তই হাজৰিকানীহঁতৰ ঘৰলৈ যাবি নে ?
_ মাকে বহুত পলমকৈ কথাটো কৈছিল ।
*যাম দিয়া,কিয় নাযাম । তেওঁ নিজে সুধিব আহিছিল যিহেতু আৰু ফিছ ও ভালকৈয়ে দিব ।তুমি মাঁথো দেউতাৰাক নকʼবা ।
মানৱে সঁহাৰি জনাইছিল ।( Assamese Storyboard )
*দেউতাৰাৰ নো কʼত আহৰি আছে এইবোৰ খবৰ লʼবলৈ ! ঘৰখনৰ কাৰণে উপাৰ্জন কৰে ঠিকেই কিন্তু ঘৰখনৰ মানুহবোৰৰ মনৰ উপাৰ্জন কৰিব নোৱাৰিলে ।
কলিতানীয়ে বেজাৰ কৰি কয় ।
*মা, তুমি দুঃখ নকৰিবাচোন ।সকলো ঠিক হৈ যাব দিয়া সময়ত ।যোৱা এতিয়া মোৰ কাৰণে কিবা এটা খোৱাবস্ত্তু আনা ।বৰ ভোক লাগিছে ।
*ৰবা সোণটো , এতিয়াই আনিছো ।
_ মাকে মানৱৰ কাৰণে কিবা এটা আনিবলৈ পাকঘৰলৈ যায় ।লʼৰাটোৰ কাৰণে কেতিয়াবা বৰ চিন্তা হয় তেওঁৰ ...আগলৈ যে কি দৰে চলিব এই জটিল সমাজখনত !! সৰুতে বায়েকহঁতৰ লগত থাকি থাকি গঢ় লৈ উঠা তাৰ নাৰীসুলভ অভ্যাসবোৰ মাকৰো চকুত পৰিছিল কিন্তু তেওঁ কোন সʼতে লʼৰাৰ আগত এইবোৰ কথা আলোচনা কৰিব ? সেয়ে মানৱে কোৱাৰ দৰে সকলো সময়ত ঠিক হৈ যাব বুলি তেৱোঁ ক্ষীণ আশা এটি লৈ আছিল ।
কিন্তু ,মানৱে জানিছিল সময়ৰ সোঁতত সলনি হʼবলগীয়া একো নাছিল । ইতিমধ্যে সি নিজকে ব্যতিক্ৰমী বুলি অনুভৱ কৰিবলৈ ধৰিছিল ।তাৰ দেহত বিকাশ হোৱা বয়সগত শাৰীৰিক পৰিৱৰ্তনে তাৰ মনস্বত্বঃত প্ৰভাৱ পেলাব পৰা নাছিল ।তাৰ অনুভৱবোৰত বয়সৰ প্ৰভাৱ পৰা নাছিল ।হয়তো কিছু কিছু ক্ষেত্ৰত সি নিজেই নিজৰ আগত সাঁথৰ হৈ ধৰা দিছিল কিন্তু প্ৰায়ভাগ ক্ষেত্ৰতেই সি নিজেই নিজকে স্বীকাৰ কৰিবলৈ শিকিছিল ।
*******************************************
*মাইনা, আজি কি পঢ়িবা ?
*দাদা, আজি অংক এটা শিকাই দিয়াচোন । মই পাৰা নাই কৰিব !
*চাওঁ দিয়াচোন ।কোনটো অংক ?
*প্ৰশ্নমালা ২ (ক) ৰ ৩ নং অংকটো ।
*ৰʼবা ,চাই দিছোঁ মই ।
মানৱে ৰিমলীক পঢ়াবলৈ বহে ।ৰিমলি মানে অঞ্চলটোৰ প্ৰভাৱশালী মহিলা প্ৰমীলা হাজৰিকাৰ ১১ বছৰীয়া ছোৱালীজনী ।যোৱা দুমাহ ধৰি সপ্তাহত দুদিনকৈ মানৱে তাইক পঢ়াবলৈ আহে ।ৰিমলিও বুদ্ধিত চোকা ।অলপ পঢ়ালেই বুজি পায় ।সেয়ে মানৱৰ পঢ়োৱাবলৈ কষ্ট হোৱা নাই ।ৰিমলিৰ বাহিৰেও আৰু দুজন লʼৰাক সি পঢ়ুৱাই আছে । কিন্তু ৰিমলিক মাকে সুকীয়াকৈ পঢ়োৱাৰ কথা কৈছিল । অৱশ্যে মানৱে বেয়া পোৱা নাছিল কথাটো ত ।কিয়নো ৰিমলিক পঢ়োৱাৰ বাবদ প্ৰমীলা বাইদেৱে তাক তিনিগুণ টকা দিছিল আৰু মানৱে সেই টকাৰে লেপটপ এটা কিনিবলৈ উদ্যত হৈ পৰিছিল ।
*****************************
দিনবোৰ গৈ আছিল গতানুগতিক ভাৱে ।মানৱৰ ডাঙৰ বায়েক আৰু ভিনীহিয়েক সিদিনা ঘৰলৈ আহিছিল । তেওঁলোক দিল্লীত থাকে ।মানৱৰ ভিনীহিয়েক দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হিচাপে নিযুক্ত হেতুকে বায়েকৰ বিয়াৰ পিছত তাতেই থকা হৈছিল ।ভিনীহিয়েকৰ ঘৰৰ মানুহৰ লগত সম্পৰ্ক ভাল নাছিল ।সেয়ে তেওঁলোকৰ ঘৰৰ মানুহৰ লগত মানৱহতৰ ঘৰখনৰো অহা যোৱা তেনেকৈ নাছিলেই । তেওঁলোকৰ বিয়া হোৱা ৫ বছৰেই হৈছিল কিন্তু বায়েকৰ সন্তান সন্ততি একো হোৱা নাছিল ।তাকে লৈ বায়েক ভিনীয়েকৰ মাজৰ সম্পৰ্ক টোও ফাট মেলাৰ উপক্ৰম হৈছিল । কথাটোৰ উমান মানৱৰ ঘৰখনে পোৱা নাছিল যদিও মানৱৰ চকুত কিবা অসজা যেন লাগিছিল বায়েক ভিনীয়েকৰ মাজৰ কথা বতৰা বোৰ ।বায়েকে কোৱা মতে , ভিনীয়েকক হেনো অসমলৈ ট্ৰেন্সফাৰ দিয়া হৈছিল সেয়ে তেওঁলোক ঘপহকৈ আহি ওলালহি । কিন্তু মানৱে যেন কথাটোত বিশ্বাস কৰা নাছিল ।( Assamese Storyboard )
মানৱৰ মাজু বায়েক গৰাকীৰ যোৱা বছৰ বিয়া হৈছিল ।তাই নিজৰ সংসাৰত সুখী আছিল ।সৰু বায়েকৰো বিয়াৰ কথা ওলাইছিল কিন্তু ফাইনেল হোৱা নাছিল তেতিয়ালৈ ।মানৱৰ দেউতাক চৰকাৰী কাৰ্যালয়ৰ পিয়ন আছিল । তেওঁৰ চাকৰি শেষ হʼবলৈ বেছি বছৰ নাছিল । তেওঁৰ ইচ্ছা আছিল তেওঁৰ চাকৰি কালতে সৰু জীয়কৰো বিয়া পাতি দি আজৰি হʼবলৈ ।বাকী ভগৱানৰ যি ইচ্ছা !!
সিদিনাখন , ৰিমলিক পঢ়াই উঠি মানৱ ঘৰলৈ উভতি আহিছিল ।গৰমৰ দিন আছিল ।উপপথটোত ফিৰফিৰীয়া বতাহ এজাক বলি আছিল ।মানৱে পাতল ৰঙা টি ছাৰ্ট আৰু কʼলা লং পেন্ট পিন্ধিছিল ।ৰিমলিহতৰ ঘৰ তাৰ ঘৰৰপৰা ১ কিলোমিটাৰ নিলগত ।গতিকে , সেইকণ ৰাস্তা সি খোজ কাঢ়িয়েই আহিছিল ।
"বুকু ভৰা এই তৃষা যে...
আহা আহানা আকলুৱা ..
হিয়া দিয়া নিয়াৰে মাজত ...
আহা আহানা ....."
কাষৰ স্টেচনাৰী দোকানখনৰ পৰা ফুল ভলিউমত মিউজিক বাজি আছিল ।গানটো শুনি মানৱৰো অকণমান গাটো লৰাই দিবলৈ মন গ'ল ।দুখোজমান সি অলপ নচাৰ ভংগীমাৰেই পাৰ হৈ আহিলে ।
" বাহ বাহ চম্মক চল্লো "
কোনোবাই সুহুৰিয়াই চিঞৰি ছিল তাক ।মানৱৰ নাচ বন্ধ হৈ খোজ থিৰ হৈ পৰিল ।পিছলৈ ঘূৰি চোৱাৰ সাহস সি নকৰিলে । কিন্তু হঠাৎ.....
কোনোবাই তাৰ হাতখনত টানি ধৰিলে ।
সন্ধিয়া লাগো লাগো হৈছিল ।তাতে উপপথটোত স্ট্ৰীট লাইটৰো ব্যৱস্থা নাছিল ।মানৱে ভয়াৰ্ত চকুৰে মানুহজনলৈ ঘূৰি চাইছিল । আৰু .........
**********************
*হেৰা ভাইটি, ঘৰটো দেখুৱাই দিবা নে ?
আদহীয়া মানুহজনে অলপ বিৰক্তিৰে কৈছিল ।মানৱে হঠাৎ সম্বিত ঘূৰাই পাই মানুহজনলৈ চাই কʼলে ...."চৰি, মই চিনি নাপাও ঘৰটো ..!!"
বৰষুণজাক লাহে লাহে ধাৰাষাৰ গতি লʼব ধৰিছিল ।মানৱৰ মুখ কপাল ইমান সময় ৰৈ দিয়াৰ বাবে ইতিমধ্যে পানীৰ ছিটিকনিৰে তিতি গৈছিল ।সি ৰুমালখন উলিয়াই এবাৰ মুখখন মচি লʼলে ।লগতে মচিবলৈ চেষ্টা কৰিলে কিছু বেদনাসিক্ত পুৰণি স্মৃতি ...!!!!!
মানৱে খোজকাঢ়ি অহা ৰাস্তাটোৰ সিপাৰে দৃশ্যমান হৈছিল বগা আটকধুনীয়া অট্টালিকা এটা । তিনিমহলীয়া চালে চকুৰোৱা ধুনীয়া এটি ঘৰ ।সমুখত ডাঙৰকৈ ফুলৰ বাগিচাও আছে । সেউজীয়া বিশাল গেট খনৰ সোমাজত বৰ বৰ হৰফেৰে লিখা আছিল ..." মিছেছ পি.হাজৰিকা".....!!!!!!!
___________________________
( আগলৈ )
( বিঃ দ্ৰঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আঙুলিয়াই দিয়ে যেন । ধন্যবাদ ।
✍️ অৰূপ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
বিজ্ঞাপন |
No comments:
Post a Comment