কিতাপখন পঢ়ি থাকোঁতেই হিমাংশুৱে কিতাপখন জপাই ৰাখিলে আৰু বতৰৰ ৰূপক দেখা পায় মিউজিক চিষ্টেমটোৰ চুইচ অন কৰি দিলে। মিউজিক চিষ্টেমটোত মিঠা মিঠা গান বাজিছিল ( Assamese Storyboard )। নিশা প্ৰায় ১১/৩০বাজিছিল। শীতল বতাহ বলিছিল। মেঘে গৰজিছিল। বিজুলী মাৰিছিল, আৰু হিমাংশুৱে নিজৰ কোঠাৰ খিৰিকি খুলি আৰামত বহি ৰৈছিল। চোফাত বহি সি, বাহিৰৰ চেচাঁ বতাহজাকৰ আনন্দ উপভোগ কৰিছিল। লগতে লাহে লাহে গান গুণগুনাইছিল আৰু ভাৱিছিল যে, যদি এনে বতৰত কোনোবা সংগী পোৱা হলে সি আৰু সুখী হল হয়। বাহিৰত বৰষুণৰ বতৰ আৰু ধুনীয়া সংগীততকৈ মনুষ্যই আৰু কি বিচাৰে! আৰু এয়া কৈয়ে সি হাঁহিলে আৰু নিজকে কলে, ইয়াত তুমি এয়াকে কৰিবলৈ আহিছিলা নি হিমাংশু! নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাবা হিমাংশু! আৰু পুনৰ সি বতৰৰ আনন্দ উপভোগ কৰিবলৈ ধৰিলে। বাহিৰত গাজনি, বিজুলীৰে দবাপিতা বৰষুণ। হিমাংশুৱে তেতিয়া ঘড়ীটোৰ ফালে চালে আৰু ভাৱিলে, এতিয়া বহু নিশা হল। এতিয়া মই শুৱ লাগে। পুৱা অফিচ আছে।
হিমাংশু, চাকৰিৰ বাবে ঘৰৰ দূৰত এখন বেলেগ চহৰত কিছু মাহৰ আগতে অকলে থাকিবলৈ আহিছে। সি এই ঠাইত বহু কম সংখ্যক লোকক চিনি পাইছিল আৰু তাৰ কোনো বিশেষ বন্ধু নাছিল। কেতিয়াবা কেতিয়াবা এই নতুন ঠাইখনত সি বন্ধুৰ অনুভৱ কৰিছিল, কিন্তু নিজৰ মনক সি যেনে তেনে কৰি বুজাইছিল। কিন্তু আজি নিশা তাৰ সেই অনুভৱ আঁতৰিব নিশ্চয়! কাৰণ আজি নিশা হিমাংশুৰ জীৱনত এজনী ছোৱালীয়ে প্ৰৱেশ কৰিব। এজনী ধুনীয়া সংগী। যাক সি সদায়ে বিচাৰি ফুৰিছিল। টুপনি আহিবলকে সি বিচনাতে বাগৰ সলাই আছিল। তেতিয়া সি ঘড়ীটোলৈ চাই দেখা পালে যে নিশা ১২বাজি গৈছিল। সি তেতিয়া ভয় খায় গল। কাৰণ পুৱা সোনকালে অফিচ যাবলগীয়া আছিল। ইয়াত তাৰ মাকো লগত নাই, যিয়ে তাক পুৱা সোনকালে মাতি দিবলৈ। সেইবাবে সি মনে মনে শুই গল। প্ৰায় ২ঘন্টা মানৰ পাছত বাহিৰৰ দুৱাৰত কোনোবাই মাত দিলে। বৰ্তমান হিমাংশু গভীৰ নিদ্ৰাত আছিল। সেইবাবে সি দুৱাৰত মাত দিয়া শব্দ শুনা নাপালে। কোনোবাই পুনৰ বহু জোৰেৰে দুৱাৰত শব্দ কৰিলে। আৰু তেতিয়া হিমাংশুৱে ভয়তে বহি পৰিল। ইমান ৰাতি মোৰ ঘৰলৈ কোন আহিব পাৰে! সি ভাৱিলে আৰু খিৰিকিৰ পৰা বাহিৰলৈ চাই দেখা পালে যে, বাহিৰত বহু জোৰেৰে বৰষুণ দি আছিল ঘড়ীটোৱে পোনে ২ বজাৰ সংকেত দিছিল। সি উঠিলে আৰু নিজৰ কোঠাৰ লাইত জ্বলালে। ভয়তে হিমাংশু অলপ ঘামিছিল, কাৰণ এই নতুন ঠাইত সি কাকোৱে চিনি পোৱা নাছিল। সেইবাবে তাতে এই নিশা কোনোবা অহাটো সি সঠিক নেদেখিলে।
সি মাত দিলে, কোন হয়!
বাহিৰৰ পৰা বহু শুৱালা মাত আহিল, অ মই, মোৰ গাড়ী খন বেয়া হল আৰু বৰষুণো বহুত জোৰেৰে দিছে। আপুনি মোৰ সহায় কৰিব পাৰিবনে!
এক মিনিট সময়ৰ বাবে হিমাংশু থৰ লাগিল আৰু সি ভাৱিবলৈ ধৰিলে যে, চিনি নোপোৱা এজনী ছোৱালীয়ে ইমান ৰাতি মোৰ সহায় কিয় বিচাৰিছে! সি পুনৰ বিচাৰ কৰিলে যে, হব পাৰে, তেওঁ অকলে আছে, আৰু সচাঁকৈয়ে তেওঁৰ সহায়ৰ প্ৰয়োজন! এয়া ভাৱিয়ে সি লৰালৰিকৈ দুৱাৰখন খুলি দিলে। দুৱাৰ খুলা পাছত যি হল, সেয়া হিমাংশুৱে বিশ্বাসে কৰিব পৰা নাছিল। তাৰ দুচকু ডাঙৰ ডাঙৰ হৈ পৰিল কাৰণ, তাৰ সন্মুখত এজনী বহুত ধুনীয়া ছোৱালী বৰষুণত তিতি ৰৈ আছিল। আৰু ঠাণ্ডাতে কপিঁ উঠিছিল। তেওঁ ইমানে ধুনীয়া আছিল যে, হিমাংশুৱে নিজৰ দুচকুতে বিশ্বাস কৰিব পৰা নাছিল। তাৰ হৃদয়ৰ উঠা নমা তীব্র হৈ গৈছিল। সময় কিছু পল তাৰ বাবে থমকি গল। কিন্তু সি নিজৰ ভাৱনাক ৰখালে আৰু সেই ছোৱালীজনীক সুধিলে,
অ কওকচোন, কি সহায় কৰিব পাৰোঁ মই আপোনাৰ!
অ, মোৰ নাম মৌচুমী হয়। মোৰ গাড়ীখন বেয়া হল। আৰু বাহিৰত বহু জোৰেৰে বৰষুণ দি আছে। সেইবাবে গাড়ীতে থকাটো মোৰ বাবে ঠিক নেদেখিলো। সেইবাবে মই ভাৱিলো কাৰোবাৰ সহায় ললে ভাল হব।
হিমাংশুৱে বাহিৰলৈ চাই দেখা পালে, মৌচুমীৰ গাড়ীখন ৰৈ আছিল। তাই সম্পূর্ণ ৰূপে তিতি গৈছিল আৰু তাইৰ হাচিঁও আহিছিল। হিমাংশুৱে কলে, অ ঠিকে, আপুনি একেবাৰে ঠিক চিন্তা কৰিলে। এনে সময়ত বাহিৰত অকলে থকাটো বিপদৰ পৰা মুক্ত নহয়। ভিতৰলৈ আহক। মৌচুমী ভিতৰলৈ আহিব লওঁতে তাই দেখা পালে যে, এটা সৰু কোঠালিত হিমাংশু অকলে আছিল। তেতিয়া তাই অলপ কপিঁ উঠিল আৰু থমকি ৰল। ( Assamese Storyboard )
ক্ষমা কৰিব, মই নাজানিছিলো যে, আপুনি অকলে থাকে বুলি! মই ইয়াত থাকিব নোঁৱাৰিম। এয়া কৈয়ে মৌচুমীয়ে যাবলৈ লওঁতে, হিমাংশুৱে তাই যোৱাত বাধা দি কলে,
মৌচুমী, নাযাব। মই অকলে থাকো হয়, কিন্তু মিচলীয়া নহয়। আপোনাক সহায় কৰা সুযোগ লৈ আপোনাক কোনো ধৰণৰ ক্ষতি নকৰোঁ। মোৰ কথা বিশ্বাস কৰক। বিচাৰিলে আপুনি দুৱাৰখন খুলিয়েই ৰাখিব পাৰে। আৰু যিমান সময় বিচাৰে ইয়াত থাকিব পাৰে। বৰষুণ দিয়া এৰি দিলে আপুনি যাবগৈ। হিমাংশুৰ দুচকুত, মৌচুমীয়ে বিশ্বাস আৰু আকুলতা দেখা পালে। (কোৱা হয়, এজনী ছোৱালীৰ গাত এনে অটা শক্তি থাকে, যাৰ দ্বাৰা ছোৱালীজনীয়ে মনুষ্যৰ ভিতৰৰ সত্যক চিনি পায়)। মৌচুমীয়ে বিশ্বাস কৰি লৈছিল যে, হিমাংশুৱে সত্য কৈছে বুলি, আৰু সচাঁকৈয়ে তাই সহায় কৰিছে বুলি। সেইবাবে তাই ৰৈ গল। কিছু সময়ৰ বাবে হিমাংশুৱে মৌচুমীক মনে মনে চাই ৰল। মাজ নিশা এনে দৰে ইমান ধুনীয়া ছোৱালী এজনী বৰষুণত তিতি তাৰ কোঠাত বহি আছিল। আৰু সি সদায়ে এনেকুৱা ধুনীয়া ছোৱালী এজনী সংগী হিচাপে পাবলৈ বিচাৰে। কিন্তু নিজকে নিজে সি বুজনি দি, মৌচুমীক নিজৰ টাৱেলখন দিলে আৰু কলে,
মূৰটো মোহাৰি লওক, নহলে আপোনাৰ ঠাণ্ডা লাগিব! আৰু আপুনি যদি বেয়া নাাপায়, তেনেহলে মোৰ কিছু কাপোৰ আছে, আপুনি সম্পূর্ণ ৰূপে তিতি গল। সেইবাবে বাথৰূমলৈ গৈ কাপোৰ সলাই লওক। কিন্তু মৌচুমীয়ে বহু অসজা পাইছিল সেইবাবে তাই কাপোৰ লবলৈ অমান্তি হল। বহুত ভয় খায় অসহায় ৰূপে, তাই এটা কোণত বহি ঘড়ীটোৰ ফালে চাই আছিল আৰু ভাৱিছিল, কেতিয়া বৰষুণ এৰিব আৰু তাই তাৰপৰা যাব!
মই এই চহৰখনত নতুন হয়, ওচৰৰে কোম্পানি এটাত চাকৰি কৰোঁ। আৰু ইয়াত ভাড়াত থাকো। মোৰ মাৰ সদায়ে সপোন আছিল যে, মই চাকৰি কৰো। এতিয়া চাওক, চাকৰিটো পালো, কিন্তু মোৰ মা অন্য এখন ঠাইত থাকিল আৰু মই ইয়াত অকলে! এই কথাবোৰৰ দ্বাৰা হিমাংশুৱে মৌচুমীক অলপ সহজ কৰিবলৈ চেষ্টা কৰিছিল।
মৌচুমী অলপ সহজ হৈ উঠিল আৰু টাৱেলেৰে মূৰটো মুহাৰি মুহাৰি প্ৰশ্ন কৰিলে, আপুনি, এতিয়ালৈকে মোক আপোনাৰ নামটোকে নকলে!
হিমাংশু। নামটো নিশ্চয় শুনিছে! এয়া কৈয়ে সি নিজৰ হাত এখন মৌচুমী ফালে আগবঢ়াই দিলে, আৰু মৌচুমীয়েও হাঁহি মাৰি হিমাংশুৰ হাতৰ ফালে নিজৰ হাতখন আগবঢ়াই দিলে। এতিয়াৰপৰা মানে মই এই চহৰখনত অকলশৰীয়া নহয় ন! এতিয়াপৰা মই এগৰাকী বান্ধৱী পালো।
মৌচুমীয়ে হিমাংশুৰ এই কথাত হাঁহি দিলে আৰু কলে, এতিয়া যেতিয়া বন্ধু হল, এতিয়া দিয়া, তোমাকে কাপোৰ। মোৰ ঠাণ্ডা লাগিছে। এইফালে মৌচুমীয়ে কাপোৰ সলাবলৈ গল আৰু আনফালে হিমাংশুৱে দুয়োৰে বাবে কফি বনাবলৈ পাক ঘৰলৈ গল। কফি বনোৱা সময়ত সি মনে মনে বহু সুখী হৈছিল আৰু হাঁহি আছিল, কাৰণ এই চিনি নোপোৱা ঠাইখনত এজনী ধুনীয়া ছোৱালীক, বান্ধৱী হিচাপে পালে। এনে এজনী বান্ধৱী, যি সি সদায়ে সপোনত দেখিছিল। পৰিৱেশটো আৰু অলপ সুন্দৰ কৰিবলৈ হিমাংশুৱে নিজৰ মোবাইলত মিঠা মিঠা গান বজালে। আৰু কিছু সময়ৰ পাছতে মৌচুমীয়ে তাৰ কাপোৰ পিন্ধি বাহিৰলৈ ওলাই আহিল। এইবাৰটো হিমাংশুৱে তাইক চায়ে ৰল তাৰ কাপোৰত মৌচুমীক এনে লাগিছিল, যেন, মৌচুমী তাৰ জীৱন সংগী হয়।
আপুনি বেয়া নাপায় যদি আপোনাক কথা এটা কব বিচাৰিছো, মানে আপুনি বহুত বেছিকৈ ধুনীয়া। এই কথা শুনি, মৌচুমীয়ে লাজ কৰিলে। দুয়োয়ে কফি খাবলৈ ধৰিলে আৰু ফোনত বাজি থকা গান গুণগুনাবলৈ ধৰিলে। পৰিৱেশটো বৰ সুন্দৰ হৈ উঠিছিল আৰু বৰষুণো বহু জোৰেৰে দিছিল। সেই সময়তে বহু ডাঙৰকৈ গাজনি মাৰিলে, আৰু মৌচুমীয়ে আহি হিমাংশুক সাৱটি ধৰিলেহি। মোৰ গাজনি, ধেৰেকনিলৈ বৰ ভয় লাগে। এয়া কৈয়ে, মৌচুমীয়ে হিমাংশুক জোৰেৰে খামুচি ধৰিলে। এইফালে তাই বিজুলী ধেৰেকনিলৈ ভয় কৰিছিল আৰু আনফালে হিমাংশুৰ শৰীৰত বিজুলী মাৰিছিল। তাৰ হৃদয়ৰ গতিও গাড়ীৰ গতিতকেও বেছি হৈ গৈছিল। সিও মৌচুমীক জোৰেৰে সাৱটি ধৰিলে। আৰু সেই সময়তে সি ধাম কৰি নিজৰ বিচনাৰ পৰা তলত পৰিল। আৰু জোকাৰনিতে সি সাৰ পালে। সাৰ পায়ে, হিমাংশুৱে, মৌচুমীক বিচাৰিলে, কিন্তু যেতিয়া সি নিজৰ কোঠাত ভালদৰে দৃষ্টি ফুৰালে, তেতিয়া তাত কোনো নাছিল। হিমাংশুৱে ঘড়ীটোলৈ চাই দেখা পালে, পুৱা ৯বাজি গৈছিল। আৰু সি অফিচৰ বাবে পলম হয় গৈছিল। হিমাংশুৱে নিজৰ কিতাপৰ ফালে চাই তাৰ মনত পৰিলে যে, কিতাপত যি ধুনীয়া ছোৱালীজনী আছিল, তাইৰ নামটোও মৌচুমী আছিল। সেইবাবে সি তাৰ ৰঙীন সপোনত মৌচুমীক তাৰ সংগী হিচাপে পালে।
নিজৰ মূৰত হাত ৰাখি কিছু সময়লৈ হিমাংশু তাতে বহি ৰল, আৰু নিজকে নিজে কলে, এনে ৰঙীন সপোনৰ বাবে মই সদায়ে অফিচলৈ পলম হোৱাটো স্বীকাৰ কৰি লম। মাক কব লাগিব যে, এতিয়া মোৰ বাবে মৌচুমীৰ দৰে ধুনীয়া ছোৱালী এজনী বিচাৰিবলৈ আৰম্ভ কৰি দিয়ে যেন, এতিয়া মোৰ এনে লাগিছে, মোৰ বিবাহৰ সময় হৈ গৈছে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment