আজি বিজয়াই চকীখনতে বহী লৈ কান্দিয়ে আছিল। আৰু তাইৰ বোৱাৰীয়েক ৰশ্মিয়ে তেওঁক সান্তনা দিছিল যে, মা এতিয়া আৰু নাকান্দিব। ( Assamese Storyboard )
কিছু সময় কন্দাৰ পাছত বিজয়া মনে মনে ৰয় আৰু ৰশ্মিক কয়, মাজনী এয়া সুখৰ চকুলো। সম্পূর্ণ জীৱনটো পাৰ হৈ গল দুখৰ দুধাৰি চকুলো বোৱাই বোৱাই। কিন্তু আজি মোৰ পুত্র বোৱাৰীয়ে মোৰ সন্মানৰ বাবে মাত মাতিলে যেতিয়া মই মোৰ আনন্দ শব্দৰে প্ৰকাশ কৰিব নোৱাৰিলো। ১৫বছৰে হল, মই এইখন ঘৰত থকা। যেতিয়া তোমাৰ শহুৰ দেউতাই মোক অকলে এৰি থৈ গুছি গল তেতিয়া পাৰ্থ ১০বছৰীয়া আছিল। তেতিয়া পাৰ্থৰ বৰ্মাক বৰ্ত্তাকে কলে, বিজয়া, তুমি অকলশৰীয়া নহয় আৰু আমাক ইয়ালৈ লৈ আহিল। আমি ইয়াতে থাকিবলৈ ললো। মই মনাও কৰিছিলো কিন্তু তেওঁলোকে আমাৰ ঘৰটো বিক্রি কৰি দিলে। এয়া কয় যে, খালী ঘৰটো কোনোবাই নিজৰ কৰি লব। আৰু এওঁৰ ব্যৱসায় পাৰ্থৰ বৰ্ত্তাকে চাবলৈ ধৰিলে। বৰজনাৰ দুজনী ছোৱালী আছিল। সেইবাবে নবৌয়েটো পাৰ্থক নপঢ়াও বুলি নকলে। কিন্তু পাৰ্থক সম্পূর্ণ ৰূপে নিজৰ অধিনলৈ লৈ গল। পাৰ্থ মূৰ পৰা দূৰ হবলৈ ধৰিলে।
কিছু দিনৰ পাছত নবৌয়ে মোক ঘৰৰ কামবোৰ কাম কৰা বাইৰ দৰে কৰোৱাব ধৰিলে। মই পঢ়া শুনা কৰা আছিলো, এদিন মই তেওঁলোকক কৈছিলো, মই মোৰ লৰাটো লৈ বেলেগ ঠাইলৈ গৈ চাকৰি কৰি থাকিব পাৰিম। তেতিয়া নবৌয়ে কলে, তই যাব বিচাৰিছ যদি যা, কিন্তু পাৰ্থ আমাৰ লগতে থাকিব।
তেতিয়া ৰশ্মিয়ে সুধিলে, মা আপুনি ইমান পঢ়া শুনা থকা চৰ্তেও আপুনি কিয় দেউতাৰ ব্যৱসায় চোৱা চিতা নকৰিলে!
বিজয়াই কলে, মাজনী মই কি কৰিম, তোমাৰ শহুৰ দেউতা যোৱা পাছত মই একেবাৰে অকলশৰীয়া হৈ পৰিলো। বহু মাহ লাগিল নিজকে ধৈৰ্য্য ধৰিবলৈ। আৰু তেতিয়া লৈকে বৰজনাই সকলো ব্যৱসায় নিজৰ, অধিনলৈ লৈ গল। তেতিয়া মই আৰু কি কৰিম! নিজৰ লৰাৰ বাবে সকলো সহি যাবলগীয়া হল। কিন্তু এয়ে সুখ পাইছিলো যে, মোৰ লৰাই পঢ়ি শুনি নিজৰ ভৰিত থিয় হব পাৰিলে। তুমি যানানে, যেতিয়া তোমাৰ আৰু পাৰ্থৰ বিয়াৰ কথা চলিছিল, ফটো দেখুৱা হৈছিল, সম্বন্ধ ঠিক কৰিছিল, তেতিয়া মোৰ কোনেও এষাৰ কথা কোৱা নাছিল। কিন্তু যেতিয়া তুমি বোৱাৰী হৈ আহিলা তেতিয়া হে অন্তৰখন শান্ত হল। কিন্তু বিয়া পাছত যেতিয়া তুমি মোৰ লগত মিলি জুলি থাকিবলৈ ধৰিলা, তেতিয়া নবৌয়ে এয়া সহিবলৈ নোঁৱাৰিলে। সেইবাবে তেওঁ বহু দিনৰ পৰা ৰশ্মি মাজনী, ৰশ্মি মাজনী কয় থাকে, যাতে পাৰ্থৰ লগত তুমিও তেওঁৰ ফলীয়া হৈ যোৱা। তুমি জানা, মই ঘৰখনৰ সকলো কাম কৰোঁ, সকলোৰে বাবে আহাৰ তৈয়াৰ কৰো। সকলোৱে আহাৰ গ্ৰহণ কৰে কিন্তু বেয়া গুণ গায়। ( Assamese Storyboard )
কিন্তু তুমি যেতিয়া আজি এয়া কলা যে, মায়ে ঘৰৰ কাম নকৰে, আমি কামকৰা বাই ৰাখিম, যিয়ে বাচন ধূৱা, ঘৰৰ কাম কৰা, কাপোৰ ধূৱা সকলো কৰিব, কেৱল আহাৰ আমি সকলোৱে মিলি জুলি বনাম, তেতিয়া নবৌৰ খং উঠিল আৰু মোক মাৰিবলৈ হাত ডাঙিলে।আৰু কলে যে, আমাৰ ঘৰতে থাক আৰু আমাকে কামুৰিবলৈ দৌৰ মাৰিছ। কিন্তু আজি যেতিয়া প্রথম বাৰ মোৰ লৰাই মোৰ বাবে মাত দিলে যে, মোৰ মা ইয়াত আপোনালোকৰ ঘৰত নেথাকে, উলোটাই আপোনালোক হে আমাৰ ঘৰত থাকে। মোৰ দেউতাই ইমান পইচা জমা কৰি গৈছিল যে, মোৰ মাক বা মোক কোনোদিন কোনো বস্তুৰ অভাৱ নহৈছিল, যাতে বহি বহিয়ে খাওঁ। সকলোবোৰৰ আপোনালোকে নিজৰ কৰি ললে আৰু আমাক চকু দেখুৱাইছে। প্ৰথমে মই সৰু আছিলো আৰু আপোনালোকক ভয় কৰিছিলো। কিন্তু এতিয়া মই ভয় নকৰোঁ। কাৰণ মোৰ ভাল চাকৰি এটা আছে আৰু থাকিবলেও ঠাই আছে। এতিয়া আৰু মোৰ মাক ইয়াত থাকিবলৈ নিদো। যি মোৰ দেউতাৰ আছিল সেইবোৰ আপোনালোকৰ পৰা বিচৰা নাই।
তেতিয়া নবৌয়েকে কলে, এই সকলোবোৰ ৰশ্মি তুমিয়েই মোৰ পাৰ্থক শিকালা ন!
তেতিয়া ৰশ্মিয়েও কলে, পাৰ্থ কোনো গাখীৰ খোৱা লৰা নহয়। মইটো এতিয়া হে আহিছো, যেতিয়া মইয়ে এই সকলোবোৰ সহ্য কৰিব পৰা নাই, তেতিয়া এওঁ কিদৰে নিজৰ মাকৰ অপমান সহ্য কৰিব পাৰিব। ইমান বছৰে নিজৰ মাকৰ দুখ দেখা পায় এওঁ কিমান মনে মনে কান্দিছে। মা বলক, চকীৰ পৰা উঠক, আমি আমাৰ নতুন ঘৰলৈ যাব লাগে। এতিয়া আপুনি বহু সুখ চাবলগীয়া আছে। পাৰ্থ আৰু ৰশ্মিয়ে দুয়োয়ে মাকৰ হাতত ধৰি ঘৰৰপৰা ওলাই আহিল, আৰু নতুন পৃথিৱীলৈ খোজ দিলে আৰু সুখে আনন্দৰে থাকিবলৈ ললে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment