এজন গাত কথা নলগা মানুহ : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 13, 2021

এজন গাত কথা নলগা মানুহ : Assamese Storyboard

Assamese Storyboard

 ঘনকান্ত সদায় পজিটিভ মনৰ মানুহ৷আজিৰ নহয়৷তাহানিৰে৷সহজ ভাৱে লয় চব কথা৷ মেট্ৰিকৰ ৰিজাল্ট দিয়াৰে পৰা পজিটিভ মনৰ পৰিচয় দি আহিছে৷প্ৰথমবাৰ মেট্ৰিকৰ ৰিজাল্ট লৈ অহা ডিম্বেই ভয় ভয়কৈ ক’লে-ঘন,তোৰ পৰীক্ষা বেয়া হৈছে"৷ভাবিছিল দুখতে ঘন কিজানি ভাঙি পৰিব৷( Assamese Storyboard )

"হয় নেকি?হ’ব দে অহাবাৰ পাচ কৰিম"- বুলি পাচ কৰা কেইজনৰ খবৰ ল’ব গৈ চাহ খাই আহিল৷

দ্বিতীয়বাৰ মেট্ৰিকৰ ৰিজাল্ট দিওঁতেও ঘনই একেই পজিটিভ মনোভাৱেৰে " অহাবাৰ পাচ কৰিম বুলি" মন ডাঠ কৰি আবেলি বৰশী বাব গৈছিল৷তৃতীয়বাৰ বৰ আশা কৰিছিল পৰিয়ালৰ লোকে৷সেইবাৰো ৰিজাল্ট নিগেটিভ আহিল যদিও ঘনৰ মন পজিটিভ হৈয়ে থাকিল৷চতুৰ্থবাৰহে কাণে কাণ মাৰি ঘনই পাচ কৰিলত ঘনৰ চোতালত মানুহে নধৰা হৈছিল৷


ঘনৰ পঢ়া ইয়াতে সমাপ্ত হ’ল৷নামি পৰিল জীৱন যুঁজত৷ঘৰৰ খেতি বাতি কৰি পজিটিভ ভাৱত জীৱন দৌৰি থাকিল৷ঘনই বহুত ডাঙৰ সপোন দেখিয়ে পোৱা নাই৷যাৰবাবে নিগেটিভ হ’বলগীয়া একো কাৰণে সি বিচাৰি উলিয়াব পৰা নাই৷সি ভাৱে " মানুহে কিহৰ ইমান দুখ দুখ কৰি থাকে৷কাৰোবাৰ টকা- পইচা, গাড়ী,ঘোঁৰা চব থকাৰ পিছতো "নাই নাই কৰি কান্দি থাকে"!

কিযে নিগেটিভ মানুহ"-ঘনই ভাবি ভাবি হাঁহে৷( Assamese Storyboard )

ঘনৰ এজনী ৰূপহী ছোৱালীৰ লগত বিয়া ঠিক হৈছিল৷বেচেৰাৰো মন লাগিছিল৷কি জানো হ’ল- বিয়াৰ দহদিন মানত আগত গাঁৱৰে ৰত্নৰ লগত গুচি গ’ল৷আন হোৱা হ’লে টেনচন খালেহেঁতেন৷ঘনই অলপো বেজাৰ নকৰি পিছদিনা ৰত্নৰ ঘৰত চাহ খাই দুয়োকে আশীৰ্বাদ দি আহিল৷আহোতে কৈয়ো আহিল

"কিবা অসুবিধা হ’লে মোক ক’বি"৷


সততে আনৰ খবৰ লৈ ফুৰা ঘন কৰ’ণা অহাৰ পৰা অলপ সলনি হৈছে৷মন গ’লেও কাৰো ঘৰে দুৱাৰে যোৱা নাই৷ঘনে ঘনে হাত মুখ ধুই থাকে৷বাটত ওলালে মাস্ক নাই যদিও গামোচাখনেৰে মুখখন ঢাকি লয়৷বহুতে কৰ’ণা নাই বুলি কোৱা শুনিছে যদিও ঘনই এনেবোৰ কথাত বিশ্বাস নকৰে৷আনৰ আগত কৰ’ণা নাই বুলি কোৱা কেইজনে কিন্তু পকেটত চেনিটাইজাৰ নে কি সেইটো লৈ ফুৰে৷নিজৰ ল’ৰা-ছোৱালীক বাহিৰত ওলাব নিদিয়ে৷অৱশ্যে একেবাৰে ভয়তে আতুৰ হোৱাটোও ঠিক নহয় ঘনৰ মতে৷কেতিয়াবা ভয়েও বিপদ মাতে৷


ঘনৰ গাঁৱৰ বহুতৰে টেষ্ট কৰিছে৷ঘনৰো কৰিছে৷কিন্তু ঘনৰ বিৰাট দুখ লাগিল ৰিজাল্ট আহিবৰ দিনা৷যিটো দুখ তিনিবাৰ মেট্ৰিক ফেইল কৰোতেও লগা নাছিল৷

"ইমান সাৱধান হৈ থকাৰ পিছতো ৰিজাল্টটো নিগেটিভ কিয় হ’ব পালে" তাকে ভাবি ঘনৰ পজিটিভ মনটো মৰি গ’ল৷


চৈয়দ হান্নান আহমেদ

বাইহাটা চাৰিআলি

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages