এগৰাকী অসহায় পিতৃৰ "আত্মকথা" : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

এগৰাকী অসহায় পিতৃৰ "আত্মকথা" : Assamese Storyboard

Assamese Storyboard

মোৰ দেউতা অশিক্ষিত, অত্যন্ত ভিতৰুৱা গাঁৱৰ খেতিয়ক আছিল। জগতৰ পোহৰ নপৰা গাওঁখনত নিজৰ নামটো লিখিব পৰা মানুহ দুই এজন( Assamese Storyboard )। তেতিয়া দহ কিলোমিটাৰ দুৰত প্ৰাইমেৰী স্কুল। মোক কিন্তু যথেষ্ঠ কষ্ট কৰি পঢ়ুৱাইছিল।মোক কান্ধত তুলি ভৰা নৈ পাৰ কৰাই স্কুললৈ পঠিয়াইছিল। কিন্তু দেউতাৰ অকাল মৃত্যুৰ পিছত মোৰ আৰু পঢ়া নহল। মনৰ অদম্য হেপাঁহ মনতে লৈ পেটৰ তাড়নাত গুৱাহাটী আহি পালোঁ। লঘোন নপৰাৰ সপোন লৈ।


      আৰম্ভ হ'ল সংগ্ৰামৰ জীৱন। ইটো সিটো , ইয়াৰ ঘৰত তাৰ ঘৰত , কি কৰা নাই জীৱনত। একো অনুশোচনা নাই মোৰ। এতিয়াও চাইকেল চলাই ঘুৰি ফুৰো। সৎ পথত উপাৰ্জন কৰো।


       সপোন আছিল লৰা ছোৱালী হালক ভাল মানুহ কৰিম। একো কষ্ট দিয়া নাছিলোঁ সিহতক। নাখাইও খুৱাইছিলো। নিপিদ্ধিও পিন্ধাইছিলো।

কিন্তু নহ'ল। কিয় নহল ? দোষ কাৰ?

ঘৰৰ অমতত ছোৱালীজনী মনে মনে লৰা এজনৰ লগত পলাই গ'ল। যোৱা পাচ বছৰ তাইৰ খবৰ নাপাওঁ। কিয় এনে হ'ল। মোৰ দোষ কি? দোষ কাৰ?( Assamese Storyboard )


  ল'ৰা অবাতে গ'ল। ভাবিছিলোঁ তাক অন্ততঃ বি এ পঢ়াম। কিন্তু নহ'ল। মদাহী হ'ল। ঘৰত অত্যাচাৰ কৰে। মদ খাবলৈ টকা লাগে। বাইক লাগে। মই নিৰুপায় হৈ যাও। কিহৰ কাৰনে এনে হ'ল।ভুল কাৰ ,কত ভুল ? .......তাৰ মাজতে এদিন ডাঙৰ মানুহ এজনক কাকুতি মিনতি কৰি ল'ৰাজনক কোম্পানী এটাত সোমাই দিলো। কিবা গতি লাগেই কিজানি। ভগৱানক শতকৌটি ধন্যবাদ জনালোঁ। সচাকৈ ল'ৰাটো সলনি হ'ল। বেয়া অভ্যাসবোৰ লাহে লাহে কমিল। চিটিবাছত অহা যোৱা কৰি দুটকা ৰাহি কৰাৰ কথাও ভাবিলে সি। হেৰাই যোৱা ভনীয়েকক ক্ষমা কৰি দি ঘৰলৈ আনিম বুলিও ক'লে। আমি চাই দিয়া ছোৱালীকে বিয়া কৰাম বুলি ক'লে। মোৰ কষ্ট দেখি ঘৰতে থাকিবলৈ দিহা দিলে। আমি নতুনকৈ সপোন দেখিবলৈ আৰম্ভ কৰিলোঁ। জীৱনৰ বাকী থকা দিনকেইটাত অকনমান শান্তি পাম বুলিও আশাৰ ৰেঙনি দেখিলো। যিমান যি হলেও পেটৰ পোৱালি, মাকে ছোৱালী জনীৰ খবৰ লবলৈ ধৰিলে। মোৰো ভাল লাগিল। নাতি নাতিনিৰে  ঘৰখন ভৰি পৰিব। কিমান যে আশা ।।।


      এনেতে এদিন সন্ধিয়া থানাৰ পৰা ফোন আহিল। মই যাব লাগে। বুকুত হাতুৰিৰ কোব অনুভৱ কৰিলোঁ। গৈ দেখো মানুহৰ জুম। মোক মাতি নি এখন বগা কাপোৰ দাঙি দেখুৱালে । হয়, মোৰ লৰাজন। শুই আছে।মোক কোৱা হ'ল '"তাৰ গাত দোষ নাছিল। পিছফালৰ পৰা অহা গাড়ী এখনে খুন্দিয়াই থৈ গ'ল। হস্পিতাল গৈ নাপালে"" । কিয় এনে হ'ল ? সি সৎ পথলৈ ঘুৰি আহিছিল। তাৰো নিশ্চয় মোৰ দৰেই কিবা সপোন আছিল। তেন্তে , দোষ কাৰ ? কিয় এনে হয়? কোনোৱাই  ভগৱানক সুধিব পাৰিব নেকি?????

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages