শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( অন্তিম খণ্ড ) :Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 13, 2021

শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( অন্তিম খণ্ড ) :Assamese Storyboard

Assamese Storyboard


গতানুগতিকভাৱে সময়বোৰ গৈ থাকিল । প্ৰীতিয়ে বুজি উঠিছে সুশান্ত নিৰ্দোষী । সত্য  কি ..এদিন নিজে বাহিৰ হ'ব ( Assamese Storyboard )। বিদিশাৰ মেট্ৰিক পৰীক্ষা ওচৰ চাপিছে গতিকে সকলো চিন্তা বাদ দি প্ৰীতি বিদিশাৰ লগত ব্যস্ত হ'ল । তনয়  নীলাক্ষীকলৈ উভতি আহিল । হাঁহি মুখীয়া সহজ সৰল নীলাক্ষীক ভাল লাগিছিল প্ৰীতিৰ ।যদিও সঘনাই প্ৰীতিয়ে নীলাক্ষীক সময় দিব পৰা নাছিল ..তাৰমাজতে এদিন ৰাতিৰ সাজৰ বাবে দুয়োকে নিমন্ত্ৰণ দিলে । মাছৰে কেইবাবিধ ব্যঞ্জনেৰে দাইনিং টেবুল ভৰি পৰিছিল । ইলিচ মাছৰ চৰচৰি তনয়ৰ প্ৰীয় । ৰৌ মাছৰ টেঙা আঞ্জা এখনো বনালে প্ৰীতিয়ে ..নীলাক্ষীয়ে ভালপায় বুলি ..মুৰিঘণ্ট' , সৰু মাছৰ পিয়াজ দি  দ্ৰাই ফ্ৰাই , চিলি চিকেন ,  আলুৰে সৈতে চিকেনৰ কাৰী , মিক্স ভাজি , ফ্ৰুইটছৰ চালাদ । নীলাক্ষীয়ে প্ৰীতিৰ হাতৰ ৰন্ধন প্ৰশংসা কৰি তত নাপালে । খোৱাৰ মাজতে নীলাক্ষীয়ে সুধিলে .."কোৱাছোন প্ৰীতি বা , তুমি ইমান ধুনীয়া অসমীয়া খানা  ক'ত শিকিলা ? ইমান দিন অসমৰ পৰা আঁতৰি থাকিও অসমীয়া সংস্কৃতি তোমাৰ ওচৰত বিৰাজমান কৰি ৰাখিছা । "

Assamese Storyboard

: মোৰ দেউতাই ইণ্ডিয়ান এয়াৰ পৰ্টৰ চাকৰি আছিল.. সঘনাই ট্ৰেন্সফাৰ হৈ থকা কাৰনে অসমতো আছিলো । জানা নিশা , অসমত থাকি মোৰ আটাইতকৈ ভাল লাগিছিল । প্ৰকৃতিৰ বিনন্দিয়া পৰিবেশত মই মিলি পৰিছিলো । তাতেই অসমীয়া পৰিয়াল এটাৰ লগত আমি ঘৰুৱা সম্বন্ধৰে বান্ধ খাই পৰিছিলো । সেই ঘৰৰ ছোৱালীজনী মোৰ সমবয়সীয়া । আমি খুউৱ ভাল বান্ধবী আছিলো দুয়োজনী । দেউতাৰ পুনৰ ট্ৰেন্সফাৰৰ অৰ্দাৰ অহাত তেওঁলোকে মোক তেওঁলোকৰ লগতে  ৰাখি থব বিচাৰিলে । সঘনাই হোৱা বদলিকৰনে মোৰ পঢ়া-শুনাত বাধা আহিব বুলি ভাবিয়েই দেউতা তেওঁলোকৰ কথাত মান্তি হ'ল । মোৰো ভাল লাগিছিল যদিও অলপ বেয়াও লাগিছিল মা-দেউতাৰ পৰা আঁতৰি থাকিব লগাৰ কাৰনে । কিন্তু মই তেওঁলোকৰ পৰা বহুত মৰম পাইছিলো । তেওঁলোকৰ পৰাই সকলোখিনি শিকি পেলাইছিলো । আৰু চোৱাছোন , পুনৰ অসমলৈকে বোৱাৰী হৈ যাব লগা হ'ল । " 

: সকলো ঈশ্বৰৰ ইচ্ছা । -- খোৱাৰ মাজতে তনয়ে কয় ।

   প্ৰীতি সুখী হৈছিল তনয়ৰ সুখত । নীলাক্ষী খুউব ভাল ছোৱালী । প্ৰীতিৰ বিশ্বাস ..নিলাক্ষীয়ে তনয়ক সুখেৰে ভৰাই দিব পাৰিব ।বিচৰা ধৰনেই সুখেৰে ভৰি পৰক তনয়ৰ জীৱন- প্ৰীতিয়ে কামনা কৰিছিল অন্তৰে ।

     


 তেতিয়া গভীৰ নিশা । বেদান্ত চৌধুৰীয়ে জ্বলন্ত চিগাৰেট মুখত লৈ দীঘল বাৰাণ্ডাখনত পায়চাৰি কৰি ফুৰিছে । একোবত নিদিৰ্ষ্ট দুৱাৰখনৰ মুখত ৰৈ টোকৰ মাৰিবলৈ লৈ ৰৈ গৈছে । আঁতৰি আহি পুনৰ ইফালৰ পৰা সিফাললৈ ঘূৰি  ফুৰিছে । পুনৰ দৰ্জাখনৰ ওচৰলৈ আহিছে এইবাৰ লাহে লাহে  আঙুলিৰে টোকৰ দিলে । অলপ পাছতে দৰ্জা খুলি দিয়ে সুশান্তই আচৰিত হয় -"- দাদা , তই ! "

: "এৰা , ৰাতিখন তোক আমনি দিলো , কিছুমান কথা ক'বলৈ আছে তোক যিখিনি অতি আৱশ্যক।।"

: কি কথা দাদা ? -- আচৰিত হয় সুশান্ত 

: কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিম ভাবিয়ে পোৱা নাই । যোৱা শনিবাৰৰ ঘটনাটো সম্পূৰ্ণ প্ৰিপ্লেন আছিল । ইয়াৰ মুলতে তোৰ বৌ সুজাতা । কু চক্ৰান্ত কৰি তোক ইয়াৰ পৰা আঁতৰাবলৈ এই জাল পেলাইছিল । ভাবিছিল তোৰ চৰিত্ৰত দোষ জাপি দিলে তোক দেউতাৰে ফেক্টৰীৰ পৰা ঘৰৰ পৰা উলিয়াই দিব ..তেতিয়া সকলোখিনি সম্পত্তি ..ফেক্টৰী মোৰ দখললৈ যাব । মোৰ দখললৈ যোৱা মানে সুজাতাৰ দখললৈ যোৱা । তোক যে দেউতাই ইয়ালৈ মাতি আনিলে ফেক্টৰীৰ কাম চম্ভালিবলৈ .. সেইকথাটো সুজাতাই সমুলি মানি ল'ব  পৰা নাছিল । তাই কেতিয়াও নিবিচাৰিছিল  তহঁতিও  সমানে ঘৰৰ সম্পত্তিৰ অংশীদাৰ হোৱাতো । 

: দাদা , যদি সেইটোৱেই হয় মোক কিয় খোলাকৈ বৌৱে কৈ নিদিলে ..ইয়াৰ পৰা যাবলৈ ।মইতো নিজৰ একান্ত ইচ্ছাত ইয়ালৈ অহা নাছিলো । দেউতাই মাতি অনাৰ বাবেহে আহিছিলো । এবাৰ যদি বৌৱে ক'লেহেতেন মই পুনৰ গুছি গ'লোগৈ হেতেন জামছেদপুৰলৈ । নালাগে মোক ঘৰৰ একো সম্পত্তি । কিন্তু মোৰ চৰিত্ৰত দাগ কিয় বহুৱালে ।কি প্ৰমাণ অাছে এতিয়া  মই যে নিৰ্দোষী । 

: তোৰ নিৰ্দোষিতাৰ প্ৰমাণ দিবলৈ অমৰ আৰু কমলা অসমতে নাই । সুজাতাই শকত পৰিমাণৰ টকা দি ইয়াৰ পৰা পঠিয়াই দিছে ।কিন্তু তই চিন্তা নকৰিবি , কাইলৈ দেওবাৰ ..সকলো বনুৱাক মাতি অনা হ'ব । তোৰ বৌৱে নিজেই ক'বলৈ বাধ্য হ'ব সকলোৰে আগত নিজৰ কু-চক্ৰান্তৰ কাহিনী । বুজিছ বাবা , সুজাতাৰ কৰ্মত মই আজি অনুতপ্ত ..তাই ইমানখিনিলৈ আগবাঢ়িব বুলি ভবা নাছিলো। কালি তাই ফোনত মাকক কৈ থাকোতে মই সকলো শুনিলো । প্ৰথমবাৰৰ বাবে তাইৰ ভুলবোৰ তাইৰ ওচৰত দাঙি ধৰিলো । প্ৰথমৰ পৰাই  সুজাতাৰ দোষবোৰ দেখিও আওকান কৰি আহিছিলো ..আৰু আজি মোৰ ভুলৰ কাৰনে ইমান ডাঙৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ তাই সুবিধা পালে । হাতযোৰ কৰি তোৰ ওচৰত মই ক্ষমা বিচাৰিছো বাবা ..পাৰ যদি ক্ষমা কৰি দিবি ।

-- - "কি কৰিছ দাদা ! মোৰ ওচৰত কিয় হাতযোৰ কৰিছ' ! তই কিয় ক্ষমা বিচাৰিছ ? " লগে লগে ককায়েকৰ হাত দুখন নমাই কৈ উঠে সুশান্তই"

: এইবাৰ কলিকতালৈ গ'লে অকলে নাহিবি ..প্ৰীতি আৰু বিদিশাক লৈ আহিবি লগত । চিন্তা নকৰিবি , তহঁতৰ একো অন্যায় হ'বলৈ নিদিওঁ এতিয়াৰ পৰা .. কথা দিলো তোক ।( Assamese Storyboard )

      কাষৰ ৰূমৰ পৰা সকলো কথা শুনি আছিল দেউতাকে । এটা শান্তিৰ উশাহ ললে তেওঁ । হেৰাই যোৱা ডাঙৰ পুতেক যেন ঘূৰি আহিছে !  সকলো চিজিল লগাৰ পথত এতিয়া । এই মুহূৰ্ত্বত মৃত্যুও যদি আহে ..কোনো আক্ষেপ নাথাকিব তেওঁৰ ।

      ফোনতে সকলো কথা জনালে প্ৰীতিক সুশান্তই । আচৰিত হয় প্ৰীতি ..সা-সম্পত্তিৰ কাৰনে মানুহ ইমান তললৈ যাব পাৰে ! যি কি নহওক ..সুশান্ত যে নিৰ্দোষী সেইটো প্ৰমাণ হ'ল । খুউৱ সোনকালে সুশান্ত অহাৰ কথা কলিকতালৈ । বিদিশাৰ পৰীক্ষা আৰম্ভ হৈছে ..প্ৰীতিয়েও এইকেইদিন বেলেগ কামত মন দিয়া নাই ।


 বিদিশাৰ পৰীক্ষাৰ মাজতে সুশান্ত পালেহি । প্ৰীতিয়েও বহুখিনি সকাহ পালে । সুশান্তই বিদিশাক পঢ়াৰ ক্ষেত্ৰত সহায় কৰি দিছে । প্ৰীতিয়ে ঘৰৰ বাকী কামবোৰত মনোনিবেশ কৰিব পাৰিছে , 

এটা সময়ত বিদিশাৰো পৰীক্ষা শেষ হ'ল  । তিনিও প্ৰীতিৰ মাক-দেউতাকৰ ওচৰৰ পৰা আহিলগৈ এদিন ।  বিদিশাই সুশান্তৰ লগত এইকেইদিন বজাৰ কৰি ফুৰিছে , যিমান পাৰি বস্তু কিনিছে তাই । প্ৰীতিৰ স্কুল থকাত ল'গ দিব পৰা নাই তাই ।

     দেশৰ পৰিস্থিতি ক্ৰমাৎ বেয়ালৈ গৈছে । জনসমাগম কমিছে । কৰ'ণা ভাইৰাছে দিল্লী আগ্ৰা মহাৰাষ্ট্ৰ সকলোতে চানি ধৰিছে  । স্কুল -কলেজবোৰ  বন্ধ ঘোষণা কৰিছে ।

  সকলো এতিয়া ঘৰৰ ভিতৰত । প্ৰীতিহঁতেও লকডাওন মানি নিজকে সুৰক্ষা কৰি ঘৰতে আছে  । সুশান্ত তাইৰ লগত আছে কি লাগিছে তাইক । সুশান্তইও প্ৰীতিৰ সকলো কামতে সহায় কৰি দিয়ে , ভাত বনোৱাৰ সময়ত ওচৰতে এনেই ৰৈ থাকিব । ইটো সিটো ব্যঞ্জনৰ সোৱাদ ল'ব ..ভাল লাগে প্ৰীতিৰ ।আজি তাই বহুত দিনৰ মুৰত পাতিচেপ্তা বনাবলৈ লৈছে ,আবেলি চাহৰ সৈতে খাবলৈ । ইফালে সুশান্তই চাহৰ চচপেনটো তুলি দিছে ..গাখীৰত চাহপাত মিহলাই চেনী দিব খুজি ৰৈ গ'ল  । প্ৰীতিয়ে পিঠাখন সাৱধানে মেৰাব খুজিছে ..মেৰাওঁতে হাত পুৰিছে .. সুশান্তই প্ৰীতিক মন কৰি থাকোতে চাহ উতলি পৰি গৈছে ।

: চাহখিনি পৰিলে দেখিছানে ? 

: তোমালৈ চাই থকাৰ কাৰনে 

: মোলৈ কিয় চাব লাগে , নিজৰ কাম কৰি যোৱাছোন 

: তোমাৰ হাত পুৰে যদি !

একো নকয় প্ৰীতিয়ে ..সুশান্তৰ কথাত মন ভৰি আহে তাইৰ । ইমান চিন্তা তাইলৈ ! প্ৰীতিয়ে এই সুখবোৰ ..আনন্দবোৰ সদায়ে বিচাৰে । সেয়ে বাৰে বাৰে কামনা কৰে  তাই ..এই সময় স্থবিৰ হওক ।

     

 সুশান্তৰ বুকুৰ বাওঁফালে নিচিন্ত মনে টোপনি যোৱা প্ৰীতিক সি চাই ৰ'ল । কেনেবাকে সাৰপাই বুলি লৰচৰ কৰা নাই সুশান্তই।.বহুত ত্যাগ অাৰু কষ্টৰে পাৰ কৰিছে প্ৰীতিয়ে জীৱনৰ বেছি সময় ।আৰু কষ্ট দিব নিবিচাৰে সি তাইক.. এইবাৰ লগত লৈ যাব তাইক ..কোনোদিন অকলশৰীয়া হ'বলৈ নিদিয়ে আৰু ।

সুশান্তৰ ঘৰলৈও চিন্তা হৈছে ..ভবা নাছিলে সি এনেকৈ বন্দী হৈ যাব পাৰে বুলি । সোনকালে প্ৰীতিহঁতক লৈ অসমলৈ ঘূৰাৰ কথা ভাবিছিল সি ।লাহে লাহে চৰকাৰে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাব পৰাকৈ সকলোকে সুবিধা কৰি দিছিল । সুশান্তহঁতো যাবলৈ সাজু হ'ল । প্ৰীতি আৰু বিদিশাই পেকিং কৰাত ব্যস্ত । তাৰ মাজতে এদিন তনয়ে সুশান্তহঁতক দিনাৰৰ বাবে নিমন্ত্ৰণ দিলে ।  প্ৰীতিয়ে নীলাক্ষীৰ বাবে অনলাইন অৰ্দাৰ দি আগতেই আনি থোৱা পাটৰ কাপোৰ এযোৰ দিলে , আৰু তনয়ক এটা চাৰ্ট উপহাৰ দিলে  গভীৰ নীলা ৰঙৰ ..তনয়ৰ প্ৰিয় ৰং। 

    

নিৰিবিলি সন্ধিয়া । সুশান্ত আৰু বিদিশা ওলাই গৈছে ..দুটামান দৰকাৰী বজাৰ কৰিবলৈ ।  প্ৰীতিৰ মন নগ'ল ওলাই যাবলৈ ।তাই টেৰছেলৈ উঠি আহিল । হয়তো এইয়াই শেষ টেৰেছত ।কাইলৈ একেবাৰে যাবগৈ প্ৰীতি ।হয়তো কোনোদিন আৰু বহিবলৈ নাহে তাই ইয়াত ।  গধুলি সময়বোৰ অতিবাহিত হ'ব এতিয়াৰ পৰা তাইৰ অবিহনে তনয়ৰ । জীপাল কৰি তুলিব নীলাক্ষীয়ে প্ৰতিটো সময় ..প্ৰতিটো গধুলি । সকলো স্মৃতি বুকুত ৰাখি থব তাই আলফুলে সাৱটি । 

    পিছদিনা পুৱা প্ৰীতিহঁত যাবলৈ ওলাল । আৱাসী সুজাতা দিদি , অঞ্জলি বৌ .প্ৰাঞ্জনা ..বিদিশাৰ লগৰ গুঞ্জন ..তমান্না ..মুছকানহঁতে বিদায় দিবলৈ ওলাই আহিছে ।.তনয় আৰু নীলাক্ষীও ওলাই আহিছে । প্ৰীতিয়ে সাৱতি ধৰে নীলাক্ষীক । প্ৰীতিৰ মনে কৈ উঠিল -- এমুঠি অনুভৱ মোৰ লগত ৰাখিলো ..গোটেই জোনাকখিনিয়েই তোমাক দি গ'লো  নীলা.. তাৰেই এমুঠি এমুঠি প্ৰতি পল প্ৰতিদিনেই তনয়ৰ বুকুত সিঁচি দিবা ।সেই জোনাকতে দুয়োৰে প্ৰেম উজ্বলি থাকক চিৰদিন ।

তনয়লৈ চালে তাই ..একো ধৰিব নোৱাৰিলে তাই ।"আহিছো , ভালে থাকিবা দুয়ো " প্ৰীতিহঁতে সকলোকে হাত জোকাৰি বাই বাই দিলে ।  বিদিশা সুশান্তই তনয়ক আৰু নিলাক বাই বাই দিলে ।  নেদেখা হোৱা লৈকে তনয়ে চাই ৰ'ল .প্ৰীতিক। এটি হুমুনিয়াহ সৰি পৰিল তনয়ৰ ।


অহাৰ দৰেই উভতি আঁতৰি গলা ..

বাটে বাটে ফুল সিঁচি থৈ ..

ৰ'দৰ তাপত মৰহি শুকালেও 

তোমাৰ কথাকে যাব কৈ ।

বাই ,,বাই,, প্ৰীতি ।" অস্ফুট সুৰত ওলাই আহিল মুখৰ পৰা  তনয়ৰ । চকুৰ পানীৰে অস্পষ্ট কৰা চকু দুটা মোহাৰি ললে তনয়ে ।

#####


আবেলিৰ আকাশত সূৰ্য্যাস্তৰৰ সেই একেই ৰঙ । তথাপিও ৰিঙা ৰিঙা অনুভৱ তনয়ৰ ..কিবা যেন শূণ্যতাই আগুৰি ধৰিছে ..প্ৰীতি নাই ..কথাষাৰ মানিবলৈ তাৰ খুবেই কষ্ট হৈছে ।  

    -- এই তনয় , চোৱানা , কেনে লাগিছে মোক ? -- বগা চুড়িদাৰ আকাশী ৰঙৰ দুপাট্টাৰে বিশেষ ভংগীমাত ৰৈ আছে নীলাক্ষী । কেই মুহূৰ্ত্বমান থৰ হৈ চাই থাকিল নীলাক্ষীলৈ তনয়ে । প্ৰীতিৰ প্ৰিয় ৰং আকাশী নীলা । সমুখত প্ৰীতিহে যেন ৰৈ আছে ! 

তনয় ! কোৱানা । নীলাক্ষীৰ মাতত বাস্তৱলৈ আহে তনয় । বৰ ধুনীয়া ..মানে বহুত ধুনীয়া লাগিছে ! 

তনয়ে নিলাক্ষীৰ গালত লাহেকৈ টুকৰ দিয়ে ।

এৰা , এইয়াই বৰ্তমান । তনয়ৰ প্ৰেম নিলাক্ষী । প্ৰীতি  আৰু  তনয়ৰ  নাম বিহীন এটা মধুৰ সম্পৰ্ক আলফুলে অতি সযতনে  তনয়ে মনৰ একোণত ৰাখি থব  চিৰদিন । 

সমাপ্ত…



এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages