সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ২৩ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 11, 2021

সমকামি,মানৱ জীৱনৰ আন এক অধ্যায় ( খণ্ড - ২৩ ) : Assamese Storyboard

Assamese Storyboard

 

 আশাৰ বতৰা লৈ পুৱাৰ ৰাঙলী বেলি উঠি অহাৰ লগে লগেই ভৈৰৱেও শোৱা পাতি এৰিলে । বিচনাৰ পৰা নামিয়ে মুখত ব্ৰাছডাল লৈ ৰাস্তাই ৰাস্তাই অলপ খোজ কাঢ়িবলৈ ওলাই গ'ল ভৈৰৱ ( Assamese Storyboard )। প্ৰাতভ্রমন কৰি আহি গাটো ভালকৈ ধুই চাহৰ কাপটো হাতত লৈ বাৰাণ্ডাত বহি অলংকৃতালৈ ফোন লগালে .....


: হেল্ল'...! Good Morning...


: Good Morning ভৈৰৱ । আজি ৰাতিপুৱাই মোলৈ মনত পৰিল যে....!


: বিশেষ কথা এটাৰ বাবে মই তোমাক লগ কৰিব বিচাৰিছোঁ ।  কেতিয়া ফ্ৰী আছা তুমি...? 


: আজিটো Sunday , মই ফ্ৰিয়ে আছোঁ । ৰেষ্টুৰেন্ট বা পাৰ্কত লগ কৰাতকৈ তুমি আমাৰ ঘৰলৈকে গুচি আহাঁ ।

Assamese Storyboard

: নাই...! নাই...! মই তোমাক ঘৰত লগ কৰিব নোৱাৰিম । কোনোবা পাৰ্ক বা ৰেষ্টুৰেন্টতেই লগ কৰিব লাগিব ।


: ঘৰলৈ আহিলে কি হ'বনো ভৈৰৱ...? 


: তোমাক মই কিছুমান ব্যক্তিগত কথা জনাবৰ বাবেহে লগ কৰিব বিচাৰিছোঁ । গতিকে সেইবিলাক কথা খুড়া খুড়ীৰ আগত প্ৰকাশ কৰিব নোৱাৰিম । 


: ঠিক আছে তেন্তে....! ক'ত লগ কৰিব লাগিব তুমি মোক ফোন কৰি এঘন্টামান আগত জনাই দিবা ।


: ঠিক আছে । ক'ত আহিব লাগিব মই তোমাক জনাই দিম বাৰু....! তুমি এঘাৰমান বজাত ৰেডী হৈ থাকিবা । 


: হ'ব দিয়া । মই ৰেডী হৈ থাকিম । 


: ok.., অলংকৃতাৰ ফোনটো কাটিয়ে ৰাজীৱলৈ ফোন লগালে ভৈৰৱে । ৰিং কৰাৰ লগে লগেই ফোনটো ৰিচিভ কৰিলে ৰাজীৱে 


: Good Morning ভৈৰৱ দা । উঠিলা নে নাই...? 


: morning..., কেতিয়াবাই উঠিলোঁ । 


: অ'...! চাহ খালা..? 


: উম... ! খালোঁ । তুমি খালা...? 


: খালোঁ । খাই পঢ়িবলৈ লৈছোঁ । 


: হয়নেকি...! কথা এটাৰ বাবেহে ফোন কৰিলোঁ..


: কোৱাচোন.....! কি কথা...?


: মোৰ লগত এঠাইলৈ যাব লাগিব । দহ বজাত ৰেডী হৈ থাকিবা । 


: যাম । কিন্তু , যাবা ক'ত...? 


: অলংকৃতাক লগ কৰিবলৈ । 


: তেন্তে মই নাযাওঁ দেই । তোমালোকে কথা পাতিবা আৰু মই কি বোন্দা হৈ বহি থাকিম ...! 


: নহয় অ'....! তুমি লগত থাকিলে মই অলংকৃতাক কথাবোৰ স্পষ্টকৈ ক'ব পাৰিম ।


: ঠিক আছে ..., মোক ঘৰৰ পৰা লৈ যাবহি লাগিব কিন্তু...! 


: ok বাবা...! এতিয়া ৰাখোঁ দিয়া । মোৰ কাম কেইটামান আছে মই কৰি লওঁ । কথাষাৰ কৈয়ে ফোনটো কাটি দিলে ভৈৰৱে । হাতত চাহৰ কাপটো লৈ ভিতৰলৈ সোমাই আহিল ভৈৰৱ । খৰখেদাকৈ কাম কেইটা কৰি গা ধুবলৈ যাওঁতেই উৰ্বশীয়ে মাত লগালে ....ৰাতিপুৱাই ইমান দৌৰা দৌৰা কৰিছা যে ক'ৰবাত যাবা নেকি...? 


: অলংকৃতাক লগ কৰিবলৈ যাম বুলি ভাবিছোঁ । 


: সচাঁকৈ কৈছা নে বাবা....! যোৱা ....! যোৱা...! শইকীয়া খুড়াই বৰ ভাল পাব । 


: মই খুড়াহঁতৰ ঘৰলৈ নাযাওঁ মা , অলংকৃতাক ঘৰৰ বাহিৰতে ক'ৰবাত লগ কৰিম । 


: ঘৰলৈ কিয় নোযোৱা...? 


: অলংকৃতাৰ লগত অলপ ফ্ৰী হৈ ল'ব লাগিব মা । 


: ঠিক আছে । তুমি যি ভাল দেখা ।  ভাত খাই যাবা...! নে কি খাই যাবা...? 


: কিবা এটা হলেই হ'ব । ভোক লাগিলে ৰেষ্টুৰেন্টত কিবা এটা খাই লম । 


: হ'ব দিয়া । সোনকালে ফ্ৰেচ হৈ আহা । তুমি খাই যাবলৈ মই কিবা এটা ৰেডী কৰোঁ । কথাষাৰ কৈ বৰ আনন্দ মনেৰে পাকঘৰলৈ সোমাই গল উৰ্বশী । ....হে'ৰি শুনিছেনে ! পাকঘৰৰ পৰাই চিঞৰিলে উৰ্বশীয়ে । 


: কোৱা..! কিয় মাতিছিলা....? 


: বৰ ভাল কথা এটা আছে । বাবাই আজি অলংকৃতাক লগ কৰিবলৈ যাব । 


: তেন্তে শইকীয়াক ফোন এটা কৰি কৈ দিয়া । 


: নাই....! নাই...! সি অলংকৃতাৰ লগত কথা পাতিলে মোৰ বোধেৰে । আপুনি কাম এটা কৰকচোন ...! ফুলৰ টাৱকেইটা খুঁচৰি পানী অলপ ঢালি দিবচোন । ফুলকেইজোপা বৰ শুকাই যোৱা যেন লাগিছে । 


: আৰু কিবা কৰিবলৈ আছে যদি একেবাৰে কৈ দিয়া । 


: এতিয়া একো মনত পৰা নাই । পৰিলে কম দিয়ক । 


         মাক দেউতাকে পাকঘৰত কথা পাতি থাকোঁতেই ভৈৰৱে ধুনীয়াকৈ সাজি কাঁচি অলংকৃতাক লগ কৰিবৰ বাবে ৰেডী হ'ল । .....মোৰ হৈ গ'ল মা....! কি দিয়া সোনকালে খাবলৈ দিয়া । ( Assamese Storyboard )


: ৰ'বা বাবা । হলেই আৰু.. ! তুমি তাইক ৰেডী হবলৈ কৈ দিয়া । ছোৱালী মানুহ ওলাবলৈ অলপ সময় লাগে নহয় ।


: তুমি চিন্তা কৰিব নালাগে । মই কেতিয়াবাই অলংকৃতাক ৰেডী হবলৈ কলোঁ ।


: তেতিয়াহলে চিন্তা নাই । খাই লোৱাহি আহাঁ বাবা ।  টেবুললৈ মেগীৰ প্লেতখন উলিয়াই দিলে উৰ্বশীয়ে । ...বাবা , তোমাৰ হাতত পইচা আছে জানোঁ....! নাই যদি লৈ যাবা । অলংকৃতাৰ লগত ভালকৈ কথা পাতিবা । 


: মোৰ লগত দুশ টকাহে আছে ।


: এহেজাৰ টকা দিলে হ'ব নে....! 


: হৈ যাব মা । 


               ভৈৰৱে খাই আজৰি হয় মানে উৰ্বশীয়ে টকা এহেজাৰ আনি ভৈৰৱৰ হাতত দিলে । ...এইটো লোৱা । যধে মধে খৰচ নকৰিবা কিন্তু.....! 


: ৰেষ্টুৰেন্টত খালে অলপটো খৰচ হ'বই মা । মই গৈ থাকোঁ , আহোঁতে অলপ দেৰি হ'বও পাৰে ।  কথাষাৰ কৈয়ে বাৰাণ্ডাৰ পৰা বাইকখন নমাই ভৈৰৱ ওলাই গৈ ৰাজীৱক ঘৰৰ পৰা লৈ অলংকৃতাক লগ কৰিবলৈ বুলি জে. কে. ৰেষ্টুৰেন্ট পালেগৈ । সু-সজ্জিত ৰেষ্টুৰেন্টখনৰ মাজৰ টেবুল এখনতে বহিলে ভৈৰৱ আৰু ৰাজীৱ । অধীৰ আগ্ৰহেৰে ভৈৰৱে বাট চাইছে অলংকৃতালৈ । অপেক্ষাৰ অন্ত পেলাই ৰুণুক জুনুক পায়েলৰ শব্দ কৰি ঢৌ খেলোৱা মেঘালী চুলিটাৰীৰ সৈতে অলংকৃতা সোমাই আহিল । লাজকুৰীয়া হাঁহি এটা মাৰি ভৈৰৱৰ কাষৰ চকীখনতে বহিলে অলংকৃতা । ... Sorry ! ভৈৰৱ । অলপ লেট হৈ গ'ল । 


: একো নাই । আহোঁতে একো অসুবিধা হোৱা নাইটো....! 


: নাই...! একো অসুবিধা হোৱা নাই । লাহেকৈ কলে অলংকৃতাই । 


: অলংকৃতা , এওঁ ৰাজীৱ । 


: নমস্কাৰ বা ।  হাতযোৰ কৰি নমস্কাৰ জনালে ৰাজীৱে । 


: নমস্কাৰ...। 


: অলংকৃতা , কিবা খাবা এতিয়া...? চাহ নে কফি...? 


: ভাত খায়ে আহিছোঁ । so, কফিকে অৰ্ডাৰ কৰা । 


: লগত কি খাবা ...? 


: একো নালাগে ভৈৰৱ । খালি কফি খাম । 


: ঠিক আছে । ৰাজীৱ তুমি কি খাবা...? 


: তুমি যি খোৱা ময়ো তাকেই খাম । 


: তেন্তে কফি তিনিটাকে অৰ্ডাৰ দিওঁ....!  তিনিটা কফি আৰু চিত্ৰকূট তিনিটা অৰ্ডাৰ কৰিলে ভৈৰৱে । ৱেটাৰজনে তিনিটা কফি আৰু তিনিটা চিত্ৰকূট দি গ'ল ভৈৰৱহঁতৰ টেবুলত । কফিৰ কাপটো হাতত লৈ এবাৰ অলংকৃতালৈ চালে ভৈৰৱে । 


: কি হ'ল ভৈৰৱ...? কিয় এনেকৈ চাইছা মোক...? 


: অলংকৃতা..., তুমি সঁচাকৈয়ে বহুত ধুনীয়া । 


: Thanks, ভৈৰৱ । মোক কিয় লগ কৰিব বিচাৰিছিলা সেইটো কোৱা....? 


: অলংকৃতা , মই তোমাক মোৰ ব্যক্তিগত কিছুমান কথা ক'বৰ বাবেহে আজি লগ কৰিছোঁ । কথাটো শুনাৰ পাছত হয়তো তুমি মোক ঘিণ কৰিবা । কিন্ত উপায় নাই । সঁচা কথাবোৰ মই তোমাক ক'বই লাগিব অলংকৃতা ...


: কোৱা ভৈৰৱ....


: চোৱা অলংকৃতা...., মোৰ মায়ে বিচাৰিছে মই তোমাৰ লগত এটা সম্পৰ্ক গঢ়ি তুলিব লাগে । কিন্ত.....! 


: কিন্তু...! বুলি ৰৈ গলা কিয় ভৈৰৱ ।  প্ৰশ্ন কৰিলে অলংকৃতাই 


: সঁচা কথাবোৰ শুনিলে হয়টো তুমি মোৰ জীৱনৰ পৰা আতঁৰহৈ যাবা অলংকৃতা...


: কিয় ভৈৰৱ...? 


: মই এজন সমকামী অলংকৃতা । ৰাজীৱক মই ভাল পাওঁ । কিন্তু মোৰ মায়ে বিচাৰে মই তোমাক বিয়া কৰাই সুখেৰে জীৱনটো পাৰ কৰিব লাগে । 


: ভৈৰৱ , তুমি এইবোৰ কি কৈছা...? 


: সচাঁকৈ কৈছোঁ অলংকৃতা । I am gay.. ছোৱালীৰ প্ৰতি মোৰ কোনো আকৰ্ষণ নাই । কিন্তু মায়ে কথাবোৰ মানি লব নিবিচাৰে । 


: ভৈৰৱ , gay হোৱাটো কোনো ডাঙৰ কথা নহয় । তুমি ৰাজীৱক ভাল পোৱা । সেইটো কোনো অপৰাধ নহয় । কিন্তু এটা কথা কওঁ ...!


: কোৱা অলংকৃতা । 


: ভালপোৱাটো একো অপৰাধ নহয় । তুমি যদি ভাবিছা ৰাজীৱৰ লগতে তুমি সুখী হ'ব পাৰিবা । তেন্তে মোৰ ক'বলগীয়া একো নাই । এটা কথা মনত ৰাখিবা, নিজক কেতিয়াও ফাঁকি দিব নোৱাৰি ভৈৰৱ । 


: সেয়েহে মই তোমাক সঁচা কথাবোৰ কৈ দিছোঁ অলংকৃতা...! সকলোবোৰ কৈ দিয়াৰ পাছতো তুমি যদি মোৰ জীৱনলৈ আহিব বিচৰা তেন্তে মোৰ কবলগিয়া একো নাই । এটা কথা ঠিক , মই কেতিয়াও তোমাক সুখী কৰিব নোৱাৰিম । 


: এক মিনিট ভৈৰৱ...! তোমাৰ এই সম্পৰ্কৰ কথা ঘৰত জানে নে....? তুমি চিন্তা নকৰিবা ভৈৰৱ । মই তোমাক সহায় কৰিম ।


: কেনেকৈ অলংকৃতা....? 


: প্ৰয়োজন হ'লে বর্তা বৰমাক মই কথাবোৰ বুজাবলৈ চেষ্টা কৰিম ভৈৰৱ । তুমি ৰাণীৱৰ সৈতে সুখী হোৱা । মোৰ শুভেচ্ছা আৰু শুভকামনা সদায় তোমাৰ লগত । 


: Thank you so much অলংকৃতা । নিজৰ জন্মদাত্ৰী মা দেউতাই মোক বুজি নাপালে । কিন্তু , তুমি যে মোক বুজিবলৈ চেষ্টা কৰিছা তাৰ বাবে তোমাক কি বুলি যে ধন্যবাদ জনাম ভাষাই বিচাৰি পোৱা নাই ।


: ধন্যবাদ জনাব নালাগে ভৈৰৱ । যিমান পাৰোঁ মই তোমাক সহায় কৰিম । তুমি সুখী হোৱা , তাকেই কামনা কৰিলোঁ । কথাষাৰ কৈয়ে বৰ দুখ মনেৰে ৰেষ্টুৰেন্টখনৰ পৰা ওলাই গল অলংকৃতা । 


: ভৈৰৱ দা , তুমি কিয় অলংকৃতা বাক সঁচা কথাবোৰ কৈ দিলা ...? 


: সঁচা কথাবোৰ জনাটো অলংকৃতাৰ বাবে বৰ প্ৰয়োজন । নহলে তাই মোকেই ভুল বুজিব । 


: সঁচা কথাবোৰ কৈ দি তুমি ভালেই কৰিলা ভৈৰৱ দা । অলংকৃতা বায়ে আমাৰ এই সম্পৰ্কটো আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিব । 


: কি হয় নাজানো । কিন্তু , সঁচা কথাবোৰ কৈ দিয়াৰ পাছতেহে মোৰ মনটো ফৰকাল যেন লাগিছে ৰাজীৱ । 

    ক্ৰমশঃ...

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages