কৃৰ্ত্তিয়ে নিজকে নিজে দাপোনত চাই ভাবিলে যে, আজিও সেয়াই হব যি আজি কিছুদিনৰ পৰা হৈ আহিছে। কৃৰ্ত্তি পঢ়া শুনা কৰা, ঘৰৰ সকলো কাম জনা আৰু বেংকৰ চৰকাৰী চাকৰিয়াল আছিল।( Assamese Storyboard )
কিন্তু এটাই কৃত্তিৰ নাছিল সেয়া হৈছে সৌন্দর্য্য ৰূপ ৰং। যাৰ বাবে বহু লৰাই চাবলৈ আহে অপছন্দ কৰে। এতিয়া কৃত্তিৰ মনে নোজোৱা হল এনেদৰে সাজি কাচি নিজকে তৈয়াৰ কৰিবলৈ। সেই সময়তে কৃত্তিৰ মাক আহিল আৰু কলে যে, এতিয়ালৈ তুমি প্ৰস্তুত হোৱা নাই! সোনকালে প্ৰস্তুত হোৱা মাজনী, নহলে লৰা ঘৰৰ লোক আহি পাবহিয়েই। কৃৰ্ত্তিয়ে কলে, প্ৰস্তুত হলেও কি হব মা? এইবাৰো আনবাৰৰ দৰে উত্তৰ "নহব" বুলিয়েই হব। কৃত্তিৰ উত্তৰ শুনি মাকৰো দুখ লাগিল। কিন্তু মাকে নিজৰ মনটোক বুজাই কৃত্তিৰ কাষতে বহিল আৰু তাইক বুজালে। অলপ সময়ৰ পাছতে বিপ্লৱ আৰু তাৰ পৰিয়ালৰ লোক কৃত্তিক চাবলৈ কৃত্তিৰ ঘৰ পালেগৈ। দুয়ো ঘৰৰ মাজতে কথা বতৰা হল আৰু কৃত্তি আৰু বিপ্লৱেও অকলশৰীয়া কে কথা পাতিলে।
বিপ্লৱৰ দেউতাক দিলীপে কলে যে আমি দুই এদিনতে আপোনালোকক উত্তৰ দিম। আৰু বিপ্লৱহঁত ঘৰলৈ আহিল।
আৰু ঘৰলৈ যোৱাৰ পাছত বিপ্লৱৰ মাক ৰিমাই কলে, পৰিয়াল আৰু বাকী সকলো ঠিক আছে কিন্তু ছোৱালীৰ হে ৰূপ ৰং নাই।
তেতিয়া বিপ্লৱৰ দেউতাক দিলীপে কলে, অ, ৰূপ ৰং নাই। কিন্তু এয়াটো ভাৱা, ছোৱালীৰ চৰকাৰী চাকৰি এটা আছে। আমাৰ বিপ্লৱৰটো সৰু ব্যৱসায় হে আছে। যত কেতিয়াবা ভাল উপাৰ্জন হয় আৰু কেতিয়াবা বহু লোকচান। চৰকাৰী চাকৰিয়াল বোৱাৰী আহিলে বিপ্লৱৰো বহু লাভ হব।
বিপ্লৱেও দেউতাকৰ কথাত হয়ভৰ দিলে আৰু কলে যে, মা ৰূপ ৰংৰ কি কথা আছে৷ কৃৰ্তিয়ে ঘৰুৱা পদ্ধতিৰে সকলো ঠিক কৰি লব। আৰু মেক আপ কৰিলে ৰংটো লুকাই পৰিব।
বিপ্লৱৰ কথাত তাৰ ভনীয়েক হেপ্পিয়ে কলে, মই কিছুমান ঘৰুৱা পদ্ধতি শিকায় দিম নবৌক। ৰিমাই সকলোৰে কথাত মান্তি হল কিন্তু মনতে ভাৱি ৰল, কত মোৰ লৰা আৰু কত সেই ৰূপ ৰং নথকা কৃৰ্ত্তি! আৰু সকলো পৰিয়ালৰ লোকে কি কব! ৰিমাই মনটো মাৰি সকলোৰে কথাত মান্তি হল। দিলীপে, কৃৰ্ত্তিৰ দেউতাকলৈ ফোন কৰি ভাল খবৰটো দিলে আৰু আবেলি কৃৰ্ত্তিৰ দেউতাকক বিপ্লৱৰ দেউতাকে তেওঁলোকৰ ঘৰলৈ মাতি পথিয়ালে। ভাল খবৰটো শুনি কৃৰ্ত্তিৰ মাক দেউতাক বহু সুখী হৈছিল। আৰু আবেলি কৃৰ্ত্তিৰ পৰিয়ালৰ লোক বিপ্লৱৰ ঘৰলৈ গল। দুয়ো ঘৰৰ মাজত কথা বতৰা হল আৰু আঙুঠি পিন্ধোৱাৰ দিন আৰু বিয়াৰ দিন বাৰো থিক কৰিলে। তিনিদিনৰ পাছত কৃৰ্ত্তি আৰু বিপ্লৱৰ আঙুঠি পিন্ধোৱাৰ দিনটো আছিল। আৰু কিছু দিনৰ পাছত বিয়া। চাওঁতে চাওঁতে আঙুঠি পিন্ধোৱাৰ দিনটো আহিল আৰু আঙুঠি পিন্ধোৱা নিয়মো হৈ গল। সকলো আলহী খোৱা বোৱাত ব্যস্ত হৈ পৰিল। কৃৰ্ত্তিয়ে নিজৰ বান্ধৱী আৰু নন্দেকৰ লগত বহি কথা পাতি আছিল।
সেই সময়তে কৃৰ্ত্তিৰ শাহুমাক ৰিমা আহিল আৰু কৃৰ্ত্তিৰ কাষতে বহি লৈ কলে, চোৱা কৃৰ্ত্তি, বিয়ালৈ আৰু কিছু দিন হে বাকী আছে। এতিয়া আৰু তুমি ৰদত বেছিকৈ নুলাবা। বেচন, দৈ আৰু হালধীৰ প্ৰলেপ সদায়ে লগা বা। তেনে কৰিলে ৰংটো উজ্জ্বল হব। কৃৰ্ত্তিয়ে কেৱল মূৰ জোকাৰিলে। এতিয়া নন্দেকেও কলে, অ নেমু, বিলাহীৰ ৰস বা আলুৰ ৰস লগাবা নবৌ তেতিয়া ৰংটো উজ্জ্বল হব মোৰ দৰে। তেতিয়া আপুনিও দাদাৰ দৰে বগা ধুনীয়া হৈ পৰিবা। কৃৰ্ত্তিয়ে একো নকলে কেৱল হয় বুলি মূৰ জোকাৰিলে।
যেতিয়াই শাহুমাক ৰিমাই ফোন কৰে, তেতিয়াই কৃৰ্ত্তিক ঘৰতে থাকিবলৈ, বেংকৰ পৰা সোনকালে আহিবলৈ আৰু ৰদত বেছিকৈ নোলৈবলৈ আজ্ঞা দিছিল। আৰু লগতে ৰং উজ্জ্বল হবলৈ বেলেগ বেলেগ ঘৰুৱা পদ্ধতি দিছিল। বিপ্লৱেও যেতিয়াই ফোন কৰে, সিও তেতিয়া বেছিভাগ কৃৰ্ত্তিৰ ৰূপ ৰংক লৈ জুকাৰিছিল। আৰু কেতিয়াবা চিৰিয়েচ হৈ কৈছিল, কৃৰ্ত্তি মোৰ তোমাৰ ৰূপ ৰংক লৈ কোনো সমস্যা নাই। কিন্তু মায়ে বিচাৰে যে, তেওঁৰ বোৱাৰী ধুনীয়া হোৱাটো। সকলোৱে তাইৰ কথা কয়। তোমাৰ অলপ ৰূপ ৰং নথকাৰ বাবে, তেওঁ যি কয় তাকে মানি লবা। তেতিয়া তুমিয়েই ধুনীয়া হৈ পৰিবা। কৃৰ্ত্তিৰ উত্তৰ দিবলৈ মন গৈছিল, কিন্তু নিজৰ মাক দেউতাকে দিয়া সংস্কাৰৰ বাবে মৌন হয় ৰৈছিল। ভাৱিছিল সলনি হোৱা সময়ৰ লগত সকলো ঠিক হৈ যাব। কিন্তু যেতিয়াই বিবাহৰ দিন ওচৰ চাপি আহিল, তেনেদৰে শাহুমাকৰ আৰু বিপ্লৱৰ ৰূপ ৰংক লৈ কথা বাঢ়ি আহিবলৈ ধৰিলে। কৃৰ্ত্তিয়ে এই সকলোবোৰ নুশুনাৰ দৰে কৰিব বিচাৰিছিল কিন্তু কৰিব নোঁৱাৰিছিল। আৰু তেতিয়া নিজে নিজে ভিতৰি জ্বলি উঠিছিল। যি ৰূপ ৰং উজ্জ্বল হবলৈ লাগিছিল তাই হালধী লগাই কিন্তু ওলোটাই চেহেৰা আৰু সেমেকিহে গৈছিল। মাক দেউতাকক সকলো কবলৈ বিচাৰিছিল কিন্তু আকৌ ভাৱিছিল বহু সমস্যাৰ এই বিয়া ঠিক হৈছে। সেইবাবে তেওঁলোকক কোনো ধৰণৰ চিন্তা দিব নিবিচাৰিছিল। আৰু সমাজত যাতে নামটো বেয়া নহয় সেইবাবে মৌন হয় থকাটোৱে কৃৰ্ত্তিয়ে ঠিক বুজিলে।( Assamese Storyboard )
বিয়াৰ এমাহৰ আগতে কৃৰ্ত্তিৰ নন্দেকৰ জন্মদিন আছিল। আৰু জন্মদিন উপলক্ষে বিপ্লৱৰ ঘৰতে সৰুকে এটা পাৰ্টি আয়োজন কৰিলে। বিপ্লৱৰ মাক ৰিমাই কৃৰ্ত্তিক ফোন কৰি কলে যে পাৰ্টিৰ বাবে পাৰ্লা লৈ গৈ তৈয়াৰ হৈ আহিবা। এইবাৰ কৃৰ্ত্তিয়ে পাৰ্লাৰলৈ গৈ তৈয়াৰ হৈ আহিল। কিন্তু কৃৰ্ত্তিয়ে যেতিয়া নিজৰ মাক দেউতাকৰ লগত পাৰ্টিলৈ গৈ পালেগৈ। তেতিয়া কৃৰ্ত্তিক দেখা পায় বিপ্লৱৰ মাক খংতে জ্বলি পকি উঠিল। কৃৰ্ত্তিৰ নন্দেকক মাতি লৈ কলে, লৈ যোৱা এইক নিজৰ ৰূমলৈ আৰু ভালদৰে মেক আপ কৰি দিয়া। কিন্তু কৃৰ্ত্তি নগল আৰু তাতে থিয় দি থাকিল। তেতিয়া বিপ্লৱৰ মাকৰ খং বাঢ়ি গল আৰু কৃৰ্ত্তিক হাতত ধৰি নিজৰ ৰূমলৈ লৈ গল আৰু কলে, ৰূপ আছে নে ৰং! তাতে তোমাৰ ইমান অহংকাৰ কিহৰ! কেৱল এটা চৰকাৰী চাকৰি হে আছে। আমি এই সম্বন্ধ জোৰা দি বহুত ডাঙৰ ভুল কৰিলো। সেই সময়তে বিপ্লৱো আহিল আৰু কৃৰ্ত্তিক বুজাই তাইৰ হাতত ধৰি ভনীয়েকৰ ৰূমলৈ লৈ যাবলৈ ললে। তেতিয়া কৃৰ্ত্তিৰ সহ্যৰ সীমা পাৰ হৈ গৈছিল।
কৃৰ্ত্তিয়ে লাহে কৰি বিপ্লৱৰ হাতৰ পৰা নিজৰ হাতখন এৰুৱাই শাহুমাকৰ ওচৰলৈ গল আৰু কলে, অ মোৰ ৰূপ ৰং নাই। মোৰ অহংকাৰটো নাই কিন্তু নিজৰ ওপৰত গৰ্ৱ কৰোঁ। আজি মই কষ্টৰ ফলত মই মোৰ জীৱনত সফল হৈছো। আৰু হয় মোৰ পৰিয়ালৰ আপোনালোকৰ দৰে টকা পইচা থকা লোক নহয়। কিন্তু তেওঁলোকৰ এয়া জ্ঞান আছে যে মানুহক মানুহৰ দৰে জ্ঞান কৰে। তেওঁলোকে কাকো ৰূপ ৰংৰে জুখি নাচায়। আৰু বিপ্লৱ তুমি! তোমাৰ ওচৰত মোৰ কোনো অভিযোগ নাই। কাৰণ তুমি নিজৰ ঘৰতে দেখা পাইছা, যে নাৰী সজাই থোৱা বস্তু হৈ পৰিছে। এয়া কয়ে কৃৰ্ত্তিয়ে নিজৰ আঙুলিৰ পৰা আঙুঠি খুলি দি নিজৰ হবলগীয়া শাহুৱেকৰ হাতত দি দিলে আৰু নিজৰ মাক দেউতাকৰ হাতত ধৰি বিপ্লৱৰ ঘৰৰ বাহিৰ হল। এজাক মুক্ত বতাহৰ দৰে।
ঘৰলৈ আহি মাক দেউতাকে কৃৰ্ত্তিক কলে, মাজনী তুমি এই সকলোবোৰ কিয় সহি থাকিলা! তুমি আমাক এই সকলোবোৰ প্ৰথমেই কোৱা হলে আমি তোমাৰ সম্বন্ধ সেইখন ঘৰৰ লগত ঠিক নকৰিলো হয়। এনে ঘৰলৈ বিয়া হৈ যোৱাতকে মাজনী তুমি বিয়া নকৰাকৈ থকায় ভাল। কৃৰ্ত্তিয়ে মাক দেউতাকৰ কথা শুনি সুখী হৈছিল যে তেওঁলোক এতিয়া তাইৰ লগত আছে। তাৰ পাছত কৃৰ্ত্তিয়ে বিয়াৰ কথা ভাৱিবলৈ এৰিলে আৰু মাক দেউতাকেও কৃৰ্ত্তিৰ ওপৰতে সকলো এৰি দিলে। কাৰণ এতিয়া তেওঁলোকে বাৰে বাৰে কৃৰ্ত্তিৰ মন ভাঙিবলৈ নিবিচাৰিছিল। কৃৰ্ত্তিয়ে এতিয়া কামত মন বহোৱালে। কিছু দিনৰ পাছত কৃৰ্ত্তিৰ বেংকতে কাম কৰা মিলনে কৃৰ্ত্তিক ভালপাবলৈ ধৰিলে। মিলনে কৃৰ্ত্তিৰ ৰূপ ৰংক নহয় তাইৰ গুণক চালে। আজি কৃৰ্ত্তি বহুত সুখী মিলনক জীৱন সংগী হিচাপে পায়। আৰু আজিও ৰিমাই নিজৰ লৰা বিপ্লৱৰ বাবে ধুনীয়া বোৱাৰী বিচাৰি ফুৰিছে। ঠিক নাই কেতিয়ালৈ ৰিমাৰ ধুনীয়া বোৱাৰী পোৱাৰ আশা পূৰ্ণ হব।।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment