এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ১৭ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 28, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ১৭ ) : Assamese Storyboard

Assamese Storyboard

 

দুটাকৈ হত্যাকাণ্ড । কিন্তু আজিলৈ এটা ও অপৰাধী চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে । আৰক্ষীৰ মাজতে যেন চলিছে ষড়যন্ত্ৰ । কোনোবা জন যদি ন্যায়ৰ সপক্ষে ( Assamese Storyboard )। কোনোবা জন আকৌ অন্যায় ৰ পক্ষত । কাৰোবাৰ উদ্দেশ্য যদি অপৰাধী চিনাক্ত কৰা । আকৌ কাৰোবাৰ উদ্দেশ্য অপৰাধীৰ পৰা পইচা লৈ অপৰাধী ক ৰক্ষনা বেক্ষনা দিয়া ।  কিন্তু এইবাৰ বৰুৱা আৰু কাবেৰী য়ে কাকো ভয় কৰি বহি নাথাকে । ইতিমধ্যে আৰক্ষীয়ে পলাশৰ ৰুমৰ পৰা উদ্ধাৰ কৰিছিল ৰাধিকা ৰ আঙুঠি । আকৌ ৰাধিকা ৰ লগত পাইছিল এখন ডায়েৰী । যিখন ডায়েৰী ইতিমধ্যে ভাগৱতীয়ে জ্বলাই দিছিল । 


               কাবেৰী য়ে আজি থানা লৈ আহিলে । ভাগৱতী ক খৱৰ দিলে । কাৰন পলাশ আৰু ৰাধিকা হত্যাৰ বিচাৰ কাইলৈৰ পৰা ক'ৰ্টৰ মজিয়াত চলিব । কাবেৰী ৰ কথা শুনাৰ লগে লগে ৰূপালী আৰু ভাগৱতীয়ে ও সিহঁতৰ অধিবক্তা ঠিক কৰিলে । ভাগৱতী আৰু ৰূপালীৰ এটাই উদ্দেশ্য পলাশ ৰ হত্যাকাৰী নিয়ৰ আৰু ৰাধিকাৰ হত্যাকাৰী অংকুৰণ চিনাক্ত হ'ব লাগিব । তেতিয়া ভাগৱতী ক ও ডিপাৰ্টমেন্টে উচিত সন্মান দিব ।


                লক আপৰ ভিতৰত নিয়ৰে নিজে নিজৰ মাজতে বিভিন্ন চিন্তাত মগ্ন হৈ আছিল । ভাগৱতী ক এক লাখ টকা দিয়া বাবে আজি কাবেৰী য়ে নিয়ৰৰ খৱৰ নোলোৱা হ'ল । হয়টো কাবেৰী থকা হ'লে সি মুক্ত হ'ব পাৰিলে হৈ । কিন্তু আজি সি নিৰ্দোষী প্ৰমাণ হোৱাৰ সুযোগ নাই । হয়টো চিৰদিন জেইলৰ ভাত খাৱ লাগিব নিয়ৰে ।


- আপুনি বিশ্বাস কৰক কাকতি মই ৰাধিকা ক হত্যা কৰা নাই ।

লক আপৰ ভিতৰত অংকুৰণে নিয়ৰক কৈছিল ।

- মই কেনেকৈ বিশ্বাস কৰিম !

- আপোনাক মই ভগবান শপত খাই কৈছোঁ ।

- কিন্তু ৰাধিকা ৰ মৃত্যুৰ দিনা আপুনিয়ে মোক ৰাধিকা ৰ হত্যাকাৰী বুলি কৈছিল ।

- সেয়া মোৰ ভুল আছিল কাকতি । অইনৰ প্ৰৰোচনাত পৰি মই তেনেকৈ কৈছিলো ।

- কিয় আপোনাৰ নিজৰ বিবেক নাছিল !

- সেয়াই মোৰ ভুল আছিল কাকতি । কাৰোবাক বহুত বিশ্বাস কৰাটো , কাৰোবাক বহুত সহায় কৰাটো । এতিয়া আপুনি কি চিন্তা কৰিছে ?

- কি চিন্তা কৰিম ! জেইলৰ ভাত খাৱলৈ সাজু হৈছোঁ ।

- কি ! মিছাতে আমি জেইলৰ ভাত কিয় খাম । কিবা এটা কৰিব লাগিব ।

- কিন্তু লক আপৰ ভিতৰৰ পৰা আপুনি কৰিব কি !

- তাকেই !


                  আদালতৰ চৌহদত আজি বহুত মানুহ ৰ ভিৰ । কাৰন আজিৰ পৰা আৰম্ভ হ'ব পলাশ আৰু ৰাধিকা হত্যাকাণ্ড ৰ বিচাৰ । ইতিমধ্যে আদালতত আহি হাজিৰ হৈছিল ৰূপালী দত্ত , আৰু তেখেতৰ উকীল অনুপম খাৰঘৰীয়া । ৰূপালী দত্ত ই নিজে অভিযোগ কৰিছিল যে ৰাধিকা ক অংকুৰণ বৰাই হত্যা কৰিছিল ।  কিছু সময় পাছত আদালতৰ মজিয়াত লৈ অনা হ'ল নিয়ৰ কাকতি আৰু অংকুৰণ বৰাক । দূৰৰ পৰাই কাবেৰী ক দেখি নিয়ৰ ৰ মনটো ত স্ফুৰ্তি লাগিছিল ।  কিছু সময় পাছত আদালতৰ বিচাৰ বহিল ।‌ প্ৰথমতে মহামান্য ন্যায়াধীশ ৰ আদেশ লৈ কাবেৰী য়ে কাঠগঢ়াত পলাশ ৰ দেউতাকক বিচাৰিলে । আৰু পলাশৰ দেউতাকে কাঠগঢ়াত থিয় হৈ আদালতৰ নিয়ম মতে আগবাঢ়িল । 


- আপোনাৰ পুত্ৰ পলাশ ৰ হত্যাত আপোনাৰ কাৰোবাক সন্দেহ হয় নেকি ?

- আমি সৰু মানুহ । দিনৰ দিনটো পেটৰ ভাত মুঠিৰ কথাই চিন্তা কৰোঁ । মোৰ আজিলৈ কোনো মানুহৰ লগত শত্ৰুতা হোৱা নাই । আৰু পলাশ ৰ ও যে কাৰোবাৰ লগত শত্ৰুতা থাকিব মই বিশ্বাস নকৰোঁ ।

- আপুনি এতিয়া কি বিচাৰে ?

- মই আদালতৰ এই মজিয়াত হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে উচিত বিচাৰ কৰি পলাশ ক ন্যায় দিয়ক । 

- সৌ সিদিনা আপুনি থানাৰ চৌহদত প্ৰতিবাদ কৰি নিউজ চেনেল ৰ সন্মুখত কৈছিল যে হত্যাকাৰী চিনাক্ত কৰাৰ বাবদ আপোনাৰ পৰা সেই সময়ৰ উক্ত থানাৰ পুলিচ অফিচাৰ বৰুৱাই টকা বিচাৰিছিল । কথাটো সত্য নে ?

- সেইদিনা মই মিছা কথা কৈছিলো । বৰুৱা ছাৰে মোৰ পৰা কেতিয়াও টকা বিচৰা নাছিল ।


            লগে লগে ৰূপালী দত্ত ই কিছু পৰিমাণে ভয় খালে । লগতে অংকুৰণে ও ।লগে লগে ৰূপালী দত্তৰ উকীল অংকুৰ খাৰঘৰীয়া থিয় হ'ল ।


- I object  my lord . ইয়াত পলাশ‌ হত্যাকাণ্ড ৰ বিচাৰ চলিব লাগে নে পলাশ ৰ দুৰ্ভগীয়া পিতৃক যিকোনো প্ৰশ্ন সুধি মানসিক দুখ দিব লাগে ।

- my lord .  মই পলাশৰ দেউতাকক সোধা প্ৰশ্নবোৰ আমাৰ এই ঘটনাৰ লগত জড়িত প্ৰশ্ন ।

- বাহ: বাহ: মিছেছ কাবেৰী আপুনি আচল অপৰাধীক নিৰ্দোষী প্ৰমাণ কৰাৰ চেষ্টা চলাইছে ?

- মই পলাশৰ দেউতাক ক কৰা প্ৰশ্ন কেইটাত আপুনি কিয় ভয় খাইছে ?

- মই ভয় খোৱা নাই । কাৰন অধিবক্তা খাৰঘৰীয়া বহুত কেছ জিকি থৈছে । কিন্তু মোৰ দুখ লাগিছে এজন বৃদ্ধ মানুহক আপুনি অযথা কিছুমান প্ৰশ্ন সুধি বিৰক্ত কৰিছে ।

- মিষ্টাৰ খাৰঘৰীয়া এই বৃদ্ধ মানুহ জনক মই বিৰক্ত কৰা নাই । কিন্তু এইজন মানুহে সেইদিনা খন নিউজ চেনেল ৰ সন্মুখত কোৱা কথা কেইটাৰ কাৰনে বৰুৱা ছাৰক ট্ৰান্সফাৰ দিলে । ডিপাৰ্টমেন্টে সন্দেহ কৰিলে । 


              Order order order . ন্যায়াধীশ মহাশয়ে খাৰঘৰীয়া ক নিজৰ আসন গ্ৰহন কৰিব দিলে আৰু কাবেৰী ক বিচাৰ প্ৰক্ৰিয়া চলাবলৈ অনুমতি দিলে । খাৰঘৰীয়া ই খংত গৈ নিজৰ আসন গ্ৰহন কৰিলে ।


- হয় , আপুনি কওক আপুনি সেইদিনা নিউজ চেনেল ৰ আগত বৰুৱা ছাৰৰ বিৰুদ্ধে কিয় মিছা অভিযোগ দিছিলে !

- সেই অভিযোগ মই নিজে দিয়া নাছিলোঁ । সেই অভিযোগ দিবলৈ মোক বাধ্য কৰোৱা হৈছিল ।


                 দেখিলে my lord  এটা মিছা অভিযোগ দিয়াৰ কাৰনে এজন দুৰ্ভগীয়া পিতৃক বাধ্য কৰোৱা হৈছিল । তাৰ মানে এয়া পৰিকল্পিত ষড়যন্ত্ৰ ।


- আপোনাক এই মিছা অভিযোগ দিবলৈ কোনে বাধ‌্য কৰাইছিল ?

- অংকুৰণ বৰা আৰু ৰাধিকা ৰ মাক ৰূপালী দত্ত ই ।

- তেখেত সকলে আপোনাক কি কৈছিল ?

- কৈছিল বৰুৱা যদি এইখন থানাত থাকে তেন্তে পলাশৰ হত্যাকাৰী চিনাক্ত নহয় । গতিকে আমি বদনাম কৰি বৰুৱা ক এই থানাৰ পৰা খেদিব লাগিব । ( Assamese Storyboard )


              আকৌ খাৰঘৰীয়া উঠি আহিল । চিঞৰি চিঞৰি কবলৈ ললে ।


- এইবোৰ সম্পূৰ্ণ মিছা কথা । ৰূপালী দত্তৰ ওপৰত এয়া ষড়যন্ত্ৰ । আপুনি মিছাৰ আশ্ৰ‌য় লৈছে ডাঙৰীয়া , এই মিছা কথাই আপোনাৰ সন্তানক ন্যায় দিব নোৱাৰে । আপুনি এজন বয়সস্থ মানুহ । এই সময়ত আপুনি হৰিনাম , কীৰ্তন কৰিব লাগে । তেনে স্থলত আপুনি মিছাৰ আশ্ৰয় লৈছে ।

- মিষ্টাৰ খাৰঘৰীয়া ! যি সময়ত আপুনি মোক কৈ আছিলে মই এজন বৃদ্ধ মানুহ ক প্ৰশ্ন কৰি বিৰক্ত কৰি আছোঁ । আপুনি জনৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছিল । কিন্তু এতিয়া আপুনি নিজে কিয় মানুহ জনক বিৰক্ত কৰিছে ?

- মই বিৰক্ত কৰা নাই । মাত্ৰ তেখেতে কোৱা মিছা কৰাৰ প্ৰতিবাদ কৰিছোঁ । ডাঙৰীয়া আপুনি কওক ! আপোনাক নিশ্চয় ৰূপালী দত্ত ই এই কথাষাৰ কবলৈ কোৱা নাছিল । কবলৈ কৈছিল হয়টো অংকুৰণ বৰাই । হয় নে কওক ?

- অবজেক্ট মাই লৰ্ড । খাৰঘৰীয়া ই এই বৃদ্ধ মানুহ জনক কথা সলনি কৰাবলৈ চেষ্টা চলাই আছে ।

- মিছেছ কাবেৰী এটা কথা শুনক মোৰ ক্লাইন্টৰ ওপৰত মিছা অভিযোগ মই সহ্য নকৰোঁ ।/p>


           তেনেতে মহামান্য বিচাৰ পতিৰ নিৰ্দেশ । কাঠগঢ়াত অংকুৰণ বৰা উঠিব লাগে । অংকুৰণ বৰা ক কাবেৰী য়ে শপত বাক্য পাঠ কৰালে । আৰু কাবেৰী য়ে অংকুৰণ ক প্ৰশ্ন কৰিলে ।


- অংকুৰণ বৰা আপুনি গীতাত ধৰি শপত খাইছে । আপুনি যি কব সচা কব । এতিয়া আপুনি কওক আপোনাৰ সন্মুখৰ কাঠ গঢ়াত থিয় হৈ থকা এই বৃদ্ধ মানুহ জনে কোৱা কথা খিনি সচা নে মিছা ?

- সচা ।

- এই কথাত ৰূপালী দত্ত জড়িত থকাটো সচা ?

- একেবাৰে সচা । সম্পূৰ্ণ পৰিকল্পনা ৰূপালী দত্তৰ আছিল ।


             এইবাৰ খাৰঘৰীয়া অংকুৰণ ৰ ওচৰলৈ আহিল ।


- বাহ: বাহ: মিষ্টাৰ বৰা আপুনি ভাল খলনায়ক ৰ চৰিত্ৰ কৰিব পাৰে । আপুনি নিজকে বচোৱাৰ স্বাৰ্থত এতিয়া ৰূপালী দত্ত লৈ দোষ বোৰ ঠেলিব বিচাৰিছে ?

- মই বুজা নাই ।

- এসময়ত আপুনি বেজৰ ঘৰতে গাখীৰ খাই আজি বেজকে দংশন কৰা নাই জানো ?

- আপুনি কি ক'ব বিচাৰিছে মই একো বুজা নাই ।

- মই ক'ব বিচাৰিছোঁ যে এসময়ত ৰূপালী দত্তৰ ঘৰত আপুনি ভাল মানুহ ৰ ৰূপ ধৰি স্বাৰ্থপৰৰ দৰে সকলো আদায় কৰি আজি ৰাধিকা ক আপুনি হত্যা কৰিলে ?

- মিছা কথা । এইবোৰ সকলো মোৰ ওপৰত মিছা অভিযোগ ।

- মিছা !

খাৰঘৰীয়াই এটা হাহি মাৰিছিল ।

- ২০১৮ চনৰ ১৯ অক্টোবৰ ! এই ১৯ অক্টোবৰ ত আপুনি ৰাধিকা ক ধৰ্ষণৰ চেষ্টা চলোৱা নাছিল জানো !

- এইবোৰ সকলো মিছা কথা ।

- ৰাধিকাই আপোনাৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহন নকৰা বাবে আপুনি ৰাধিকা ক দুবাৰ প্ৰানে মৰা ভাবুকি দিয়া নাছিলে জানো ?

- মই জানো এয়া মোৰ ওপৰত গভীৰ ষড়যন্ত্ৰ । এইবোৰ ৰ প্ৰমাণ আপোনালোকে দিব পাৰিব ?

- প্ৰমাণ ! এই পৃথিৱী খনত মাকৰ বাহিৰে বেলেগ তাতকৈ ডাঙৰ প্ৰমাণ থাকিব পাৰে নেকি মিষ্টাৰ বৰা ?

- কিন্তু ৰূপালী দত্তৰ কথা আপোনালোকে কি যুক্তিত মানি ল'ব ? 

- কাৰন এজনী অসহায় মাতৃৰ চকুপানী খিনি কেতিয়াও মিছা হ'ব নোৱাৰে ! কন্যা হেৰুৱা বেদনাত দগ্ধ হৈ থকা তেওঁ ৰ হৃদয় খনে কেতিয়াও মিছা কথা নকয় ।/p>


                    অৰ্ডাৰ ,অৰ্ডাৰ , অৰ্ডাৰ । ৰাধিকা হত্যাৰ বিষয়ত আমি পিছত আহিম । প্ৰথমতে পলাশ হত্যাকাণ্ড ৰ অভিযুক্ত নিয়ৰ কাকতি ক কাঠগঢ়াত থিয় কৰাব লাগে । ন্যায়াধীশ ৰ  নিৰ্দেশ মতে কাঠগঢ়াত নিয়ৰ থিয় হ'ল । তাৰ বুকু খন কপিছিল । সি এবাৰ তাৰ মাকৰ মুখ খন আৰু দুৰ্ভগীয়া ৰাধিকা ৰ মুখখন লৈ মনত কৰিলে । সি এবাৰ কাবেৰী ৰ মুখ খনলৈ চালে । লগে লগে কাবেৰী য়ে তাৰ ফালে চাই এটা মিচিকিয়া‌ হাবি মাৰিলে । তাৰ অৰ্থ এয়াই যে " তুমি ভয় নকৰিবা নিয়ৰ , তোমাৰ লগত মই আছোঁ " ।লগে লগে নিয়ৰৰ কিছু সাহস আহিল । নিয়ৰক খাৰঘৰীয়া ই শপত বাক্য পাঠ কৰালে ।


- মিষ্টাৰ নিয়ৰ কাকতি ।বৰ ধুনীয়া এজন চফল ডেকা । বাৰু নিয়ৰ কাকতি আপুনি হত্যাকাণ্ডত কিয় জড়িত হ'ল ?

- মই হত্যাকাণ্ড ত জড়িত নহয় । 

- কিন্তু পলাশৰ হত্যা হোৱাৰ দিনা সন্ধিয়া আপুনি পলাশ ক ফোন কৰি ভাবুকি দিছিলে !

- হয় দিছিলোঁ । 

- এয়াই মিষ্টাৰ কাকতি ! আপুনি আচলতে প্ৰফেচনেল কিলাৰ নহয় । সেই কাৰনে আপোনাৰ তাত ভুল হৈ গ'ল । 

- মানে ! 

- মানে কথাটো হ'ল কথা বিলাক গৰমে গৰমে নহয় । আপুনি নাজানিলে পলাশক দম দিবৰ দিনাই আপুনি হত্যা কৰিলে । সেইকাৰণে আপুনি সহজে  ফচি গ'ল ।

- মিছা কথা । মই পলাশক হত্যা কৰা নাই ।


             তেনেতে কাবেৰী উঠি আহিল । 


- নিয়ৰ আপুনি কওক আপুনি পলাশ ক কিয় ভাবুকি দিছিলে ?

- কাৰন মোৰ প্ৰেমিকা ৰাধিকা ৰ এজেণ্ট আছিল পলাশ ।

- এজেণ্ট মানে ?

- ৰাধিকা এজনী বেশ্যা আছিলে । তাইক এই কাম কৰাবলৈ বাধ্য কৰাইছিল তাইৰ মাকে ।

- মিছা কথা । মিছেছ দত্ত এজনী সহজ সৰল মহিলা । তাতে ৰাধিকা ৰ মাতৃ তেখেতে এই কাম কৰিব নোৱাৰে । এয়া অপবাদ ,,,,,

খাৰঘৰীয়া চিঞৰি উঠিল ।

- ঠিক আছে যদি এয়া অপবাদ । তেন্তে অফিচাৰ ভাগৱতীৰ হাতত এখন ৰাধিকাৰ ডায়েৰী আছে সেইখন আমাক লাগে ।

কাবেৰী য়ে কৈছিল ।

- ডায়েৰী ! ভাগৱতী 


                      ক্ৰমশঃ © ৰাগ ৰঞ্জন

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages