নিশাৰ আন্ধাৰে থানাখন লাহে লাহে গিলিব ধৰিলে , শিয়াল কুকুৰৰ ৰাও চিঞৰ , বেঞ্চখনতে বহি শইকীয়া আৰু কেওতে কলমকতিয়াই আছিল ( Assamese Storyboard ), দুৱাৰখনেদি বাদুলী এজনী সোমাই আহিল .........শইকীয়া এইজনী কৰ পৰা আহিল.....,
: বাদুলীহে , সোমাল আৰু কেনেবাকৈ...
: ইমান দিনে সোমাবলৈ নাপালে , আজি কেনেকৈ সোমাল....., শইকীয়া কোনোবা আহিছে নেকি ...! দুৱাৰখন কোনে খোলা মেলা কৰি আছে...., শইকীয়াই ভালকৈ চালে , ...কি আচৰিত ! বতাহ-ধুমুহা নাই দুৱাৰখন কেনেকৈ বন্ধ হৈছে , বলাচোন কেওত....., এপাক চাই আহো...., ভয়ে ভয়ে দুয়ো বাহিৰলৈ ওলাই গল, কোনো নাই ,
....... মোৰ কিবা ভয়হে লাগিছে শইকীয়া , কেনেবাকৈ ভূত নহয়টো...,
: ভূত....! মেডামৰ আগত এইবোৰ কথা কলে ভালকৈ এসেকা দিব...., আজিকালি সেইবোৰ নাই...., হঠাৎ ঘটং কৈ শব্দ এটা কৰি দুৱাৰখন বন্ধ হৈ পৰিল...
: শইকীয়া নিশ্চয় কিবা এটা আছে , দুয়োটাই দুৱাৰখন খুলিবলৈ বহুত চেষ্টা কৰিলে , কিন্ত দুৱাৰখন খুলিব নোৱাৰিলে ,
: মোৰো কিবা ভয়হে লাগিছে কেওত...., এইবোৰ এই পাষণ্ড দুটাৰ কিবা চক্ৰান্তও হব পাৰে , থানাৰ পৰা পলাবলৈ , আমি অলপ সাৱধানে থাকিব লাগিব , কেনেবাকৈ পলাব লাগিলে দুয়োৰে চাকৰি গল ,
: শইকীয়া চিন্তা কৰিব নালাগে সিহঁত পলাব কেনি..দুৱাৰটো এখনেই , গতিকে আমি বাহিৰতে বহি থাকো ,
.......... ঘটনাবোৰ দেখি মৃণাল আৰু ৰাজুৰ ভয়তে অন্ত কন্ঠ শুকাই গৈছিল , ভয়ে ভয়ে দুয়ো দুৱাৰখনৰ ফালে চাই বহি থাকিল , চি.... চি.... শব্দ কৰি বাদুলিজনী আকৌ আহিল......, ল'কাপৰ ভিতৰত সোমাই সিহঁতৰ মূৰৰ ওপৰত ঘূৰিবলৈ ধৰিলে , দুৱাৰখনৰ দিশৰ পৰা কেঁচা তেজ এসোঁতা ক্ৰমে ক্ৰমে আগবাঢ়ি আহিবলৈ ধৰিলে , ৰাজু আৰু মৃণাল থৰ লাগি ঠিয় দি আছিল , মৃণাল.....
: কোন...?
হা:... হা:..... বিকত হাঁহি এটা মাৰি ছায়ামূৰ্তি এটা সিহঁতৰ সন্মুখত থিয় দিলে.....,
: হেল্প...., হেল্প....., প্ৰাণৰ ভয়ত দুয়োৱে চিঞৰিবলৈ ধৰিলে ,
: ভয় কৰিছ....! কোনো নাহে তহঁতক সহায় কৰিবলৈ , আৰু কিমান ছোৱালীৰ জীৱন ধ্বংস কৰিবি....? বৰ সাহস তহঁতৰ.., এতিয়া দেখুৱা তহঁতৰ বীৰত্ব...., গালে মূৰে ছায়ামূৰ্তিটোৱে থপৰিয়াবলৈ ধৰিলে .....,
শইকীয়া ইহঁতে কাৰ লগত কথা পাতি আছে , বৰ হুলস্থুল কৰি আছে দেখুন....,
: যি কৰে কৰক..., মই ইয়াৰ পৰা উঠাত নাই , তুমি যি কৰা কৰা ,
: মই নো কি কৰিম... ইয়াতে বহি থাকিম ,
দুয়ো মনে মনে বাৰাণ্ডাত বহি থাকিল , ভয়তে ৰাজুৱে কানীয়ে কাপোৰে সৰুপানী এৰিলে ,
........ভয় কৰিছ নেকি ৰাজু.....! ভয় নকৰিবি ...., মোক নিশ্চয় চিনিব পৰিছ..? মই মিতালি.....
: মি---তা-----লি ...., কিন্ত ই কেনেকৈ সম্ভৱ...
: মই বৰ অশান্তিত আছোঁ , তহঁতক উচিত শাস্তি নিদিয়ালৈকে মোৰ আত্মাই শান্তি নাপায় , গতিকে সঁচা কথাবোৰ মেডামক কৈ দে....,
: ....মিতা.... লি , মদৰ নিচাত কি হৈ গল একো গমেই নাপালোঁ...., আমাৰ ভুল হৈ গল মিতালি , ভয়তে ঠকঠককৈ কপিবলৈ ধৰিলে মৃণাল......
: আৰু কিমান ভুল কৰিবি তহঁতে , কিছুমান ভুলৰ ক্ষমা নাথাকে , কিমান অনুৰোধ কৰিছিলো তহঁতক ..! এবাৰো হৃদয় নগলিল..., মোৰ সকলো শেষ কৰি দিলি...., ( Assamese Storyboard )
কথাবোৰ কৈ ছায়ামূৰ্তিটো অদৃশ্য হৈ গৈছিল , দুৱাৰখনো নিজেই নিজেই মেল খাই গৈছিল...... ভূত.....! ভূত....! বুলি দুয়োটাই চিঞৰিবলৈ ধৰিলে , শইকীয়া আৰু কেওত দুয়ো ভয়ে ভয়ে থানাৰ ভিতৰলৈ সোমাই আহিল , ......পানী..., পানী এগিলাচ দিয়কচোন , বৰ পিয়াহ লাগিছে...., কপা কপা মাতেৰে ৰাজুৱে কলে....
শইকীয়াই দুয়োটাকে পানী দুগিলাচ আগবঢ়াই দিলে , ....কিয় ইমান চিঞৰ বাখৰ কৰি আছিলি..?
: ইয়াত কিবা এটা আছে ..., আমি নিজেই দেখিছোঁ , এটা ছায়ামূৰ্তি থিয় দি আছিল , দুৱাৰখনৰ দিশৰ পৰা তেজ বৈ আহিছিল .... নহয়নে মৃণাল....! তই নকওঁ কিয়....?
: কেওত ইহঁতৰ কথা শুনাচোন , থানাত বোলে কিবা এটা আছে ,
: বিশ্বাস কৰক আমি মিছা কোৱা নাই .., নিজ চকুৰে দেখিছোঁ....., ভয়ে ভয়ে মৃণালে কলে ,
: হব ...., এতিয়া মনে মনে শুই থাক...., কেওত চাহ দুকাপ বাকী আনা , মূৰটো বৰ টিংটিঙাই আছে ,
কেওতে চাহ কৰি আনে মানে শইকীয়া চকীখনতে অলপ দীঘল দিলে , কিৰিং কিৰিঙকৈ লেণ্ড ফোনটো বজাৰ শব্দ শুনি শইকীয়া উচপ খাই উঠিল , .......হেল্ল'....! হেল্ল'....
: ... শইকীয়া মই মেডামে কৈছোঁ , ইহঁতে কিবা গণ্ডগোল কৰিছে নেকি ,
: নাই মেডাম , সকলো ঠিকেই আছে , মাজতে ভূত ভূত বুলি চিঞৰিছিল...
: ভূত....?
: হয় মেডাম , কিবা ছায়ামূৰ্তি এটা দেখিছোঁ বুলি কৈছে ,
: সিহঁতৰ চলাহী কথাত ভুল নাযাবা , সাৰে থাকিবা , কেওত আছে নহয়....!
: আছে মেডাম...
: Ok... Good Night....
ভয় আৰু শঙ্কাৰ মাজতে ৰাতিটো পাৰ হৈ গৈছিল , পূবৰ আকাশত ৰাঙলী বেলি লাহে লাহে উঠি আহিছিল , খিৰিকীৰে ৰদৰ পোহৰ আহি ভিতৰ সোমাইছিল , নাকেৰে শব্দ কৰি কৰি ৰাজু আৰু মৃণাল শুই আছিল , কেৰেং মেৰেং কৰি কেওতে চকুহাল মোহাৰি এঙামূৰী এটা দি বাহিৰলৈ ওলাই গল....., ইফালে সিফালে অলপ ঘূৰি , চাহ একাপ খাই কেওত ঘৰলৈ গল , বাইকখন ৰখাই কনিষ্টবল তিদিপ সোমাই আহিল...., কি হে শইকীয়া দা , আজি শুয়ে থাকিব নেকি....? উঠক... উঠক .., আঠ বাজীবৰ হল ,
কোনৰকম চকুহাল মেলি ঘড়ীটোলৈ চালে আঠ বাজি দহ মিনিট পাৰ হৈ গল, বেঞ্চখনৰ কাপোৰ কানীবোৰ সামৰি আলমিৰাটোৰ ওপৰতে তুলি চাইকেলখন লৈ ঘৰলৈ বুলি ৰাওনা হল , তিদিপে ৰূমকেইটা ভালকৈ ঝাৰু দি পানী ছটিয়াই ভগৱানৰ ফটোখনৰ ওচৰত ধূপডাল জ্বলাই দিলে , মুখৰ ভিতৰতে কিবা ভোৰভোৰাই ৰত্নাকৰ সোমাই আহিল , ......কি হল অ' ৰত্নখুড়া .....,
: কি হব আৰু , বিয়া পাতিলেহে বুজুবি সংসাৰৰ জ্বালা কেনেকুৱা ,
: সেইকাৰণেইটো আমি বৰলা হৈ আছোঁ , বুইছে অকলশৰীয়া জীৱনেই ভাল , ৰাগো নাই জঞ্জালো নাই....,
: কিন্তু সময়ৰ কামবোৰ সময়মতে কৰাটো ভাল , বুঢ়া বয়সত বিয়া পাতি ছোৱালীজনীৰ তেজটোপা নাখাবি....,
: কিবা খং উঠিলে আজিয়ে লৈ আহিম বাপেকে...., কি বুলি ভাবিছে মোক...., তিনি চাৰি জনী ছোৱালী মোৰ পাছত পৰি আছে , মইহে....
: হ'ব , হ'ব...! এতিয়া নিজৰ কামত ধৰ...., মেডামৰ টেবুলখন অলপ ঠিক কৰি থ...., মেডাম অহাৰ সময় হৈ গল .... যা আকৌ.....,
ফাইলবোৰ ভালদৰে সামৰি কাপোৰ এখনেৰে টেবুলখন কোবাই থাকোঁতেই গহীন খোজেৰে মাধুৰী সোমাই আহিল , .... Good Morning মেডাম...
: মৰ্ণিং..., আজি থানালৈ নতুনকৈ Dsp এজন আহিব , সেয়ে মই অলপ সোনকালে আহিলোঁ , খাৰঘৰীয়া যিহেতু এতিয়া নাই সেয়ে তেওঁৰ টেবুলখনকে অলপ চাফা কৰি থোৱা....,
.........ক্ৰমশঃ
( বেটুপাটত অসমৰ আৰক্ষীৰ এগৰাকী দক্ষ বিৰাংগনা - বিস্মিতা লেখক )
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment