একো উপায় নেদেখি প্ৰণৱ আহি ঘৰ পালে। সি জানিছিল ৰিমা আৰু কেইদিনমানৰ আলহী। এইফালে ৰিমাৰ গৰ্ভত প্ৰণৱৰ ছয়মহীয়া প্ৰতীকটোৱে খেলিবলৈ লৈছিল( Assamese Storyboard )। পেহীয়েকে নিজে নাখায় হ'লেও ৰিমাক কিবা অলপ বুটলি আনি খাবলৈ দিছিল। চিকিৎসাৰ অভাৱত লাহে লাহে ৰিমাৰ অৱস্থা অতি বেয়া হৈ আহিল। তাই উশাহ-নিশাহত কষ্ট পোৱা হ'ল। খাদ্যৰ অভাৱত পেটৰ সন্তানটিয়েও চিঞৰিব ল'লে। কিন্তু তেওঁলোকৰ হাতত কৰিবলৈ একো নাছিল। আৰু এদিন এনেকুৱা এটা সময়ো আহিল য'ত কাল যমে আহি ঘৰৰ দুৱাৰ মুখ পালে।
সেইদিনা সন্ধিয়া প্ৰায় ৮.০০ বাজিছে। বৰ বৰষুণ, বিজুলী ঢেৰেকনীৰে সৈতে এজাক ডাঙৰ বৰষুণ। অতি ভয়লগা পৰিৱেশ। তেতিয়া প্ৰণৱ ৰিমাৰ ওচৰত বহি আছিল। ৰিমাই থোকা থোকি মাতেৰে প্ৰণৱক ক'লে-
: প্ৰণৱ...
: উম ৰিমা
: মোৰ হাতখন যোৰকৈ ধৰা না
: ধৰি আছো ৰিমা
: মই তোমাৰ সন্তানটোক জন্ম দিব নোৱাৰিলো ও মোক...। মই নাযাও ও প্ৰণৱ
: নাই ৰিমা তোমাৰ একো নহয় মই আছোঁ নহয়।
: মই আমাৰ সন্তানটিক পোহৰ দেখাব নোৱাৰিম প্ৰণৱ।
: প্ৰণৱ মোক এবাৰ যোৰকৈ সাৱটি মৰম কৰা না
: লম লম কিয় নলম।
: প্ৰ..ণ..ৱ
: ৰিমা ঐ ৰিমা। ঐ চোৱা চোন। তুমি যাব নোৱাৰা ৰিমা । ইমান বিশ্বাসঘাটকতা কৰিব নোৱাৰা তুমি । তুমি মোৰ লগত আজীৱন থাকিম বুলি কৈছা। ঐ ৰিমা...।
ৰিমাই সকলোকে এৰি পৰলোকলৈ গতি কৰিছিল। তাইৰ লগতে তাইৰ গৰ্ভত থকা ছয়মহীয়া সন্তানটোৱেও সদায়ৰ কাৰণে চকু মুদিছিল। কিমান ব্যাকুল হৈ আছিল সি পোহৰ চাবলৈ। কিন্তু বিধিৰ লিখন নাযায় খণ্ডন।( Assamese Storyboard )
প্ৰণৱৰ দুবাহুতেই ৰিমাই চিৰদিনলৈ শুই পৰিছিল। প্ৰণৱে চিঞৰি চিঞৰি কান্দিছিল। অতীতক সোৱৰি কান্দিছিল। তাৰো কিমান ইচ্ছা আছিল সন্তানটোক সি ডাঙৰ কৰিব, ভাত খুৱাই দিব। কিন্তু সমাজৰ নিয়মৰ কোলাত সেই নিস্পাপটোও সদায়ৰ বাবে শুই পৰিল। পেহীয়েকে প্ৰণৱক ক'লে-
: প্ৰণৱ আহ তাৰ পৰা আতৰি আহি ইয়াত বহ। মৰা মানুহৰ কাষত থাকিব নাপায়।
: নাই পেহী ৰিমাই শুইহে আছে আৰু কি মৰা বুলি কোৱা। আমাৰ এটা ল'ৰা হ'ব তাক আমি স্কুলত দিম,খুৱাম।
: ঐ কি হৈছে হা তোৰ ৰিমাই তোক মোক আমাক সকলোকে এৰি গ'ল।
: নাই...। ও ৰিমা চাও উঠা চোন। পেহীয়ে চোৱা চোন কি ক'ব লৈছে। আমাৰ এটা ল'ৰা হ'ব নহ। আমি তাক হাতত ধৰি খোজ কঢ়াম দে। তুমি চোৱা চোন মোৰ ফালে। বেয়া পাইছা মোক। অভিমান কৰিছা। চাও উঠা চোন।
এনেতে পেহীয়েকে আহি প্ৰণৱক সাৱটি ধৰিলে। দুয়োয়ে কান্দিব লৈছিল। ভঙা জুপুৰিটোত মাথোঁ কান্দোনৰ ৰোল উঠিছিল।
: তাই গ'লগৈ ও।
: পেহী মই কি কৰিম ও
: যা তাইৰ মুৰৰ ফালে উত্তৰ ফালকৈ এগছি চাকি জ্বলায় দে।
আগলৈ............................
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment