কোঠাটোৰ খিৰিকী দুৱাৰ বন্ধ আছিল । বেৰৰ ৰংবোৰ পাতলীয়া গুলপীয়া ।এখন বেৰত ধুনীয়া তৈলচিত্ৰ এখন জিলিকি আছিল ( Assamese Storyboard )।তৈলচিত্ৰখনত এজন অকলশৰীয়া মানুহ বহি থকা দেখা গৈছিল । খুব সম্ভৱ কিবা চিন্তাত মগ্ন হৈ আছিল ....তেওঁৰ মুখত বিষাদৰ ছবি চিত্ৰকৰে গভীৰভাৱে অংকন কৰিছিল । তেওঁৰ পিছপিনে এটা পুখুৰী আৰু পুখুৰী টোৰ সিপাৰে এখন ঘন হাবি।হাবিবোৰৰ মাজৰপৰা এটা বাঘ ওলাই অহা দেখা গৈছিল ।চিত্ৰকৰে বুজাব বিচাৰিছিল হয়তো যে বাঘটোৱে মানুহজনক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল ।হয়তো বাঘৰ ছবি প্ৰতীকি অৰ্থত অংকন কৰিছিল ।সেয়া বাৰু কʼবলৈ টান । কিন্তু বেৰৰ ওলমি থকা তৈলচিত্ৰখনত তুলিকাৰ ৰঙেৰে বহুতো অনুভৱক একাকাৰ কৰি তুলিছিল যেন চিত্ৰকৰে !!!!!!
কোঠাটোৰ বিপৰীত বেৰত এটা দীঘলীয়া ৱাল ঘড়ী ওলমি আছিল আৰু তাত ইতিমধ্যে মাজনিশা বাৰ বজাৰ সংকেত পোৱা গৈছিল ।ঘড়ীটোৰ তলতে এখন টেবুলত কেইখনমান কিতাপ সিচঁৰিত হৈ পৰি আছিল ।কাষৰ খিৰিকীখনৰ ডাঠ সেউজীয়া পৰ্দাত পখিলা এটি পৰি আছিল আৰু তাকে দেখি ওচৰৰ জেঠী এজনীয়ে চেঁ চেঁ কৈ আগুৱাই আহিছিল ।
টেবুলৰ লগতে এখন চকী সংলগ্ন আছিল আৰু তাত বহি আছিল এজন ২৫/২৬ বছৰীয়া লʼৰা ।লʼৰাটো ভীষন ব্যস্ত আছিল মʼবাইলত চকু নিবদ্ধ কৰি । হাত দুখনেৰেও যেন অবিৰত গতিত কিবা যন্ত্ৰৰ দৰে ৰচি গৈছিল মʼবাইলৰ কীবৰ্ডত অজস্ৰ নক্সা আৰু তাৰ লগে লগে মʼবাইলৰ স্ক্ৰীণত জিলিকি ৰৈছিল অপূৰ্ব বৰ্ণমালাৰ সমাহাৰ ....!!!!!
নিজৰ মনৰ অনুভৱ খিনি ফেচবুক প্ৰফাইলত লিপিবদ্ধ কৰি উঠি এক গভীৰ নিশ্বাস পেলাইছিল তেওঁ !! যেন বহু বছৰৰ পৰা বুকুৰ মাজত লুকাই থকা গভীৰ ৰহস্যবোৰ আজি কাৰোবাক প্ৰকাশ কৰিবলৈ গৈ এক প্ৰচণ্ড উল্লাসত শিহৰিত হৈছে তেওঁ ।যেন এক গধুৰ বোজাৰপৰা মুক্ত হʼবলৈ গৈ আছে তেওঁ !! যেন মুক্ত হʼব বিচাৰিছে জটিল বান্ধোনৰপৰা...!!
সকলো কথা টাইপ কৰি লিখি ফেচবুকৰ পষ্ট আইকন টো টাচ কৰিবলৈ তেওঁৰ হাতখন উদ্যত হৈছিল ।যেন মূহুৰ্ততেই বনজুইৰ দৰে বিয়পি যাঁওক তেওঁৰ জীৱনৰ গুপুত ৰহস্যবোৰ সমাজৰ বুকুত ..!! যেন উশাহ ঘূৰাই পাঁওক তেওঁৰ অনুভৱ বোৰ সামাজিক পৰিবেশত ....!!
কিন্তু , হঠাৎ.... তেওঁৰ হাতখন ৰৈ গ'ল ।যেন কোনোবাই তেওঁ সেয়া নকৰিবলৈ বাধ্য কৰাই ৰাখিছে । তেওঁ থমকি ৰʼল.....
তেওঁৰ কাণত পৰিল এক কন্ঠস্বৰ ...এক বুজাব নোৱাৰা আবেগমিহলি কাতৰ আৱাহন ........
"তুমি মোৰ হৈ থাকিবা নে সদায় ??"
লʼৰাজন থমকি ৰʼল .......। তেওঁৰ মʼবাইলৰ পৰ্দাত ৰচিত অভিশপ্ত জীৱনৰ নক্সা প্ৰকাশ কৰাৰ পৰা তেওঁ বিৰত থাকিল ।
তেওঁৰ কলেজীয়া দিনবোৰ লৈ তেওঁ উভতি চালে .....
***************************************
তেতিয়া আছিল বৰষুণৰ দিন ।লʼৰাজনে কলেজৰপৰা ঘৰলৈ ওলটি আহি আছিল । হঠাৎ কিনকিনিয়া বৰষুণ এজাক দিবলৈ ধৰিছিল ।লʼৰাজনে বেগৰ পৰা ছাতিটো উলিয়াই মেলি লʼলে । তাৰ বৰষুণ দিলেই ছাতি লোৱাৰ অভ্যাস ।বৰষুণত তিতি ৰাতি জ্বৰত ভুগি পিছদিনাখন বছৰেকীয়া পৰীক্ষাৰ অংকৰ পেপাৰখন সি ভালকৈ লিখিব পৰা নাছিল ।হʼলেও সি এশৰ ভিতৰত ৮০ য়েই পাইছিল । কিন্তু সৰু বায়েকৰ মতে সি এশ ই পাব লাগিছিল ।হয়তো জ্বৰৰ গাৰে পৰীক্ষাহলত সি মনোযোগ দিব পৰা নাছিল !! এনেয়েও তাৰ পৰা বহুতেই বহুত আশা কৰে ।সেয়া কিবা যদি অলপো হেৰফেৰ হয়,তাৰ বৰ দুঃখ লাগে আনৰ আশাবোৰ পূৰণ কৰিব নোৱাৰাৰ বাবে ।ফলত নিজকে সি আৰু অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লয় ।সেয়ে হয়তো আজিকালি বৰষুণজাকত তিতিবলৈ মন নকৰে সি ।বায়েকে কোৱাৰ দৰে এশৰ ভিতৰত এশ নম্বৰ পাবলৈ সি বৰষুণত তিতি জ্বৰ উঠাৰ অজুহাত দেখুৱাব নোৱাৰে আৰু !! সি হʼব লাগিব অধিক সজাগ,অধিক সচেতন !! চোৰ গ'লে বুদ্ধি,বৰষুণ গ'লে জাপি লোৱাৰ পৰিৱৰ্তে চোৰ আহিলেই উপায় আৰু বৰষুণ দিলেই ছাতি লোৱাৰ সুযোগকণ সি হেৰুৱাব নালাগিব !! সেয়ে আজিকালি ছাতি লোৱাটো তাৰ নিত্য নৈমিত্তিকত পৰিণত হৈছে ।
কথাবোৰ মনতে পাগুলি পাগুলি সি ঘৰলৈ বুলি খোজ লৈছিলহি । আজি কলেজতো তাৰ মনটো ভাল লাগি থকা নাছিল । কলেজত নতুনকৈ যোৱা তাৰ এমাহমানেই হ'ল কিন্তু কাৰো লগত তেনেকৈ সহজ হʼব পৰা নাছিল সি !! হয়তো তাৰ ব্যক্তিক্ৰমী স্বভাৱৰ বাবে !! হয়তো তাৰ চাল চলন অইন লʼৰাৰ দৰে নহয় বাবে !! হয়তো তাৰ চখবোৰ লʼৰাতকৈ বেছি ছোৱালীৰ লেখীয়া হোৱাৰ বাবে !! হয়তো তাৰ সমস্যাবোৰৰ বাবে !! হয়তো তাৰ অস্তিত্বত বন্ধু হোৱাৰ উপাদান ৰিক্ত হোৱাৰ বাবে ...!! বা হয়তো তাৰ অনুভূতি ভিন্ন বুলি সকলোৱে প্ৰচাৰ কৰাৰ বাবে .. !! মুঠতে কলেজৰ দিনবোৰ সি বন্ধু বিহীন বাবেই কটাবলৈ লৈছেহি ।
" তুমি নেইল পলিচ লগোৱা নেকি ?"
হঠাৎ তাৰ কাষত বহা ছোৱালী এজনীয়ে সুধিছিল ।
" নাই, বাইদেউৰ হয় , এনেই লগাইছিলো !!"
সেমেনা সেমেনিকৈ সি উত্তৰ দিয়ে ।লগে লগে ৰঙা নেইলপলিচ লগোৱা হাতখন সি লুকুৱাবলৈ বৃথা চেষ্টা কৰে ।এসোপামান লাজে তাক আৱৰি ধৰে ।
" অ , তোমাৰ বা চাগে খুব ধুনীয়া হয়নে ?"
ছোৱালীজনীয়ে আকৌ সোধে ।
" নাই , ইমানো নহয়, অলপ হয় বাৰু !"
সি অলপ ইতঃস্বতঃ অনুভৱ কৰে ।( Assamese Storyboard )
" কি নাম তোমাৰ ?"
" মানৱ, আৰু তোমাৰ ? "
"চন্দনা "
"উম"
"ক'ত থাকা ?"
"ঘৰত , গণেশগুৰি "
"অ , লকেল মানে !"
"উম আৰু তুমি"
"মই হোষ্টেলত থাকো ।ঘৰ নগাঁও ত ।"
" উম "
" মেট্ৰিক ত কিমান পাৰ্চেন্টেজ "
" ৯৩"
" ৱাউ "
"তোমাৰ ?"
" ৮৭".
এনেকৈয়ে বহু কথা পাতি গৈছিল দুয়ো ।মানৱে জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীৰ লগত প্ৰথম চিনাকিতে ইমান কথা পাতিছে!! চন্দনায়ো মন খুলি কথাবোৰ কৈ গৈছিল ।হয়তো তাই বিচাৰি পাইছিল মানৱৰ মাজত সোমাই থকা বন্ধুত্বৰ সত্ত্বাক ..।হয়তো আনে ভবাৰ দৰে মানৱক ঠাট্টা মস্কৰাৰ পাত্ৰ বুলি নলৈ তাই এজন সাধাৰণ মানুহৰ দৃষ্টিৰে চাইছে তাক ..!
" ফ্ৰেন্ডছ?? "
" চ্যোৰ "
দুয়ো মিচিকিয়াই হাঁহে ।
" বাহ...কি দিনকাল আহিল । আজিকালি লেডীজবোৰেও পাট্টা পায় ধুনীয়া ছোৱালীৰ আগত !! আমিবোৰ হে ছিংগল হৈ মৰিম কিজানি !! "
পিছৰ বেঞ্চত বহা লʼৰা এজনে কটূ মন্তব্য কৰিছিল ।লগে লগে কথাষাৰ শুনা আন লʼৰাবোৰেও গিৰ্জনি মাৰি হাঁহিবলৈ ধৰে ।আকৌ শুনা গৈছিল ,
"নাজানো, কি ভাল পায় ছোৱালীবোৰে ইহঁতক ..!! সব চাল্লা মক্কেলামিত এক্সপাৰ্ট আজিকালি ।"
"হয় দে কে**,এবাৰ যদি আমাকো ইমান মৰম কৰিলে হয় ।"
"এবাৰ যদি টাচ কৰিব দিলে হয়...আহহ...কি মজা লাগিল হয় !"
"হাঃ হাঃ মস্তি মাল হʼব কিন্তু ...লেডীছটোও কম নহয় ।ইয়াক এদিন ৰাতি বিছনাত পোৱাহেতেন ....চাল্লা মই কে** ইয়াক ********* দিলোহেতেন !"
"ধুৰৰ চালা মক্কেল ".....
( প্ৰথম খণ্ডৰ লিংক - www.সমকামী.in )
ক্ৰমান্বয়ে অশালীন চিঞৰ বাখৰবোৰ বাঢ়ি আহিবলৈ ধৰে ।কথাবোৰ শুনি মানৱৰ চকুহাল সেমেকি উঠিছিল ।যেন কোনোবাই তাৰ কলিজাত চুৰীকাঘাত কৰিলে । চন্দনায়ো ঠতমত খাই কি ক'ব কি নকব ভাবি নাপালে ।মানৱৰ লগত কথা পতাৰ কাৰণেই যে কোনোবাই ইমান বেয়া বেয়া কমেন্ট দিব পাৰে,তাই ভাবিবই পৰা নাছিল ।তাতে তাই গুৱাহাটী মহানগৰীত নতুনকৈ আহিছে ।গতিকে কিবা কʼব বুলি ভাবিও তাই মাত মাতিব নোৱাৰিলে ।পিছফালৰ পৰা আৰু শুনা গৈছিল ...
" এইবোৰ নাটক বুজিছ নাটক ....দেখনে মে কুছ অৰ অʼৰ অন্ডৰ মে কুছ অৰ ...সকলো খেলিমেলি ...মেলিখেলি এই দুনীয়াত .....হাঃ হাঃ হাঃ "
অট্টহাস্যবোৰ বাঢ়ি আহিছিল ।মানৱৰ চকু কোঠাটোৰ দুৱাৰমুখৰ ফালে । কেতিয়া যে ওলাই যাবলৈ সময় আহিব কোঠাটোৰ পৰা ..!!তাৰ মূৰটো বিষাবলৈ ধৰিছিল ।
___________________________
( আগলৈ )
( বি. দ্ৰ. ঃ কিছু বাস্তৱ আৰু কিছু কল্পনাৰ সংমিশ্ৰণ এক ব্যতিক্ৰমী কাহিনী ৰচনাৰ প্ৰয়াস *অভিশপ্ত জীৱন* । আশা কৰোঁ সকলোৱে আদৰি লʼব ।পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব ।লগতে কিবা ভুল ক্ৰূটি দেখিলে আগুলিয়াই দিয়ে যেন । ধন্যবাদ ।
✍️ অৰূপ )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment