এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ৮ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 19, 2021

এটা অভিশাপ ভৰা জীৱনৰ বহু গোপন অধ্যায় ( খণ্ড ৮ ) : Assamese Storyboard

Assamese Storyboard

 

সময়বোৰ বৈ যায় নৈৰ দৰে ....সময়ৰ গতিও অহৰহ নৈৰ দৰেই প্ৰবাহিত হয় ...অহৰহ...অবিৰত .... কিন্তু নৈৰ পানী শিলত ঠেকা খাই প্ৰতিফলিত হোৱাৰ দৰে সময়ৰ ঢৌবোৰেও স্মৃতি বিজড়িত অনুতৱবোৰত থমকি ৰয় কেতিয়াবা ....আৰু মনৰ দাপোনত প্ৰতিবিম্বিত কৰায় অলীক আশা আকাংক্ষা , কল্পনা, আবেগ অনুভূতিৰ নানাৰঙী কিৰণ ....!!( Assamese Storyboard )


কেইবছৰমান পূৰ্বে মানৱৰ জীৱনত নামি অহা কালনিশাৰ সময়খিনি আজিও তাক সঁকীয়াই দিয়ে ....যেন সাপে এবাৰ খোঁট মৰাৰ পিছত এতিয়া কেঁচুলৈও ভয় হয় ..!! সি যেন হাজাৰবাৰ বিচাৰিলেও পাহৰিব নোৱাৰে , যেন তাৰ লগত আঠা লাগি ৰৈ যায় এসময়ৰ কালবিহ ...যেন তাৰ গোটেই জীৱনটো কেই অভিশপ্ত কৰিব বিচাৰে কেইটামান দুঃখলগা মূহুৰ্তৰ ভয়লগা ছবিবোৰে ...!!


কিন্তু ...দুঃখবোৰক সাৱটি জানো জীৱন চলিবলৈ ধৰে ।সময় যিদৰে এটা কথাত ৰৈ নাযায় , জীৱনো এটা দূৰ্ঘটনাত স্থবিৰ হৈ নাযায় ।হোৱাবোৰক লৈ মানৱৰ আক্ষেপো নাই ... কিন্তু তাৰ বেয়া লাগে এটা কথাত ...সি যে কাকো কথাবোৰ খুলি কʼব নোৱাৰে ...কোনেনো শুনিব .. শুনিলেও কোনেনো‌ বুজিব তাৰ হৃদয়ৰ বেসনাসিক্ত অনুভৱ বোৰ ....!!



বহুদিন সপোনত সি নিজৰ লগত হৈ যোৱা দূৰ্ঘটনাৰ সাক্ষী হৈ ৰৈছে ।বহুদিন সি নীৰৱে উচুপিছে ।হয়তো শিতানৰ খাৰু তিয়াই সি অচেতন হৈ পৰিছে কেইবা নিশাও । কিন্তু দিনৰ পোহৰৰ লগে লগে সি যেন পাহৰিব খোজে ৰাতিৰ অন্ধকাৰৰ কথা ...হয়তো পাহৰিবলৈ বাধ্য হৈ পৰে ।কিয়নো দিনটোৰ পোহৰৰ লগতে প্ৰতি মূহুৰ্তৰ নতুন নতুন পৰীক্ষা তাৰ বাবে অপেক্ষাৰত হৈ থাকে ....!!


কথাবোৰ ভাবি ভাবি মানৱৰ চকুহাল লাহে লাহে জাঁপ খাই আহে ।


***********************************


সৰু বায়েকৰ বিয়াখন ভালদৰেই পাৰ হৈ গৈছিল ।ঘৰখনে নতুন জোঁৱাই এজন পালে ।সকলোৰে ফূৰ্তি ।মানৱৰো আনন্দত হিয়া মন নধৰা হয় ।কিয়নো নতুন ভিনীয়েকৰ লগতে সি জীৱনত নতুনকৈ কাৰোবাৰ সান্নিধ্য লাভ কৰে ....যাৰ লগত সম্পৰ্কৰ হয়তো কি নাম দিব সি ভাবি নাপায় ....দাদা , বন্ধু, অভিভাৱক , শুভাকাংক্ষী .....নে আন কিবা ?? হয়তো তাৰ প্ৰেমিক ...!!


"হে মছক কলি,মছক কলি ,

 উৰ মটক কলি..মটক কলি....

মছক কলি...মছক কলি.

উৰ.মটক কলি.... মটক কলি......"


এম টি.ভি. ত সোনম কপুৰৰ গানটো দি আছিল ।গানটো ভাল লাগে মানৱৰ ।আৰু গানটোৰ কথাখিনি ইমান প্ৰেৰণাদায়ক ।মছক কলি প্ৰজাতিৰ পাৰ চৰাইৰ উল্লেখ আছে গানটোও ।পাৰ চৰাই প্ৰিয় মানৱৰ ।সৰুতে সিহঁতৰ ঘৰত দুয়োৰ পাৰ চৰাই পুহিছিল ।এযোৰ আছিল বগা আৰু এজোৰ কʼলা ।পাৰ কেইটাইও মানৱক ভাল পাইছিল ।সি মাতিলেই উৰি আহি হাতত পৰিছিলহি আৰু হাতৰ তলুৱাত খুটি খুটি দিছিল ।মাকে আকৌ ঘৰ লেতেৰা কৰে বুলি ভিতৰলৈ সোমালে পাৰকেইটাক খেদি খেদি দিয়ে ।সেয়ে সিহতেও মাক থাকিলে ঘৰৰ ভিতৰলৈ নাযায় ভয়তে । কিন্তু মানৱক দেখিলে নিজেই আগবাঢ়ি আহে কাৰণ সিহতেও জানে যে মানৱে সিহতক মৰম কৰে আৰু খাবলৈ আহাৰ দিয়ে ..!!


*কি কৰিছা মাইনা ?


হঠাৎ কোঠাটোলৈ প্ৰিয়ম সোমাই আহে ।


*অ প্ৰিয়ম দা , আহক ।

মানৱে এইবুলি চকী এখন তেওঁলৈ আগবঢ়াই দিলে ।


*ঘৰত কোনো নাই নেকি ?

*নাই ।

*কত গ'ল ।

*বিয়াৰ ভাগৰক খেদি ফুৰিছে।

*মানে ?

*অ ছৰি , মই মানে বাইদেউক কোৱাৰ দৰেই  আপোনাক কৈ পালো ।

*এহ একো নহয় দিয়া , ইমান সৰু কথাতে ছৰি নকয় মানুহে !

*ছৰি এগেইন 

*আকৌ !!

*উপছছ...ছৰি!!

হাঃ হাঃ মানৱে হাঁহি দিয়ে ।


প্ৰিয়মেও তাৰ লগত সহযোগ কৰি হাঁহি দিয়ে মুকলিকৈ ।দুয়োৰে হাঁহিৰ সুগন্ধি কোঠাটোত বিয়পি পৰে ।( Assamese Storyboard )


দৰাচলতে, বিয়া যোৱাৰ আজি দহদিন মান হʼল ।আঠমঙলাও পৰহি পাৰ হৈ গ'ল ।ঘৰৰ আলহীবোৰো এতিয়া নাই ।দেউতাকে কিবা কামত ওলাই গৈছিল আৰু মাকেও ওচৰৰে মহিলা কমিটীৰ কিবা কামত গৈছিল ।গতিকে ঘৰত অকলশৰে মানৱে টি ভি চাই আছিল ।


*আপোনাক কিন্তু বেয়া পাইছোঁ ।

কথাৰ মাজতে মানৱে অভিমান কৰে ।


*কিয় নো মাইনা ।কি জগৰ লগালোঁ মই !!

*পৰহি নাহিলে কিয় ! আঠমঙলা খাবলৈ ।

*অ সেইটো কথা ।মোৰ জৰুৰী কাম এটা আছিল ।

*মোতকৈও জৰুৰী নে ? 

হঠাৎ কি কয় পালে মানৱে ।এনেকৈ জিভা পিছলিব লাগে নে তাৰ !! ধেইত , কি বুলি ভাবিছে বা প্ৰিয়ম দা ই !! আজি তাৰ সকলো গল ।ইমান অসতৰ্ক হʼব লাগে নে সি ...


*মানে খোৱাতকৈও জৰুৰী কাম থাকে নেকি মানুহৰ ? 

নাজানো সি কেতিয়াৰ পৰা ইমান চতুৰ হ'ল । পলকতে ভাবি সি কৈ পেলালে । প্ৰিয়মে কিন্তু ইমান একো ভবাই নাছিল চাগে তাৰ কথাবোৰ শুনি , মানৱৰ তেনে লাগিল । তেওঁ মাথো কলে ,


*সেইকাৰণে টো আজি আহিছোঁ ।আজি খুৱাই দিবা মোক ভালকৈ !!


*আজি পিছে নিৰামিষ হে !! তাকেই খাব লাগিব খাই যদি !! "

"হ'ব দিয়া , তুমি যি দিয়া সেইয়াই হʼব ।

*বাৰু দাদা , বহকচোন । মই চাহ কৰোঁ ।


এইবুলি মানৱ পাকঘৰলৈ যায় । আচলতে প্ৰিয়মৰ কাষত থাকিলে তাৰ শৰীৰত যেন এবুকু উত্তেজনাৰ সাগৰে ঢৌ খেলিবলৈ ধৰে । সেয়ে অলপ আঁতৰলৈ সি যাব বিচাৰে !!


*আজি কিন্তু তুমি মোৰ লগত এঠাইত যাব লাগিব ।

চাহ খোৱাৰ মাজতে প্ৰিয়মে মাত লগায় ।

* কʼলৈ ?

মানৱৰ মনত কিছু কৌতূহল । লগতে কিছু আনন্দৰ ৰঙো বিয়পি পৰে ।কʼলৈ বা নিব বিচাৰিছে তাক ।


* ভিনদেউহঁতৰ তাত নেকি ? আজি নাযাও দেই ।দুদিন পিছত যোৱাৰ কথা আছেই ।

*নহয় অ!

*তেন্তে , আপোনালোকৰ তাত ? আজি নালাগে নেকি ? মনোৰম দাৰ লগত মোৰ কথা পাতিব আছেই ।

মনোৰম দা প্ৰিয়মৰ ককায়েক ।মানৱৰ ভিনীয়েকৰ সখী ।

*নহয় ।বেলেগ !

*কোৱানা 

*আবেলি গম পাবা দিয়া । এতিয়া খাবলৈ দিয়া মোক ।

*কি?

*যি আছে ।

*ৰবা , মা আহিলেহে হ'ব ।লেট কামাৰৰ পানিজছমেন্ট এইটো !!

*হে হে ..!!


দুয়োৰে হাঁহি পুনৰ কোঠাটোত বিয়পি পৰে ।


__________________________



(আগলৈ)

( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* ।আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব।লগতে কিবা ভুল ক্ৰূটি দেখিলে আগুলিয়াই দিয়ে যেন ।ধন্যবাদ।)

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত
 - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages