কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১৬ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 13, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ১৬ ) ? Assamese Storyboard

Assamese Storyboard


নিহাৰৰ কথাষাৰ শুনি ৰি ৰিংকুয়ে আচৰিত ভাৱে তাৰ ফালে চালে।

নিহাৰ: তুমি মোক এনেকৈ কিয় চাইছা?( Assamese Storyboard )

ৰিংকু: তুমি এতিয়া কি কলা?

নিহাৰ: যি তুমি শুনিলা। বাৰু এইবোৰ কি চলি আছে কোৱাচোন? তুমি এই ৬ মাহত কিবা কৰিছা নেকি যিটো মই গম নাপাওঁ?

ৰিংকুয়ে নজনাৰ ভাও জুৰি কলে," নাইতো, মই কত কি কৰিলো?"

তেতিয়া নিহাৰে তাক জোৰ কৰি কলে," চোৱা, নজনাৰ ভাও জুৰিব নালাগে। মই তোমাক ভালদৰেই জানো। যিজন লৰাই ছোৱালীৰ ফালে চকু উঠাই নাচাই আজি সি ৰিয়াৰ ওপৰৰ পৰা চকু আঁতৰাবই পৰা নাই। আৰু আজি তুমি স্বাতিক সাৱটি ধৰিলা। মোৰ মতে হয়তো তুমি ৰিয়াক জ্বলাব খুজিছিলা।"

ৰিংকু: এনেকুৱা একো নাই।

নিহাৰ: যদি এনেকুৱা একো নাই তেন্তে ৰিয়াই তোমাক কিয় খং কৰিছিল আৰু তাইৰ খংক লৈ তুমি কিয় ভয় কৰি আছিলা?

কোন হয় এইজনী ৰিয়া সচাকৈ কোৱা।

ৰিংকুয়ে চকু তল কৰি কলে," তাই মোৰ পত্নী হয়।"

নিহাৰক যেন এই কথাষাৰে জোকাৰি পেলালে। সি জঁপিয়াই উঠিল," তুমি বিয়া পাতিলা আৰু মোক এবাৰো নকলা। এইবোৰ কেতিয়া আৰু কেনেকৈ হল?"

ৰিংকু: এবছৰ আগতে যেতিয়া মই কলেজ বন্ধত ঘৰলৈ আহিছিলো তেতিয়া মোৰ বিয়া হল।

নিহাৰ: "আৰু তুমি মোক এতিয়ালৈকে কোৱা নাই। মনে মনে বিয়া পাতি ল'লা আৰু মোক গম পাবও নিদিলা। ভাল বন্ধুত্ব ৰাখিলা। কত আমি দুয়োয়ে প্ৰতিটো কথা পাতিছিলোঁ আৰু আজি কত তোমি বিয়া পাতিও ইমান ডাঙৰ কথা এটা মোৰ পৰা লুকাই ৰাখিলা।" কথাখিনি কৈ সি অভিমান কৰাৰ নাটক কৰিলে।


ৰিংকুয়ে প্ৰথমৰ পৰা সকলো কথা নিহাৰক কৈ দিলে যে সি কি পৰিস্থিতিত ৰিয়াক বিয়া কৰাব লগা হৈছিল। এতিয়া ৰিয়া আৰু বেদান্তৰ বিষয়ে ভুল ধাৰণা লৈ থকা বাবে সম্পৰ্কটো আগবঢ়াব পৰা নাই।

নিহাৰে সকলো শুনি আছিল। লগতে তাত আৰু কোনোবা আছিল যিয়ে মনে মনে সিহঁতৰ কথাবোৰ শুনি আছিল। হয় সেইজনী স্বাতি আছিল। কিন্তু তাই দুর্ভাগ্যবশত ইমানহে শুনি পালে যে বেদান্ত আৰু ৰিয়াৰ প্ৰতি থকা ভুল ধাৰণাৰ বাবে সি আগবাঢ়িব পৰা নাই। ইয়াৰ আগৰ কথাবোৰ তাই শুনি নাপালে। এটা ফোন কলৰ বাবে তাই তাৰ পৰা আঁতৰি আহিব লগা হল।

নিহাৰ: ৰিংকু ইমান এটা ডাঙৰ কথা হৈ গল আৰু তুমি মোক এবাৰো নকলা। মই তোমাৰ লগত কথা নাপাতো।

ৰিংকু: চ'ৰি বন্ধু, মই এইটো কথা লৈ ইমান উদাস হৈ পৰিছিলো যে এই বিষয়ে ভাবিবই ইচ্ছা কৰা নাছিলো।

নিহাৰ: কিন্তু মই নাভাবোঁ যে বেদান্তই ৰিয়াক পছন্দ কৰে। মোৰটো এনেকুৱা লাগে যে উৰ্মি আৰু তাৰ মাজত সম্পৰ্ক আছে।

ৰিংকুয়ে দীঘলকৈ উশাহ টানি কলে," হয় , ৰিয়া আৰু বেদান্তক লৈ মোৰ যি ধাৰণা আছিল সেইয়া একেবাৰে ভুল।সি তাইক নিজৰ বাই ভনীৰ দৰে ভাবে।" আৰু তাক সকলো কথা কৈ দিলে।

নিহাৰ: হে ভগবান!তুমি কিমান ডাঙৰ মূৰ্খ হয় ৰিংকু। ৰিয়াই তোমাক খং কৰি ভালেই কৰিছে। তাইৰ এই খঙত মই তাইৰ লগত আছো। তুমি অন্তত এবাৰ মোক কোৱা হলে মই বেদান্তক বেলেগ ধৰণেৰে সুধিব পাৰিলো হয়।

ৰিংকু: এতিয়া মই কি কৰিম? ভুল হৈ গল , প্লিজ তুমিতো মোক মাফ কৰি দিয়া। ৰিয়াক তো মাফ খুজি খুজি ভাগৰি গলো। অন্তত তুমি মাফ কৰি দিয়া। 

নিহাৰ: তেন্তে এতিয়া আগলৈ কি কৰিম ভাবিছা? তোমাৰ সেই কানফুলি থকা ছোৱালীজনীৰ কি হল?

ৰিংকুয়ে লাহেকৈ কলে,"সেইজনী ৰিয়াই হয়।"

নিহাৰক যেন দ্বিতীয় বাৰৰ বাবে জোকাৰি পেলালে।

"কি সঁচাকৈয়ে? তুমি সচাকৈ বৰ আচৰিত দেই। মানে তুমি যাক পছন্দ কৰিছিলা অজানিতে  তাইৰ লগত তোমাৰ বিয়া হৈ গল আৰু তোমাৰ এই ভুল ধাৰণাটোৰ বাবে এই বিয়া অস্বীকাৰ কৰিলা।

 এতিয়া ভুল ধাৰণা ভাঙিল যেতিয়া তাইক মান্তি কৰাব লাগিছা। মোৰ মগজুটোৱে কাম কৰা নাই। তোমাৰ জীৱনত কিবা চিনেমা চলি আছে নেকি?"

ৰিংকু: এতিয়া তুমি ধেমালি কৰা বন্ধ কৰা।

নিহাৰ: এতিয়া ৰিয়াই কি বিচাৰে?

ৰিংকু: তাইতো এইটো কথা লৈ বহুত খং কৰি আছে যে মোৰ মনত ভুল ধাৰণা থকাৰ পাছত তাইক বিয়া কৰাবলৈ মই কিয় মান্তি হলো।

নিহাৰ: তেন্তে তুমি তাইক কৈ কিয় নিদিয়া যে তুমি তাইক পছন্দ কৰা?

ৰিংকু: কম ,কিন্তু এতিয়া নহয়। পিছৰ মাহত তাইৰ ফাইনেল পৰীক্ষা আছে। তাৰ পাছত আমাৰ বিয়া হোৱা ১ বছৰ হব আৰু সেইদিনাই তাইক সকলো কৈ সম্পূৰ্ণ অধিকাৰেৰে মোৰ জীৱনলৈ উভতাই আনিম। এতিয়া বহুত কষ্টেৰে তাইৰ লগত বন্ধুত্ব গঢ়িছোঁ। আমি মাত্ৰ এতিয়া বন্ধু আৰু একো নহয়।

নিহাৰ: এইবাৰো তুমি ভুল। মই দেখিছিলো , যেতিয়া তুমি স্বাতিক আলিংগন কৰিছিলা তেতিয়া ৰিয়াৰ চকুত যি খং আছিল সেইয়া এক বন্ধুৰ নাছিল বৰঞ্চ তাতকৈ বহুত বেলেগ।

ৰিংকু: 'মোৰো তেনেকুৱা যেনেই লাগিছিল। বাৰু এতিয়া ঘৰলৈ যাওঁ। ঘৰলৈ গৈ তাই নিশ্চয় বাঘিনি হৈ ঘূৰি আছে।' তাৰ কথা শুনি নিহাৰে হাঁহি দিলে।

ৰিংকু: বহুত খং কৰে অ তাই।

দুয়ো তাৰ পৰা উঠি গুচি গল।

ইফালে ৰিয়া যেতিয়া উৰ্মিৰ লগত ৰেষ্টুৰেণ্টৰ পৰা ওলাই পাৰ্কিংত ৰৈ আছিল তেতিয়া বেদান্তই তাইক খং কৰিলে," কি হল তোমাৰ? কিহৰ শত্ৰুতা কৰিছা মোৰ লগত? নিশ্চয় তোমাৰ প্ৰজেক্ট সম্পূৰ্ণ হল আৰু সকলো কথা মই শুনিব লাগিব। ঘৰলৈ যাবলৈ তুমি এইটোৱেই উপায় পাইছিলা?"

ৰিয়া : তুমি মোক কিয় খং কৰিছা? একো নহয়। মই ঘৰলৈ গৈ তেওঁ অহাৰ আগতেই শুই যাম।

বেদান্তই মুখ ফুলাই কলে," যেনিবা দাদাই আমি কৰা নাটকৰ কথা গম নাপাব। মই ভালদৰেই জানো তেওঁক। এবাৰ কৈ দিলে যেতিয়া নিশ্চয় তেওঁ প্ৰজেক্ট চেক কৰিবলৈ আহিব।"

ৰিয়াই তাক জোকাই কলে," চোৱা যি হৈ গলেও তুমি নুঠিবা। যদি মই আজি ৰাতি আকৌ কফি বনাব লগীয়া হয় তেন্তে মনত ৰাখিবা এইবাৰ তোমাৰ কফিত নিমখ থাকিব।

উৰ্মি: হে ভগবান! তুমি দাদাক ইমান অত্যাচাৰ কৰা। প্ৰথমে নিমখ দিয়া খিৰ আৰু এতিয়া নিমখ দিয়া কফি।

বেদান্ত: ৰিয়া তুমি লাহে লাহে ভয়ানক হব ধৰিছা। এতিয়া মইও তোমাৰ পৰা বাছি থাকিব লাগিব যেন পাওঁ।

বেদান্তই তাইক জোকাই থকা কাৰণে ৰিয়াই তাক মাৰিবলৈ খেদি গল কিন্তু সি তাৰ পৰা পলালে। ৰিয়াইও তাক ধৰিবলৈ পিছে পিছে দৌৰিলে,"ভয়লগা মই নহয় তোমাৰ দাদা হয় তাকো বহুত ডাঙৰ ।"

বেদান্ত: তোমালোক দুজনো যে সৰু লৰা ছোৱালীৰ দৰে কাজিয়া কৰা আৰু মই মাজত এনেই ফচি যাওঁ।

ৰিয়া: তোমাক নো মাজত ফচিবলৈ কোনে কয়?

বেদান্ত: মই নিজে নাহো, দাদাই মোক মাজলৈ জোৰ কৰি লৈ আনে।

উৰ্মিয়ে দুয়োটাকে এনেদৰে দৌৰি থকা দেখি কলে," হব আৰু তোমালোক দুয়োটাই এইবোৰ বন্ধ কৰা।  আৰু ৰিয়া তুমি এনেদৰে দাদাৰ লগত কাজিয়া কৰি থাকিলে তোমালোকৰ সন্তান কোনে চম্ভালিব?"

ৰিয়াই বেদান্তৰ পিছে পিছে দৌৰি কলে," তোমালোক দুইটাই নো কি কৰিবা? তোমালোকে চম্ভালিবা আকৌ। মামা ,মামিতো তোমালোকেই হবা।"( Assamese Storyboard )

উৰ্মি আৰু বেদান্তই একেলগে চিঞৰিলে," কোনো পধ্যেই নহয় , মাত্ৰ খুড়া খুৰী।"

ৰিয়া: নহয়, মামা - মামী।

সন্মুখত বিক্ৰম ,নেহা আৰু বিতুৱে ৰৈ সিহঁতক চাই আছিল বহুত দেৰীৰ পৰা আৰু সিহঁতে চিঞৰি কলে," বন্ধ কৰা তোমালোকে এইবোৰ। ৰেষ্টুৰেণ্টৰ পাৰ্কিং এৰিয়া হয় এইটো । ঘৰ আৰু কেণ্টিন নহয় যে তোমালোকে এনেধৰণৰ কাম কৰি আছা।"

সিহঁতৰ কথা শুনি তিনিওটা মনে মনে থাকিল আৰু ভাবিলে যে সিহঁতে কথাবোৰ শুনা নাই তো কেনেবাকৈ? ইফালে বিতুৰ মনত উছপিছ লাগি থাকিল। সি সাহস কৰি সুধিলে," এইবোৰ মামা-মামী আৰু খুড়া-খুড়ী মানে কি?"

এতিয়া তিনিওটাই ইটোৱে সিটোৰ মুখলৈ চাব ধৰিলে।

 তেতিয়া বেদান্তই গভীৰ উশাহ টানি কলে," এতিয়া আৰু লুকাই থোৱা তো ঠিক নহব। আৰু ইহঁত আমাৰ বন্ধুৱেই হয়।"

বিতু: কি কথা?

তেতিয়া উৰ্মিয়ে লাহেকৈ কলে," ৰিয়া ৰিংকু দাৰ পত্নী হয়।" কথাষাৰ শুনি বিতুৰ সকলো শেষ হৈ গল যেন লাগিল আৰু বিক্ৰম আৰু নেহাও আচৰিত হল।

ৰিয়াই বিতুৰ ওচৰলৈ আহি লাহেকৈ কলে," মই জানো যে এইটো জানি তুমি বহুত আচৰিত হৈছা।" এতিয়া বিতুৰ লগতে বাকীবোৰো অবাক হল যে তাই এইবোৰ কি কৈছে।

" আজি তুমি মোক কি কব বিচাৰিছিলা সেইয়া মই তোমাৰ চকুত পঢ়ি পেলাইছিলোঁ। সেইবাবে মোৰ এই সঁচাৰ বিষয়ে জনাটো তোমাৰ বাবে জৰুৰী আছিল। এইয়া সঁচা যে মই ৰিংকু দাৰ পত্নী হয়। আমাৰ বিয়াৰ সকলো নীতি নিয়ম হৈ গৈছে।"

 বিতুৱে দুখী হৈ কলে," মোক মাফ কৰি দিবা ৰিয়া, সঁচা কি সেইয়া গম পোৱা নাছিলোঁ বাবে এই ভুল কৰি পেলালো। "

ৰিয়া: একো নাই বিতু। আমি কাক পছন্দ কৰি পেলাওঁ তাত আমি একো কৰিব নোৱাৰো। সেইবাবে তুমি এইবোৰ পাহৰি যোৱা। ইয়াৰ বাবে আমাৰ বন্ধুত্বত কোনো প্ৰভাৱ নপৰে।

বেদান্ত: চ'ৰি বিতু, মই ভবা নাছিলো যে এনেকুৱা কিবা হৈ যাব। মইতো এইটো বিচাৰিছিলোঁ যে ৰিয়াৰ পঢ়া শেষ হোৱাৰ পাছত যেতিয়া দাদাই অফিচিয়েলি সকলোৰে আগত এই বিষয়ে কব তেতিয়া সকলোৱে গম পাব। এতিয়া দুয়োৰে মাজত সকলো সমস্যা সমাধান হল যেতিয়া মই তোমালোকক কোৱাটো উচিত বুলি ভাবিলো। মই জানো যে আগতেই তোমালোকক এই বিষয়ে মই কব লাগিছিল। কিন্তু দাদাই খং কৰিব বুলি মই একো কোৱা নাছিলো।

বিক্ৰম: কোনো কথা নাই, তোমাৰ  ঠাইত আমি থকা হলে হয়তো এইটোৱেই কৰিলোঁ হেতেন।

বিক্ৰম: অ বেদান্ত, বিক্ৰমে ঠিকেই কৈছে।

ৰিয়া: এতিয়া তোমালোকে নিজৰ নিজৰ মোদ ঠিক কৰা। অৱশ্যে মই এগৰাকীৰ বিষয়ে জানো যিয়ে তেওঁক পছন্দ কৰাই নহয় প্ৰেমো কৰে।

ৰিয়াই তাক জোকাই এনেদৰে কোৱাত সকলোৱে কোন বুলি সুধিলে।

ৰিয়া: আমাৰ ক্লাছত যে আছে অৰ্পিতা, হয়তো তাই প্ৰথমৰ পৰাই বিতুক পছন্দ কৰে।

কথাষাৰ শুনি সকলো আচৰিত হল।

নেহা: বাৰু এইবোৰ বাদ দিয়া, অৰ্পিতাৰ খবৰ কাইলৈ লম। প্ৰথমে এইটো কোৱা যে ৰিয়াক আমি কি কম?

সকলোৱে একেলগে,"মানে"?

নেহা: তোমালোকে এনেদৰে ৰিয়েকত নকৰিবা। এতিয়া আমি সকলোৱে জানো যে ৰিয়া বেদান্তৰ নবৌ হয় গতিকে আমি তাইক বন্ধু বুলি ভাবিম নে নবৌ?"

হাঁহি হাঁহি কলে।

বিক্ৰম: অ , এইটো সচাকৈ ভাবিব লগীয়া কথা।

সি মূৰ খজুৱাই হাঁহি দিলে।

বিতুৱে নিজক চম্ভালি কলে," অফিচিয়েলি নবৌ যাতে এতিয়া আৰু কোনেও ভুল ধাৰণা লৈ নাথাকে।"

তেতিয়া ৰিয়াই কলে," নহয় নহয়, মই তোমালোকৰ বন্ধু হৈ থাকিব বিচাৰোঁ। অৱশ্যে মই এতিয়া বেদান্তৰ আধৰুৱা নবৌ হয়। সেইবাবে এই কথাটো আমাৰ মাজতে থকীলেই ভাল হব।"

কথাখিনি কৈ তাই গাড়ীত বহিবলৈ আগবাঢ়িল।

তাইৰ মাতত লুকাই থকা সেই বেদনা সকলোৱে উপলব্ধি কৰিলে।

বিতু: বেদান্ত , এতিয়ালৈকে দুয়োৰে মাজত সকলো ঠিক হোৱা নাই নেকি?

বেদান্ত: নাজানো, কেতিয়াবা এনে লাগে যেন সকলো ঠিক হৈ গল। আৰু কেতিয়াবা এনে লাগে কি হব? দাদাক দেখি এনে লাগে যেন তেওঁ এই সম্পৰ্কটোত আগবাঢ়িব বিচাৰে। কিন্তু ৰিয়াৰ বিষয়ে নাজানো। এতিয়া অন্তিম সিদ্ধান্ত ৰিয়াৰ হব।

সকলোৱে একেলগে দুয়ো এক হোৱাৰ বাবে মনোকামনা কৰি গাড়ীত উঠিল।

বিতুৱে নিজকে চম্ভালি ৰিয়াৰ লগত এক ভাল বন্ধুৰ সম্পৰ্ক পালন কৰিবলৈ নিজকে প্ৰস্তুত কৰিলে।

"ৰিয়া তুমি দিয়া এই বন্ধুত্বৰ সম্পৰ্কতোক সদায় সন্মান কৰিম। ইয়াত কেতিয়াও আঘাত হব নিদিওঁ।" বিক্ৰমেও তাৰ কান্ধত হাত থৈ চকুৰে সন্মতি জনালে।

 ইফালে ৰিয়াৰ কথাবোৰ ৰিংকু আৰু নিহাৰেও শুনিলে। ৰিয়াৰ এই বেদনা ভৰা মাত শুনি ৰিংকুয়েও মনত কষ্ট পালে। কিন্তু এতিয়া সি নীৰৱ হৈ থাকিল।

 নিহাৰে ৰিংকুৰ কান্ধত হাত থৈ কলে," চিন্তা নকৰিবা , এতিয়া মাত্ৰ আৰু এমাহৰ কথা। ইয়াৰ মাজতে তুমি ৰিয়াক যিমান পাৰা সুখী কৰিবলৈ চেষ্টা কৰা যাতে তাই আগৰ সকলো কথা পাহৰি যায়।"

ইফালে স্বাতিয়ে খঙত ৰুমত গৈ সকলো বস্তু দলিয়াই পেলালে।

 "এইটো অসম্ভৱ, ৰিংকু তুমি কেৱল মোৰ। সেই বেঙি জনী তোমাৰ লগত নিমিলে। নাই কেতিয়াও নহয়, তুমি মাত্ৰ মোৰ।"

 তাৰ পাছত তাই নিজকে শান্ত কৰি কলে," শান্ত হ স্বাতি, এতিয়া মাত্ৰ বিয়া হৈছে আৰু ৰিংকুয়ে তাইক পত্নী ৰূপত স্বীকাৰ নাই কৰা। সি তো বেদান্ত আৰু তাইক লৈ ভুল বুজি আছে। ৰ ..  ভুলবুজাবুজি,,, য়েছ মই বেছি কষ্ট কৰিবও নালাগে। সিহঁত দুইটাক বেলেগ কৰিবলৈ মই উপায় পাই গলো। এতিয়া তই এই ভুলবুজাবুজিক বিশ্বাস দিয়াব লাগিব আৰু সন্দেহক সঁচা প্ৰমাণ কৰিব লাগিব। আৰু তাৰ পাছত ৰিংকু মাত্ৰ তোৰ। ৰিংকু.... অ'হ ৰিংকু...  তোমাৰ ব্যক্তিত্বই কেৱল মোৰ লগত মিলে। এতিয়া ৰ'বা ৰিংকু, সোনকালেই আমি দুয়ো এক হৈ যাম।"

আৰু ফুৰ্তিত স্বাতি নাচিবলৈ ধৰিলে।

স্বাতিয়ে গোটেই কথাখিনি সম্পূৰ্ণকৈ শুনা নাছিল যে ৰিংকুৰ ভুলধাৰনা এতিয়া আঁতৰ হল। সেইবাবে তাই এইটো ভাবি ফুৰ্তিত আছিল। এতিয়া ইয়াত নো কি কৰিব পৰা যায়। প্ৰথমে সম্পূৰ্ণ কথা শুনিব লাগিছিল তাৰ পাছত কিবা ভাবিব লাগে।

 আমাৰ বয়োজ্যেষ্ঠ সকলে কৈ গৈছে যে প্ৰথমে সম্পূৰ্ণ কথা শুনা তাৰ পাছত নিজৰ মতদান কৰিবা। বাৰু এতিয়া স্বাতি তাইৰ ভুল ধাৰণাৰ মাজত থাকক।

  'ভুলবুজাবুজি' এইটো এটা বহুত ঘাটক শব্দ হয় সেইটো আমি সকলোৱে জানো। ইয়াক যিমান সোনকালে আঁতৰ কৰিব পাৰি সিমানেই ভাল।

আগলৈ…

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages