পুৱাৰ ১১বাজিছিল। যেতিয়া মৃদুলৰ চকু খুলিল আৰু ঘড়ীটোলৈ চকু যোৱাত তাৰ দেহত বিজুলী লগাৰ দৰে লাগিল। যোৱা নিশা তাৰ দ্বাৰা যি ভুল হল, সেয়া তাৰ মনত পৰি মৃদুলৰ মূৰ ঘূৰাই গল। ( Assamese Storyboard )
যেতিয়াই সি বিচনাৰ পৰা উঠিবলৈ ললে, তেতিয়া সি উঠিব পৰা নাছিল, কাৰণ মৃদুলৰ সম্পূর্ণ শৰীৰটো দূৰ্বল হৈ পৰিছিল। তাৰ হাত ভৰি সম্পূর্ণ বিষাইছিল আৰু শৰীৰটো ভাগৰুৱা হৈ পৰিছিল। মৃদুলে কেতিয়াও ভৱা নাছিল যে, তাৰ লগতো এনে ঘটনা ঘটিব পাৰে। আৰু এনে সি কিছু কৰিব পাৰে বুলি! যেনে তেনে সাহস কৰি বিচনাতে উঠি বহিল, আৰু যেতিয়া নিজৰ অৱস্থাটোলৈ মন কৰিলে, তেতিয়া যোৱা নিশাৰ সকলোবোৰ দৃশ্য মৃদুলৰ চকুৰ সন্মুখত ঘূৰিবলৈ ধৰিলে।
সি ভাৱিবলৈ ধৰিলে যে, এতিয়া সি কেনেদৰে নবৌৱেকৰ সন্মুখলৈ আহিব! কেনেদৰে নবৌৱেকৰ লগত কথা পাতিব! কেনেদৰে সি কোনখন মুখ লৈ যোৱা নিশা কৰা ভুলৰ বাবে ক্ষমা বিচাৰিব! মৃদুলে, মূৰতে হাত থৈ বহিলে। কাৰণ সি, নিজৰ কোঠাৰ পৰা ওলাই গৈ নবৌৱেকৰ মুখৰ আগলৈ যাবলৈ, সাহস কৰিব পৰা নাছিল। যোৱা নিশা, সি কি কি কৰিলে, সেই সময়ত সকলোবোৰ তাৰি মনত পৰা নাছিল। কিন্তু তাৰ এই কথা মনত আছিল যে, যোৱা নিশা সি নবৌৱেকৰ সন্মুখলৈ বহুত বেয়া অৱস্থাত গুচি গৈছিল। সেইবাবে সি নিজৰ বন্ধু অজয় লৈ ফোন কৰিলে, আৰু নিশাৰ সকলোবোৰ কথা সুধিলে। অজয়ে যি কলে, সেয়া শুনি, মৃদুলৰ ভৰিৰ তলৰ মাটি নাইকিয়া হোৱাৰ দৰে লাগিল। তাৰ এনে লাগিছিল যেন, সি অলপ পানীতে ডুবি মৰিব। কিন্তু এতিয়া নবৌৱেকৰ ওচৰত ক্ষমা বিচৰাটো তাৰ অতি দৰকাৰী হৈ পৰিছিল। আৰু এয়াকে ভাৱি সি তক্ষনাৎ উঠিলে, আৰু নিজকে বুজাই লৈ, প্ৰথমে নিজৰে অৱস্থাটো থিক কৰি গা ধূৱলৈ গল। তেতিয়া দিনৰ ১২-৩০ বাজিছিল। যেতিয়া মৃদুল নিজৰ কোঠাৰ পৰা বাহিৰলৈ আহিল, তেতিয়া তাৰ নবৌৱেকক বাহিৰতে বহি থকা দেখা পালে। কিন্তু সেই সময়ত ঘৰৰ সকলো লোকে উপস্থিত আছিল বাবে, নবৌৱেকে মৃদুলক একো কব নোঁৱাৰিলে আৰু মৃদুলেও নবৌৱেকক একো কব নোঁৱাৰিলে। সি কেৱল তল মূৰ কৰি সকলোৰে মাজত গৈ বহিলগৈ।
মৃদুলে, নিজৰ নবৌৱেকৰ ফালে চাবও পৰা নাছিল, কাৰণ নবৌৱেকে বহু খংৰে তাৰ ফালে চাই ৰৈছিল। মৃদুলে কেৱল সেই সময়লৈ বাট চাই ৰৈছিল,যে কেতিয়া সি নবৌৱেকৰ লগত অকলে কথা পাতিবলৈ সুবিধা পায়। কিছু সমসৰ পাছত যেতিয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিল, তেতিয়া মৃদুলে নবৌয়েকৰ লগত কিবা কাম আছে বুলি নবৌৱেকক মাতি নিজৰ কোঠালৈ লৈ গল। তেতিয়া নবৌৱেকে, মৃদুলৰ লগত কথা পাতিবলৈ প্ৰস্তুত হোৱা নাছিল, কিন্তু মৃদুলে নবৌৱেকৰ হাতত ধৰি চকীত বহুৱাই দিলে। আৰু সি নিজে নবৌৱেকৰ ভৰিৰ ওচৰতে বহি পৰিল। লাজতে সি মূৰ তললৈ কৰি কবলৈ ধৰিলে, নবৌ, দয়া কৰি যোৱা নিশাৰ বাবে মোক ক্ষমা কৰি দিয়ক। মোৰ দ্বাৰা বহুত ডাঙৰ ভুল হল। কি আপুনি এই কথা ঘৰৰ সকলোকে কয় দিলে নেকি ? নবৌৱেকে এই কথাত কোনো উত্তৰ নিদিলে আৰু নিজৰ মুখখন ঘূৰাই দিলে। মৃদুলে কবলৈ ধৰিলে, দয়া কৰি নবৌ মোৰ সম্পূর্ণ কথাটো শুনি লওক। যদি এইদৰে আপুনি মোক বেয়া পাই থাকে, তেতিয়া হলে,মই নিজকে নিজে ক্ষমা কৰিব কোনোদিন নোঁৱাৰিম।মই জানো, মোৰ বাবে আপোনাৰ বহু কষ্ট হল। মই যোৱা নিশা আপোনাক বহুত আমনি কৰিলো। কিন্তু এবাৰলৈ আপুনি মোৰ সম্পূর্ণ কথাটো শুনি লওক! এই কথা শুনি নবৌৱেকও সম্পূর্ণ কথা শুনিবলৈ ললে। আৰু মৃদুলে যোৱা নিশাৰ কথা কবলৈ ধৰিলে। ( Assamese Storyboard )
যোৱা নিশা, মোৰ সকলো বন্ধুৱে মোক এটা পাৰ্টিলৈ লৈ গল। সেই পাৰ্টিত সকলোৱে মদ খাই নিচা কৰিছিল। কিন্তু মই সদায় দৰে একেবাৰে মনা কৰি দিছিলো যে, মই নিচা নকৰোঁ! সকলো বন্ধুৱে মোক বহুত জোৰ কৰিলে কিন্তু মই নিজৰ কথাতে থাকিলো। কিন্তু কিছু সময়ৰ পাছত মোৰ এজন বন্ধুৱে ধেমালিতে মোক মদ খুৱাই দিলে। মই মোৰ জীৱনত প্ৰথম বাৰ মদৰ সোৱাদ ললো। সেইবাবে মোৰ বহুত সোনকালে নিচা হৈ গল। তাৰপাছত মই নিজকে নিজে বাধা দিব নোঁৱাৰিলো আৰু মই বহুত মদ খাবলৈ ধৰিলো। তাৰপাছত আৰু কি হল, মোৰ কোনো কথায় মনত নাই। কাৰণ মোৰ বহুত নিচা হৈছিল। এতিয়া আৰু আগলৈ কি হল, আপুনিয়ে কওঁক!
নবৌৱেকে মনে মনে, মৃদুলৰ কথা শুনি গল আৰু অলপ খংৰে নবৌৱেকে উত্তৰ দিলে যে, মৃদুল, তুমি জানানে, যোৱা নিশা তোমাৰ বাবে মোৰ হত্যা হবলৈ ওলাইছিল। যোৱা নিশা প্ৰায়, ১মান বজাত তোমাৰ বন্ধু অজয়ে মোলৈ ফোন কৰিল। ফোনত সি কলে যে, মৃদুলৰ বহুত নিচা হৈ গল। আৰু মৃদুলে এতিয়া নিচাত একো কব নোঁৱাৰা হৈ আছে। এই কথা শুনি মই বহুত ভয় খালো কাৰণ শহুৰ দেউতাই গম পোৱা হলে, তেওঁ তোমাৰ লগতে মোৰ লগতো সকলো সম্বন্ধ শেষ কৰি দিলে হয়। তুমিটো যানাই, তেওঁ কিমান মাদক দ্ৰব্যক ঘৃণা কৰে। তেতিয়া সকলো শুই পৰিছিল। মই মনে মনে উঠিলো, যাতে তোমাৰ দাদা উঠি নাযায়। আৰু বাহিৰলৈ আহি দেখো যে, শহুৰ দেউতাও শুৱা নাছিল। যেনে তেনে কৰি মই দেউতাক কোঠালৈ পথিয়ালো আৰু মনে মনে অজয়ৰ সহায়ত আমি তোমাক তোমাৰ কোঠাত শুৱাই দিলো। মৃদুল! সচাঁকৈয়ে, যোৱা নিশা তোমাক তেনে অৱস্থাত দেখা পায়, মই বৰ দুখ পালো।
সেই সময়ত মৃদুলে, নিজৰ মূৰ তললৈ কৰি ৰাখিছিল। লাজতে সি ওপৰলৈ মূৰ কৰিবলৈ পৰা নাছিল। মৃদুলে, নবৌৱেকৰ হাতত ধৰি কলে, নবৌ, যোৱা কালি, আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিলে। যদি দেউতাই গম পোৱা হলে যে, মই মদৰ বটলত হাত দিছো বুলি, তেতিয়া হলে দেউতাই কি কৰিলে হয়, কোনো ঠিক নাই? দেউতাই আমাক সৰুৰেপৰা সকলো বস্তুকে মুক্ত ভাৱে দিছে, কিন্তু সদায় এয়াই কয় যে, নিচা জাতীয় দ্ৰব্যৰ পৰা দূৰত থাকিবা। যদি দেউতাই যোৱা নিশা ঘটনাৰ কথা গম পোৱা হলে, তেতিয়া তেওঁৰ মনটো ভাঙি গল হয়। মোক ক্ষমা কৰি দিয়া নবৌ। এতিয়া লৈকে নবৌৱেকৰ খংটো শান্ত হৈছিল। আৰু কলে যে, যোৱা কালি, তোমাক তোমাৰ বন্ধুৱে মিছা কথা কয় মাদক দ্রব্য খুৱালে, আৰু তুমিও আনন্দৰে খালা। কিন্তু এতিয়া পৰা তুমি তোমাৰ বন্ধুৰ কথাত ভুল নাযাবা আৰু মাদক দ্রব্যত হাত নিদিবা। তেতিয়া তৎক্ষনাত মৃদুলে, নিজৰ হাত এখন নবৌৱেকৰ মূৰত থলে, আৰু কলে, নবৌ, আপোনাৰ শপত, মই আৰু কেতিয়াও মদক হাত নলগাও। কেৱল, আপুনি যোৱা নিশাৰ ঘটনাৰ বাবে মোক ক্ষমা কৰি দিয়ক। নবৌৱেকে অলপ বেলেগ সুৰত কলে, মৃদুল, যেতিয়া তুমি, বেহোচ হৈ পৰি আছিলা, তেতিয়া মই তোমাৰ কিছুমান ফটো মাৰি ৰাখিছিলো। এতিয়া মই জীৱনত তোমাক কেতিয়াও ব্লাকমেইল কৰিব পাৰোঁ! আৰু এয়াই কয় নবৌৱেকে জোৰেৰে হাঁহি মাৰি দিলে। আৰু মৃদুলেও মিচিকিয়া হাঁহি মাৰি দিলে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
ভাল লাগিল ৷
ReplyDelete