সকলো কৰ্মত ব্যস্ত । সকলোৱে নিজ নিজ কামলৈ যাৱলৈ সাজু হৈ আছে । ৰাধিকা ও বিচনাৰ পৰা উঠিয়েই বাথৰুমত সোমাইছে । কাৰন তাই ও নিজ কামত ওলাৱৰ হ'ল । কিন্তু আপুনি মই যদি ৰাধিকাক প্ৰশ্ন কৰোঁ !( Assamese Storyboard )
ৰাধিকা তুমি কি কাম কৰা ?
তাই উত্তৰ দিব নোৱাৰে । কিন্তু যেতিয়া ৰাধিকা কামলৈ ওলাই যায় আলিবাটৰ সকলো ডেকা ই ৰাধিকাক ঘূৰি ঘূৰি চাই । চুটি চুটি স্কাৰ্ট,হাল্ফ পেন্ট পিন্ধা ৰাধিকাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি ।
অত্যাধুনিক বাথৰুমৰ ভিতৰত এবাৰ ৰাধিকাৰ নিজৰে শৰীৰটো চাবলৈ মন গৈছিল । তাই শুভ্ৰ তাৱেল খনৰ বুকুৰ ওপৰত লাগি থকা বান্ধোনটো খুলি দিছিল । আৰু লগে লগে সন্মুখৰ আইনা খনত জিলিকি উঠিছিল এটা ধুনীয়া উলংগ শৰীৰ । তাই প্ৰত্যক্ষ কৰিছিল দেহৰ বিভিন্ন অংশত আঘাটৰ চিন ।
কোনেও মৰমত আলিংগন নকৰে । কৰিব নো কিয় ! তাইক পাবলৈ একো একোজন কামাতুৰ পুৰুষে পাচ ৰ পৰা দহ হাজাৰ পৰ্যন্ত টকা খৰচ কৰিছে । তাই খাব পৰা বস্তু হ'লে কাহানিবাই খাই থলে হেতেন ।
প্ৰথম অৱস্থাত কাৰোবাৰ অত্যাচাৰী কামনাৰ জ্বালাত তাই কান্দি উঠিছিল । কিন্তু আজিকালি নাকান্দে কাৰন এতিয়া তাই সহ্য কৰিব পৰা হ'ল । লগতে এতিয়া তাইৰ যিহেতু এয়াই কাম । কিন্তু কালি দিনত লগপোৱা মানুহ জনলৈ তাইৰ বহুত লাজ লাগিছিল । তাইৰ দেউতাকত কৈ ডাঙৰ মানুহ এজনক তাই সন্তুষ্ট কৰিব লগা হৈছিল । কিন্তু মানুহ জনৰ তেনেকুৱা একো অনুভৱ নাছিল । ছি: ইমান বুঢ়া মানুহ জনৰ লগত ও এইবোৰ পাৰি নে !
তাই তাৱেল খন বুকুত বান্ধি দৌৰা দৌৰি কৈ ওলাই আহিলে । কাৰন তাইৰ যাৱৰ হ'ল । পলাশে জনাইছে আজি হেনো ৰাতিপুৱা ১১ বজাত এজন চৰকাৰী বিষয়া আহিব । তাই মুখৰ লগতে গোটেই দেহত প্ৰসাধন সানি কাপোৰ পিন্ধিলে ।
- মাজনী !
- অ মা
- তোৰ সময় হ'ল । পলাশে ফোন কৰিছিল মানুহ জন হেনো আহি পাব ই ।
- অহ , যাও মা । মা এয়া কালিৰ পইচা ।
- কিমান আছে ?
- পাচ হাজাৰ ।
- পাচ হাজাৰ ? কিন্তু পলাশে কৈছিল কালি তোক আঠ হাজাৰ দিছিল ।
- হয় দিছিল । কিন্তু মোৰ লাগতিয়াল কেইপদ মান বস্তু আনিলো ।
- কি কি আনিলি ?
- প্ৰসাধন ৰ কিছু আৰু অন্তৰ্বাস ।
- ঠিক আছে । কিন্তু পইচা বোৰ অবাবত খৰছ নকৰিবি ।
- ঠিক আছে ।
কথা খিনি কৈ ৰাধিকা ওলাই আহিল । মানুহৰ লগত উলংগ হৈ টকা ঘটিছে তাই । আৰু পইচা দিব লাগিব মাকৰ হাতত ।হিচাপ দিব লাগিব মাকক । তেনেতে ৰাধিকাৰ ফোনটো বাজি উঠিল ।
নিয়ৰৰ ফোন ।
- হেল্ল'
- ৰাধিকা
- অ ক'
- ক'ত আছ তই ?
- মই কামলৈ ওলাই আহিছোঁ ।
- মোৰ কথাটো কি চিন্তা কৰিলি তই ?
- হাৰে তোক দেখোন মই কৈছোঁ যে মই কাকো ভালপাব নোৱাৰোঁ ।
- কিয় নোৱাৰিবি ?
- তই নুবুজিৱি অ নিয়ৰ ।
- তোক মই স্কুলত পঢ়া দিনৰে পৰা ভালপাও ।
- বুজিছো ! কিন্তু তোক মই ভালপাৱ নোৱাৰোঁ নিয়ৰ ।
- কিয় কি নাই মোৰ হা ! তোক পিন্ধাৱ নোৱাৰিম নে খুৱাব নোৱাৰিম ?
- পাৰিবি ! কিন্তু
- কিন্তু কি ?
- তই বহুত ভাল ছোৱালী পাবি নিয়ৰ ।
- তই কি বেয়া নেকি ?
- অ বেয়া ।
- হ'ব ,তই বেয়া হ'লে ও মোক তোকে লাগে ।
- তই নুবুজ কিয় ।
- মই সকলো বুজিছো ।
- অবুজ নহবি । তই মোৰ কথা একো নাজান !
- কি নাজানো মই ?
- মই এজনী ,,,,,,,,,,,
তাই নিয়ৰৰ এই প্ৰস্তাৱ কেতিয়াও মানি ল'ব নোৱাৰে কাৰন তাই এজনী বেশ্যা । তাইক বিয়া পাতি সি কৰিব কি ! সদায় পোষ্টায় থাকিব । ইমান ডাঙৰ বিশ্বাস ঘাটকতা তাই নিয়ৰক কৰিব নোৱাৰে । তাইৰ স্কুলৰ দিনৰে বন্ধু এই নিয়ৰ । এজন ভাল ল'ৰা । পঢ়া কালিৰ পৰা তাইৰ যথেষ্ট কেয়াৰ ৰাখিছিল নিয়ৰে । ( Assamese Storyboard )
- হেল্ল' কি হ'ল তোৰ
তাই মৌন হৈ গৈছিল ।
- একো নাই
- ঐ পাগলী ! ক' না তই মোক ভাল পাৱনে ?
- হাৰে তই নুবুজ কিয় !
- কি বুজিব লাগে ?
- মই তোক ভালপাব নোৱাৰোঁ ।
- হয় নেকি ঠিক আছে , চাগে বেলেগ বইফ্ৰেইণ্ড লৈ পেলালি ।
- নাই অ বিশ্বাস কৰ ।
- একো নাই অ। হ'ব দে ৰাখিছোঁ ।
শেষৰ ফালে নিয়ৰৰ মাতষাৰ ঠোকাঠুকি হৈছিল ।
- ঐ পাগল তই কান্দিছ ?
- নাই !
- একদম মিছা নকবি মোক ।
- নাই কোৱা ।
- কিয় কান্দিছ তই ?
- নাই অ ! এইবোৰ বাদ দে কথা এটা ক'ছোন !
- কি ?
- তোৰ মানুহ জন মানে তোৰ বইফ্ৰেইণ্ড জন কলা ,নে বগা ? ওখ নে চাপৰ ? শকত নে খীন ?
- তই পাগল হৈছ নে কি ! মোৰ এইবোৰ নাই ।
তেনেতে তাইৰ ফোনত পলাশৰ ফোন আহি আছিল । চাগে মানুহ জন আহি পালে ।
- ঐ শুন না
- ক'
- ফোনটো ৰাখোঁ হা । মোৰ ফোন এটা আহি আছে ।
- ঠিক আছে ৰাখ । জোৰ কৰি তোক আৰু ধৰি নাৰাখো । আৰু শুন আজিৰ পৰা কেতিয়াও ফোন নকৰোঁ । কেতিয়াও
সি ফোনটো কাতিছিল ।
- হেল্ল' হেল্ল'
নাই সি ফোন কাটিছিল । চেহ: তাইক কোনেও নুবুজে । আজি নিয়ৰ ও ভুল বুজিলে ।
- হেল্ল'
- ৰাধিকা তোমাৰ আৰু কিমান সময় ?
- পাইছোঁ আৰু !
- আহা আহা মানুহ জন আহি ৰৈ আছে ।
- ঠিক আছে ।
ৰাধিকাৰ সময় হ'ল আকৌ কাৰোবাৰ কামনা পূৰন কৰাৰ । কিন্তু নিয়ৰ ! সি চাগে বহুত বেয়া পালে তাইক । নাই তাক এটা ফোন কৰিব লাগিব ।
তাই বাৰে বাৰে তাক ফোন লগাইছে । কিন্তু সি ফোনটো কাতি দিছে । সি তাইক ভুল বুজিলে , নাই তাক সকলো কথা খুলি কব লাগিব । নহ'লে সি চিৰদিন তাইক বেয়া পাই থাকিব । কাৰন নিয়ৰ অত্যন্ত জেদী ল'ৰা ।
কিছু সময় পাছত তাই আহি পলাশৰ ওচৰ পালে ।
- বাহ: ৰাধিকা তোমাক আজি তামাম হট লাগিছে ।
- হয় নেকি !
- এইটো মানুহ জনৰ এদ্ৰেছ ।
- ঠিক আছে ।
- আজি ৰাতি ও তোমাৰ কাম আছে ।
- কি ?
- হাৰে আচৰিত হলা যে !
- মই মানুহ হে ! যন্ত্ৰ নহয় ন !
- হাৰে পইচা পাবা ন !
- পইচা !
কথা খিনি কৈ ৰাধিকা আতৰি আহিল পলাশৰ ওচৰৰ পৰা । আচলতে তাই চুটি কাপোৰ পিন্ধী খুব বেয়া পাইছিল । কিন্তু আজিকালি কামৰ খাতিৰত পিন্ধিৱ লগা হৈছে । তাইৰ দেহৰ বগা মঙহ বোৰ জিলিকি থাকে । ৰাস্তাৰে যোৱা ল'ৰা বোৰে তাইৰ ডাঙৰ বগা উৰুলৈ চকু দিয়ে । পেটৰ বগা মৰম লগা নাভিৰ ফালে একেথৰে চাই থাকে । কিন্তু আজি সকলো কৰিবলৈ তাই বাধ্য ।
পলাশে দিয়া এদ্ৰেছ মতে তাই বনলতা হোটেলৰ ১১৪ নং কোঠা আহি পালে । বাহিৰৰ কলিং বেলটো বজাৰ লগে লগে দৰ্জা খন খোল খালে । এজন সুঠাম চেহেৰাৰ মানুহ তাইৰ অপেক্ষাত আছিলে । মানুহ জনে খিৰিকি খনৰে বাহিৰৰ পৰিবেশটো চাই আছিল । তাই নিজৰ বেগটো বেদ খনত থলে । আৰু মানুহ জনৰ ফালে কেৰাহি কৈ চালে । মানুহ জন তেতিয়া ও তেনেকৈ আছে । আজিকালি গ্ৰাহকক আগতীয়াকৈ মাতিবলৈ তাইৰ লাজ নলগা হ'ল ।
- ওচৰলৈ আহক ।
মানুহ জনে একো মাত দিয়া নাছিল ।
- সময় বোৰ অপব্যয় কৰি পিছত মোক জোৰ নকৰিব কিন্তু !
নাই একো সহাৰি নাই ।
- হেল্ল'
এইবাৰ মানুহ জনে ঘূৰি চালে । কিন্তু এয়া কি ! ধুমুহা গাজনি সকলো একেলগে আহিল । কি আচৰিত ! ৰাধিকা ৰ বুকু খন ধিপিং কৈ মাৰিলে আৰু ফুটো নুফুটো কৈ ওলাই আহিল ।
- নিয়ৰ তই !
- অ মই !
- কিন্তু !
ক্ৰমশ:
দ্বিতীয় খণ্ডৰ লিংক - https://www.smj24.in/2021/07/assamese-storyboard_45.html?m=1
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7
(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )
আগলৈ…
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment