এজনী মৰম লগা ছোৱালীৰ হৃদয়স্পৰ্শী কাহিনী ( খণ্ড - ২ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 1, 2021

এজনী মৰম লগা ছোৱালীৰ হৃদয়স্পৰ্শী কাহিনী ( খণ্ড - ২ ) : Assamese Storyboard

Assamese Storyboard

 

মই কি কৰিম ! নে মই মৰি থাকিম | নে কৰবাত গুছি যাম | এটা সৰু কোঠাত অকলে অকলে থাকিম | নিজক বিচাৰি ফুৰিম ! হেৰুৱা ঠিকনা বিচাৰিম | জীৱনৰ শেষ আশা |( Assamese Storyboard )

             কিন্তু মোৰ অনুপস্থিতিত মোৰ একমাত্র সন্তানটোক কোনে চাব,তাৰ দায়িত্ব বোৰ ! নাই নাই মই তাৰ পাপৰ বোজা লব নোৱাৰো | শেষ বাৰৰ বাবে আকৌ চেষ্টা কৰিম প্রতিমক ভাল কৰাৰ |

ৰিংকি সিদ্ধান্ত ল'লে তাই আজি প্রতিমক আকৌ বুজাব সিহতৰ ভগ্ন সংসাৰ খন ভাল কৰাৰ বাবে | সেইদিনা সি ৰাতি সোনকালে ঘৰ সোমাইছিল | তাইৰ পৰিবৰ্তে সি মাকক মাতিছিল |
- মা ভাত দিয়া ভোক লাগিছে |
তাৰ মাত শুনি তাই গৈ তাক ডাইনিং ত ভাত সাজি দিছিলে | 
- প্রতিম আজি তুমি মোক অকমান সময় দিবা নে ?
- চৰি মোৰ দিনত বহুত কষ্ট হৈছে,মই নোৱাৰিম | 
তাইৰ বুকুখন বিষাই গৈছিল |তথাপি তাই আকৌ কৈছিল
- প্লীজ , মই ৰৈ থাকিম তোমাৰ বাবে |

                 সি ভাত খাই নিজৰ কোঠাত সোমাইছিল | তেনেতে ৰিংকি ও সোমাই গৈছিল তাৰ কোঠাত |
- প্রতিম ! এখন সংসাৰ পতাটো সহজ | কিন্তু তাক চম্ভলা বৰ কঠিন | তুমি জানা তুমি মোৰ আশা,তুমি মোৰ ভৰসা | তুমি বিহীন ৰাতিবোৰ মই কিমান কষ্টত কতাওঁ তুমি জানানে ?
           কিয় তুমি মোক এভইড কৰা ? মল্লিকাৰ ওচৰত এনে কি আছে যি মোৰ ওতৰত নাই ?
- চুপ ! মল্লিকাৰ কথা তেনেকে নকবা | মই তাইৰ কাৰনে পাগল আৰু তাই ও মোৰ বাবে পাগল |
তাই ও আৰু শান্ত হৈ নাথাকিল | জুই জ্বলিছে যেতিয়া জ্বলাৱই আজি |
- ঠিক আছে তেন্তে তুমি মোক কিয় বিয়া পাতিলা ! মল্লিকাক আনিব লাগিছিল | মোৰ জীৱন ধংস কৰাৰ অধিকাৰ তুমি ক'ত পালা ?তুমি চৰিত্র হীন বুলি জানিলে,,,,,,,,
- ঐ মুখ চম্ভালি কথা কবক | নহ'লে



- কি কৰিবা ? কি বুলি ভাৱা তুমি মোক ! ইমান দিন নিৰবে আছিলো আৰু নহব |

               এটাৰ পিছত এটা যুক্তিত দুয়োৰো বাক-বিতণ্ডা বাঢ়ি গ'ল |
- বোৱাৰী
তাই দেখিছিল সিহতৰ কোঠাত প্রতিমৰ মাক - দেউতাক সোমাই আহিছিল |
- অ মা
- এইখন ভদ্র ঘৰ ,গতিকে ভদ্র ঘৰৰ বোৱাৰী হৈ ভদ্র হৈ চলিব চেষ্টা কৰিবা | তোমালোক গাৱলীয়া মানুহ বোৰ বৰ নিলাজ ! চিঞঁৰি চিঞঁৰি কাজিয়া কৰিব ও লাজ নকৰা |
তাই আজি শাহুৰ ওপৰত ও খং ত জ্বলিছে উত্তৰ দিবই লাগিব|
- শুনক মা গাৱলীয়া মানুহে চোৰ কৰিব নাজানে,কিন্তু চহৰৰ এইচাম ভদ্র মানুহে ৰাতিৰ আন্ধাৰত কামনাৰ খেলা পাতে |
- ছিঃ ছিঃ তুমি ইমান বেয়া কথা কব পাৰা !
- বেয়া কথা ! যেতিয়া আপোনাৰ পুত্রই এজনী পৰস্ত্রীৰ লগত ঘূৰি ফুৰে তেতিয়া আপোনাৰ লাজ নালাগে,যেতিয়া এটা কোঠাত সোমাই দুয়ো অভিসাৰ পাতে তেতিয়া লাজ নালাগে !

           প্রতিম খং ত ৰুদ্র মুৰ্ত্তি হ'ল সি তাইৰ ছুলি কোছাত থাপ মাৰি ধৰি তাইক প্রচণ্ড চৰ সোধালে |তাই লক্ষ্য কৰিছিল তাৰ মাকে পুতেকক কোনো ধৰনৰ বাধাই নিদিলে |



তাই আৰু কোনো শব্দ নকৰিলে | তাই তাইৰ কোঠাত দৌৰি গ'ল | আৰু দৰ্জাৰ খিলিটো বন্ধ কৰিলে |আৰু বিচনাত পৰি হুকহুকাই কান্দিলে | 

                অ অভাগিনী নাৰী
                   জীৱন জীৱন 
                   বৰ অনুপম !
                    সেই জীৱন আজি তাইৰ
                     এখন দুখৰ ৰণ |

            কি কৰিব ! মাক দেউতাকৰ ওচৰলৈ গুছি গ'ল হৈ ! কিন্তু জীৱনৰ বিয়লি বেলাত মাক দেউতাকৰ চকুপানী কিমান চাব তাই ! 
 - দেউতা 
তাই ৰাতিপুৱাঁই চাহ লৈ শহুৰেকৰ কাষ চাপিছিল |
- উম কোৱা 
- কওঁক চোন মোৰ ভুল ক'ত ? আপোনালোকেওঁ মোক কিয় বেয়া পাই !
- সকলো ভুল তোমাৰে হয় ! 
- কি !
- অ আচলতে কি জানা ! তুমি এখন দুখীয়া ঘৰৰ পৰা আহিছা , তাত তোমালোকৰ অভাৱ আছিল | এতিয়া সকলো পাই তুমি অহংকাৰত উটি ভাহি ফুৰিছা |
তাইৰ হৃদয় খন আকৌ মোছোকা খালে |
- হয় আমি দুখীয়া আছিলো | আমি সকলো বস্তু পোৱা নাছিলো,কিন্তু আমাৰ ঘৰ খনত সুখ আছিলে | এখন বৰ ধুনীয়া ঘৰ আছিলে |
- আমাৰ এই ঘৰ খন ও বৰ সুখৰ আছিলে,কিন্তু তুমি অহাৰ পৰা অশান্তি বাহ ল'লে !
- কি ক'লে দেউতা |
- মোৰ প্রতিমক মই ভালকৈ জানো সি কেনে ল'ৰা,গতিকে তুমি যেন তাৰ কথা আমাক আৰু একো নোকোৱা,এতিয়া যোৱা তুমি কাম কৰাগৈ |
- হব দেউতা , মইটো এইখন ঘৰৰ বোৱাৰী নহয় চাকৰণী হে | মই কাম কৰিম |




              তাই ঘৰৰ ভিতৰলৈ সোমাই গ'ল | তাই আজি বুজি পালে এইখন ঘৰত তাইৰ যেন অকনো প্রয়োজন নাই | কি কৰিব বাৰু তাই ! উপায় নোহোৱা হ'ল তাইৰ ,যেন এদিন কিবা ভয়ংকৰ বিপদ আহিব | তাই আজি সিদ্ধান্ত ল'লে তাই মল্লিকাৰ ওচৰলৈ যাব,যি বেহুই তাইক শেষ কৰি পেলাইছে তাৰ বাবে তাই গৈ মল্লিকাক অনুৰোধ কৰিব যে মোক মুক্ত কৰি দিয়ক |

                 কথা মতে কাম | তাই আজি মল্লিকাৰ ঘৰলৈ ওলাই গ'ল | আৰু বাহিৰত থকা কলিং বেলটো তিপিলে ,,,,, ক্ৰিং ক্ৰিং 
দৰ্জা খন খোল খাইছিল |
- অ ৰিংকি আহা আহা সোমাই আহা,বহা,,,,,,,
পিছে কোৱাচোন আজি নহা মানুহ জনী আমাৰ ঘৰত আহিলা যে কিবা বিশেষ সকাম ?
- হয় ! 
- কোৱা ৰবা চাহ একাপ কৰো |
- শুনকচোন ,চাহ নালাগে মানে বাবুক স্কুলত থৈ আহিছো,যাওঁতে লৈ যাম |মই দেৰিকে কৰিব নোৱাৰো |
- তেন্তে কোৱা
- প্লীজ আপোনাক মই ভৰিত ধৰিছো,আপোনাক মই অনুৰোধ কৰিছো আপুনি মোক মুক্ত কৰি দিয়ক |
- মানে !
- চাওঁক প্রতিমৰ লগত সংসাৰ কৰিছো,কিন্তু সি আপোনাক ভালপায়,মোক মোৰ ল'ৰাটোক গুৰুত্ব নিদিয়ে ! মই কি কৰো কওঁক | প্লীজ আপুনি তাৰ জীৱনৰ পৰা আতৰি আহক | আপোনাক মই ভিক্ষা খুজিছো |
- চোৱা ৰিংকি তোমাক মই আগতে কৈছিলো ! শুনা তাৰ লগত সম্পৰ্ক শেষ কৰিব নোৱাৰো,আৰু সি ও নোৱাৰে ! আৰু মন কৰিলে তুমি ও কাৰোবাক নিজৰ কৰি লব পাৰা,মই জানো সি তোমাক বাধা নিদিয়ে ,,,,,,,,,,,,,,( Assamese Storyboard )



পিছৰ কথাবোৰ আৰু তাইৰ কানত নপৰিলে,তাই মল্লিকাৰ দ্রয়িং ৰুম ৰ পৰা উঠি গুছি আহিলে | সকলো চেষ্টা বৃথা | কি কৰিব ! তাই আজি এজনী পাগলীৰ দৰে ফুটপাথেৰে খোজ কাঢ়ি গ'ল |হেৰাই গ'ল তাইৰ জীয়াই থকা হেপাঁহ ,এইখন স্বাৰ্থপৰ পৃথিৱীত |

                    আজি তিনিদিন হ'ল তাই পানী এটুপি মুখত দিয়া নাই | তাই যে আজি শাৰিৰীক বহুত দুৰ্বল হৈছে | তথাপি তাই নিজৰ কাম খিনি কৰি গ'ল | 
ৰাতি প্রতিম ঘৰত অহাত তাই তাক ভাত বাঢ়ি দিলে | কিন্তু কিয় জানো তাইৰ মূৰটো বহুত ঘূৰাইছে | সি ডাইনিং ত ভাত খাৱ বহিলে তেনেতে তাই মূৰ ঘূৰাই পৰি গ'ল | উফ ! তাই কপালত ও দুফ পালে |
- হেল্ল' ,,,,,, কি কৰিছা ! ,,,,,,ভাত খোৱা,মই খাই আছো,,,,,, অ শুনা অলপ নিজৰ কেয়াৰ লবা,এতিয়া মই শুম ,,,,,,, বাই লাভ ইউ,,,,উম্মাহ !

            নিজৰ পত্নী মূৰ ঘূৰাই পৰি থাকিলে ,কিন্তু সি ব্যস্ত প্রেয়সীৰ লগত | 
- মা মা কি হৈছে তোমাৰ 
বাবু তাইৰ ওচৰত দৌৰি আহিছিলে |
- উঠা মা ,,,, উঠা না
- সোঁণ মোৰ একো হোৱা নাই অ !
- মা উঠা না
সি কান্দিছিলে মাকৰ অৱস্থা দেখি ,সাৱতি ধৰিছিলে মাকক |
- অভিনয় ! হা মোৰ পৰা মৰম আদায় কৰাৰ অভিনয়ত ধৰিলি এইবাৰ |
কথা খিনি কৈ প্রতিম ওলাই গ'ল | তাই চকু কেইটা মুদি দিছিলে | বাবুই মাকৰ চকুপানী বোৰ মছি দিছিলে | 
- মা উঠা ! পানী খাবা নেকি !
তাই উঠিছিল লাহে লাহে,মাকক সি দুখন হাতেৰে সাৱতি ধৰিছিল | মাকক সি লাহে লাহে বিচনালৈ লৈ গৈছিল | 
- মা শুই দিয়া,ভাল পাবা নহয় কাইলৈ মই তোমাক ডাক্তৰৰ ওচৰলৈ লৈ যাম |
- নালাগে বাবু,মই ভাল হৈ যাম,তুমি এতিয়া শুৱা কাইলৈ স্কুল আছে নহয় | 
- মা তুমি মোক এৰি মৰি নাযাবা দে !
তাই একো কৱ পৰা নাছিলে,মাত্র বাবুক জোৰকৈ সাৱতি ধৰিছিল,ওলাই আহিৱ খোজা কান্দোনটি হেচি ধৰিছিল |

                নিয়তি তুমি ইমান নিষ্ঠুৰ
                     পাল তৰা নাওঁ হৈ !
                      ধুমুহাই ভাগিলে মোৰ সপোন




       - হেল্ল' দেউতা মই ৰিংকি কৈছো
- অ মাজনী কেনে আছা তই ?
- ভালে দেউতা |
- বাকি আৰু ক'
- শুনা কাইলৈ বাবুৰ জন্মদিন তুমি আহি  পাৰিবা নে 
- হব দে নাতি পোৱালীৰ জন্মদিন মই নাযাম নে |
- উম ঠিক আছে দেউতা আহিবা ,এতিয়া ৰাখিছো |

                    আজি বাবুৰ জন্মদিন | ঘৰ খনত উদুলি মুদুলি পৰিবেশ | চহৰৰ নামী দামী মানুহৰে ভৰি পৰিছে সিহতৰ ঘৰ |
গাৱঁৰ পৰা আহি পাইছে ৰিংকিৰ দেউতাক  | মানুহ জনৰ আজি খুৱ ফুৰ্ত্তি নাতি ল'ৰাৰ জন্মদিন | আহিয়ে ৰিংকিৰ দেউতাকে বহিলে অতিথিৰ কাৰনে সজাই থোৱা চকীত |
- আপুনি ইয়াত কিয় বহিছে ! নাজানে নেকি এয়া অতিথিৰ বাবে |
প্রতিমে শহুৰেকক কৈছিল |
- বোপা
- চেহ গাৱঁলীয়া মানুহৰ লগত সম্পৰ্ক কৰাই ভুল | মান - সন্মান সকলো শেষ কৰি দিব |
           মানুহজনে চকীখনৰ পৰা উঠি আহিছিল | ৰিংকিয়ে দূৰৰ পৰা সকলো দেখিছিল |
- বোপা এইখন ছোৱালীক দিয়াগৈ মায়ে অকমান লাডু-পিঠা বনাই পঠাইছে | তোমালোকে খাই ভালপাবা ! 
- কি ! নাই নাই আমি এইবোৰ ভালনাপাওঁ | ৰামো এই খিনি আমাৰ ৰকিক খাৱলৈ দে |
ঘৰৰ কাম কৰা মানুহ জনক প্রতিমে লাডু - পিঠা খিনি ৰকি নামৰ কুকুৰটোলৈ পঠালে |

- ৰবা ৰামো কাই ,সেই খিনি আমাৰ গাৱলীয়া মানুহৰ মৰম আদৰ | তাক তুমি এটা কুকুৰক খাৱলৈ দি গাৱঁলীয়া পৰাম্পৰাক অপমান নকৰিবা | 
ৰিংকিয়ে মোনা খন হাতত লৈ দেউতাকক নিজৰ কোঠালিলৈ লৈ গ'ল |
তাই দেউতাকক ভাত মুঠি দি ক'লে |
- দেউতা তুমি ঘৰলৈ যোৱাগৈ |
কাৰন তাইৰ দেউতাক আৰু অপমানিত হোৱাটো তাই নিবিচাৰে |
- উম যাওঁ মাজনি |তই খীনাই গৈছ অকমান দেহৰ যতন লবি | আহো |
- দেউতা এই টকা কেইটা লোৱা,ঘৰলৈ কিবা লৈ যাবা |
 
             

দেউতাক গ'লগৈ ,তাই চাদৰৰ আচলৰে চকুপানী খিনি মছি ল'লে | কিমান সপোন দেখি আহিছিলে মানুহ জনে | নাতিয়েকৰ জন্মদিন,আজি কিমান উমলিব | কিন্তু সকলো ধূলিসাত আজি |

      সন্ধিয়া নামি আহিল | নামী দামী গাড়ীৰে ভৰি পৰিল সিহতৰ ঘৰ | তাৰ মাজতে আহি পাইছিল মল্লিকাওঁ | ৰিংকি অতিথিক সোধ পোছ ত ব্যস্ত হৈ থাকিলে | তাৰমাজতে কেক কতাৰ আয়োজন | কিন্তু কোনেওঁ ৰিংকিক নিবিচাৰিলে | তাই মাত্র এজনী অচিনাকী মহিলাৰ দৰে দূৰৰ পৰা চাই থাকিল |
            সকলোৱে চিঞঁৰি উঠিল হেপ্পী বাৰ্থ দে টু ইউ |
তাই দেখিলে প্রতিমে মল্লিকাক কেক খুৱাই দিছিলে | তাইৰ হিয়াখনে আকৌ বৰ কষ্ট পালে |
নিমন্ত্রিত অতিথিক সেৱা শুশ্রুষা কৰা হ'ল | সকলো ঘৰে ঘৰে গ'ল | সিহতৰ ঘৰত ৰাতিৰ আলহী থাকিলে মাত্র মল্লিকা |

          সকলো কাম সামৰি তাই নিজৰ কোঠালৈ গ'ল | তেনেতে তাই প্রতিমৰ কোঠাত কিবা গুনগুননি শুনিলে ! কি হ'ল চাবলৈ তাই ভিতৰলৈ সোমাই যি দেখিলে তাইৰ গা কপি গ'ল |

        প্রতিমৰ বুকুৰ মাজত মল্লিকা |দুয়ো দুয়োকে সাৱতি ধৰিছে | 

          অভাগিনী ! এইবোৰ চাবলৈ তই সংসাৰ কৰিছিলি | তাইৰ বিবেকে তাইক ক'লে |সিহতে তাইৰ উপস্থিতি গমে পোৱা নাই 
নাই এতিয়া তাইৰ এটাই সিদ্ধান্ত ! ডিভ'ৰ্চ !

আগলৈ……
Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।


-

No comments:

Post a Comment

Advertisement

Pages