পাবনে এই প্ৰেমে বৈধতা ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 5, 2021

পাবনে এই প্ৰেমে বৈধতা ? Assamese Storyboard

Assamese Storyboard

নিয়ায়ে আকৌ এবাৰ উঠিবলৈ চেষ্টা কৰিলে কিন্তু তাই আকৌ গাৰুতে বাগৰি পৰিল । কাৰণ তাই কালি ৰাতি ইমান বমি কৰিছিল যে তাইৰ এতিয়া বিচনাৰ পৰা উঠিবলৈ ও শক্তি নাছিল( Assamese Storyboard )।সন্মুখত তাইৰ জীয়েক হিয়া বহি আছিল আৰু তাই চকু মোহাৰি কপালৰ পৰা চুলিকোচা আঁতৰাই  নিয়াৰ ফালে চালে........... ।হিয়াৰ দুবছৰ হৈ গৈছিল কিন্তু তাইৰ তথাপিও শব্দবোৰ ভালকৈ ফুটা নাছিল। তাই ক'লে.................

মা মানী মানী.............নিয়া দূৰ্বল হৈ আছিল যদিও তাইৰ কথা শুনি হাঁহিলে..................। হিয়ায়ে পানীক মানী বুলি কয়।  

নিয়ায়ে বহুত চেষ্টা কৰি উঠিলে আৰু হিয়াৰ বাবে পানী আনি তাইক ওচৰত বহায় পানী খোৱাই দিলে। তাৰ পাছত তাই ক'লা চুলিকোচা তলত মুখখন লোকোৱাই দিলত হিয়ায়ে হাঁহিবলৈ ধৰিলে আৰু মাকৰ মুখত থপথপাই দিলে.....................। গৰ্ভৱতী হোৱাৰ লগে লগে তাইৰ গাটো বহুত বেয়া হৈ পৰিছিল।

হিয়াৰ সময়ত তাই গমেই নাপাইছিল যে  তাই কেতিয়া গৰ্ভৱতী হ'ল আৰু কিমান ডাঙৰ ভুল কৰিলে । কিমান যে মুৰ্খ  তাই একেটা ভুলকে দুবাৰকৈ কৰিছে। কি কৰিব তাই কাৰণ তাইটো নয়নক  বহুত ভাল পাইছিল আৰু সি একো বুজি নাপাইছিল। ১০ বছৰৰ পৰাই সিহঁতি ইটোৱে সিটোক পচন্দ কৰে আৰু কলেজৰ দিনৰ পৰাই সিহঁতি একেলগে আছে।  তাই তাৰ বাহিৰে  বেলেগক জীৱন সংগী কৰিব নিবিচাৰিছিল। নয়ন এতিয়াও কলেজীয়া দিনৰ দৰে আছে ।একো সলনি হোৱা নাই। যিয়ে হক লাগিলে এতিয়াটো অকমান দায়িত্বশীল হ'ব লাগে। সিহঁতি ৫ বছৰৰ আগতে ঠিক কৰিছিলে যে সিহঁতি বিয়া নাপাতে।

 কিন্তু ৫ বছৰৰ পাছতো অলপ সলনি হ'ব পাৰে । তাই আৰু সি তেতিয়া একো দায়িত্ব বুজি পোৱা নাছিল। যদিও ‌তাই হিয়াক এই পৃথিৱীলৈ আনিব বিচাৰিছিল। নয়নে বহুত কাজিয়া কৰিছিল। কিন্তু তাই তাৰ কথা নুশুনি তাক কৈছিল মই এতিয়া ২৮ বছৰীয়া  হ'লো আৰু মই গৰ্ভপাত নকৰাওঁ। তুমি একো চিন্তা নকৰিবা আৰু একো সহায় কৰিব নালাগে মই  নিজেই সকলোবোৰ কৰিম। সি এতিয়া হিয়া আৰু নিয়াক মৰম কৰে হয়। কিন্তু সি এতিয়া একো দায়িত্ব পালন নকৰে নাই তাই কেতিয়াবা কিবা তাৰ পৰা বিছাৰিছিল। সি সিহঁতক বহুত মৰম কৰিছিল । কিন্তু‌ সি মাজে মাজে আলহী দৰে আহে আৰু সিহঁতৰ লগত হাঁহি ধেমালি কৰে তাৰ পাছত আকৌ গুচি যায়। এতিয়া নিয়ায়ে বিচাৰিছিল সি সিহঁতৰ দায়িত্ব লোৱাতো।


সন্ধিয়া সময়ত যেতিয়া নয়ন ঘৰলৈ আহিল নিয়ায়ে তাক চাই চাই ভাবিবলে ধৰিলে যে  নয়ন এতিয়াও একেই আছে । কলেজীয়া দিনৰ দৰে একো কথা চিন্তা নকৰা আৰু উৎপতীয়া নিচিনা। নিয়াৰ এইবোৰৰ মাজতো হাঁহি উঠিল ।যেতিয়া তাই হিয়া আৰু নয়নক গাৰু লৈ মৰা মৰি কৰি থকা দেখিলে।  হিয়ায়ে নয়নক গাৰুৱে  কপালত মাৰিলে আৰু নয়নে তাইক ধৰি লৈ কোলকুলাই দিলে আৰু তাই জোৰে জোৰে হাঁহিবলৈ ধৰিলে..............। হ'ব হ'ব এতিয়া ব্ৰেক টাইম,ব্ৰেক টাইম বুলি নয়নে অলপ সময় খেলা পাছত ক'লে । হিয়ায়ে নহ'ব বুলি মূৰটো ল'ৰালে আৰু ক'লে.............. দেউতা......... তাৰ পাছত আকৌ অলপ ডাঙৰকৈ চিঞৰি ক'লে দেউতা.........নয়নে আকৌ তাইক কোলকুলাই দিলে................. আৰু ক'লে দেউতা নহয় নয়ন............... বুলি মাতিবা নয়ন............. ন য় ন আকৌ হিয়ায়ে হাঁহিবলে ধৰিলে।

নিয়াৰ মুখত হাঁহি নাইকীয়া হ'ল যেতিয়া নয়ন যাবলৈ উলালে আৰু তাই তাক ক'লে, থাকা না নয়ন..........।

নয়নে ক'লে থাকিলো হয় কিন্তু অৰুণৰ ঘৰত পাৰ্টি আছে আৰু তুমি চোন জানা আমি এই সপ্তাহৰ শেষত সিহঁতৰ গাঁওলৈ যাম ফুৰিবলৈ।

নিয়া অলপ সময় মনে মনে থাকিল আৰু তাৰ পাছত ক'লে -নয়ন মই এতিয়া গৰ্ভৱতী.........।

নয়নে চক্ খাই ক'লে, কি............................

নিয়ায়ে ক'লে হয়.....................…..........

নয়নৰ মুখখন দেখি তাই বহুত দুখ কৰিলে ।যিখন মুখত অলপ আগলৈকে হাঁহি আছিল। এতিয়া সেইখন মুখত অভিমান আৰু খং আছিল.....................।

অলপ সময় মনে মনে থাকি সি ক'লে........কি হ'ল নো নিয়া বাদ দিয়া এইবোৰ ,এতিয়া  কোৱা, গৰ্ভপাত কৰাবলৈ কেতিয়া যাব লাগিব........................।

নিয়া কথাটো শুনি ভাগি পৰিল ।তাই ভাবিছিল সি কথাটো শুনি আনন্দিত হ'ব আৰু তাইক ক'ব ব'লা এই শিশুটো পৃথিৱীলৈ অহা আগতেই আমি বিয়া পাতি লওঁ। কিন্তু সিটো ৩বছৰৰ আগত যেনেকুৱা আছিল । এতিয়াও তেনেদৰেই আছে আৰু এতিয়াও সি একো দায়িত্ব ল'ব  আৰু বান্ধোনত সোমাব বিচাৰা নাছিল...........।  

নয়নে নিয়াক ক'লে এতিয়া তুমি আকৌ নকবা যে এই শিশুটোও তোমাক লাগে.................................।  কাৰণ তুমি অকলে দুটা শিশু স্বভালীব নোৱাৰা।

নিয়ায়ে একো নভবাকৈ কৈ দিলে তুমি আছা চোন..............

সেই কি কথা কৈছা নিয়া মই এতিয়া এইবোৰ দায়িত্ব  ল'ব নিবিচাৰোঁ। মই স্ফূতি আৰু হাঁহি মাতি জীৱন কটাই ভাল পাওঁ আৰু মই এতিয়া এইবোৰ বান্ধোনত সোমাব নিবিচাৰোঁ....…......................... আৰু এই কথাটো আমি দুয়োটাই আগতেই আলোচনা কৰিছিলোঁ ন।

নিয়াৰ তাৰ কথাবোৰ শুনি খং উঠিল আৰু তাই ক'লে যে অ' হয় এই কথাটো ৫ বছৰ আগৰ কথা আৰু এতিয়া কি ৫বছৰৰ পাছত  সলনি হ'ব নোৱাৰে নেকি............।

নয়নে নিজৰ গাড়ী চাবিটো লৈ যাবলৈ ল'লে আৰু ক'লে মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয়.............।

ডাক্তৰৰ পৰা সময় লৈ মোক কৈ দিবা........... বুলি কৈ নয়ন গুচি গ'ল।

নিয়ায়ে বহি বহি ভাবি আছিল যে কেনেকৈ তাই নয়নক বুজাব। পাছ দিনা তাইৰ গাটো অলপ ভাল লাগিলত তাই হিয়াক লৈ পাৰ্কলৈ গ'ল আৰু তাইক ঝোলনা খেলি হাঁহি থকা নিয়ায়ে চাই আছিল........…................।

তাই ভাবিলে মানুহক সুখী থাকিবলৈ বহুত বেছি একো নালাগে অলপ সুখ হ'লেই হয় আৰু তাইৰ জীয়েক হিয়া চোন আছে ।এনেও তাইক দেখি থাকিলেই মই গোটেই জীৱন সুখেৰে জীয়াই থাকিব পাৰিম।

তাই এখন স্কুলত চাকৰি ও পাইছিল।তাই এতিয়া আৰু নয়নৰ বাবে অপেক্ষা নকৰোঁ বুলি ভাবিলে। কাৰণ তাই তাৰ বাবে বহুত দীঘলীয়া অপেক্ষা কৰিলে। সদায় তাই ভাবিছিল নয়নে বুজিব কিন্তু নাই । সি যদি সঁচা ভাল পালে হয় বিয়া পাতিবলৈ কিয় ভয় কৰিলে হয়.......... ।

মাজে মাজে মনে মনে আহি লগ কৰাটো প্ৰেম বুলি ক'বটো নোৱাৰি..........................।

হিয়া ঝোলনাৰ পৰা নামি নিয়াৰ ওচৰলৈ আহিলে। ওচৰতে এজন মানুহে শিশু এটাক কান্ধত লৈ পাৰ্কৰ বাহিৰলৈ যাবলৈ লওঁতেই নিয়াৰ চকু পৰিল..............।

তাইৰ দেউতাকলৈ মনত পৰি গ'ল, তাইকো দেউতাকে এনেকৈয়ে কান্ধত উঠাইছিল ,লৈ ফুৰিছিল আৰু  কেতিয়াবা আইচ- ক্ৰীম খোৱাই ও দিছিল।

আজিও দেউতাকৰ চেহেৰাটো তাইৰ মুখৰ আগত আহিলত তাইৰ হৃদয়ত দুখ ভৰি পৰিল। তাই ১০ বছৰীয়া আছিল যেতিয়া তাইৰ দেউতাক ঢুকাইছিল। তেওঁলোকৰ গোটেই জীৱনটোৱে সলনি হৈ গৈছিল আৰু তাই ভগৱানক খঙতে  কৈছিল যে তুমি কিয় এনেকুৱা কৰিলা। কেনেকুৱা ভগৱান তেওঁ যিয়ে মোৰ পৰা মোৰ দেউতাক কাঢ়ি লৈ গ'ল আৰু তাৰ পাছত তাই ভগৱানক নমানো আৰু প্ৰাৰ্থনা নকৰোঁ বুলি কৈছিল..........................।

মা কাকা........ হিয়ায়ে সন্মুখত বহি থকা অকমানি ল'ৰাটোক দেখাই ক'লে.............. কাকা......... নিয়ায়ে তাইক কোচত বহাই ল'লে আৰু এতিয়াও তাই সেই ল'ৰাটোক দেউতাকৰ কান্ধত বহি হাঁহি থকা চাই আছিল। লগতে হিয়াৰ সেই খালি হৈ থকা ঠাইখিনি কথাও ভাবি আছিল.............. দেউতাক থকাটো বহুত জৰুৰী কাৰণ এজনী ছোৱালীৰ মনত , হৃদয়ত দেউতাক যি স্থান থাকে । সেই স্থান পৃথিৱীৰ আন কোনেও ল'ব নোৱাৰে.........................................।

যি মৰম নিয়ায়ে তাইৰ দেউতাকৰ পৰা পাইছিল । সেই মৰমকে তাই হিয়াৰ বাবে বিছাৰিছিল। কিন্তু এতিয়া তাইৰ সেইয়া সম্ভৱ নহব যেন লগা হৈছিল। তাই হিয়াৰ কথা ভাবি সোনকালেই গৰ্ভপাত কৰাই হিয়াক লৈ চাকৰি পোৱা ঠাইলৈ যামগৈ বুলি সিদ্ধান্ত ল'লে আৰু নয়নৰ আশা নকৰোঁ বুলি ভাবিলে........।


হিয়ায়ে কেইখনমান কিতাপ খুলি বহি আছিল........।

নিয়ায়ে তেবুল এখন হাত গালত দি আনখন হাতেৰে কিতাপ লুটিয়াই থকা চাই হাঁহি আছিল। তাই তেনেকুৱাই কৰিছে যেনেকৈ আগতে নয়নে কলেজৰ লাইব্ৰেৰীত কৰিছিল।  তাই ভাবিলে নয়ন দৰে তাইৰ গাত তাৰ গুণবোৰ আছে আৰু চুলিখিনিও তাৰ দৰে একেই । কিন্তু তাই তাৰ পৰা দেউতাকৰ মৰম হে নাপালে। নিয়ায়ে আকৌ ভাবিলে হিয়ায়ে বাৰু নয়নক ডাঙৰ হ'লে কি বুলি মাতিব...................।

দেউতা............... নাই দেউতা নহয় দেউতা শব্দটো বহুত ডাঙৰ শব্দ যিটো সকলোকে ক'ব নোৱাৰি। নয়নে সেই শব্দটো শুনিবলৈ একো কষ্ট কৰা নাই আৰু সি ইনেও হিয়ায়ে তাক দেউতা বুলি মতাটো নিবিচাৰে...........সিটো তাইৰ বাবে অকল নয়ন হৈ থাকিব বিচাৰে......................। ( Assamese Storyboard )

মা কাকা...............নিয়ায়ে হিয়াৰ মাত শুনি কথাবোৰ ভাবিবলৈ এৰিলে আৰু তাই দেখিলে হিয়ায়ে কিতাপত অকমানি ল'ৰা এটা কোচত  লৈ থকা দেখি হাঁহি হাঁহি কৈ আছিল মা কাকা..........।

নিয়ায়ে তাইক চাই হাঁহিলে আৰু তাই আহি নিয়াৰ কোচত উঠিলে। তাৰ পাছত  তাই নিয়াৰ পেটত হাত থৈ ক'লে মা কাকা .................নিয়ায়ে তাইৰ কথা শুনি আচৰিত হ'ল....................।

নিয়ায়ে ভাবিলে এই কেনেকৈ গম পালে.............। নিয়ায়ে আৰু একো ভাবিব খোজা নাছিল।তাই গৰ্ভপাত কৰাম বুলি সিদ্ধান্ত লৈছিল। তাই ভাবিছিল মই এইবোৰ ভাবিলে দূৰ্বল হৈ যাম আৰু গৰ্ভপাত কৰিব নোৱাৰিম। নিয়ায়ে ভয়তে হিয়াক সাবতি ধৰি মনৰ ভিতৰতে ক'লে মোক ক্ষমা কৰি দিবা...............। মই তোমাক এইটো আনন্দ দিব নোৱাৰিম চাগে। নয়নেও এইটোৱে বিচাৰে আৰু পৰহিলৈ সময় ল'বও কৈছে..................... আৰু নিয়ায়েও মনা কৰা নাছিল । তাই ভাবিছিল যে এইবাৰ এইটোৱে হয়তো শুদ্ধ সিদ্ধান্ত। তাই নয়নক চাকৰি কথা ক'লত সি মনে মনে থাকিল.....................। 

সি জানিছিল যে তাই তাৰ লগত সম্বন্ধ ভাঙি যাব বিছাৰিছিল।

নাজানো এই ছোৱালীবোৰৰ কি হয় যায়। আমিটো দুয়োটাই মিলি সিদ্ধান্ত লৈছিলোঁ যে আমি বিয়া নাপাতো।এই পৰিয়াল আৰু ল'ৰা-ছোৱালীৰ মাজত কোনে সোমাব।তাৰ মানে এইটো নহয় যে সি হিয়াক ভাল নাপাইছিল। তাই লগত খেলি ভাল নাপাইছিল। কিন্তু সি ডাক্তৰ ,স্কুল এইবোৰৰ  মাজত সোমাই জীৱনটো কটাব বিচৰা নাছিল। কিন্তু এতিয়া সিহঁতি দুয়োটায়ে বেলেগ বেলেগ বিচাৰিছিল।

নিয়ায়ে ভাবিছিল যে নয়নে তাইক ভালহে পাইছিল। একো সি ভুল কৰা নাছিল.................।

সেই দিনা ৰাতি নিয়ায়ে ভাবি আছিল। তাইৰ পৰা যেন বহুত কিবা আঁতৰি গ'ল...........................।

পিছদিনা নয়নে তাইক চিকিৎসালয়লৈ নিবলৈ অহা কথা আছিল............। ৰাতি তাইৰ গাটো বেছি বেয়া হৈ গৈছিল...............। বমি আৰু মূৰ ঘূৰণীৰ কাৰণে তাই ৰাতি হিয়াৰ বাবে একো খাবলৈ বনাবওঁ নোৱাৰিলে। ৰাতিপুৱা যেতিয়া নয়ন আহিল সি দেখিলে নিয়া অচেতন হৈ চোফাত পৰি আছিল আৰু হিয়া তাইৰ ওচৰতে পকাত শুই আছিল। সি এইবোৰ দেখি ভয় খাই গ'ল।

নিয়া.................নিয়া.............কি হ'ল।

কিন্তু নিয়ায়ে চকু মেলা নাছিল । তাৰ মাত শুনি হিয়া সাৰ পালে আৰু কান্দি কান্দি নয়নক কোচত ল'বলৈ ক'লে। নয়নে তাইক কোচত ল'লে আৰু চকু পানী মোহাৰি দিলে আৰু সি তাইৰ গাটো গৰম হৈ থকা দেখিলে । তাইৰো  বহুত জ্বৰ হৈ আছিল।

নিয়া.........নিয়া......... সি নিয়াক উঠাবলৈ চেষ্টা কৰিলে.................। তাৰ পাছত সি ডাক্তৰক ফোন কৰি ঘৰলৈ মাতিলে। হিয়ায়ে তাৰ কোচত উঠি মনে মনে থাকিল আৰু আঙুলিটো চুপিবলৈ ধৰিলে।

ডাক্তৰে নিয়াক চাই ক'লে এওঁৰ কি অৱস্থা হৈ আছে জানে  নে। নয়নে ক'লে ইমানে জানো যে তাই গৰ্ভৱতী।

এতিয়া এওঁক চিকিৎসালয়ত ভৰ্তি কৰিব লাগিব আৰু চেলাইন দিব লাগিব। বেছি বমি কৰিলত এওঁৰ অৱস্থা বহুত বেয়া হৈ গৈছে। কথাটো শুনি নয়নে বহুত ভয় খালে আৰু ক'লে ডাক্তৰ এওঁক ঘৰতে চেলাইন দি দিয়ক আৰু এগৰাকী নাৰ্চ পঠায় দিব । বাকী খিনি মই লাগিলে চোৱা চিতা কৰিম। এওঁৰ ছোৱালীজনীৰো বহুত জ্বৰ হিয়াক কোচৰ পৰা নমাই ডাক্তৰক দেখাই ক'লে। ডাক্তৰজনে হিয়াক চাই ক'লে- এতিয়া জ্বৰৰ দৰব খোৱাই দিছোঁ ।হয়তো মাকক দেখি ভয়তে তাইৰ জ্বৰ উঠিল। এই কিবা খালে নে নাই। নয়নে ক'লে নাজানো ডাক্তৰ।


হ'ব বাৰু চিন্তা নকৰিবা মই চেলাইন আৰু দৰব দি  পঠাম নাৰ্চক । ডাক্তৰ যোৱা পাছত সি হিয়া ফালে চালে তাই এতিয়াও মুখত আঙুলিটো ভৰাই চুপি আছিল আনখন হাতে তাৰ চাৰ্টটোত ধৰি আছিল। নয়নে তাইৰ চেহেৰাটো চালে কেঁকুৰা চুলিৰে তাইৰ মুখখন ধাক খায় আছিল। সি তাইক চাই ক'লে মই ডিম বনাব জানো তুমি খাবা নে। হিয়ায়ে খাম বুলি মূৰটো ল'ৰালে। ডিম বনাই আনি যেতিয়া নয়নে তাইক  দিলে তাই তাক চাই আছিল.........................। কি হ'ল তুমি নিজেই নোখোৱা নেকি? অ' মই পাহৰিছিলো। তুমি টো অকমানি হৈ আছা মই খোৱাই দিম ৰ'বা। মুখখন খুলি দিয়া আ........................

অলপ পাছত নাৰ্চজনীয়ে চেলাইন আৰু দৰব লৈ আহিছিল। নয়নে দেখিলে হিয়ায়ে কেইখনমান কিতাপ লৈ বহি আছিল।

তাইৰ কপালত কেঁকুৰা চুলিবোৰ আহি আছিল আৰু তাই এখন হাত গালত দি আৰু আনখন হাতেৰে কিতাপ লুটিয়াই আছিল । সি কৰাৰ দৰেই। নয়নে তাতে ৰৈ চাই আছিল আৰু ভাবছিল সি যেন আইনাৰ আগতহে ৰৈ আছে। হিয়াক দৰব খোৱাবলৈ লওঁতেই  তাই ক'লে- দেউতা.......... নয়নৰ হাতখন তাতে ৰৈ গ'ল.................। দেউতা বুলি তাই আকৌ ক'লে। এইবাৰ সি হাঁহিলে আৰু দেউতা বুলি মোক নামাতিবা বুলি নক'লে।

নিয়ায়ে হিয়াৰ মাত শুনি  অলপ চেতনা ঘূৰাই পালে........। দেউতা বেবী কোচি কোচি বুলি হিয়ায়ে ক'লে। নয়নে তাইক কোচত উঠাই ল'লে আৰু নিয়াৰ এইবোৰ সপোনৰ দৰে লাগিল। নয়নে একো ভাবি পোৱা নাছিল । তাৰ কিয় নাজানো আজি হিয়াৰ মুখৰ পৰা দেউতা শব্দটো শুনি ভাল লাগিছিল। কিতাপত থকা এটা সৰু ল'ৰা দেখাই হিয়ায়ে ক'লে -দেউতা কাকা নয়নে তাইৰ  কথা শুনি নিয়াৰ গৰ্ভত থকা শিশুটোৰ কথা ভাবিলে ।যিটো এই পৃথিৱীলৈ অহা নাছিল আৰু এতিয়া হয়তো সি এই পৃথিৱীলৈ আৰু নাহে ও।

সেই কিতাপখনতেই  হিয়ায়ে এখন পৰিয়ালৰ ফটো দেখাই ক'লে - দেউতা,মা, বেবী,কাকা।নয়নে মূৰ লৰাই হাঁহিলে। হিয়াৰ কথাবোৰ সি বুজি পাইছিল। একো নোকোৱাকৈয়ে তাই বহুত কিবা কৈ দিছিল। আজি নয়নৰ ক'তো যাব মন নাছিল । আনকি সি গাঁৱলৈও যাব মন কৰা নাছিল । য'ত আজি সিহঁতি যোৱা কথা আছিল। সি সিহঁতক এৰি যাব বিচাৰা নাছিল।

নয়নে নিয়াৰ কপালত হাত ফুৰাই দিলে আৰু ভাবিলে যে পৰিয়ালৰ কাৰণে বহুতে কি কি কৰে আৰু সি পাইয়ো এৰি আছিল।লগৰবোৰে গোটেই ৰাতি তাক ফোন কৰি আছিল । কিন্তু সি উঠাব নোৱাৰিলে। কেনেকৈ উঠাব তাৰ কোচত তাৰ ছোৱালীজনী শুই আছিল আৰু তাৰ চাৰ্টটোত ধৰি আছিল। সি সাৰ পাব বুলি তাইৰ হাতখন আঁতৰাই দিয়াও নাছিল।

তাৰ কান্ধত বিষ হোৱাৰ দৰে হৈছিল।  সি ভাবিছিল মাকৰ কোচত মৰমৰ অনুভৱ  হয় আৰু দেউতাকৰ কোচত সাহসৰ, যে তাইক কোনেও একো কৰিব নোৱাৰে আৰু এই অনুভৱবোৰ হিয়াৰ চেহেৰাত দেখা গৈছিল। নয়নে তাইৰ কপালখন চুই চালে আৰু ভাবিলে ভালেই হ'ল জ্বৰটো নাইকীয়া হ'ল।

ৰাতিপুৱা যেতিয়া নিয়াৰ চকু খোল খালে ।তাই নয়নক চকিত শুই থকা দেখিলে আৰু হিয়াও তাৰ কোচতে  শুই আছিল।

নিয়াৰ মনত এটা কথা বাৰে বাৰে আহি আছিল। আমাৰ কাৰণে নয়ন লগৰবোৰ লগত গাঁৱলৈ নগ'ল।

তেতিয়াই নয়ন সাৰ পালে আৰু ক'লে নিয়া তোমাৰ অলপ ভাল লাগিছে নে? নিয়ায়ে মূৰটো ভাল পাইছোঁ বুলি ল'ৰালে । নয়নে তাইৰ হাতত ধৰি ক'লে নিয়া মই তোমাক বহুত ভাল পাওঁ। মই কিমান ভুল ভাবি আছিলোঁ সেয়া কালি বুজি পালোঁ । তোমাৰ কিবা হৈ যোৱা হ'লে মোৰ আৰু হিয়াৰ কি হ'ল হয়।

মই তোমাক আৰু হিয়াক হেৰুৱাব নিবিচাৰোঁ। আমি এটা পৰিয়াল, মই এই কথা কোৱাত বহুত দেৰি কৰিলোঁ।


ব'লা আমি বিয়া পাতো। নিয়ায়ে মুখে একো কোৱা নাছিল আৰু নয়নে কৈ গৈ আছিল। নিয়া মই জানো মই ভুল কৰিছোঁ । কিন্তু অনুগ্ৰহ কৰি মোক এবাৰ সুযোগ দিয়া। হিয়া সাৰ পালে আৰু নিয়াৰ ফালে চাই জোৰে চিঞৰি ক'লে- মা । নিয়ায়ে হাঁহিলে আৰু তাইক ক'লে কোৱা বেবী কি কৰো ....... তোমাৰ দেউতাক ক্ষমা কৰি দিওঁ নে..... হিয়ায়ে হাঁহি  নয়নক সাবতি ধৰিলে। নয়নেও তাইক মৰম কৰিলে আৰু তাই জোৰে জোৰে হাঁহিবলৈ ধৰিলে যেনেকৈ আগতে নিয়ায়ে তাইৰ দেউতাকৰ কোচত উঠি হাঁহিছিল  ।

আজি ইমান বছৰৰ পাছত তাই ভগৱানৰ ওপৰত থকা খং অভিমান আঁতৰাই ভগৱানৰ ওচৰত ক্ষমা বিচাৰিবলৈ মন কৰিছিল...।


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।

Assamese Storyboard

জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages