ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ৪ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 12, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ৪ ) : Assamese Storyboard

Assamese Storyboard

সমাজ সেৱীকা হিচাপে মৃণালিনী চলিহাৰ সমাজত এটা নাম আছে....., দহ বছৰে এখন বৃদ্ধাশ্ৰম নিজা ধনেৰে সুন্দৰকৈ চলাই আছে..( Assamese Storyboard ), বিপদে আপদে অঞ্চলটোৰ বহু লোকক তেওঁ সহায় কৰে..., কিন্ত একমাত্ৰ কন্যা নীহাক লৈ তেওঁৰ বৰ চিন্তা....., কলংকৃত অতীতক পাহৰিবৰ বাবেই তেওঁ যিকোনো সামাজিক কামত প্ৰায় জড়িত হৈ থাকে...., যৌৱনৰ ভৰ দুপৰত তেওঁৰ জীৱনলৈও প্ৰেম আহিছিল...., সুন্দৰকৈ পাৰ হৈছিল দিনবোৰ..., ৰূপে গুণে হাজাৰ জনৰ মন জয় কৰিব পাৰিছিল মৃণালিনীয়ে...., সেইদিনা হঠাৎ কলেজৰ পৰা আহি থাকোঁতে মৃণালিনীয়ে লগ পাইছিল কুনাল দুৱৰাক , পাছ ফালৰ পৰা কোনোবাই মতা যেন শুনি ৰৈ দিছিল মৃণালিনী


: hi.... মই কুনাল..  তোমালোকৰ কলেজৰ লাষ্ট য়েৰ ষ্টুডেন্ট

: Hi..., মোৰ নামটো কেনেকৈ জানিলে...

: আমাৰ কলেজৰ সকলোৰে মুখত কেৱল তোমাৰ নাম..., তুমি বৰ ধুনীয়া বিহু নচা.., 

: thank you..., আপোনাৰ ঘৰ

: কলেজ চাৰি আলিৰ পৰা অলপ আগলৈ...

: তোমাৰ ঘৰ কত..? কোন কোন আছে ঘৰত, 

: সন্দিকৈ গাওঁত, মা দেউতা দাদা আৰু মই....., আপোনাৰ...?

: মা দেউতা আৰু মই...., তুমি সদায় খোজ কাঢ়ি আহাঁ নেকি...! 

: সদায় নহয় কেতিয়াবা খোজ কাঢ়ি যাওঁ.., প্ৰায় দাদা আহে নিবলৈ চাৰি আলিৰ পৰা, 

: অ' মই সদায় খোজ কাঢ়ি অহা যোৱা কৰোঁ...,           

Assamese Storyboard

এদিনৰ চিনাকি লাহে লাহে প্ৰেমলৈ ৰূপান্তৰ হৈছিল..., কুনালে বি.এ. পাছ কৰাৰ পাছতেই এম.এ. পঢ়িবৰ বাবে গুৱাহাটীলৈ গৈছিল... ঘৰলৈ আহিলেই মৃণালিনীক লগ কৰিছিল..., দুয়োৰে প্ৰেম বহুত আগবাঢ়ি গৈছিল..., দুয়ো ৰঙীন সপোন দেখাত ব্যস্ত হৈ আছিল...., আনকি মৃণালিনীয়ে সকলো কথা ঘৰত খুলি কৈছিল, ওচৰ চুবুৰীয়া সকলোৱে দুয়োৰে বিয়াখন হব বুলিয়ে ভাবি আছিল... কিন্ত নদীয়ে সুঁতি সলোৱা দি কুনালে মৃণালিনীক পাহৰিবলৈ চেষ্টা কৰিলে......, কুনালৰ লগত বিয়া হোৱাৰ আশাতেই বহু ভাল ভাল প্ৰস্তাৱ মৃণালিনীয়ে নাকচ কৰিলে ....., কিন্ত ব্যস্ততাৰ নানা অজুহাত দেখুৱাই কুনাল মৃণালিনীৰ জীৱনৰ পৰা আতঁৰহৈ গল...., মনৰ দুখত মৃণালিনী ভাগি পৰিছিল..., সেয়ে দেউতাকে পিয়ানুজ ফুকনৰ লগত বিয়া পাতি দিছিল...., বিয়াৰ দুবছৰ পাছত নীহা জন্ম হোৱাৰ ঠিক তিনিমাহ পাৰ নৌহওতেই পিয়ানুজৰ মৃত্যু হৈছিল...., পিয়ানুজৰ মৃত্যুৰ পাছত আত্মীয় সকলোৱে মৃণালিনীকেই জগৰীয়া কৰিলে আৰু নানা অত্যাচাৰ আৰম্ভ কৰিলে..., শেষত তাই পিতৃ গৃহলৈ ঘূৰি গৈছিল.., তেতিয়া মৃণালিনীয়ে মনৰ ভিতৰত এক প্ৰতিশোধৰ বীজ ৰোপণ কৰিছিল আৰু অস্ত্ৰ হিচাপে একমাত্ৰ কন্যা নীহাক ব্যৱহাৰ কৰিছিল...., কথাবোৰ ভাবি থাকোতেই উদাস মনেৰে নীহা সোমাই আহিছিল...


: মা....! কিয় আন্ধাৰত বহি আছে...,

: বৰ ভাগৰ লাগিছে, উঠি যাবলৈকে মন যোৱা নাই সেয়ে এনেকৈ বহি আছোঁ...., 

: চাহ খাবা নেকি...! 

: খাম বাৰু...., পিছে তোৰ কামটো হল নে নাই...!

: তুমি ভবাৰ দৰেই কামটো ইমান সহজ নহয় মা....

ৰক্তিমে মোক সন্দেহ কৰিছে.... ৰিপৰ্ট বিচাৰিছে..., 

: তাৰমানে তই ৰিপৰ্টটো নিয়া নাছিলি...., চা মাজনী বিলত নামিলি যেতিয়া পানী ঘোলা নকৰাকৈ পাৰলৈ উঠি নাহিবি...., চলে বলে কৌশলেৰে ৰক্তিমক জ্বালত পেলাবই লাগিব...., কি বুলি ভাবিছে মোক কুনাল দুৱাৰই...., ইমান দিনে মই মনে মনে থাকিলোঁ...., কাৰণ মোৰ হাতত অস্ত্ৰ নাছিল..., 

: মা , এইবোৰ কৰি তোমাৰ কি লাভ হব..?

: মোৰ একো লাভ নহয় , কিন্ত দুৱৰাই এটা শিক্ষা পাব , সুখৰ সংসাৰ ভাগি থানবান হৈ যাব..., সমাজত থকা তেওঁৰ সুনাম নষ্ট হৈ যাব...., 

:....আৰু তুমি ভবাৰ দৰে যদি কামবোৰ হৈ নুঠে... তেতিয়া কি কৰিবা...?

: তই চিন্তা নকৰিবি...., চলিহানীয়ে এবাৰ যিটো কামত হাত দিয়ে সেই কামটো শেষ নোহোৱালৈকে হাত সাৱটি বহি নাথাকে...., যা ফ্ৰেচ হৈ মোলৈ চাহ একাপ বনাই আন....... নিহাই ঠিকেই কৈছে , ময়ো জানো মোৰ একো লাভ নহয় তথাপিও দুৱৰাৰ চকুত চকুপানী চাব বিচাৰোঁ...., 


          মৃণালিনীয়ে কথাবোৰ আকৌ এবাৰ মনৰ ভিতৰতে জুকীয়ালে..., মই বাৰু কিবা ভুল কৰিছোঁ নেকি..! নীহাৰ জীৱনটোক লৈ হেতালি খেলিছোঁ নেকি....! নাই....,  নাই...., সেইবোৰ ভাবি একো লাভ নাই...., হাতত চাহৰ ট্রেখন লৈ নীহা ওলাই আহিল....( Assamese Storyboard )


: মা..., তুমি পাহৰিলা নেকি আজি মিনা আইতাৰ জন্মদিন আছিল...

: নাই পাহৰা... , কেক আনিবলৈ ৰঘুক পঠাইছোঁ সি পালেহিয়ে আশ্ৰমলৈ যাম..., তয়ো ওলাবি..., 

: মই নাযাওঁ নেকি ..! গাটো ভাল লগা নাই, বৰ ভাগৰ লাগিছে...,

: অলপ সময়হে থাকিম..., আইতাৰ মনটো ভাল লাগিব.., ওলাগৈ যা..., আৰু এটা কথা তই ৰক্তিমলৈ ফোন কৰি কৈ দে ৰিপৰ্টটো লৈ তই তাৰ ঘৰলৈ গৈ আছোঁ বুলি....., 

: কিন্ত.....! মা এতিয়া ফোন কৰিলে ভাল হব জানো...

: ভাল বেয়া তই চিন্তা কৰিব নালাগে...., যিটো কৰিবলৈ কৈছোঁ সেইটো কৰ...., কামটো সুকলমে হৈ গলে তোক ইয়াৰ ৰহস্যটো কম.... 


           কথাষাৰ কৈ মৃণালিনী নিজৰ শুৱনি কোঠাতোলৈ সোমাই গৈছিল..., ৰঘুনাথেও কেকটো আনি ঘৰ সোমোৱালেহি...


: বাইদেউ কেকটো গাড়ীতে থৈ আহোঁ নেকি...!

: গাড়ীতে থ...! মাজনী তোৰ হলনে...! মই গাড়ীত বহিছোঁ... তই দুৱাৰত তলাটো লগাই আহ...!


      আশ্ৰমৰ আবাসী সকলে মিনা আইতাৰ জন্মদিন বুলি আশ্ৰমখন বৰ সুন্দৰকৈ সজাইছে.., শাৰিশাৰীকৈ বাৰাণ্ডাত মাটিৰ চাকি জ্বলাই মৃণালিনীৰ বাবে সকলোৱে অপেক্ষা কৰি আছে, গাড়ীখন আশ্ৰমৰ পদূলিত ৰোৱাৰ লগে লগেই ৰঙা নীলা লাইটবোৰ জ্বলি উঠিল..., গাড়ীৰ পৰা নামিয়ে মৃণালিনীয়ে নতুন কাপোৰসাজ মিনাৰ হাতত দিলে...., যোৱা এইযোৰ পিন্ধি আহাগৈ..., আজি তোমাৰ জন্মদিন সেয়ে নতুন কাপোৰ পিন্ধিব লাগে...,

: আমাৰ নো কি জন্মদিন.. ! পো-বোৱাৰী -নাতি নাতিনিয়ে ভৰি থকা ঘৰখনত মাকৰ বাবে ঠাই এটুকুৰা নোলাল.. ইয়াতকৈ আৰু ডাঙৰ দুখ কিবা আছে নে অ' আই... ? 

: মই কি তোমাৰ বোৱাৰী নহয় ...! নীহা তোমাৰ নাতি নহয়...!

: তুমি মোৰ বাবে পো-বোৱাৰী-জী সকলোবোৰ...., তোমাৰ বাবেই আজি ইয়াত সুখেৰে দিন কটাব পাৰিছোঁ...., ৰবা মই নতুন কাপোৰ পিন্ধি আহোঁ...


     মৃণালিনীয়ে বাৰাণ্ডালৈ টেবুল এখন উলিয়াই আনিলে ...., নিহাই ডাঙৰ ডাঙৰ বেলুন কেইটামান ফুলাই থোপা থোপকৈ আঁৰি দিলে..., কেকটো টেবুলত থোৱাৰ পাছত মৃণালিনীয়ে মিনাক আগবঢ়াই আনি চুৰিখন হাতত লগাই দিলে..., মিনাই মমডাল ফু মাৰি নোমুৱাই দিয়াৰ লগে লগে সকলোৱে হাতচাপৰি মাৰিলে.., কেকটো কাটি মৃণালিনীক খাবলৈ দিলে আৰু মৃণালিনীয়েও মিনাক কেক এচকল খুৱাই দিলে , Happy Birthday আইতা... বুলি নিহাই মিনাৰ মুখত কেকপিছ লগাই দিয়াৰ লগে লগেই আইতাৰ মুখত বিৰিঙি আহিল সুখৰ ধাৰ নিচিগা হাঁহি...., 

        (ক্ৰমশঃ)

Assamese Storyboard


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages