ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ১০ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 18, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ১০ ) : Assamese Storyboard

Assamese Storyboard

  

এইবাৰ মোৰ লক্ষ্য নূপুৰ..., শেষ কৰি দিম তাইক , কি বুলি ভাবিছে মোক...., মন প্ৰাণ সকলো দি দিয়াৰ পাছতো জাত্যাভিমান দেখুৱাই ৰক্তিম মোৰ জীৱনৰ পৰা আতঁৰহৈ গল..., মই পোৱা কষ্টখিনি এইবাৰ ৰক্তিমে পাব লাগিব, আপোনজন হেৰুৱাৰ বেদনা কিমান সি উপলব্ধি কৰিব লাগিব..., তাৰ বাবেই মোৰ সকলো সপোন শেষ হৈ গল..., গতিকে এতিয়া হাত সাৱটি বহি নাথাকি প্ৰতিশোধ লোৱাৰ সময়....., এতিয়া মই সুযোগ আৰু সুবিধা দুয়োটা একেলগে পাইচো..., গতিকে ইয়াৰ সৎ ব্যৱহাৰ কৰিবই লাগিব...., এইক্ষেত্ৰত মোক সহায় কৰিব পাৰিব কেৱল ঋত্বিকে..., কথাবোৰ ভাবি ভাবিয়ে ঋত্বিকলৈ ফোন কৰিলে..

( Assamese Storyboard )


: হেল্ল....! মই নীহাই কলো

: কোৱা..., 

: তুমি মোক সহায় এটা কৰি দিব লাগে...!.

: মোৰ নিচিনা কৰ্মহীন ল'ৰা এটাই তোমাক কি সহায় কৰিম...

:  চিন্তা কৰিব নালাগে, মাত্ৰ তুমি কিছুদিন অভিনয় কৰিব লাগিব...

: মই অভিনয় কৰিব নাজানো যে...!

: তোমাক মই চিনেমা বা টিভি চিৰিয়েলত অভিনয় কৰিবলৈ কোৱা নাই নহয়....., নূপুৰৰ লগত তুমি কিছুদিন প্ৰেমৰ অভিনয় কৰিব লাগে....

: মোৰ কি লাভ হব...? তুমিটো জানাই পইচা নিদিলে মই একো কামতেই হাত নিদিওঁ....

: ময়ো তোমাক পইচা দিম...., কিন্ত কামটো মই যেনেকৈ কৰিবলৈ কম তেনেকৈ কৰিব লাগিব..

: ok..., কিমান দিবা কোৱা...! 

: আগতীয়াকৈ দহ হাজাৰ দিম..., কাম শেষ হলে আৰু চল্লিছ হাজাৰ দিম..., কিন্ত তুমি ভবাৰ দৰে কামটো ইমান সহজ নহয়.....

: কাম যিমানেই কঠিন নহওঁক.... টকাৰ কাৰণে এই ঋত্বিকে যি কোনো কাম কৰিব পাৰিব....,

: Good....., সকলোবোৰ কথা মই তোমাক ফোনত কব নোৱাৰিম...., পাৰা যদি এবাৰ লগ কৰা....

: কত লগ কৰিব লাগিব, আশ্ৰম নে ঘৰলৈ যাম...!

: ঘৰলৈকে আহিবা...., এইবোৰ কথা ঘৰৰ বাহিৰত পতাটো অলপ বিপদজনক...., 

: ঠিক আছে...., মই ছটা বজাত পাই আছো...

: ok... by...


                  নীহাৰ অন্তৰত হিংসাৰ জুইকুৰা দপদপকৈ জ্বলি উঠিছিল..., ফাগুনৰ পছোৱাই আউল বাউল কৰি তুলিছিল তাইৰ মেঘালী চুলি..., তেজ ৰঙীণ পলাশে চটিয়াই দিছিল ফাগুনৰ বতৰা..., মাজনী তই ইয়াত কি কৰি আছ..! তোৰ লগত কথা এটা পাতিব লগা..... মৃণালিনীয়ে কলে..

: কি কথা পাতিব লগা আছিল....?

: মাজনী তোক দেখুন বৰ চিন্তাত থকা যেন লাগিছে...., কিবা নতুন খেলৰ সূচনা কৰিছ নেকি....? 

: নতুন খেল এখন খেলিম বুলিয়ে ভাবিছোঁ..., কিন্তু কেনেকৈ আৰম্ভ কৰোঁ তাকে ভাবি আছো...., বাৰু সেইবোৰ বাদ দিয়া তুমি কি কবলৈ আহিছা সেইটো কোৱা....

: সেইদিনা মই তোৰ কথা মতেই ৰক্তিমৰ ঘৰলৈ গৈছিলোঁ...., কথাই বতৰাই বোৱাৰীজনী বৰ সাদৰী..., 

: সেইটো কথা কবলৈকে তুমি মোক বিচাৰি হাবাথুৰি খাইছিলা..., তুমিয়ো যে আৰু....

: অকল সিমানেই নহয়...., ৰক্তিমৰ দেউতাক কুণালকো লগ পালোঁ আৰু পত্নীৰ সৈতে থকা কুনালৰ এখন ফটো চোৱাৰ চলেৰে পকাত পেলাই দিলোঁ......, হয়টো কুণালে কিবা বুজি পাইছে...., 

: মা...! তেওঁলোক তোমাৰ দৰে খেলুৱৈ নহয় গতিকে এই সৰু সৰু কথাবোৰ ইমান গুৰুত্ব নিদিয়ে...,

: অৱশ্যে সেইটো হয়...! পিছে তই কি খেল খেলিবলৈ লৈছ...

: এইবাৰ মোৰ খেলৰ পুতলা নূপুৰ...., আৰু সেই পুতলাটো নচুৱাব ঋত্বিকে..., প্ৰেমৰ জ্বালেৰে প্ৰথম নূপুৰক বান্ধি শেষত ধৰ্ষণ আৰু সামাজিক মাধ্যমত ভিডিও সম্প্ৰচাৰ......., লাজে অপমানে মনৰ দুখত নূপুৰৰ আত্মহত্যা....., জীয়েকৰ দুখত বাপেক ভাগি পৰিব..., ওচৰ চুবুৰীয়াই দুৱৰাক কথা শুনাব , মানসিকভাৱে বেচেৰা ভাগি পৰিব....., আৰু তেতিয়া তুমি খবৰ লবলৈ যাবা..., এতিয়া তুমি মাত্ৰ নীৰৱ দৰ্শক হৈ খেলখন উপভোগ কৰি যোৱা......,

: কিন্ত মনত ৰাখিবি....., তোৰ এই খেলখনে যাতে মোৰ আত্মসন্মানত আঘাত নাহানে..., 

: তুমি চিন্তা নকৰিবা......

: ঠিক আছে, মই এতিয়া আশ্ৰমলৈ যাম..., আশ্ৰমৰ পৰা বাহিৰে বাহিৰে মিটিঙলৈ যাম..., তই ঘৰতে থাকিবি...., কথাখিনি কৈ মৃণালিনী গুচি গৈছিল আশ্ৰমলৈ....,  নীহাই লাহে লাহে ফুলিনীখনত এপাক খোজ কাঢ়িলে..., নাৰ্জী, গোলাপ, আৰু নানা ৰঙৰ ফুলবোৰৰ সুবাসে পৰিৱেশটো সুগন্ধময় কৰি তুলিছে..., নীহাই মন প্ৰাণ খুলি উপভোগ কৰিলে মুকলি আকাশৰ তলৰ মনোৰম সৌন্দৰ্য....., লাহে লাহে চুবুৰীটোলৈ আন্ধাৰ নামি আহিছিল......., নীহাই সেয়ে লাইটবোৰ জ্বলাই বাৰাণ্ডাতে বহি বহি ঋত্বিকলৈ অপেক্ষা কৰিলে...., ঠিক ছয় বজাৰ লগে লগেই ঋত্বিক আহি নীহাৰ ঘৰত উপস্থিত হল......... আহিলা...! বহা..

( Assamese Storyboard )

: কোৱা , কিয় ইমান লৰালৰিকৈ মাতিলা.. 

: আশ্ৰমত তোমাৰ লগত যে চিনাকি কৰাই দিছিলোঁ ছোৱালীজনী... মনত আছেনে...!

: কোনজনী ছোৱালীৰ কথা কৈছা মই ঠিক ধৰিব পৰা নাই..

: যাক তুমি বাইকত উঠাই ঘৰত থৈ আহিছিলাগৈ... সেই ছোৱালীজনীৰ কথা কৈছোঁ.....

: অ'...... ! নূপুৰৰ কথা কৈছা তুমি..

: হয় ! নূপুৰ দুৱৰাৰ কথাই কৈছোঁ...

: নূপুৰৰ লগত মই কি অভিনয় কৰিম....

: বুৰ্বক....., নূপুৰৰ লগত তুমি প্ৰেমৰ অভিনয় কৰিব লাগিব প্ৰেমৰ মায়াজালেৰে বান্ধি নূপুৰক তোমাৰ কাৰণে পাগলী কৰিব লাগিব ...., তোমাৰ প্ৰেমত ডুব যোৱাৰ পাছত বহুত দূৰলৈ ফুৰিবলৈ যাবা...., আৰু ৰাস্তাত তোমাৰ গাড়ী বেয়া হব, তুমি তাইক গাড়ীত বঢ়াই গেৰেজ বিচাৰি যাবা...., গাড়ীৰ গ্লাছ ভাঙি নূপুৰক কোনোবাই লৈ যাব গোপনে ভিডিও লব, আৰু সেই ভিডিও ভাইৰেল হব.., বুজি পাইছা নে মই কি কৈছোঁ...

: খেলিমেলি লাগি গৈছে, মই যদি গেৰেজ বিচাৰি যাওঁ ভিডিও কোনে কৰিব....,

: নূপুৰক দেখুৱাই তুমি গাড়ীৰ পৰা নামি যাবা, বাকীখিনি মই মেনেজ কৰিম, 

: কামটো বৰ জটিল..., অলপ সময় লাগিব, 

: সেইবোৰ চিন্তা নকৰিবা..., slow Drive long live...., এইয়া লোৱা দহ হাজাৰ টকা addvance, নূপুৰৰ ফোন নম্বৰ আছে নে নাই...?

: নাই..

: মই whatsapp ত পঠাই দিছোঁ চেভ কৰি লৈ নূপুৰলৈ ফোন লগোৱা...., ভাল বেয়া খবৰ লোৱা , যিমান পৰা সিমান সহজ হবলৈ চেষ্টা কৰা..


            ঋত্বিকে নম্বৰটো চেভ কৰিয়ে নূপুৰলৈ ফোন কৰিলে..., বাজি বাজি ফোনটো কাটি গৈছিল.., বহুবাৰ চেষ্টা কৰাৰ পাছত নূপুৰে ফোনটো উঠালে...


: হেল্ল..., মিছ নূপুৰ দুৱৰা হয়নে...! 

: হয়..! মই নূপুৰে কৈছোঁ..., কোনে কৈছে আপুনি..

: পাহৰি গলা নেকি..!

: মোৰ মনত পৰা নাই , কোনে কৈছে নামটো কব নেকি..!

: সচাকৈ চিনি পোৱা নাই...!

: নাই পোৱা বাবেই নাইপোৱা বুলি কৈছোঁ.., নামটো কবলৈ যদি টান পাইছে ফোন ৰাখক...

: নূপুৰ.. মই ঋত্বিক...., 

: .......অ' , ঋত্বিক তুমি.....! মোৰ নাম্বাৰ কত পালা..?

: পালো আৰু...., ফোন কৰাৰ বাবে বেয়া পাইছা নেকি...!

: নাই ...., নাই... কিয় বেয়া পাম বাৰু..., 

: সেইদিনা লৰালৰি হোৱাৰ বাবেই নাম্বাৰ লোৱা নহল.. , সেয়ে নীহাৰ পৰা ললোঁ, 

: বাকী কোৱা ....., কত আছা, কি কৰিছা...?

: এতিয়া মই টাউনৰ পৰা ঘৰলৈ গৈ আছোঁ .

: বাইক চলাই আছা নেকি....! 

: বাইকখন চাইড কৰি লৈছোঁ...., 

: তেন্তে এতিয়া হব দিয়া ..... , ঘৰ গৈ পাই ফোন কৰিবা......


             ফোনটো কাটি দিলে নূপুৰে..., সকলো কথা শুনাৰ পিছত নীহাই খিলখিলাই হাঁহিলে....., তোমাৰ কাম অতি সহজেই হৈ যাব ...... , তাই তোমাক বিশ্বাসত লৈছে..., গতিকে তুমি তাইৰ মন জয় কৰিবলৈ চেষ্টা কৰা....., কিন্তু মনত ৰাখিবা সেই ভালপোৱা কেৱল অভিনয়... , পিছে অভিনয়ে মন জয় কৰিবলৈ হলে অভিনেতা জনক অলপ আখৰাৰ প্ৰয়োজন....., আখৰা যিমানেই ভাল হব অভিনয়ো সিমানেই ভাল হব...... তুমি আখৰা আজিৰ পৰাই আৰম্ভ কৰা..., 

: অৱশ্যে কথাটো মিছাও নহয়..., ঠিক আছে ..., মই এতিয়া যাওঁ, .......... নীহা দেখাত যিমান সৰল সহজ...., কিন্ত ভিতৰি  সম্পূৰ্ণ ওলোটা..., দুখীয়া নিচলাৰ প্ৰতি তাইৰ সহানুভূতি আছে, যদিও তাই বৰ জেদী... , ঋত্বিক ওলাই যোৱাৰ পাছতেই নীহাই ৰক্তিমলৈ ফোন লগালে...., বহুবাৰ চেষ্টা কৰিও ৰক্তিমৰ সৈতে সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে...,  শেষত মোবাইল ফোনটো বিচনাখনলৈ দলিয়াই দি চোফাটোতে শুই পৰিল...

       ( ক্ৰমশঃ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages