তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১৩ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 24, 2021

তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১৩ ) ? Assamese Storyboard

Assamese Storyboard

 

ইতিমধ্যে ৰাতিপুৱা ই পুলিচে আকৌ নিয়ৰক এৰেষ্ট কৰিলে । এয়া নতুন অফিচাৰ ভাগৱতীৰ নিৰ্দেশ । নিয়ৰ থানাত আহিয়েই আচৰিত হ'ল ( Assamese Storyboard )। বৰুৱা ৰ ঠাইত অন্য এজন । মানুহ জনৰ ব্যৱহাৰ , আচৰণ বৰুৱা ৰ লগত আকাশ পাতল প্ৰভেদ । নিয়ৰক ভাগৱতীৰ সন্মুখত বহিব দিয়া হ'ল । ভাগৱতীয়ে হিন্দী চিনেমা ৰ ষ্টাইলত চিগাৰেট জ্বলাইছিল । 


- নিয়ৰ কাকতি ।

- হয় ছাৰ 

- এজন হত্যাকাৰী !

- নহয় ছাৰ , মই হত্যাকাৰী নহয় ।

- কিন্তু বৰ্তমানলৈ আপুনিয়ে হত্যাকাৰী হয় ।

- নহয় ছাৰ ।

- মই কৈছোঁ এতিয়ালৈ আপুনি হত্যাকাৰী হিচাপে আমাৰ থানাত চিনাক্ত হৈ আছে ।

- আপুনি কি কৈছে মই বুজা নাই ছাৰ ।

- মই ক'ব খুজিছোঁ যে আপোনাক মই হত্যাকাৰী নহয় বুলি পাচ মিনিটত প্ৰমান কৰি দিব পাৰোঁ ।


           নিয়ৰৰ মনটো ভাল লাগি গল । হাৰে সি যি বিচাৰি আছিল আজি সেয়া হ'ব গৈ আছে । কিমান আৰু বদনামী বুলি নিজক চিনাকী দিব । তাৰমানে নতুন অফিচাৰ ভাগৱতীয়ে তাৎক্ষণিক ব্যৱস্থা ল'ব । 


- ছাৰ মই সেয়া বিচাৰোঁ ।

- উম , কিন্তু তাৰ কাৰনে আপুনি কাৰোবাক সন্তুষ্ট কৰিব লাগিব ।

- কৰিম ছাৰ , মাত্ৰ মই যে নিৰপৰাধী সেয়া মই প্ৰমান কৰিব খোজো ।

- আপুনি নিৰপৰাধী প্ৰমান হোৱাৰ বাবে বিনিময় দিব লাগিব ।

- মানে ছাৰ !

- আমাৰ পুলিচ ষ্টাফক আপুনি এক লাখ টকা দিব লাগিব ।

- what ! 

- কি হল ! আচৰিত হ'ল যে ?

- শুনক , মই হত্যাকাৰী নহয় । তেনেস্থলত মই কি মুক্তিত পইচা দি নিৰপৰাধী বুলি প্ৰমান কৰিম ।

- আপুনি হত্যাকাৰী হয় , আপুনি পলাশ আৰু ৰাধিকা ক হত্যা কৰিছে ।

- মিছা কথা , ৰাধিকা ৰ মৃত্যুৰ দিনা মই এই থানাৰ লক আপৰ ভিতৰত সোমায় আছিলোঁ । তেনে স্থলত মই কেনেকৈ ৰাধিকা ক হত্যা কৰিম ?

- আৰু মই যদি কও ৰাধিকা ৰ হত্যাৰ দিনা আপোনাক জামিন দিয়া হৈছিল ।

- এই থানা খনৰ ষ্টাফ খিনি প্ৰমান আছে ছাৰ ।

- যদি মই থানাৰ ষ্টাফ খিনিৰ মুখ কেইখন বন্ধ কৰি থও তেতিয়া ?

- ছাৰ ! আপুনি 

- সেইকাৰণে কৈছোঁ । পাচলাখ টকা দি আপুনি নিজকে নিৰপৰাধী বুলি প্ৰমান কৰক ।

- এয়া অন্যায় হৈছে ছাৰ , আপুনি প্ৰশাসনৰ নীতি আদৰ্শৰ বাহিৰত কাম কৰিছে । 

- আপুনি মোৰ নীতি আদৰ্শৰ কথা চিন্তা কৰিব নালাগে । মাত্ৰ আপুনি নিজে এই বন্দীত্বৰ জাল খনৰ পৰা মুক্ত হৈ যাওক ।


                 কিছু সময় নিয়ৰে চিন্তা কৰিছিল । এয়া ই আজিৰ সমাজ ব্যৱস্থা । ভালৰ ভালকৈ চলিব লাগিব আৰু বেয়াৰ লগত বেয়াকৈ ।‌ কিন্তু এনেবোৰ চক্ৰান্তত সি কেতিয়াও নিজকে নিৰপৰাধী বুলি প্ৰমাণ কৰিব নোৱাৰে । তাৰ আজি মনোবল সম্পুৰ্ণ ৰূপে ভাগি গ'ল । 


- কি হল মিষ্টাৰ নিয়ৰ কাকতি ! কিবা সিদ্ধান্ত ল'ব নে লক আপত সোমাব ?

- পইচা ৰ পৰিমানটো অকনমান কমাব পাৰিব নে ?

- এয়া হত্যাৰ অপৰাধ । যদি আপোনাক হত্যাকাৰী বুলি  চিনাক্ত কৰি দিওঁ তেন্তে আপুনি গোটেই জীৱন কাৰাগাৰত থাকিব লাগিব । নহয়টো আপোনাৰ ফাঁচী হ'ব । 


           নিয়ৰ উচপ খাই উঠিল ।


- নাই নাই । হ'ব মই আপোনাক একলাখ টকা দিম ।

- কিন্তু কেতিয়া দিব ?

- মই আজিয়ে দিবলৈ চেষ্টা কৰিম ।

- ঠিক আছে । আপুনি এতিয়া যাওক ।


                নিয়ৰ থানাৰ পৰা ওলাই আহিল । আহি থাকোঁতে সি ৰাস্তাত এইবোৰ কথা ই ভাৱি আহিলে । এক লাখ টকা দিয়াটো তাৰ কাৰন কোনো অসম্ভৱ নহয় । কিন্তু সিটো হত্যাকাৰী নহয় , বা এই হত্যাকাণ্ড ত জড়িত ব্যক্তি ও নহয় । তেনে স্থলত সি আজি পইচা দি প্ৰমান কৰিব লাগিব যে সি নিৰপৰাধী । কিন্তু এইবাৰ যদি আকৌ কোনো নিৰীহ ব্যক্তিক সিহঁতে অপৰাধী সজায় ! নাই ভৰসা কাকো কৰিব নোৱাৰি ।


           ইতিমধ্যে নিয়ৰে আহি ভাগৱতীৰ হাতত একলাখ টকা তুলি দিলে । টকা পায় ভাগৱতীৰ মুখত হাঁহি । ভাগৱতীয়ে মনে মনে ভাৱিলে এইবাৰ এইখন থানাত ব্যৱসায় নিশ্চয় ভাল হ'ব । ভাগৱতীয়ে নিয়ৰক যাৱলৈ নিৰ্দেশ দিলে । আৰু সম্পূৰ্ণ নিশ্চিন্ত মনে থাকিবলৈ সাহস দিলে । 


          নিয়ৰে আহি বিছনা খনত এনেই অকনমান পৰিছে । তাৰ মনটো ভাল লগা নাই । জীৱন ত সি আজি প্ৰথম বেয়া কাম এটা কৰিছে । আচলতে বৰুৱাৰ নিচিনা অফিচাৰ এজন পাবলৈ ভাগ্য লাগিব । কিন্তু কিয় হঠাৎ বৰুৱাক ট্ৰান্সফাৰ দিয়া হ'ল সেই কথা নিয়ৰে বুজি নাপালে ।‌ তেনেতে নিয়ৰ ৰ ফোনত কাবেৰী ৰ ফোন । সি ৰিচিভ কৰিলে ।


- হেল্ল'

- নিয়ৰ , কি কৰিছা ?

- এনেই বিছনা খনত অলপ জিৰাইছো ।তুমি ?

- মই অলপ আগত ক'ৰ্টৰ পৰা আহি ঘৰ সোমাইছো ।

- অহ 

- শুনা কাইলৈ মই এপাক থানা লৈ যাম । বৰুৱা ছাৰক লগ কৰিব লাগিব ।

- বৰুৱা ছাৰ থানাত নাই ।

- কি ! কত গ'ল ?

- ছাৰক বেলেগ থানাত ট্ৰান্সফাৰ দিছে ।

- কি ! তেন্তে এতিয়া কি হ'ব ?

- একো নহয় কাবেৰী চিন্তা নকৰিবা । আজিৰ পৰা মই মুক্ত ।

- মুক্ত মানে ?

- মই হত্যাকাৰী নহয় বুলি প্ৰমান কৰিলোঁ ।

- তেন্তে হত্যাকাৰী কোন চিনাক্ত হ'ল ?

- নাজানো ।

- নাজানা ? যদিহে হত্যাকাৰী চিনাক্ত হোৱা নাই তেন্তে তুমি কেনেকৈ নিৰ্দোষী প্ৰমান হলা ?

- তাৰমানে তুমি কি বিচৰা মই হত্যাকাৰী বুলি প্ৰমাণ হ'ব লাগে ?

- নিয়ৰ কথাবোৰ ওলোতা পাকত কিয় লৈ গৈছা ?

- তেন্তে তুমি কি ক'ব বিচাৰিছা ?

- মই ক'ব বিচাৰিছোঁ যে এই হত্যাকাণ্ড ৰ কথা গোটেই অসমে জানে । নিউজ চেনেল বোৰে ৰঙা বৃত্তৰে তোমাক চিনাকী কৰাই দিছিল যে এইজনে হত্যাকাৰী । তেন্তে তোমাক আজি নিউজ চেনেল বোৰে কিয় দেখাই দিয়া নাই যে আচলতে এও নিৰপৰাধী ।( Assamese Storyboard )


              এৰা , কাবেৰী য়ে সচা কথা কৈছে । যদি নিৰপৰাধী তেন্তে অপৰাধী কোন ? আৰু অপৰাধী চিনাক্ত নোহোৱাকৈ কেনেকে প্ৰমান হ'ব পাৰে যে নিয়ৰ নিৰপৰাধী । সি কও নকওকৈ কাবেৰী ক ক'লে ।


- আচলতে নতুন অফিচাৰ ভাগৱতীয়ে মোৰ পৰা এক লাখ টকা লৈছে ।

- কি ! কিয় লৈছে ?

- মোক নিৰপৰাধী বুলি প্ৰমান কৰাৰ বিনিময়ত ।

- কি ! তাৰমানে তুমি হত্যাকাৰী হয় ।

- কাবেৰী তুমি এইবোৰ কি কৈছা ?

- জেইলত সোমাৱ লাগিব বুলি তুমি তাৰমানে পইচা দি পলাইছা ?

- কাবেৰী তুমি মোক !

- শুনা মিষ্টাৰ নিয়ৰ কাকতি । তোমাৰ এতিয়া অপৰাধ দুটা । এজন তুমি হত্যাকাৰী আৰু এজন তুমি অপৰাধক মুক্ত কৰিবলৈ ঘোচ দিয়া ব্যক্তি ।

- কাবেৰী মুখ চম্ভালি কথা কবা ।

- মুখ মই চম্ভালিব নালাগে । তুমি চম্ভালা , কাৰন বৰ্তমান তুমি এজনী অধিবক্তা ৰ লগত কথা পাতি আছা ।

- কিন্তু তুমি মোক কিয় বিশ্বাস নকৰা কাবেৰী ?

- কিয় কৰিম আজি তুমি নিজে প্ৰমান কৰি দিলা তুমি হত্যাকাৰী হয় । তোমাক বহুত ভাল পাইছিলো । বহুত বিশ্বাস কৰিছিলোঁ তোমাক । কিন্তু তুমি তোমাৰ মাৰ চিতাৰ জুইৰ শপত ক অপমান কৰি মাৰ আত্মাক আকৌ আঘাট দিলা । ৰাধিকা ৰ সেন্দুৰৰ শপত খাই তুমি প্ৰমাণ কৰিলা যে নাৰী মূল্যহীন , নাৰী খেলৰ পুতলা । ধন্যবাদ নিয়ৰ কাকতি , ধন্যবাদ গোড বাই ।‌ কিন্তু মনত ৰাখিবা তুমি টকাৰে যুদ্ধ কৰা আৰু মই যুক্তিৰে যুদ্ধ কৰি ৰাধিকা ক ন্যায় দিম । It's my challenge .


              তাই ফোনটো কাতি দিছিল। আজি নিয়ৰলৈ তাইৰ বহুত খং উঠিছে । তাই ৰাধিকা ৰ ন্যায়ৰ কাৰনে যুদ্ধ কৰিব । তাই ৰাধিকা ক ন্যায় দিব । আজি তাই শপত খালে ।


               থানাত আহি উপস্থিত হৈছিল অংকুৰণ বৰা আৰু ৰাধিকা ৰ মাক । ভাগৱতীয়ে এটা চিগাৰেট জ্বলাই নিজৰ টেবুল ত বহি আছিল । 


- ছাৰ !

- অহ, মিষ্টাৰ বৰা বহক বহক ।

- ছাৰ এয়া ৰাধিকা ৰ মাক ।

- অহ , বহক । আপুনি কিন্তু বৰ ধুনীয়া ।

- ধন্যবাদ ছাৰ ।

- ছাৰ বুলি নকব । ভাগৱতী বুলি কলেই হ'ব ।

- ঠিক আছে বাৰু ।

- বাৰু বৰা , এতিয়া কি ভাৱিছে ?

- ছাৰ আমি নো কি ভাৱিম । আমাৰ এটাই লক্ষ্য অপৰাধী ক কাৰায়ত্ত কৰিব লাগে ।

- কিন্তু নিয়ৰ অপৰাধী নহয় ।

- এয়া আপুনি কি কৈছে ছাৰ ?

- হয় , কাৰন নিয়ৰে ইতিমধ্যে মোক নগদ এক লাখ টকা দি থৈ গৈছে ।

- কি !

- উম , যদি নিয়ৰক অপৰাধী সজাৱ লাগে তেন্তে আপোনালোকে মোক তাৰ দুগুণ দিব লাগিব ।


            ৰাধিকা ৰ মাক আৰু অংকুৰণ দুয়ো দুয়োৰে চকুলৈ চালে ।


- হ'ব আমি আপোনাক দিম । কিন্তু নিয়ৰক আপুনি সোনকালেই অপৰাধী সজাৱ লাগিব ছাৰ ।

- হ'ব মই কথা দিছোঁ ।

- মিষ্টাৰ ভাগৱতী অনুগ্ৰহ কৰি আপুনি মোক আপোনাৰ ফোন নং টো দিব নেকি ?

- নিশ্চয় ।


                  ৰাধিকা ৰ মাকে ভাগৱতীৰ ফোন নং টো লৈ থানাৰ পৰা বিদায় মাৰিলে ।‌ ভাগৱতীয়ে ৰাধিকা ৰ মাকৰ ৰূপত বলিয়া হৈছিলে । এনে ও ভাগৱতীৰ ধুনীয়া নাৰীৰ প্ৰতি এক বিশেষ আকৰ্ষণ আছে ।


               নিশা সকলো নিস্তব্ধ হৈ পৰিছিল । ভাগৱতীয়ে সকলো ফালৰ পৰা আজৰি হৈ বিছনা ত পৰিছিল । তেনেতে ভাগৱতীৰ ফোনটো বাজি উঠিল । এটা অচিনাকী ফোন নং 


-হেল্ল'

- মই কোনে কৈছোঁ ধৰিব পাৰিছে ?

নাৰীৰ কণ্ঠ শুনি ভাগৱতীৰ মনটো ভাল লাগি গল ।

- নাই ঠিক ধৰিব পৰা নাই ।

- মই ৰাধিকা ৰ মাক ।

- হাৰে আপুনি ফোন কৰিছে ?

- অহ, কিয় মই ফোন কৰিব নোৱাৰোঁ নেকি ?

- কিয় নোৱাৰিব ! আপোনাৰ যেতিয়া মন তেতিয়া পাৰিব ।

- আপুনি কিন্তু বহুত ধুনীয়া দে ।

ভাগৱতীয়ে এইবোৰ কি শুনিছে । ভাগৱতীৰ বহুত ভাল লাগিল ।

- ধন্যবাদ । আপোনাৰ স্বামী ?

- মোৰ গাভৰু অৱস্থাতে স্বামীক হেৰুৱাইছো ।

- তাৰ মানে ভোকত পেটত গাঁঠি মাৰিছে !


                       ক্ৰমশঃ © ৰাগ ৰঞ্জন

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages