ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ৯ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 30, 2021

ৰহস্যৰ পম খেদি এগৰাকী মহিলা আৰক্ষী বিষয়া ( খণ্ড ৯ ) : Assamese Storyboard

Assamese Storyboard

 

কোবাই কোবাই কথাবোৰ উলিয়াবলৈ চেষ্টা কৰিছে মাধুৰীয়ে , 


: ৰত্নাকৰ পানী এবাল্টি লৈ আহকচোন , ( Assamese Storyboard )

: কিয়...?

: প্ৰশ্ন নকৰিব , মই যিটো কৈছোঁ সেইটো কৰক , 

: ঠিক আছে মেডাম , 

 

        ৰত্নাকৰে পানী বাল্টি আনি দিলে , .... তহঁতক আকৌ কৈছোঁ ...., মিতালি আৰু শেৱালিৰ লগত কি হৈছিল ভালে ভালে কৈ দে...., 


: .... কৈছোঁ ...! কৈছোঁ মেডাম..., ৰাজুৱে মুখ খুলিলে , মৃণালে ৰাজুৰ মুখলৈ চাই কথাবোৰ নকবলৈ সকীয়নি দিছিল , কিন্তু ৰাজুৱে সকলোবোৰ কথা এফালৰ পৰা কৈ গল...., 

মেডাম সেইদিনা পল্লৱ ছাৰৰ জন্মদিন আছিল মৃণাল আৰু মোক ছাৰে নিমন্ত্ৰণ কৰিছিল , ছাৰৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমি দুয়ো ছাৰৰ কোৱাটাৰলৈ আহিছিলো..., আৰু গগন তায়ে নামৰ ছাৰৰ বন্ধু এজনো আহিছিল..., 


: এক মিনিট....! বন্ধুজনৰ নাম কি আছিল ....? মাধুৰীয়ে ৰাজুক প্ৰশ্ন কৰিলে.., 


: গগন তায়ে , ছাৰৰ বন্ধুজন অহাৰ পাছত আমি সকলোৱে ড্ৰয়িং ৰূমতে বহি কথা পাতি আছিলোঁ , মিতালিয়ে সকলোকে চাহ খাবলৈ দি পাকঘৰলৈ গৈছিল , তাই বৰ ধুনীয়া মাংস ৰান্ধিছিল , মাংসৰ ফুৰফুৰিয়া গোন্ধ সকলোৰে নাকত লাগিছিল , ছাৰে মিতালিক মাংস অলপ মদৰ লগত খাবলৈ বিচাৰিছিল , মিতালিয়ে প্লেট এখনত মাংসখিনি উলিয়াই দিছিল , ছাৰে তাই হাতখন থাপ মাৰি ধৰিছিল...., আৰু বুকুৰ মাজলৈ টানি আনিছিল , ড্ৰয়িং ৰূমতে থকা সৰু বিচনাখনত বগৰাই দিছিল , মিতালিয়ে হাতযোৰ কৰি তাইৰ সতীত্বৰ ভিক্ষা মাগিছিল , সুৰাৰ নিচা আৰু কামনাৰ জুইকুৰাই আমাক বৰকৈ উত্তেজিত কৰিছিল , মিতালিৰ কাতৰ অনুৰোধ নেওচি সকলো তাইৰ ওপৰত জপিয়াই পৰিছিল , আৰু কনিষ্টবল নৱ শইকীয়ো ছাৰৰ কোৱাটাৰলৈ আহিছিল , তেওঁ বাহিৰৰ পৰা এই সকলোবোৰ লক্ষ্য কৰি আছিল হঠাৎ শব্দ এটা শুনি পল্লৱ ছাৰ বাহিৰলৈ ওলাই গৈছিল আৰু নৱ পলাবলৈ চেষ্টা কৰিছিল , ছাৰৰ মুখা খোল খাই যোৱাৰ ভয়ত নৱৰ ভৰিত গুলিয়াই দিছিল , আৰু চোঁচৰাই চোঁচৰাই আনি গুলিয়াই মাৰি পেলাইছিল তাৰ পিছত মিতালিক , আৰু কোৱাটাৰৰ পাছফালে থকা বগৰিজোপাৰ তলত দুয়োটাক পুতি থোৱা হৈছিল....


: Good , এই কথাখিনি মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ , একেইখিনি কথাকে আদালতত কব পাৰিব নে নাই....


: পাৰিম মেডাম.....,


: মৃণাল , ৰাজুৱে কোৱা সকলো কথা সচাঁ নে....., মৃণালে কেৱল মুৰ দুপিয়ালে , ক্ৰিঙ ক্ৰিঙ কৰি ফোনটো বাজি উঠিল , মাধুৰীয়ে ল'কাপৰ পৰা ওলাই আহি ফোনটো ৰিচিভ কৰিলে , .....ৰত্নাকৰ গেটখন লক কৰি দিয়ক..


: হেল্ল" 

: হেল্ল" মিছ মাধুৰী ...., গগন তায়েক লগ পাই কেনে লাগিছে ....., 

: ভাল লাগিছে , 

: ঠিক আছে , মই এনেয়ে খবৰ এটা ললোঁ...

: তায়ে নিশ্চয় আপোনাৰ বৰ ঘনিষ্ঠ বন্ধু , 

: হয় , কেনেকৈ গম পালে..?

: ইমানকৈ ফোন কৰি থকাৰ বাবে অনুমান কৰি ললোঁ..

: আপোনাৰ অনুমান কিন্ত মানিব লাগিব...

: ধন্যবাদ...,  ফোনটো কাটি দিছিল মাধুৰীয়ে ,


..... ৰত্নাকৰ তায়ে কেচটো accident যেন লগা নাই , ই এক পৰিকল্পিত হত্যাকাণ্ড , কি ঠিক  পল্লৱে ইচ্ছা কৰিয়েই গাড়ীখনৰ ব্ৰেক ফেইল কৰিছিল , ( Assamese Storyboard )


: কিন্ত কিয় মেডাম....?


: তায়ে পল্লৱৰ ভাল বন্ধু , তায়ে মুখ খুলে বুলিয়েই শৰ্মাই এই কামটো কৰিছে..., 


: মেডাম আপোনাক কিন্তু মানিছোঁ , প্ৰতিটো কথাতে কেৱল সন্দেহ....!


: পুলিচ যে ..., মিচিকিয়া হাঁহি এটা মাৰিলে মাধুৰীয়ে , ৰত্নাকৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছিল , 


: ঠিক আছে মেডাম , 


: আৰু এটা কথা , তায়েৰ ডেডবডীটো কিছুদিন মেডিকেলতে থাকিবলৈ দিয়ক , শইকীয়াক ফোন এটা কৰি কৈ দিয়ক , তেওঁ মেডিকেলতে আছে , 


: হব মেডাম , 


               মাধুৰীয়ে কথাবোৰ চিন্তা কৰি কৰি মেডিকেল ৰিপৰ্টটো খুলি চালে , ৰিপৰ্টটো মতে শেৱালিক ডিঙি চেপি মৰা হৈছে , মৃণাল নে ৰাজু  কোন হব পাৰে শেৱালিৰ হত্যাকাৰী...., ব্যস্ততাৰ মাজেদি দিনটো কেনেকৈ পাৰ হৈ গল মাধুৰীয়ে গমেই নাপালে  , বেলি লহিয়াৰ লগে লগেই চাহকাপ খাই মাধুৰী কোৱাটাৰলৈ গল , দুৱাৰখন খুলি কাপোৰ কানি কেইটা সলাই বিচনাখনতে অলপ দীঘল দিলে....., চকুহাল জপাই দিওঁতেই যেন এটা ছায়ামূৰ্তি বিচনাৰ কাষতে বহি থকা যেন অনুভৱ কৰিলে মাধুৰীয়ে .... মিতালি... মিতালি...


: মেডাম আপোনাক ধন্যবাদ এটা দিবলৈ আহিলোঁ , ৰাজুৱে নিজ মুখেৰে কথাবোৰ স্বীকাৰ কৰিছে , গতিকে দোষীয়ে অতি সোনকালে শাস্তি পাব , 


: মিতালি , পল্লৱক এতিয়াও কৰায়ত্ত কৰিব পৰা নাই, গতিকে তোমাক ন্যায় দিবলৈ আৰু কিছুদিন লাগিব , 


: আপুনি চিন্তা নকৰিব মেডাম , পল্লৱ নিজেই আহিব সুন্দৰপুৰলৈ 


: কিন্তু কিয় আহিব...., 


: মৃণাল আৰু ৰাজুক বচাবলৈ নহলে মাৰিবলৈ , গতিকে আপোনালোক অলপ সাৱধানে থাকিব , 


      কথাষাৰ কৈ মিতালি অৰ্থাৎ ছায়ামূৰ্তিটো অদৃশ্য হৈ গৈছিল , ........ কথাষাৰ মিছাও নহয় , আদালতত মুখ খোলাৰ আগতেই পল্লৱে ৰাজু আৰু মৃণালক হত্যা কৰি এক নতুন ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে , গতিকে থানাৰ সকলোকে সজাগ কৰি দিয়াই ভাল হব , কথাটো লগে লগেই মাধুৰীয়ে থানাৰ সকলোকে অৱগত কৰি সজাগ আৰু সতৰ্ক কৰি দিলে........, 

 (ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ২ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

  ......... ক্ৰমশঃ

( বেটুপাটত অসমৰ আৰক্ষীৰ এগৰাকী দক্ষ বিৰাংগনা - বিস্মিতা লেখক )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages