সমৰ মেডিকেলত দুসপ্তাহ থাকিব লগীয়া হল। সেইকেইদিনত এনিশা মেডিকেললৈ অহা যোৱা কৰি আছিল । সকলোখিনি ফৰ্মেলিটি সম্পূৰ্ণ কৰি এনিশাই সমৰক ঘৰলৈ লৈ আহিল।( Assamese Storyboard )
অকনো ক্ৰুটী নৰখাকৈ এনিশাই সমৰৰ স্বাস্থ্যৰ যতন লৈছে..লগতে কনমানি জনীকো। নীৰে তাইৰ কনমানি হাতখন চুৱে ..মৰম কৰে ..নিৰ্মলা দেৱীয়ে যেতিয়া কনমানিজনীক কোলাত তুলি লয় ..তেতিয়াই ভৈৰৱীৰ মুখখন চকুৰ আগত ভাঁহি উঠে ..ভাঁহি উঠে সকলোবোৰ ..এনিশাৰ হিয়াভগা কান্দোন ..চকুৰ আগতে এনিশা আৰু সমৰৰ সংসাৰখন ভাঙি যোৱা ..সহ্য নহয় এগৰাকী মাক হিচাপে । এনিশাই কয় শাহুৱেকক -- " তাইৰ নো কি দোষ মা ? তাইয়োতো কম দুৰ্ভগীয়া নহয় ..জন্মতে মাকক হেৰুৱাইছে ..আমাৰ বাহিৰেনো তাইৰ আছে কোন ?
ভাবি নাপায় নিৰ্মলা দেৱীয়ে ..ইমানখিনি কলিজাত আঘাট পোৱাৰ পাছতো সকলোখিনি স্বভাৱিকভাৱে কৰি গৈছে এনিশাই..কি ধাতুৰে গঢ়া এই এনিশা ! সমৰৰ স্বাস্থ্যৰ খুউৱ ভালদৰেই যত্ন লৈছে এনিশাই , কিন্তু সকলো পাহৰি যোৱা নাই ..কিদৰে পাহৰিব পাৰিব তাই ? সেই যন্ত্ৰণাত প্ৰতিটো ৰাতি চটফটাইছে তাই ।নোৱাৰে সমৰক ক্ষমা কৰিব কেতিয়াও।
এখোজ দুখোজকৈ সমৰ বাহিৰলৈ ওলাই আহিল । ভৰি দুটা এতিয়াও ভালকৈ ভালপোৱা নাই । হঠাতে যে কি হৈ গল ! বিয়াৰ পৰা উভতাৰ পথত ভৈৰৱীয়ে জোৰ কৰিয়েই দ্ৰাইভিং চিতত বহি গাড়ী চলাইছিল । লাহে লাহে গাড়ীৰ স্পীড বঢ়াই দিছিল ভৈৰৱীয়ে ।সমৰৰ কথা শুনা নাছিল তাই ।এটা সময়ত ৰৈ থকা ট্ৰাক এখনত খুন্দা মাৰি দিছিলগৈ।তাৰপাছত সমৰৰ একো মনত নাই । ধুমুহাৰ দৰে অহা ভৈৰৱী ধুমুহাৰ দৰে আঁতৰি গল ।যোৱাৰ আগত এনিশাৰ হাতত দি গল স্মৃতিৰ ৰূপত সেই কণমানিজনিক ।মেডিকেলতেই অনুজৰ মুখে সকলোবোৰ কথা জানিছিল সমৰে । যি ভৈৰৱীয়ে সিহঁতৰ সংসাৰখনলৈ গ্ৰহণ হৈ আহিছিল সেই ভৈৰৱীৰ অন্ত্যোষ্টিক্ৰিয়া এনিশাই মানে সন্মানে সমাপন কৰি সন্তানটোও আকোৱালি লৈছে ।আজি এনিশাৰ চকুত চকু থোৱাৰ সাহস হেৰুৱাই পেলাইছে সমৰে । ভৈৰৱী , তুমি জিকিয়েই গলা শেষ সময়তো । সমৰৰ দৃষ্টিত এনিশা পুৱাৰ ৰাঙলী সূৰুযৰ দৰে ...যি সকলোতে পোহৰ বিলায় । ভৈৰৱী জলন্ত শিখাৰ দৰে ..যি আনকো পুৰি চাৰখাৰ কৰি দিব পাৰে ।
ভবা নাছিল সমৰে সেই ভুলৰ পৰিণতিয়ে গোটেই জীৱনটোকে সলাই দিব সমৰৰ । আজিও মনত আছে সেই বিশেষ দিনটোৰ কথা ।অফিচৰ পাৰ্টীত সহকৰ্মী দুজনমানৰ অনুৰোধত বেছিকৈয়ে পানীয়বিধ সেৱন কৰিছিল সমৰে ।তাৰ সুযোগ লৈছিল ভৈৰৱীয়ে ।ভৈৰৱীয়ে সমৰক কোৱাটাৰলৈ লৈ আহিছিল আৰু তেতিয়াই ভুলটো কৰি পেলাইছিল সমৰে ভৈৰৱীক এনিশা বুলি ভাবি । সেই ৰাতিৰ কথা একো মনত নাছিল সমৰৰ । মাথো পাছদিনা ৰাতিপুৱা কাষতে শুই থকা ভৈৰৱীক দেখি চক খাই উঠিছিল । সমৰে ভৈৰৱীৰ ওচৰত ক্ষমা খুজিছিল । সেইদিনা নিৰৱে আতঁৰি যোৱা ভৈৰৱীয়ে পুনৰ আহিছিল আন এটা পূৰ্ব পৰিকল্পনাৰ সৈতে । কান্দি কান্দি কৈছিল সেইদিনা ..যে তাই সমৰৰ সন্তানৰ মা হবলৈ ওলাইছে । সমৰে তাইক বুজাইছিল এজন বিবাহীত পুৰুষে পুনৰবাৰ কেনেকৈ বিয়া পাতিব পাৰে ! ভৈৰৱীয়ে কৈছিল -- তাইক মাথো সন্তানটোৰ স্বীকৃতি লাগে পাছত তাই নিজে আতঁৰি যাব ।কিন্তু এই সকলোবোৰ তাইৰ মাথো ছলনাহে আছিল সমৰক নিজৰ কৰি লোৱাৰ ।ভৈৰৱীৰ দেউতাক এজন সৎ মানুহ । জীয়েকৰ কু কীৰ্তিৰ কথা সমৰক নিজে জনাইছিল ।তেওঁ । সমৰৰ পাছলৈ উপায়হীন হৈ পৰিছিল । অৱশেষত ভৈৰৱীৰ জেদ আৰু কু চক্ৰান্তৰ আগত সমৰৰ সকলো চেষ্টা বিফলে গৈছিল ।( Assamese Storyboard )
লাহে লাহে সকলোখিনি সহজ হৈ পৰিছে । কণমানিজনীৰ নাম ৰাখিলে এনিশাই সংযুক্তা । মৰমৰ আন এটা নাম হ'ল ৰাণী । লাহে লাহে ভৰি হাত মাৰি কিৰিলিয়াব পৰা হ'ল ৰাণী । পুনৰ এবাৰ ঘৰখন কেচুৱাৰ কলকলনিত মুখৰ হল । নিৰ্মলাইও আগৰ কথাবোৰ পাহৰি ৰাণীক মৰম কৰিবলৈ লৈছে ।
সমৰৰ অফিচৰ কামত এনিশা মাজতে দুলিয়াজানৰ পৰা আহিল ।কোৱাটাৰৰ পৰা বিশেষ কাগজ পত্ৰ অলপ আনিব লগীয়া হ'ল সেই ফাইলৰ লগত দায়েৰী এখন পাই লৈ আহিছিল সমৰৰ প্ৰয়োজনীয় বুলি ভাবি ।লৰালৰিকৈ দায়েৰীখন টেবুলতে থৈ দিছিল সিদিনা এনিশাই ।
এদিন এনিশাই সমৰৰ ৰূমটো চিজিল কৰি থাকোতে টেবুলৰ চুক এটাত পৰি থকা দায়েৰীখনলৈ চকু গল এনিশাৰ । দায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই চালে তাই এইকেইটা হাতৰ আখৰ সমৰৰ নহয় ...তেনেহলে ভৈৰৱীৰ ?? পুনৰ জপাই থৈ দিয়ে তাই । ৰূম চাফাই কৰাৰ পাছত এনিশাই দায়েৰীখন নিজৰ ৰূমলৈ লৈ আহে ।
ৰাতি শুবলৈ লৈ টোপনি নহাত দায়েৰীখনলৈ মনত পৰাত বিচনাৰ পৰা নামি আহি দায়েৰীখন পৃষ্ঠাবোৰ পঢ়ি যায় এনিশাই ...
----- সমৰ সলনি হৈছে ..নে প্ৰকৃততে মোক মই ভবাৰ দৰে সমৰে অন্তৰত স্থান দিছিল জানো ? সঁচা ভালপোৱা এনেকৈয়ে জানো হেৰাই যায় !
প্ৰথম দেখাতেই ভাল লাগিছিল সমৰক মোৰ । যি কোনো গাভৰুৰ মনত ঠাই লব পৰাকৈ সমৰৰ সকলো আছিল । ধন স্বাস্থ্য চেহেৰা ..আৰু কি লাগিছে এগৰাকী নাৰীক ইয়াতকৈ ! মই মোৰ কৰিব বিচাৰিছিলো সমৰক ..সেয়া কৰিবলৈ মই বহুত কষ্ট কৰিব লগা হ'ল ।কিন্তু সঁচাই জানো সমৰক মোৰ কৰিব পাৰিছিলো ? শাৰীৰিকভাৱে হয়তো সমৰক মই পাইছিলো ..কিন্তু সমৰৰ অন্তৰত মই নাছিলো ..নোৱাৰিলো সমৰৰ অন্তৰত নিগাজিকৈ এখন আসন পাতিবলৈ । এনিশা , দুৰে দুৰে থাকিলেও সমৰে সেই স্থান কেৱল তোমাকহে দিছিল । মই হাৰি গলো এনিশা ..সমৰৰ চকুত মোৰ প্ৰতি সঁচা ভালপোৱা মই কোনোদিনেই নেদেখিলো । তোমাৰ পৰা সমৰক আঁতৰাই আনি বহুত ভুল কৰিলো ,ভুল নহয়.. পাপ কৰিলো মই । অনুশোচনাত দগ্ধ মই এতিয়া ।
এগৰাকী নাৰীয়ে প্ৰিয়জনৰ পৰা যেতিয়া অৱহেলা অনাদৰ পায় ..তেতিয়া কেনে লাগে এতিয়াহে মই বুজিছো । এই পাপ লৈ জীয়াই থাকিবলৈ ইচ্ছা অকনো নাই মোৰ । তোমাৰ মুখামুখি হোৱাৰ সাহস মোৰ নাই । পাৰিবানে মোক ক্ষমা কৰিব এনিশা ?
দায়েৰীত লিপিবদ্ধ কৰা ভৈৰৱীৰ কথাখিনিয়ে এনিশাৰ মনটো খেলিমেলি লগাই দিলে । দায়েৰীখন জপাই অশান্ত মন এটাৰে শুবলৈ ললে তাই ।
আগলৈ ..
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment