আধুনিক সময়ত ভূত প্ৰেত বিশ্বাস কৰাটো, এই অন্ধবিশ্বাস হিচাপে মনা যায়। কিন্তু কিছুমান এনে লোকো থাকে, যিয়ে ভূত প্ৰেতৰ অস্তিত্বক নাই বুলি কব নিবিছাৰে( Assamese Storyboard )। কিছু মান লোক, যি শিক্ষিত হৈও ভূত প্ৰেতত বহু বিশ্বাস কৰে, কিন্তুু আত্মাৰ অস্তিত্বক মানি নলয়। কাৰণ তেওঁলোকে ভালদৰে জানে যে, এই বিষয়ে কাৰোবাক কলে, বা শুনাজনেও কব যে, পঢ়া শুনা কৰিও এয়া কেনে কথা কৈছা! আৰু এই প্ৰশ্নৰ উত্তৰ দিয়াৰ ভয়তে, সকলোৱে এনে কথা প্ৰকাশ নকৰে।
এই কথা প্ৰায় ১৫,১৬বছৰৰ পুৰণি। অতুলে যি ঠাইত কাম কৰিছিল, সেই ঠাইতে অতুলে এটা ফ্লেট ভাড়ালৈ লৈছিল। অতুলে ফ্লেটটোত অকলে থাকিছিল, কিন্তু কেতিয়াবা বন্ধু বৰ্গ আৰু সম্বন্ধীয় লোক থাকিবলৈ আহিছিল। অতুলৰ ফ্লেটতোত এটা ডাঙৰ হল আছিল। আৰু হলটোৰ কিনাৰতে পাকঘৰ আৰু বাথৰূম আছিল। এটা সৰু পৰিয়ালৰ বাবে, এই ফ্লেটতো বৰ সুন্দৰ আছিল। আৰু এই ফ্লেটৰ সকলতোকৈ ভাল লগা কথাটো আছিল যে, এই ফ্লেটতো বৰ মুকলি মূৰীয়া আছিল।ফ্লেটতোৰ হলটো বহুত ডাঙৰ আছিল বাবে পাছফালে এখন কাচৰ দুৱাৰ আছিল। কিন্তু অতুলে এই কাচৰ দুৱাৰখন বহু কম হে খুলিছিল। কাৰণ কেতিয়াবা ভুলক্রমে দুৱাৰখন খুল খায় থাকিলে বান্দৰ আহি ভিতৰ সোমাইহি আৰু ঘৰৰ সকলো বস্তুকে ওলট পালট কৰি দিছিল। অতুলে বাস কৰা ফ্লেটৰ ব্লিডিংটো একেবাৰে চহৰখনৰ শান্ত শিষ্ট পৰিৱেশত আছিল। আৰু আশে পাশে বহুত ডাঙৰ ডাঙৰ গছ -গছনি আছিল।সেইবাবে তাত বহু বনৰীয়া জীৱ -জন্তু আছিল।
এদিন আবেলি
অতুলৰ গাওঁৰে লৰা, যি অতুলে থকা চহৰখনৰ অন্য কোম্পানিত কাম কৰিছিল। আৰু সেইদিনা অতুলক লগ কৰিবলৈ অতুল থকা ফ্লেটলৈ আহিল। তেতিয়া অতুলে সেই লৰাটোক, সেইদিনা নিশা অতুলৰ ঘৰত ৰখালে আৰু পুৱা তাৰপৰায়ে ডিউটিলৈ আহিবলৈ কলে। অতুলৰ কথা শুনি সেই লৰাটোৱে কলে, মোৰ ডিউটি ৭বজাৰ পৰা হয় কিন্তু মই ৫বজাতে উঠিব লাগে। আৰু আপুনি ৭,৮বজালৈ শুই থাকে, যদি মইও শুই থাকো, তেতিয়া হলে মোৰ ডিউটি যাব। তেতিয়া অতুলে কলে, কোনো কথা নাই, মোবাইলত পুৱা ৪বজাৰ এলাৰ্ম লগাই দিম। তই সোনকালে উঠি টিফিন বনাই লবি। কিন্তু এটা কাম কৰিবি, মোক নামাতিবি। তাৰপাছত সেই লৰাটো সেইদিনা অতুলৰ ঘৰত থাকিবলৈ মান্তি হল।
ৰাতি প্ৰায় খায় বৈ আজৰি হৈ অতুলহঁতে ১১-৩০ মানত শুই পৰিল। সেইদিনা অতুল আৰু সেই লৰাটো হলটোতে শুইছিল। অতুল বিচনাতে শুলে আৰু সেই লৰাটোৱে অতুলৰ পৰা কিছু আঁতৰত মাটিতে বিচনা পাৰি শুলে। অতুলে শুৱাৰ সময়ত কোঠাত জিৰ' পাৱাৰৰ লাইট এটা জ্বলাই ৰাখিছিল।
আচৰিত ভাৱে, নিশা ২মান বজাত অতুলে সাৰ পালে। আৰু অতুলৰ দৃষ্টি পাকঘৰৰ ফালে গ'ল। তেতিয়া অতুলে দেখা পালে যে, এজন ব্যক্তিয়ে পাকঘৰৰ দুৱাৰখন খুলি পাকঘৰৰ ভিতৰলৈ গৈছে। আৰু অতুলে কিবা কোৱাৰ আগতে, পাকঘৰৰ দুৱাৰখন লাহে লাহে বন্ধ হৈ গ'ল।তেতিয়া অতুলে ভাৱিলে, গাওঁৰ লৰাটোৱে ডিউটিৰ বাবে পলম হব বুলি ভাবি, সোনকালে উঠিলে চাগে। অতুলে, শুই থকা গাওঁৰ লৰাটো ফালে মূৰ নকৰাকৈ এই কথাবোৰ ভাৱি থাকিল। কিন্তু এয়া কি, কিছু সময়ৰ পাছতে পুনৰ পাকঘৰৰ দুৱাৰখন খুল খালে, আৰু পাকঘৰৰ পৰা এজন ব্যক্তি ওলাই বাথৰূমত সোমাল আৰু বাথৰূমৰ দুৱাৰখন বন্ধ কৰি দিলে। তেতিয়া অতুলৰ অলপ খং উঠিল। আৰু লৰাটো অতুলৰ গাওঁৰ লৰাই আছিল বাবে, ঘড়ীটোলৈ চাই, লৰাটোক গালি পাৰিবলৈ ধৰিলে। আৰু কলে, ভাইটি এতিয়া ৩ য়ে বজা নাই আৰু তই উঠি খটখটনি আৰম্ভ কৰি দিলি যে। তেতিয়া অতুলে সেই লৰাটোৰ বিচনাৰ ফালে মূৰ কৰি দেখা পালে যে, লৰাটো মাটিতে বিচনা পাৰি শুই আছে। তেতিয়া তৎক্ষনাত অতুল বিচনাৰ পৰা উঠিল আৰু চেকুৰি গৈ সেই লৰাটোৰ ওচৰ পালেগৈ। আৰু লৰাটোক মাত দিলে। সেই লৰাটো চকু মুহাৰি মুহাৰি সাৰ পালে, কিন্তু অতুলে তাক একো নকৈ, কেৱল এয়াই সুধিলে যে, কি তই ২,৩মিনিটৰ আগতে উঠি গৈছিলি নি! তেতিয়া সেই লৰাটোৱে নাই উঠা বুলি কয় পুনৰ শুই পৰিল। তেতিয়া অতুলে একো বুজি পোৱা নাছিল আৰু হলত থকা টিউব লাইতটো জ্বলাই দিছিল। এতিয়া হলটো পোহৰত প্ৰকাশিত হৈছিল। এতিয়া অতুলৰ দৃষ্টি, এবাৰ পাকঘৰৰ ফালে আছিল আৰু এবাৰ বাথৰূমৰ ফালে। কিন্তু এতিয়া পাকঘৰ আৰু বাথৰূমৰ দুৱাৰখন বন্ধ হৈ আছিল। কিছু সময়ৰ পাছত অতুলে সাহস কৰি উঠি গল আৰু লাহে কৰি বাথৰূমৰ দুৱাৰখন খুলিলে। কিন্তু বাথৰূমত কোনো নাছিল। তাৰপাছত অতুলে পাকঘৰৰ ফালে আগবাঢ়ি পাকঘৰৰ লাইটো জ্বলাই, তেতিয়া পাকঘৰটো কাকো দেখা নাপালে। এতিয়া অতুলে কৰিব কি! টুপনিও অহা নাছিল। ( Assamese Storyboard )
এই ঘটনাৰ বিষয়ে অতুলে আন কাৰো আগত প্ৰকাশ নকৰিলে। সি ভাৱিলে, এয়া তাৰ সপোন আছিল। আৰু যদি কাৰোবাক কোৱা হয়, তেতিয়া হলে অতুলৰ ৰূমলৈ আহিবলৈ ভয় কৰিব।এই ঘটনাটো ঘটা প্ৰায় ১মাহ পাৰ হৈ গৈছিল। আৰু সেইদিন ধৰি, অতুলৰ আৰু দুনাই এনে অনুভৱ নহল। এদিনাখন অতুলৰ গাওঁৰ দুজন লোক অতুলৰ ওচৰলৈ আহিল। তাৰে এজন বিদেশলৈ যাব আৰু আনজনে বিদেশলৈ যোৱাজনক বিদায় দিবলৈ আহিছিল। সেই গাওঁৰ দুজন লোক সেই নিশা অতুলৰ ৰূমতে থাকিছিল। আৰু সেইদিনা অতুলে, নিজৰ সম্বন্ধীয় লোকৰ ঘৰলৈ গৈছিল আৰু নিশা উভটি নাহিছিল। পুৱা যেতিয়া অতুল নিজৰ ৰূম গৈ পাইছিল, তেতিয়া সেই দুজন লোক প্ৰায়ে যাবলৈ সাজু হৈ আছিল আৰু অতুললৈ অপেক্ষা কৰি আছিল। অতুলৰ এনে লাগিছিল, তেওঁলোকে বহুত ভয় খায় আছে আৰু উদাশ হৈ আছে। অতুল গৈ পোৱাতে, তেওঁলোকে কলে, আমি যাওঁ। তেতিয়া অতুলে তেওঁলোকক সুধিলে, তোমালোকৰ ফ্লাইতটো কাইলৈ পুৱা হে আছে! আজি নিশা তোমালোক কত থাকিবা! তেওঁলোকক এজনে কলে, ৰাষ্টাই ঘাটে থাকিম, কিন্তু এই ৰূমত নাথাকো। সেইজনৰ কথা শুনি অতুলৰ এমাহৰ আগতে ঘটা ঘটনাতোলৈ মনত পৰি গল। তেতিয়া অতুলে ভাৱিলে, কি এওঁলোকেও এই ফ্লেটটোত সেই অচিনাকি আত্মাক দেখা পালে নি! অতুলে তেওঁলোকক সুধিলে, কি হল! তেতিয়া তেওঁলোকৰ মাজৰে এজনে কলে, নিশা কোনাবা এজন ব্যক্তি আহি মোক মাতিলে আৰু কলে যে, বলা কোম্পানিলৈ যাওঁ! মোৰ পাৰ্চটো তাতে থাকি আহিল। তেতিয়া মই অলপ ভয় খালো। তেতিয়া তাকো মাতি দিলো। ইও সেই ব্যক্তিজনক দেখা পালে। তেওঁ দেখাত একেবাৰে শান্ত স্বাভাৱৰ আছিল। আমি দুয়োটাই বহুত ভয় খালো। কাৰণ তাৰ পাছত সেই ব্যক্তিজনক আমি পাকঘৰলৈ যোৱা দেখা পালো। তাৰপাছত সেই ব্যক্তিজন পাকঘৰৰ পৰা আৰু উলাইয়ে নাহিল। আৰু ভয়তে আমাৰ অৱস্থা বহুত বেয়া হৈ গল। আমি দুয়োয়ে নিশাটো বীৰ হনুমানৰ নাম জাপ কৰি থাকিলো আৰু পাকঘৰৰ ফালে চাই ৰলো। পুৱা হৈ গল। কিন্তু সেই ব্যক্তিজন এতিয়ালৈ পাকঘৰৰ পৰা উলায়ে নাহিল। এতিয়া অতুলেও ভয় খালে আৰু তেওঁলোক দুয়োকে লগত লৈ পাকঘৰৰ দুৱাৰখন খুলিলে গৈ। কিন্তু পাকঘৰত কোনো নাছিল। কিন্তু পাকঘৰত ভালকে চোৱা পাছত গম পালে কিবা এটা গণ্ডগোল আছে।
দৰাচলতে ফ্ৰীজটো খুলাৰ পাছত দেখিলে যে, ফ্ৰীজত যি ১কেজি বিলাহী আনি ৰখা হৈছিল, সেয়া নাছিল আৰু বিলাহীৰ গুটি ৰস ফ্ৰীজৰ তলতে পৰি আছিল। আৰু তাৰ লগতে পাকঘৰত কিবা আচৰিত ধৰণৰ দুৰ্গন্ধ ওলাইছিল। কি হৈছিল অতুলহঁতে বুজি পোৱা নাছিল, এয়া অতুলহঁতৰ অনুভৱেই আছিল নে! বাস্তৱতে কোনোবা আত্মা অতুলৰ ৰূমলৈ আহিছিল। এই ঘটানাৰ পাছতে অতুলে সেই ফ্লেতটো এৰি আন এটা ঘৰলৈ গোছি গৈছিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment