তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১১ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 22, 2021

তাই কিয় বেশ্যা হৈছিল আৰু তাইৰ হত্যাকাৰী কোন ( খণ্ড ১১ ) ? Assamese Storyboard

Assamese Storyboard

 

কাবেৰী ক দেখাৰ লগে লগে নিয়ৰ আচৰিত হ'ল ।‌ কিমান দিনৰ মূৰত আজি সি কাবেৰী ক দেখিছে । কিন্তু তাৰ নিজকে ভাল নালাগিল ( Assamese Storyboard )। কাৰন আজি সি এজন অপৰাধী ৰূপত থানাত । হয়টো কাবেৰী ৰ তাৰ প্ৰতি যি বিশ্বাস সেয়া ও আজি নোহোৱা হ'ব ।


- আপুনি ?

বৰুৱাই কাবেৰী ক সুধিছিল ।

- হয় নমস্কাৰ মই কাবেৰী কলিতা । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ।

কি! কাবেৰী অধিবক্তা হৈ গ'ল । নিয়ৰৰ বহুত ভাল লাগিল । বাহ: কাবেৰী আজি এজনী সফল ব্যক্তি ।

- বহক মিছেছ কলিতা ।

- হ'ব ।

কাবেৰী বহিছিল । 

- আচলতে নিয়ৰ আৰু মই সহপাঠী । নিয়ৰৰ নিচিনা ভাল ব্যক্তি এজন , ভাল পুৰুষ মই আজিলৈ পোৱা নাই । 

- কাবেৰী মই ভাল ব্যক্তি নহয় ।

- মই জানো নিয়ৰ । মই ঘৰত গৈ সকলো শুনিছোঁ । ছাৰে মোক সকলো কৈছে ।

- তুমি দেউতাক লগ পাইছা ।

- ছাৰক এবাৰ দেখা কৰিব গৈছিলো ।

‌- দেউতা ভালে আছে নে কাবেৰী ! মোৰ কথা কিবা কৈছে নেকি ?

- উম ভালে আছে । তুমি সোনকালেই নিৰ্দোষী হৈ ঘৰলৈ উভতি যোৱাটো বিচাৰিছে ।

- নিয়ৰ যাৱ পাৰিব মিছেছ কলিতা ।

- ছাৰ !

- আপুনি থকা সেই ফ্লেটলৈ আজিয়ে যাৱ পাৰিব । কিন্তু মই যেতিয়া আপোনাক বিচাৰিম তেতিয়া পাব লাগিব ।

- নিশ্চয় ছাৰ ।

- মিচেছ কলিতা এই কেছটোত আপুনি আমাক সহায় কৰিব লাগিব ।

- নিশ্চয় , আৰু আজি সেই কাৰণে মই আহিছোঁ ।

- ধন্যবাদ আপোনাক ।

- ছাৰ বেয়া নাপায় যদি নিয়ৰ মোৰ সৈতে যাৱ পাৰিব নেকি ?

- নিশ্চয় । মাত্ৰ কাকতিৰ কেইটামান চহী লব আছে মই লৈ লও ।

- ঠিক আছে ছাৰ ।


                 নিয়ৰে বৰুৱা ৰ নিৰ্দেশ মতে যিখিনি কৰিব লগা কাম আছে সেইখিনি কৰিলে । বৰুৱাই আজি হৈ যোৱা দুটা হত্যাকাণ্ড ৰ জড়িত ব্যক্তি ৰ উমান পাইছে ।‌ এতিয়া এই যুদ্ধত বৰুৱা ই নামিব । লগত সহায় ল'ব কাবেৰী ৰ । নিয়ৰক লৈ কাবেৰী ওলাই গ'ল ।


                ইতিমধ্যে মহানগৰীত সন্ধিয়া নামিছিল ।‌মহানগৰীৰ ৰঙা নীলা লাইট বোৰ জ্বলি উঠিছিল । অজস্ৰ মানুহৰ সোত ৰাজপথত । কিন্তু প্ৰত্যেক ৰে উদ্দেশ্য ভীন ভীন । কাবেৰী য়ে নিজে গাড়ী চলোৱাৰ মাজতে নিয়ৰ লৈ লক্ষ্য কৰিছিল । সি যেন কিবা চিন্তা কৰি আছিল । তাৰ ধুনীয়া মুখ খন দাড়ীৰে ভোৱোকাৰ হৈছিল । আজি কাবেৰী ৰ নিয়ৰৰ লগত বহুত কথা আছে ।


                  সন্ধিয়া বৰুৱা ৰ নিৰ্দেশ মৰ্মে ৰাধিকা ৰ মাক আৰু অংকুৰণ আহি থানাত উপস্থিত হৈছিল । সিহঁত পোনে পোনে বৰুৱা ৰ কোঠালৈ সোমাই আছিল । আহিয়েই অংকুৰণ ৰ আচৰণ সম্পূৰ্ণ ফিল্মৰ খলনায়ক ৰ নিচিনা । সি সোমাই আহিয়েই বৰুৱা ৰ সন্মুখৰ চকী খন নিজে বহিছিল , ভৰি ৰ ওপৰত ভৰি উঠাই । বৰুৱাই সন্মুখলৈ চাইছিল । অংকুৰণ ক তেনে ৰূপত দেখি বৰুৱা ৰ খং চুলিৰ আগ পালে ।


- উঠক ।

- কাক কৈছে ।

- আপোনাক কৈছোঁ উঠক ।

- আপুনি মোক চিনি পোৱা নাই । 

- আপোনাক মই ভালকৈ চিনি পাইছোঁ । আপুনি অসভ্য, ভদ্ৰতাৰ পোহৰ নোপোৱা ব্যক্তি ।

- ঐ চুপ । আপুনি মোক এতিয়া ও চিনি পোৱা নাই ।

- এই মিষ্টাৰ নিচঞৰিব । এইখন থানা হয় , ইয়াত বেআইনী কামত লিপ্ত মানুহ ক কোবাই কোবাই ঠেং ভাঙি হয় ।

- আপুনি মোক !

- yes ! And only once in while will the lockup be filled .

- keep in mind mr.Baruah I am very high person .

- I respect the rule of law . The law I will not forgive the chief minister if he goes against the law .


            সাহসী বৰুৱা ৰ ধমকত অংকুৰণ কিছু পৰিমাণে ঠাণ্ডা হ'ল । কিন্তু তাৰ মনত একুৰা জুই জ্বলিল । বৰুৱাই ৰাধিকা ৰ মাকক লক্ষ্য কৰিছিল । এজনী গাভৰু ছোৱালী নোহোৱা হৈ গ'ল । কিন্তু যেন কোনো অনুশোচনা নাই এই মানুহ গৰাকীৰ । থানা লৈ আহিছে কিন্তু দেখিবলৈ এনেকুৱা লাগিছে । যেন কোনোবা ক্লাব বা বাৰত যেন পাৰ্টি কৰিবলৈ আহিছে ।( Assamese Storyboard )


- বহক ।

বৰুৱাৰ ভয়ত তেতিয়া ও ৰাধিকা ৰ মাকে আসন গ্ৰহন কৰা নাছিল । এতিয়া হে বহিলে ।

- আপোনালোৰ নাম ?

- ৰূপালী দত্ত ।

- বাৰু মিচেছ দত্ত ৰাধিকা ৰ হত্যাকাণ্ড ৰ ওপৰত আপুনি কি ক'ব !

- মই কি কম ছাৰ । মই মাত্ৰ বিচাৰোঁ অতি সোনকালেই ৰাধিকা ৰ হত্যাকাৰী ক চিনাক্ত কৰক ।

- আপোনাৰ আৰু ৰাধিকা ৰ সম্পৰ্ক ?

- হয়, মই তাইৰ মাহীমাক । কিন্তু আমাৰ মাজত ইমান ভাল সম্পৰ্ক আছিলে মই আপোনাক বুজাৱ নোৱাৰিম ।

কথা খিনি কৈ মানুহ জনীয়ে চকুলো টুকিলে । কিন্তু বৰুৱা ই বুজিছিল যে সেয়া ঘৰিয়ালৰ চকুপানী ।

- আপোনাৰ দৃষ্টিত ৰাধিকা কেনেকুৱা ছোৱালী আছিল ?

- আপুনি এইবোৰ আমাক সুধিব লাগে নে অপৰাধী ক সুধিব লাগে ?

- চাওক মিষ্টাৰ বৰা আপুনি মাজত মাত নামাতিব । পুলিচ ৰ কৌশলৰ মাজত হস্তক্ষেপ নকৰিব ।


               নিয়ৰৰ বিলাসী কোঠাৰ চোফা এখনত বহিছিল কাবেৰী । আৰু তলত বহিছিল ( ফ্ল'ৰত বহিছিল ) নিয়ৰ । 


- তোমাক লগ পাবলৈ বহু দিনৰ পৰাই মই বিচাৰি আছিলোঁ । কিন্তু লগ পাবলৈ সক্ষম হোৱা নাছিলোঁ ।‌তোমাৰ ফোন নং টো মই সংগ্ৰহ কৰিব পৰা নাছিলোঁ । বহু কথাই যেন আধৰুৱা হৈ থাকিল ।নিয়ৰ তোমাৰ আৰু ৰাধিকা ৰ প্ৰেম কিমান দিন ৰ ?

- মোৰ প্ৰেম সেই স্কুলীয়া দিনৰে । কিন্তু সেয়া একপক্ষীয় প্ৰেম আছিলে । মোৰ চাকৰি হোৱা ৰ পাছত মই ৰাধিকা ক প্ৰেমৰ প্ৰস্তাৱ দিছিলোঁ । কিন্তু তাই মানি লোৱা নাছিলে ।

- সচা প্ৰেম কিয় এনেকুৱা নিয়ৰ ? বিচাৰিলেও কাষত পোৱা নাযায় ।

- এতিয়া টো মই বিফল প্ৰেমিক ।  তোমাৰ জীৱনত প্ৰেম ?

- মই ও এটা বিশেষ দিনত কাৰোবাৰ প্ৰেমত পৰিছিলো । মোৰ সেয়া স্কুলীয়া দিনৰে প্ৰেম । মোৰ ও এক পক্ষীয় প্ৰেম । লুকাই লুকাই তেওঁ ক চাইছিলো , তেওঁ ক সাহস হিচাপে লৈ আগুৱাই গৈছিলো । কিন্তু তেওঁ ক প্ৰেমৰ প্ৰস্তাৱ দিব সাহস কৰা নাছিলোঁ কাৰন তেওঁ ৰ আৰু মোৰ ঘৰৰ পাছত আকাশ পাতল প্ৰভেদ আছিল । মনতে ভাৱিছিলো যিদিনা সফল হ'ম সেইদিনা মই তেওঁ ক প্ৰেমৰ প্ৰস্তাৱ দিম ।

- দিলা নে ?

- নাই , তেওঁ অইনক হৃদয়ত স্থান দিছিলে ।

- ঠিক মোৰ দৰে তুমি ও বিফল প্ৰেমিকা ?

- উম , তোমাৰ দৰে মই বিফল ।

- কিন্তু সেই সময়ত তুমি আমাৰ স্কুলৰ কোন জন ল'ৰা ৰ প্ৰেমত পৰিছিলা নো ! ৰিদিপ নে অজয় !।

- বাদ দিয়া এইবোৰ । এতিয়া তোমাক কেনেকৈ প্ৰমান কৰোঁ তুমি যে নিৰ্দোষী ! মই বাৰু ছাৰৰ ওচৰত কাইলৈ আকৌ যাৱ লাগিব ।

- কিন্তু এইবোৰ ৰ মাজত তুমি !

- হাৰে মই আইনৰ মানুহ । গতিকে মোৰ কামে সেয়া । 

- কাবেৰী তুমি আজি মোৰ আগত ভগবান ৰূপত আবিৰ্ভাৱ হৈছা নেকি ?

- মানুহ কেতিয়াও ভগবান হ'ব নোৱাৰে । আমি মাত্ৰ ভগবান ৰ গোলাম । আমি তেওঁ ৰ নিৰ্দেশ মতে কাম কৰিছোঁ । মই কোৱা কথা নহয় ছাৰে কোৱা কথা মানে তোমাৰ দেউতাই ।


              নিয়ৰে কাবেৰী ক লক্ষ্য কৰিছিল তাই যেন আগৰ সেই দিপলীপ কাবেৰী জনী হৈয়ে আছে ।‌ মৰম লগা হাহিটো এতিয়া ও দুওঠত পৰিস্ফুত হৈয়ে থাকে । 


                            ক্ৰমশঃ © ৰাগ ৰঞ্জন

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages