- ছোৱালী ৰ !
- হয়, আপুনি ফ'ৰ্চটো সম্পূৰ্ণ সাজু কৰক ।
- ঠিক আছে ছাৰ ।( Assamese Storyboard )
আকৌ মহানগৰীত এটা মৃতদেহ । এজনী। ছোৱালী ৰ মৃতদেহ । কিন্তু এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়া সঠিক কৈ কব পৰা নাযায় । বশিষ্ঠ চাৰিআলিৰ পৰা অকন গৈ পথৰ দাঁতিত পৰি আছিল এটা মৃতদেহ । প্ৰত্যক্ষদৰ্শীয়ে এতিয়া লৈ চিনাক্ত কৰিব পৰা নাই উক্ত মৃতদেহটো । এজনী অচিনাকী ছোৱালী ৰ মৃতদেহ । থানাৰ পৰা ইতিমধ্যে বৰুৱা সহিতে আৰক্ষীৰ দ'ল টো ওলাই গ'ল ।
নিয়ৰৰ আজি খুব ভাগৰ ও লাগিছে । তথাপি ও তাৰ হৃদয় খনে হাহাকাৰ কৰি আছে মাকৰ বাবে । তাতকৈ বেছি বেয়া লাগিছে তাৰ দেউতাকলৈ । কি কৰিব ! অকলে অকলে মানুহ জনে ।
ৰাধিকা ই তাৰ এটা খৱৰ ও লোৱা নাই । তাই কিন্তু সেইদিনা গম পাইছিল যে নিয়ৰৰ মাক মেডিকেল ত ভৰ্তি হৈ আছে । তথাপি ও তাইৰ এবাৰ মন নগল নে খৱৰ ল'বলৈ কি হল নিয়ৰৰ মাকৰ ! হ'ব এই প্ৰত্যুত্তৰ সি ও এদিন ৰাধিকা ক দিব । কিন্তু এতিয়া সময় হ'ল অপৰাধী ক সোনকালেই কাৰায়ত্ত কৰাৰ ।
থানাৰ পুলিচ বাহিনীয়ে ইতিমধ্যে মৃতদেহ টো প্ৰত্যক্ষ কৰিলে । বৰ মৰম লগা এজনী গাভৰু ছোৱালী । দেখিলে গম পোৱা যায় যে হত্যাকাণ্ড ইয়াত হোৱা নাই । হত্যাকাণ্ড সংঘটিত কৰি হয়টো গাড়ীৰে জংঘলেৰে আবৃত্ত ৰাস্তাৰ কাষত পেলাই থৈ গৈছে ।কাৰন মৃতদেহটো প্ৰত্যক্ষ কৰিলে ভালকৈ গম পায় এয়া কোনো এক্সিডেণ্ট নহয় ।এয়া পৰিকল্পিত হত্যাকাণ্ড । কিন্তু হত্যাকাৰী য়ে ইয়াক এক্সিডেন্টৰ ৰূপ দিবলৈ মৃতদেহটো উক্ত স্থানত পেলাই থৈ গৈছিল ।
বৰুৱাই চিন্তা কৰিছে । ছোৱালী জনী কৰবাত দেখিছে । কিন্তু কত দেখিছে ! কত লগ পাইছে মনত পৰা নাই । ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষা ৰ বাবে পঠাই দিছিল । বৰুৱাই কথাটো চিন্তা কৰি থাকিলে কত দেখিছিল ছোৱালী জনী ।
ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ অন্তত ৰাতিপুৱা আকৌ থানা লৈ মৃতদেহটো লৈ অনা হৈছিল । কাৰণ এতিয়ালৈ মৃতদেহটো চিনাক্ত কৰিব পৰা নাই ।
মৃত্যু যেন এতিয়া সহজ , মৃত্যু যে এতিয়া সুলভ । ইমান সহজ নে মাৰো বুলি এজন মানুহক মাৰি দিয়াটো ।হাৰে মানুহ ৰ জীৱন বোৰ পৰুৱাৰ নিচিনা হৈছে দেখোন । এনেকুৱা মৃত্যু বোৰক মানি ল'ব নোৱাৰি । কিমান বা আশা আছিল ইহঁতৰ । মৃত্যুৰ সময়ত বা জীয়াই থাকিবলৈ কিমান হেঁপাহ জাগিছিল । মৰণোত্তৰ পৰীক্ষাৰ ৰিজাল্ট আহিছিল এয়া হত্যাকাণ্ড । যুৱতী গৰাকীৰ গুপ্ত অংগত ও আঘাট কৰিছিল নৰপিশাচ হতে । বৰুৱাৰ আজি ভীষণ খং উঠিছে । এই হত্যাকাৰী ধৰা পৰিলে বৰুৱা ই কুবাই কুবাই হাত ভৰি ভাঙি পেলাৱ ।
অহ মনত পৰিছে বৰুৱা ৰ এই ছোৱালী জনী সেইদিনা ভিডিঅ' টোত দেখিছিল । নিয়ৰে চিনি পাওঁ বুলি কৈছিল । নামটো কৈছিল ! ৰাধিকা
- বৰ্মন
- ছাৰ
- নিয়ৰক মৃতদেহটো ৰ ওচৰলৈ লৈ আহাছোন ।
- হ'ব ছাৰ ।
বৰ্মনে নিয়ৰক মৃতদেহটো ৰ ফালে আগুৱাই লৈ গৈছিল । এখোজ দুখোজ কৈ সি আগুৱাই গৈছিল । আকৌ এটা মৃতদেহ । তাৰমানে ,,,,,,,,,
- নিয়ৰ , আপুনি এই ছোৱালী জনী চিনি পায় নেকি !
বেটেলিয়ন এজনে মুখৰ কাপোৰ খন গুচাই দিছিল ।
এয়া কি ! ৰাধিকা , মৃত্যু ৰ শীতল কোলাত ৰাধিকা । এয়া কেনেকৈ সম্ভৱ হ'ল ।
- কি হল নিয়ৰ ?
- ছাৰ এয়া ৰাধিকা ছাৰ ।
- কিন্তু এয়া ও এক হত্যাকাণ্ড নিয়ৰ ।
- আপুনি যে পলাশৰ হত্যাকাণ্ড হোৱা কোঠাত আঙুঠি টো পাইছিল সেয়া ৰাধিকা ৰে আঙুঠি আছিল ছাৰ । আৰু মই যে আপোনাক কৈছিলো মোৰ সেই প্ৰমিকা ৰাধিকা আছিলে ছাৰ ।
- কিন্তু আপুনি ইমান কথা মোৰ পৰা লুকাই ৰাখিছিল !
- ৰাখিছিলো ছাৰ । কাৰণ মই জানো এই হত্যাকাণ্ড ত ৰাধিকা ও জড়িত নাই । কিন্তু ৰাধিকা ৰ আঙুঠি ঘৰৰ পৰা চুৰি হৈছিল ।
- ঠিক আছে । এইবাৰ চাগে সকলো অপাৰাধী ধৰা পৰিব । মোৰ এই হত্যাকাণ্ড ৰ খলনায়ক এজন যেন লাগিছে । নিয়ৰ আপুনি ৰাধিকা ৰ ঘৰ চিনি পাই ?
- উম পাওঁ ।
- তেন্তে বলক আমি তাইৰ ঘৰলৈ যাও ।
নিয়ৰ পুলিচ বাহিনীৰ লগতে ওলাল । সি বৰুৱা ক আগতীয়াকৈ ক'লে ।
- ছাৰ এই হত্যাকাণ্ড বোৰত ৰাধিকা ৰ মাক জড়িত আছে ।
- কি !
- হয় , ছাৰ সেইজনী তাইৰ মাহীমাক হে । মই ভাৱো আপুনি গৈ মাকক ৰাধিকা ৰ মৃত্যু ৰ খৱৰ নিদিব , অলপ মাকৰ বিষয়ে চেষ্টা কৰিব ।( Assamese Storyboard )
- ঠিক আছে ।
মাকৰ মৃত্যুৰ পাছত , প্ৰেমিকাক হত্যা । ইমান দিনৰ ভালপোৱা ও আজি আতৰি গ'ল ।সিহতৰ মনৰ কথা পতাই নহ'ল । সি আজি সকলো সহ্য কৰিব । কাকো সাৰি যাৱ নিদিব সি ।
" কঠোৰ হ'ল নিয়ৰ কঠোৰ হ' । তই ৰাধিকা ক ন্যায় দিব লাগিব । " নিয়ৰৰ বিবেকে দিয়া এয়া সাহস । এটা সময়ত সিহঁত আহি ৰাধিকা ৰ ঘৰলৈ সোমাই গ'ল । মৃতদেহ এখন গাড়ীত পদুলি মুখতে থলে ।
বৰুৱাই গৈ বাহিৰৰ কলিং বেলটো বজালে ।
কিছু সময় পাছত এজনী ধুনীয়া , প্ৰায় আঠত্ৰিছ বছৰীয়া মান মহিলা ওলাই আহিল ।
- পুলিচ !
- হয় , ৰাধিকা ৰ মাকক লগ পাম নেকি ?
- ৰা,,,ৰাধিকা ৰ মাক ময়ে ।
- অহ, বাৰু ৰাধিকা ঘৰত নাই নেকি ?
- ৰা,,,,ৰা,,ধিকা ঘৰত নাই ছাৰ ।
- কলৈ গৈছে ?
- জেঠাইকৰ ঘৰলৈ ।
- কোন দিনা ?
- কা,,,কালি ।
তেনেতে এজন সুঠাম চেহেৰা ৰ যুৱক ৰাধিকা হতৰ ঘৰৰ পৰা ওলাই আহিল ।
- এখেত ?
বৰুৱাৰ প্ৰশ্ন ।
- আমাৰ ঘ,,,ঘৰৰে ।
- ৰাধিকা ৰ দেউতাক ?
- তেওঁ ৰ ধুকোৱাৰ আজি এবছৰ হৈ গ'ল ।
- উম । মিষ্টাৰ আপোনাৰ নাম ?
বৰুৱাই সেই ল'ৰা জনক সুধিছিল ।
- অংকুৰণ বৰা ।
- সুন্দৰ নাম । কি কৰে আপুনি ?
- ছাৰ এওঁ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ।
- বঢ়িয়া। বাৰু ৰাধিকা নিজে জেঠায়েকৰ ঘৰলৈ গল নে আপুনি পঠায় দিলে ।
- মই,,নাই দিয়া । নিজে গৈছে ।
- বেয়া নাপায় যদি ৰাধিকা লৈ এটা ফোন লগাওক ।
- অহ , তাইৰ মোবাইল অফ ছাৰ ।
- ঠিক আছে ,জেঠায়েকৰ ঘৰলৈ এটা ফোন লগাওক ।
ৰাধিকা ৰ মাকে ফোনটো লগাই কি কথা পাতিলে বৰুৱা ই নুশুনিলে ।
- ছাৰ ৰাধিকা জেঠায়েকৰ ঘৰত নাই ।
- কত গ'ল তেন্তে ?
- তাত হেনো যোৱাই নাই ।
- তেন্তে কত গ'ল ৰাধিকা ?
-
আগলৈ………
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment