প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৫ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৫ ) : Assamese Storyboard

Assamese Storyboard

ৰিমাক হস্পাটালৰ পৰা ঘৰত থব যাওঁতে আমাৰ সমাজৰ ভদ্ৰ মানুহবোৰে ঘুৰি ঘুৰি চাইছিল। কিছুমানৰ আকৌ মেল আৰম্ভ হৈছিল-( Assamese Storyboard )


: চা চোন ভাই আমাৰ আব্দুল কাইৰ ছোৱালী কʼৰ বা সেইটো হিন্দু ল'ৰাৰ লগত ঘুৰিব লৈছে। চি চি বাপেকৰ মান কটালে।

: মাকজনী অকলে থাকে যে তাৰ সুযোগ লৈ দেহৰ সোৱাদ খোৱাই টকা লুটিছে তাই।


এনেকুৱা বিভিন্ন কথা চলিছিল আমাৰ ভদ্ৰ সমাজৰ ভদ্ৰ ভদ্ৰ মানুহৰ মুখত। কিন্তু প্ৰণৱে এইবোৰ আওকাণ কৰি আগবাঢ়ি গৈছিল। ৰিমাক ঘৰত থৈ প্ৰণৱে তাৰ পৰা আহি নিজৰ ঘৰ পাইছিল। কিন্তু ঘৰটো আছিল আন এক পৰিস্থিতি। দেউতাক মৃণাল চৌধুৰী ইফাল সিফাল কৰি আছিল। প্ৰণৱক দেখি তেওঁ মাতিলে-


: প্ৰণৱ

: অ' দেউতা

: নামাতিবি মোক তই দেউতা বুলি। তই আন ছোৱালী বিচাৰি নাপালি। তই যে বেলেগ ধৰ্মৰ ছোৱালী চাব গৈছ।

: ধৰ্ম বেলেগ হ'ল কি হ'ল দেউতা তাইও এজনী ছোৱালী। তাইৰো এটি জীৱন আছে।

: জীৱন আছে থাকক কিন্তু তই যাতে বেলেগ ধৰ্মৰ ছোৱালী চাব নাযাৱ।( Assamese Storyboard )


প্ৰণৱ ভাঙি পৰিল। দেউতাকৰ এনে কঠোৰ মন্তব্য শুনি প্ৰণৱ আৰু ভাঙি পৰিল। প্ৰণৱে ৰিমাক ৰাতি ফোন কৰিলে-


: অʼ প্ৰণৱ কোৱা

: অʼ ৰিমা তুমি ভালে আছেনে

: উম আছোঁ

: কিবা খাইছা

: খাবলৈ একেবাৰে মন নাই ও।

: মন নহ'লে নহয় ৰিমা কিবা এটা খোৱা আৰু ঔষধো খাবা।

: হ'ব দিয়া খাম। তুমি খাইছানে

: উম খাইছো। তুমি অলপ শুৱা দুৰ্বল হৈ আছা নহয়।

: উম গুড নাইট

: গুড নাইট


সেইদিনা আকৌ ৰিমাই ঔষধ খোৱা দেখি মাকৰ অলপ চিন্তা হ'ল। তেওঁ ৰিমাক শুধিলে-


: মাজনী তই ঔষধ খাইছ যে কিবা হৈছে নেকি?

: নাই আম্মা একো নাই এনে অলপ মুৰ বিষাই আছে।


এনেদৰে এসপ্তাহৰ পিছত প্ৰণৱে ২০,০০০ টকা লৈ ৰিমাৰ ব্লাড কেন্সাৰৰ বাবে ডক্তৰক দিলে। ডক্তৰে জনালে-


: প্ৰণৱ, ৰিমাৰ আচলতে ব্লাড কেন্সাৰ হ'বৰ বহুত দিন হৈছে। হয়টো তোমালোকে জনা নাছিলা। তাইক যদি আৰু তিনি চাৰিবছৰ জীয়াই ৰাখিব বিচৰা তেন্তে প্ৰতি মাহে ৰিমাৰ ব্লাড সলনি কৰিব লাগিব।

: ঠিক আছে ডক্তৰ।

: ওকে ।


প্ৰেম কিমান পবিত্ৰ নহয়নে? যিজনী ছোৱালী আছিল বিপৰীত ধৰ্মৰ। আনকি চিনাকি হ'বলৈও হৈছিল মাথোঁ কেইটিমান দিন। তথাপিও তাইৰ কাৰণে সমস্ত উজাৰি দিবলৈ সাজু আছিল প্ৰণৱ। কিন্তু আমাৰ সমাজখনটো শিক্ষিত কিয় বুজা নাছিল বাৰু এইখিনি কথা। জীৱন যুঁজত খেল খেলিব লৈছিল ৰিমা আৰু আনফালে সমাজে সৃষ্টি কৰিছিল আন এখন নাটক।


আগলৈ........................................................

(কি হ'ব বাৰু ৰিমা আৰু প্ৰণৱৰ ভবিষ্যত। পঢ়ি থাকিব "আমাক জীয়াই থাকিবলৈ দে"। )


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages