ধনৰ লোভ নে সঁচা প্ৰেম ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 15, 2021

ধনৰ লোভ নে সঁচা প্ৰেম ? Assamese Storyboard

Assamese Storyboard

যোৱা কালি অভিজিতে মোক ভালপোৱাৰ প্ৰস্তাৱ দিলে। মনে মনে মইও তাক পচন্দ কৰিছিলো। অভিজিৎ দেখিবলৈ ধুনীয়া, পঢ়া শুনা থকা, আৰু এটা ভাল কোম্পানিত চাকৰি কৰিছিল।( Assamese Storyboard ) 

অভিজিৎৰ গাত সেই সকলো বোৰ গুণ আছিল, যি এজন সফল লোকৰ গাত থাকিব লাগে। আজি প্ৰায় তিনি বছৰৰ আগতেই মই অনুভৱ কৰিছিলো, যে, অভিজিতে মোক পচন্দ কৰে বুলি আৰু মোক বহুত ভালপাই বুলি। কিন্তু কবলৈ ভয় কৰিছিল। কিন্তু মইও এয়াই বিচাৰিছিলো যে, প্ৰথমে অভিজিতে যেন তাৰ মনৰ কথা মোৰ আগত প্ৰকাশ কৰে। তেতিয়া মই কিবা কম। কিন্তু নাজানিছিলো যে, এই অপেক্ষাৰ বাট তিনি বছৰ দীঘলীয়া হৈ পৰিব।


আৰু যোৱা কালি অভিজিতে কোনো ভয় নকৰাকৈ কলে, প্ৰজ্ঞা, মই আজি তিনি বছৰৰ পৰা তোমাক পচন্দ কৰো। কিন্তু কিয় নাজানো, তোমাক মই একো কব নোঁৱাৰো। কিন্তু এতিয়া মোৰ মৌনতাই মোক উত্তৰ দিলে। মই তোমাক বহুত ভালপাওঁ আৰু অতি সোনকালেই তোমাক বিয়া কৰোৱাব বিচাৰো। মই এয়া জানো যে, প্ৰজ্ঞা, তোমাৰ অন্তৰৰ কোনোবা এটা কোণত মোৰ বাবে ভালপোৱা আছে। কিন্তু তথাপিটো এবাৰ মই তোমাৰ মুখৰ পৰা শুনিবলৈ বিচাৰিছো। অভিজিতে এয়া কয়ে, মোৰ উত্তৰৰ অপেক্ষা কৰিবলৈ ধৰিলে। কিন্তু মোক মৌন দেখা পায় কলে, ঠিক আছে প্ৰজ্ঞা, মই তোমাক দুদিনৰ সময় দিছো। তুমি ভাৱি চিন্তি উত্তৰ দিবা। 


মোৰ অন্তৰখন চিন্তাৰ ভাৱনাত উটি ভাহি গল। মই যেতিয়া চাৰি বছৰীয়া আছিলো, তেতিয়া মায়ে মোক এৰি থৈ গল। আৰু দুবছৰৰ পাছত দেউতাও আমাক এৰি গুচি গল। মোতকে ডাঙৰ মোৰ এজন দাদা আছিল আৰু মোতকৈ সৰু এজনী সৰু ভন্টি আছিল।যাৰ নাম পাখী আছিল। মা দেউতাই আমাক এৰি যোৱাৰ পাছত আমাৰ তিনিওৰে চোৱা চিতা আমাৰ পেহীয়ে কৰিছিল। পেহীও বহুত দৰিদ্ৰ আছিল আৰু পেহীৰো এজনী ছোৱালী আৰু এটা লৰা আছিল।পাখী, মানসিক আৰু শাৰীৰিক ৰূপেৰে দুয়ো ফালৰেপৰা দূৰ্বল আছিল। তাইৰ চিকিৎসা আৰু মোৰ পঢ়া শুনাত দাদায়ে কোনো অৱহেলা নকৰিছিল। মোৰ পঢ়া শেষ হোৱাত দাদায়ে মোৰ বাবে দৰা বিচাৰিবলৈ আৰম্ভ কৰিলে। কিন্তু মই আগলৈ আৰু পঢ়িবলৈ বিচাৰিছিলো। সেইবাবে বিয়াৰ বাবে মই মনা কৰি দিলো। দাদায়ে মোৰ কথা মানি ললে। কাৰণ আমাৰ ঘৰখনত এগৰাকী মহিলাৰ প্ৰয়োজন হৈছিল।সেইবাবে দাদাৰ বিয়াখনকে পাতি দিলে। মোৰ নবৌজনীও মোৰ ভাল বান্ধৱী আছিল। আৰু সেয়া দিনো আহিল, মই পেহী হলো। এজনী অকণমানি পৰি আমাৰ ঘৰলৈ আহিল। মোৰ দাদায়ে, মোৰ যিকোনো প্ৰয়োজনকে মোৰ মুখলৈ আহিলেই পূৰ্ণ কৰি দিছিল।আমাৰ পৰিয়ালটো বহু সুখেৰে ভৰি পৰিছিল। কিন্তু এদিন ভাগ্যই আমাৰ পৰা আমাৰ পৃথিৱীখনকে আজুৰি লৈ গল। দাদা নবৌ আৰু অকণমানি পৰিজনী এটা পথ দূৰ্ঘটনাত মৃত্যুক সাৱটি ললে। এতিয়া আমাক চোৱা চিতা কৰিবলৈ কোনো নাছিল। পাখীয়েটো একো বুজি কে নেপালে। কেৱল সকলো চাই থাকিল। 


দাদা যেতিয়ালৈ আছিল,তেতিয়া লৈকে মই জনা নাছিলো যে, দাদাৰ মাহিলী উপাৰ্জন কিমান আছিল। কিন্তু তেওঁৰ মৃত্যুৰ পাছত লাহে লাহে তেওঁৰ জমা কৰি ৰখা পইচা বিষয়ে গম পোৱা হলো। দাদায়ে আমাৰ দুজনীৰ বাবে বহু টকা সাঁচি থৈ গৈছে। আৰু নবৌ আৰু নিজৰ নামত যি ইনচুৰেন্স কৰিছিল সেয়া বেলেগ। দদায়ে সাঁচি ৰখা এই পইচাৰ বিষয়ে, কিছু মান আত্মীয়ই জানিলে।। তেতিয়া কিছু মান আত্মীয়ই আমাৰ দুইজনী বাই ভনীৰ দায়িত্ব লবলৈ সাজু হল। কিন্তু মই তেওঁলোকৰ লোভনীয় চৰিত্ৰক চিনি পালো আৰু সকলোবোৰ মনা কৰি দিলো। কিন্তু অভিজিতে এতিয়া কিয় ইমান লৰালৰি কৰিছে! এতিয়াটো এই দুৰ্ঘটনাৰ দুমাহে সম্পূর্ণ হোৱা নাই। কি অভিজিতো সেইসকলৰ দৰে হয় নি! কি ! সিও মোৰ টকা পইচাক হে ভালপাই নি! এই সকলোবোৰ ভাৱিয়েই মোৰ মনটো একেবাৰে গধুৰ হৈ পৰিছে। মই ৰাতিটো ভালদৰে শুৱলৈ নোঁৱাৰিলো। কিন্তু যেতিয়া দুদিনৰ পাছত অভিজিতে মোলৈ ফোন কৰিলে, আৰু মোৰ উত্তৰ শুনিবলৈ বিচাৰিলে, তেতিয়া মই এয়াই কলো যে, যদি মই বিয়া হৈ যাওঁ, তেতিয়া পাখী অকলশৰীয়া হৈ যাব। ( Assamese Storyboard )


অভিজিতে কলে, প্ৰজ্ঞা, কি আমি পাখীক সেই ঘৰত অকলে এৰি দিম নি! তাইকো তোমাৰ লগত মোৰ ঘৰলৈ লৈ আনিম।এই কথাত মোৰ মনটো আৰু বেছিকে চিন্তনীয় হৈ পৰিল। কাৰণ পাখীৰ নামটো বহুতো টকা পইচা আৰু মাটি আছিল।তেতিয়া হলে কি পাখী ওপৰটো অভিজিৎৰ দৃষ্টি পৰিছে ? মই সদায়ে পইচালৈ লোভ কৰা লোকক ঘৃণা কৰো। এতিয়া অভিজিৎৰ মুখটো সেই তেনেলোকৰে মুখ খনি দেখা পাওঁ। মই নিশাটো এইবোৰ কথাকে চিন্তা কৰি থাকিলো।কেতিয়ানো টুপনি আহিলে, গমকে নাপালো। মোৰ চকু তেতিয়া খুলিল, যেতিয়া পেহীয়ে আহি মাত দিলে, প্ৰজ্ঞা উঠা, অভিজিৎ আহিছে। মই সোনকালে উঠিলো আৰু মুখ হাত ধূই অভিজিৎৰ ওচৰলৈ আহিলো।

প্ৰজ্ঞা কি কথা, আজি চাৰি দিন হল আৰু তুমি মোৰ প্ৰশ্নৰ উত্তৰ একোকে নিদিলা। 

মই কলো, অভিজিৎ, তোমাৰ ইমান লৰালৰি কিয় হৈছে! এতিয়াটো আমাৰ ঘৰথনত ইমান ডাঙৰ এটা দূৰ্ঘটনা হৈ গৈছে। আৰু তুমি বিয়াৰ বাবে প্ৰস্তুত হৈছা? 

অভিজিতে কলে, এয়াই টো কাৰণ প্ৰজ্ঞা, তুমি এতিয়া অকলশৰীয়া হৈ পৰিলা। আৰু মই অতি সোনকালেই তোমাৰ সহায়কাৰী হব বিচাৰো। মই এই ঘৰখনত তোমাক অকলশৰে এৰিব বিচৰা নাই।

মই কলো, অভিজিৎ মই মোৰ জীৱনৰ বাবে কিছুমান সিদ্ধান্ত লৈছো। আৰু সেই বিষয়ে তোমাক কব বিচাৰিছো।

 অ, অ, নিশ্চয় কোৱা।। 

প্ৰজ্ঞাই কলে, চোৱা অভিজিৎ মই তোমাৰ লগত বিয়াত বহিবলৈ সাজু আছো। মোৰ পেহীয়ে আমাৰ দুজনীক  সদায়ে চোৱা চিতা কৰি আহিছে। মা দেউতাই এৰি থৈ যোৱাত পেহীয়ে আমাক কেতিয়াও তেওঁলোক নোহোৱাৰ অনুভৱ হবলৈ দিয়া নাই।সেইবাবে মই বিচাৰো যে, মোৰ আধা ভাগ সম্পত্তি তেওঁৰ নামত কৰি দিওঁ। যাতে পেহীৰ লৰা ছোৱালী দুটাৰ ভৱিষ্যত ভাল হয়। অভিজিৎ মোৰ লগতটো তুমি আছা, কিন্তু পাখী, মানসিক আৰু শাৰীৰিক দুয়োফালৰে পৰা দূৰ্বল। আৰু তাইৰ চিকিৎসাত বহু টকা পইচা খৰচ হয়। সেইবাবে মোক এতিয়া টকা পইচাৰ কি প্ৰয়োজন! মোৰ নামত যি টকা পইচা আছে, সেয়াও পাখীৰ নামত কৰি দিওঁ। এতিয়া কোৱা, মোৰ সিদ্ধান্ত ভাল নে বেয়া!


 অভিজিৎ কিছু মূহুর্ত্ব মৌন হয় ৰল আৰু প্ৰজ্ঞাৰ ফালে চাই ৰল। কি তাইৰ এই সিদ্ধান্ত শুনা পায় এতিয়া সত্যটো ওলাই পৰিব। অভিজিতে কলে, প্ৰজ্ঞা মইটো তোমাক যি ভাৱি ভালপাইছিলো, সেয়া তুমি নহয়!

 মই কলো, মই বুজি নাপালো অভিজিৎ! তুমি কি ভাৱা মোক আৰু মই কি হয়!

 অভিজিতে কলে, প্ৰজ্ঞা, মইটো কেৱল এয়া বুজিছিলো যে, তুমি কেৱল এজনী ধুনীয়া ছোৱালী হয়। মই আজিলৈকে কেৱল তোমাৰ ধুনীয়া মুখ খনৰ সুন্দৰতাক দেখা পাইছিলো। কিন্তু আজি তোমাৰ মনৰ সুন্দৰতাক দেখা পাইছো। এজনী অসুস্থ ভগ্নীৰ ওপৰত নিজৰ সকলো দি দিয়া, আৰু নিজৰ দৰিদ্ৰ পেহীৰ লৰা ছোৱালী দুটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা! সচাঁকৈ তুমি নিৰ্দশনীয় হয়। আজি সচাঁকৈ প্ৰথমবাৰলৈ তোমাক ভালপাওঁ বাবে মোৰ গৰ্ব হৈছে। প্ৰজ্ঞা, যত এই পাপী পৃথিৱীখনত, এজনে আনজনৰ অধিকাৰ কাঢ়ি লয়, তাতে এনে ধৰণৰ পৃথিৱীত তোমাৰ দৰে লোকেও বাস কৰে। যিয়ে আনৰ বাবে নিজৰ সকলো বলিদান কৰি দিয়ে। মই তোমাৰ সিদ্ধান্তক মানি লৈছো। কেৱল তুমি প্ৰস্তুত হৈ থাকা। মই সোনকালেই বৰযাত্ৰী লৈ তোমাৰ ঘৰলৈ আহি আছো। 

প্ৰজ্ঞাই, অভিজিৎৰ কথা শুনি বহু সুখী হৈছিল। তাই আজি এনে অনুভৱ কৰিলে, যেনে বহু বছৰ ধৰি হৃদয়ত থকা কাঁয়েট ডাল ওলাই পৰিল। আজি তাই অভিজিৎৰ সচাঁ ভালপোৱাক অনুভৱ কৰিলে। এনে লাগিছিল যেন, তাই এটা নতুন জীৱন পালে। মইটো অভিজিৎৰ বিষয়ে নাজানিছিলো যে তাৰ মনটো এজন ভাল মানৱ লুকাই আছে বুলি। আৰু মইও কিমান পগলা আছিলো, অভিজিৎকো সন্দেহৰ চকুৰে চালো। মই খিৰিকিৰ পৰ্দাখন আতৰালো। আৰু দেখা পালো এটি নতুন পুৱাই মোৰ বাবে অপেক্ষা কৰি আছে। যত সত্য আছিল, মৰম ভালপোৱা, বিশ্বাস আৰু আন সকলোৱে আছিল যি মোক জীয়াই থাকিবলৈ উৎসাহ যোগাইছিল। কিছু দিনৰ পাছত মোৰ বিয়া অভিজিৎৰ লগত হৈ গল। অভিজিৎৰ দৰে জীৱন সংগী পাই ময়ো বহুত সুখী হলো।

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup

Assamese Storyboard
বিজ্ঞাপন

No comments:

Post a Comment

Advertisement

Pages