক চিনাকি কৰাই দিলে..., বৌ এওঁ ঋত্বিক...
: নমস্কাৰ..., বহাৰ পৰা উঠি নমস্কাৰ জনালে মনাক,
: নমস্কাৰ.., বহা..., কিয় থিয় হৈছা তুমি...!
: তোমালোকে কথা পতা , মই চাহ কৰোগৈ...., ঋত্বিকলৈ কেৰাহীকৈ চাই মিচিকিয়া হাঁহি এটা মাৰি নূপুৰ ভিতৰলৈ সোমাই গল....,
: কত ঘৰ তোমাৰ....,
: দৌলৰ কাষতে,
: ঘৰত কোন কোন আছে..?
: মা আৰু মই..., দেউতা সৰুতেই ঢুকাল...
: অ' sorry ,
: its ok বৌ...
: তোমাৰ পঢ়া শুনা...
: বি.কম কৰিলোঁ, এতিয়া সৰুকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ,
: ভালেই কৰিছা, আজিৰ দিনত চাকৰি এটা পোৱাটো বৰ টান..., তুমি আমাৰ নূপুৰক কেনেকৈ চিনি পোৱা..
: তাৰমানে....! বৌ..., সেইদিনা মিনাক্ষীৰ জন্মদিনত লগ পাইছিলোঁ, নীহাই চিনাকি কৰাই দিছিল..., ।
: অ'..., হয়নেকি....! তুমি বহাচোন দেই..., মনাই ঋত্বিকক বহিবলৈ কৈ ভিতৰলৈ সোমাই গল......, মই লুচি কেইটা পুৰি লওঁ মানে তুমি অলপ বাহিৰতে বহাগৈ নূপুৰ..., চাহ কাপ লৈ যোৱা...,
: বৌ.. , কেনেকুৱা পালা কথা পাতি..?
: ভালেই..., চাহৰ ট্রেখন হাতত লৈ নূপুৰ ঋত্বিকৰ কাষলৈ আহিল,
: নূপুৰ...! তুমি মানুহ মাৰিবা দেই...!
: কি হল...! বৌয়ে কিবা কলে নেকি...?
: নাই একো কোৱা নাই...!
: চাহ কাপ খাই লোৱা....,
: নূপুৰ.., তোমালোকৰ বৌ বৰ চতুৰ...., তন্ন তন্ন কৈ মোক সকলো সুধিলে,
: বৌ..., তেনেকুৱাই, সকলো কথা চিধা চিধিকৈ কয়, এতিয়া পিছে বজাৰলৈ যাবা নে নোযোৱা...
: যাম..., কিন্তু ঘৰৰ পৰা একেলগে ওলাই নাযাওঁ, নহলে আকৌ তোমাক পুলিচৰ দৰে জেৰা কৰিব..., ঋত্বিকৰ লগত কিয় বজাৰলৈ যাব লাগে...! সি তোমাৰ কি হয়... ইত্যাদি ইত্যাদি......
: হা:.... হা:...., খিলখিলাই হাঁহিলে নূপুৰে..., তাৰমানে বৌয়ে তোমাক ঢেৰ প্ৰশ্ন সুধিলে...,
: নকবা আৰু....! মোৰ বিৰাট ভয় লাগিছিল জানা, ভিতৰি ভিতৰি তোমালৈ খঙ উঠিছিল....,
: খং উঠিবলৈ আকৌ কি হল,
: কথা বতৰা হোৱাৰ পিছতো তুমি ভিতৰলৈ যাব পাৰিলা হয়...!
: কিয়......?, কিয়.....?, কিয়....?
: সেইবোৰ বাদ দিয়া, বৌয়ে শুনিলে কথাটো বেয়া হব, কি কি বজাৰ কৰিবা নো..!
: বৰ বিশেষ একো নাই, দাদা আৰু দেউতাৰ কাৰণে চাৰ্ট দুটা, বৌৰ কাৰণে কাপোৰ এযোৰ, মোৰ কাৰণে কুৰটা এটা....
: মোৰ কাৰণে একো নিকিনা...,
: কিনিম , কিয় নিকিনিম...! তোমালৈ চাৰ্ট আৰু জিঞ্চ কিনিম... হবনে...!
: হব অ' কলিজা...! তুমি মৰমতে যি দিয়া সেয়াই মোৰ বাবে শ্রেষ্ট উপহাৰ....,
: চুপ....! এতিয়া এইবোৰ শব্দ ব্যৱহাৰ নকৰিবা, দেউতা ঘৰতে আছে , অলপ ওলাই গৈছে, বৌৰ কাণত পৰিলে সকলো কথা দাদাক কৈ দিব...
: অ' পাহৰিছিলোঁৱেই...!
: নূপুৰ...! ঋত্বিক লৈ আহা, মই ব্ৰেকফাষ্ট ৰেডী কৰিছোঁ....., ভিতৰৰ পৰাই মাত দিলে মনাই,
: গৈছোঁ বৌ..., ব'লা ব্ৰেকফাষ্ট কৰিয়ে আমি ওলাই যাম...,
: তুমি দেখুন ৰেডী হোৱাই নাই...,
: তুমি ব্ৰেকফাষ্ট কৰা মানে মই ৰেডী হৈ লম.....,
: ঠিক আছে, বেছি দেৰি নকৰিবা কিন্ত...!
: ok, পাঁচমিনিতত মই ৰেডী হৈ যাম,
মনাই ফুলা ফুলা লুচি কেইখন বগা প্লেটখনত দি , সৰু বাতি দুটাত পনীৰ আৰু কাষ্টাৰ্ড ধুনীয়াকৈ সজাই দিলে, ব্ৰেডত বাতাৰ লগাই প্লেটখনৰ কাষতে থলে...., আপেলটো চাৰি টুকুৰা কৰি কলকেইটাৰ কাষতে থলে, পকা মালভোগ কল কেইটা দেখি ঋত্বিকে লোভ সামৰিব নোৱাৰিলে, প্লেটখনৰ পৰা কল এটা লৈ তপাতপ খাবলৈ লাগিল..... ঘৰৰ কল নেকি বৌ..! বৰ সোৱাদ.
: হয়, ঘৰৰে , ভাইটি আহিছিল বুধবাৰে সিয়ে লৈ আহিছিল...,
: বৌ , আপুনি নাখায় নেকি...! বহক...., একেলগে খাওঁ,
: মই এতিয়া নাখাও...., দেউতা অলপ উলাই গৈছে , দেউতা আহিলে খাম..., নূপুৰ... তোমাৰ হলনে....! ঋত্বিক ৰৈ আছে, নাহা কিয়....!
: গৈছোঁ বৌ... দুই মিনিট....., নূপুৰে কলে...
: তুমি খোৱা ঋত্বিক..., এইৰ দুই মিনিট মানে আমাৰ দহ মিনিট...,
: দিয়া..., দিয়া... বৌ.., মোৰ অলপ বজাৰ কৰিব লগা আছে, ঋত্বিকৰ লগতে এইকন ওলাই যাব পাৰিম.... সেয়ে ৰেডী হৈ ললোঁ,
: কাইলৈ দাদা আহিবই.., দাদাৰ লগত গলে নহব জানো....!
: মই পাৰ্লাৰলৈও যাম..., দাদাৰ লগত গলে সেইবোৰলৈ যাবলৈ নিদিয়ে, বজাৰ কৰি চিধা ঘৰ,
: তুমি অলপ আগতে কোৱা হলে ময়ো যাব পাৰিলেহেঁতেন, মোৰো চেলাউৰী কেইটা অলপ মিলাব লগীয়া আছিল,
: আপুনি ৰেডী হওঁক গৈ নহলে আমাৰ খাই হয় মানে... ঋত্বিকে কলে.....,
: বৌ খাই মেলি ৰেডী হয় মানে বহুত দেৰী হৈ যাব, মোৰ বাৰু একো নাই.., কিন্তু তোমাৰ হে চাইডলৈ যাবলৈ দেৰি হৈ যাব......., নূপুৰে তপৰাই মাতিলে
: আজি নাযাওঁ দিয়া, তোমাৰ দেৰি হৈ যাব, চাইডলৈ যাবলৈ....,
: ঠিক আছে বৌ , যাওঁ এতিয়া,
: ঠিক আছে, মাজে মাজে আহি থাকিবা,
: নিশ্চয়...! নিশ্চয়, ব্যৱসায়ৰ কামত অ'ত ত'ত ঘূৰি ফুৰোতে সময়ে নাপাওঁ... আজি কোনৰকম সময় অকণ উলিয়াই আহিলোঁ আৰু...!
: হয় বাৰু...! আজিকালি সকলো ব্যস্ত, সময় সুবিধা মিলাই আহিবা আৰু..... ভদ্ৰতাৰ খাতিৰত কথাকেইটা কলে মনাই......,
( ক্ৰমশঃ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment