কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২১ ) ? Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Sunday, July 18, 2021

কি হব এইখন বিবাহৰ শেষ পৰিণতি ( খণ্ড - ২১ ) ? Assamese Storyboard

Assamese Storyboard

 

ৰাতিপুৱা যেতিয়া ৰিয়াৰ টোপনি ভাঙিল তাই ৰিংকুক কাষতে শুই থকা দেখা পালে। প্ৰথমে তাইৰ অলপ আচৰিত লাগিল কিন্তু পিছত তাইৰ মনত পৰিল কেনেকৈ তাই ৰাতি ৰিংকুৰ হাতখনত ধৰি শুই গৈছিল। তাই নিজৰ হাতখনৰ ফালে চাই দেখিলে এতিয়াও হাতখন ৰিংকুৰ হাতত ধৰি আছে। তাই এইয়া দেখি শৰীৰত এক আচৰিত অনুভূতি জাগি উঠিল।( Assamese Storyboard )

তাই লাহেকৈ ৰিংকুৰ হাতখন এৰি দিলে। তথাপিও ৰিংকুৰ টোপনি ভাঙিল," চ'ৰি চ'ৰি, ৰাতি কেতিয়া টোপনি গলো গমেই নাপালো আৰু মই ইয়াতেই শুই গলো।"

ৰিয়াই হাঁহি মাৰি কলে," কিন্তু মইনো কেতিয়া আপোনাক কিবা কলো যে আপুনি ইমান চ'ৰি কৈছে। বাৰু বাদ দিয়ক গুড মৰ্নিং।"

ৰিংকু: 'গুড মৰ্নিং ৱাইফী ' বুলি কৈ তাইৰ কপালত চুমা আঁকি দিলে।

ৰিয়াই তাক ঠেলা মাৰি দি কলে," মাত্ৰ এইটোৱেই মই ভাল নাপাওঁ, কথাই প্ৰতি চুমা খাই থাকে।"

ৰিংকুয়ে তাইৰ কথা শুনি হাঁহি দিলে আৰু উঠি লৈ কলে," বাৰু যোৱা ফ্ৰেচ হৈ লোৱা, মইও মোৰ ৰুমলৈ গৈ ফ্ৰেচ হওঁ।" বুলি কৈ সি নিজৰ ৰুমলৈ গুচি গল।

এতিয়া ৰিয়াই ভাবিব ধৰিলে যে তাই বাথৰূমলৈকে কেনেকৈ যাব। কিছুসময় পাছত তাইৰ ওচৰলৈ ৰিংকু আহিল আৰু তাইক এনেদৰে বহি থকা দেখি কলে,' তুমি এতিয়ালৈকে ইয়াতেই বহি আছা, ফ্ৰেচ হোৱা নাই।'

ৰিয়াই মোৰ তল কৰি দিয়াত ৰিংকুৰ তাইৰ দুখ পোৱাৰ কথা মনলৈ আহিল," চ'ৰি, মইতো পাহৰিয়েই গৈছিলো।" তাৰ পাছত সি তাইক কোলাত দাঙি বাথৰূমলৈকে লৈ গল,"হৈ গলে মোক মাত লগাবা ' আৰু ৰিয়াই ঠিক আছে বুলি কলে।


কিছুসময় পাছত তাই ফ্ৰেচ হৈ বাথৰূমৰ পৰা ওলাল আৰু ৰিংকুয়ে তাইক লাহেকৈ নি ঝুলনাত বহাই দিলে। বেদান্তইও তেতিয়ালৈকে কফি লৈ আহিল," হাই ৰিয়া গুড মৰ্নিং" 

ৰিয়া: গুড মৰ্নিং।

বেদান্ত: গুড মৰ্নিং দাদা, মই তোমালোকৰ বাবে কফি লৈ আহিছো।

কিছুসময় পাছত বেদান্ত কলেজলৈ যাবলৈ ৰেডি হবলৈ গুচি গল। ৰিয়াই ৰুমত বহি বহি আমনি পালে। তাই ৰিংকুক কোৱাত সি তাইক আনি হলত চ'ফাট বহাই দিলে আৰু তাইৰ ভৰিৰ তলত কুচন থৈ দিলে।

বেদান্তইও তাৰ ব্ৰেকফাষ্টৰ প্লেটখন আনি তাইৰ ওচৰত বহিল আৰু ৰিয়াক তাৰপৰাই খুৱাই দিলে।

বেদান্ত: দাদা মই ৰিয়াক খুৱাই দিম তুমিও ব্ৰেকফাষ্ট কৰি লোৱা।।

ৰিংকুয়ে এবাৰ সিহঁতক চালে আৰু সি ব্ৰেকফাষ্ট কৰিবলৈ গল। দাইনিং টেবুলত অমৰ আৰু কল্পনা আগৰ পৰাই বহি আছিল।

ৰিংকু: পাপা, মই ভাবিছো যেতিয়ালৈকে ৰিয়াৰ ভৰিখন ভাল হয় নাযায় মই অফিচৰ কামবোৰ ঘৰৰ পৰাই কৰিম।

অমৰ:  তুমি এইটো ভাল কথাই ভাবিছা। এতিয়া ৰিয়াক তোমাৰ প্ৰয়োজন আছে গতিকে তাইৰ ওচৰত থকাটো ভাল হব।

বেদান্ত: মই কলেজৰ পৰা অহাৰ পাছত তাইক সকলো নোটছ দি দিম। এনে কৰিলে তাইৰ পঢ়াও ক্ষতি নহয়।

আৰু সকলোৱে হাঁহিব ধৰিলে। কিছুসময় পাছত অমৰ অফিচৰ বাবে আৰু বেদান্ত কলেজলৈ ওলাই গল।

কল্পনা: ৰিংকু, ৰিয়াক ওপৰলৈ লৈ যোৱা তাই অলপ আৰাম কৰি লব।

ৰিংকু: ঠিক আছে মা

ৰিংকুয়ে তাইক ৰুমলৈ লৈ আহে।কিছুসময় পাছত তাৰ ফোনটো বাজিল,স্বাতিৰ নামটো দেখিয়েই তাই মুখ বেঁকা কৰিলে।

ৰিংকুয়ে ফোন উঠালে,"হেল্ল স্বাতি"

স্বাতি: হাই ৰিংকু, কেনে আছা তুমি?


ৰিংকু: মই ভালে আছোঁ।

স্বাতি: বাৰু ৰিংকু , আজি সন্ধিয়া আমি লগ পাব পাৰিম নেকি? মই তোমাৰ অফিছলৈকে যাম।

ৰিংকু: স্বাতি , আচলতে মই এতিয়া ঘৰৰ পৰাই অফিচৰ কাম কৰি আছো। যেতিয়ালৈকে ৰিয়া সম্পূৰ্ণ ঠিক হৈ নাযায় মই অফিচলৈ নাযাওঁ।

স্বাতি: ঠিক আছে কোনো কথা নাই, অৱশ্যে তোমালোকে ৰিয়াৰ বহুত যত্ন লোৱা তাই বৰ ভাগ্যবান।

ৰিংকুয়ে ৰিয়াৰ ফালে চাই কলে," আচলতে তাই আমাৰ বাবে ইমান বিশেষ হয়য়েই।" তাৰ পাছত ফোনটো ৰাখি দিলে।

ৰিয়া: সেই জেঠীজনীৰ ফোন আছিল?

ৰিংকুয়ে হাঁহি মাৰি কলে," হয়, তাইৰেই ফোন আছিল"

ৰিয়া: কি কৈ আছিল?

ৰিংকু: সন্ধিয়া কফিৰ বাবে মাতিছে।

ৰিয়া: তেন্তে আপুনি কি ভাবিলে?

ৰিংকু: কি বিষয়ে?

ৰিয়া: সন্ধিয়া কাৰ লগত কটাব? কফিৰ বাবে মতা গৰাকীৰ লগত নে কানফুলি জনীৰ লগত?

ৰিংকু: কি কলা এতিয়া তুমি?

ৰিয়া: সন্ধিয়া কাৰ লগত কটাব?

ৰিংকু: তাৰ পাছত

ৰিয়া: কফিৰ বাবে মতাজনীৰ লগত।

ৰিংকু: নহয়, তাৰ পাছত

ৰিয়া: কানফুলি পিন্ধা গৰাকীৰ লগত।

ৰিংকু: তেন্তে তুমি মোৰ কানফুলু পিন্ধা গৰাকীৰ কথা গম পোৱা।

ৰিয়া: হয়।



ৰিংকু:কিন্তু কেনেকৈ?

ৰিয়া: সেইদিনা মই ৰেষ্টুৰেণ্টলৈ উভতি আহিছিলো আপোনাৰ ওচৰত থাকিবলৈ, তেতিয়া নিহাৰক কৈ থকা শুনিছিলো।

ৰিংকু: তেন্তে কিয় ৰৈ নগলা সেইদিনা?

ৰিয়া: নাজানো।

ৰিংকুয়ে ৰিয়াৰ হাতত ধৰি তাইৰ চকুলৈ চাই কলে," বহুত যতনে ৰাখিছোঁ মই সেই কানফুলি জোৰ।"

ৰিয়া: আৰু মই বিচাৰি বিচাৰি নাপালোঁ। আপুনি যেতিয়া পালে মোক উভতাই কিয় নিদিলে?

ৰিংকু: কেনেকৈ দিম ? মোৰ প্ৰেমৰ প্ৰতীক যে আছিল।

ৰিয়াই ৰিংকুৰ চকুলৈ চালে।

ৰিংকু: তোমাক চাবৰ বাবেইটো এয়াৰপৰ্টৰ পৰা উভতি আহিছিলোঁ মিছা কথা কৈ। তুমিতো মোক খুন্দা মৰাৰ পাছত পলাই গলা। কিন্তু তোমাৰ কামফুলি মোৰ চাৰ্টত ফচি থাকি গল।

ৰিয়া: তেতিয়াৰ পৰা আপুনি মোক ভাল পায়?

ৰিংকু: নহয়, তাৰ পৰাও আগত।

ৰিয়া: এতিয়া আপুনি মিছা কৈছে।

ৰিংকু: নহয়, মই সঁচা কৈছোঁ, যেতিয়াৰ পৰা প্ৰেম মানে কি বুজিছো মাত্ৰ তোমাৰ চেহেৰা সন্মুখত আহিছে।

ৰিয়া: কিন্তু আপুনি তো তাৰ পাছত আৰু শিৱসাগৰলৈ অহাই নাছিল।

ৰিংকু: অ , কিন্তু মোৰো সেই মৰম লগা গোল মূল ৰিয়াক ভাল লাগিব ধৰিছিল।

ৰিয়া: সেইবাবে আপুনি বেদান্তক মোৰ লগত কাজিয়া নকৰিবলৈ বুজাইছিল।

ৰিংকু:  কি যে কৰে নহয়, কিমান যে আমনি কৰিছিল সি তোমাক। তোমাৰ কান্দি থকা চেহেৰাটো মোৰ ভাল লগা নাছিল সেইবাবে বুজাব লগা হৈছিল।

ৰিংকুয়ে তাইক সাৱটি ধৰিলে।


ৰিয়া: আপুনি কিয় নকলে?

ৰিংকু: মই ভাবিছিলোঁ যে তুমি আৰু বেদান্তই পৰস্পৰক পছন্দ কৰা। সেইবাবে মনৰ ভাবনাবোৰক মনতেই লুকুৱাই ৰাখিলো।

কথাষাৰ শুনি ৰিয়াৰ দুচকু সেমেকি উঠিল। তাই দুখ মনেৰে কলে," ইমান ভাল পায় যেতিয়া সেই  ভালপোৱাক বিশ্বাস কৰি এবাৰ মোৰ লগত কথা পাতি চাব লাগিছিল। বেদান্ত মোৰ আটাইতকৈ ভাল লগা বন্ধু। কিয় জানো সকলোৱে ভুল ধাৰণা লৈ পেলাই।"

ৰিংকু: অ, এইটো ভুলেইটো মই কৰিলো। হয়তো তেতিয়া মই তোমালোক দুয়োকে মোৰ মনৰ কথা কৈ দিয়া হলে আজি সকলো বেলেগ হল হয়।।

ৰিয়া: হয়তো সকলো ঠিক হল হয়।

ৰিংকুয়ে তাইৰ চকুলৈ দুষ্টামিৰ দৃষ্টিৰে চাই কলে," হয়তো কিয়? মইতো ভাবো যে আমি এতিয়ালৈকে মা-পাপা হলো হয় নতুবা ইয়াৰ ভাল খবৰ মা দেউতাক দিলোঁ হয়।"


ৰিয়াই লাজ কৰিলে," আপুনিও যে নহয় কিমান নিলাজ হৈ পৰিছে।" আৰু তাই তাৰ বুকুত মোৰ গুজি দিলে।


ইফালে স্বাতিয়ে ৰিংকুয়ে ৰিয়াৰ বাবে ঘৰত থাকি কাম কৰাৰ সিদ্ধান্তৰ বিষয়ে শুনি চিন্তাত পৰিল আৰু ৰাজুক ফোন কৰিলে," হেল্ল ৰাজু, মোক বেদান্ত আৰু ৰিয়াৰ কিছুমান ফটো লাগে। মই কি কব বিচাৰিছো তুমি বুজিছা নহয়?"

ৰাজু: হয় বা, মাত্ৰ ৰিয়াক আকৌ কলেজলৈ আহিব দিয়া।

 কলেজ শেষ হোৱাৰ পাছত উৰ্মিও বেদান্তৰ লগত ঘৰলৈ আহিল। তিনিউটাই লগ হৈ পৰীক্ষাৰ তৈয়াৰী কৰে আৰু ৰাতি বেদান্তই উৰ্মিক পুনৰ হোষ্টেলত গৈ থৈ আহে। এনেদৰে ১০ দিন পাৰ হল। ৰিয়াৰ ভৰিখনো ভাল হল। তাই আকৌ কলেজ যাব পৰা হল। পিছৰ সপ্তাহৰ পৰা সহতৰ পৰীক্ষা আৰম্ভ হল।

এই সময়ত ৰিয়া আৰু ৰিংকু আৰু কাষ চাপিল। কিন্তু উৰ্মিয়ে বাৰে বাৰে কোৱাৰ পাছতো ৰিয়াই ৰিংকুক এতিয়ালৈকে এইটো নকলে যে তাই তাক বিয়াৰ আগৰ পৰাই ভাল পাই আছিল।

স্বাতিয়ে এতিয়া সদায় কিবা নহয় কিবা অজুহাত দেখুৱাই ৰিংকুক লগ কৰিব ধৰিলে। প্ৰতি সন্ধিয়া তাই ৰিংকুক জোৰ কৰি কফিৰ বাবে লৈ যায়। পৰীক্ষাত ব্যস্ত থকাৰ বাবে ৰিয়াইও এইবোৰত বেছি গুৰুত্ব নিদিলে। তাতে আকৌ ৰাজুয়ে কলেজত ৰিয়া আৰু বেদান্তৰ ফটো সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে।( Assamese Storyboard )


তাৰ মাজতে উৰ্মিয়ে গম পালে যে ৰিয়াৰ এক্সিডেন্ট ৰাজুৰ বাবে হৈছিল। বেদান্তই খং কৰিলে কিন্তু ৰিয়াই তাক যেনেতেনে বুজালে যে 'এতিয়া পৰীক্ষা চলি আছে কিবা খেলিমেলি হৈ যাব, পৰীক্ষা শেষ হোৱাৰ পাছত দেখা যাব।'

পৰীক্ষা শেষ হোৱাৰ পাছত ফাইনেল য়েৰৰ লৰা ছোৱালীৰ বাবে বিদায় সভা পতা হৈছিল। তেওঁলোকক সাজ পৰিধান কৰিবলৈ দিলে লৰাক ফৰ্মেল চাৰ্ট আৰু পেন্ট আৰু ছোৱালীক ৰঙা নতুবা ক'লা শাৰী।

ৰিয়া ঘৰলৈ আহি চিন্তাত পৰিল।তাইৰ ওচৰত ৰঙা আৰু ক'লা ৰঙৰ কোনো শাৰী নাছিল। তাই চিন্তাত কল্পনাৰ কোলাত মূৰ থৈ মন বেয়া কৰিলে।

কল্পনা: কি হল মাজনী? ইমান চিন্তাত আছা যে।

 ৰিংকুয়ে কিবা কলে নেকি?

ৰিয়া: নহয় মা, কলেজত পৰহিলৈ বিদায় সভা আছে।

কল্পনা: তেন্তে যোৱা তুমি।

ৰিয়া: মা , তালৈ ৰঙা নতুবা ক'লা ৰঙৰ শাৰী পিন্ধি যাব কৈছে কিন্তু মোৰ ওচৰত এই দুটা ৰঙৰ শাৰীয়েই নাই।

কল্পনা: থাকিব নো কেনেকৈ? যেতিয়াৰ পৰা বিয়া হৈছে আজিলৈকে বজাৰ কৰিবলৈ গৈছা জানো? মই আৰু বেদানতই যি আনি দিলো মাত্ৰ সেয়াই পিন্ধা।

ৰিয়া: আৰু নো কি কৰিম? আপোনালোকে ইমানবোৰ আনি দিলে যে আজিলৈকে বজাৰলৈ যোৱাৰ প্ৰয়োজন নহল।

 তেতিয়া ৰিংকু অফিচৰ পৰা আহিল," আজি দুইজনি শাহু-বোৱাৰীৰ মাজত কি চলিছে?"

ৰিয়া: আপোনাৰ কিয় হিংসা হৈছে?

ৰিংকু: মা, তোমাৰ এনেকুৱা নালাগে নে যে আমাৰ ভাই ককাই দুটাতকৈ তুমি ৰিয়াক বেছি মৰম কৰা?

কল্পনা: মইতো মোৰ তিনিওতা সন্তানক সমানেই মৰম কৰো ।

 তেতিয়াই বেদান্ত আৰু উৰ্মিও তাত আহি পালে।

উৰ্মি: আৰু খুড়ী মই কত আছো? আপুনি মোক নিজৰ সন্তান বুলি নাভাবে ন?


কল্পনা: হব এতিয়া নাটক কৰিব নালাগে , তুমিও মোৰেই ছোৱালী।

কল্পনাইও উৰ্মিক বেদান্তৰ বাবে পছন্দ কৰিছিল।

ৰিয়া: উৰ্মি তুমি এতিয়া ইয়াত কি কৰিছা?

উৰ্মি: বাইদেউ,তোমাৰ ওচৰত শাৰী আছে কিন্তু মোৰ ওচৰত তো এখনো শাৰী নাই। সেইখন কিনিবলৈকে বজাৰলৈ যাওঁ। সেইবাবে তোমাক নিবলৈ আহিছোঁ। যোৱা সোনকালে ৰেডী হৈ আহিবা।

তেতিয়া কল্পনাই কলে,"ৰিয়াৰ ওচৰতো এইটো ৰঙৰ শাৰী নাই আমি এতিয়া এই বিষয়ে পাতি আছিলো।"

বেদান্ত: মইতো জানিছিলোয়েই, কেতিয়াবা বজাৰলৈ গলে হে। যেতিয়াই বজাৰলৈ যোৱাৰ কথা কওঁ মাত্ৰ এটাই উত্তৰ যে এতিয়া দৰকাৰ নাই। যোৱা, সোনকালে ৰেডী হোৱা।

ৰিংকু আচৰিত হল," সচাই আজিলৈকে মই ৰিয়াক বজাৰ কৰা দেখা নাই। ৰিয়া যোৱা ৰেডী হোৱা মইও যাম তোমাৰ লগত।"

চাৰিওতা চপিং ম'ললৈ গল । তালৈ গৈ উৰ্মিয়ে ৰিয়াক মহিলাৰ কাউণ্টাৰৰ ফালে লৈ গল। বেদান্তই নিজৰ কাপোৰ লবলৈ পুৰুষৰ কাউণ্টাৰত গল। কিছুসময় পাছত ৰিংকু আহি ৰিয়াৰ ওচৰত বহিল। তাৰ মাজতে উৰ্মিয়ে কলা ৰঙৰ শাৰী এখন নিজৰ বাবে পছন্দ কৰি বেদান্তক দেখুৱাবলৈ লৈ গল।

ৰিয়াই কোনখন শাৰী পছন্দ কৰিব বুজি পোৱা নাই। তাই যিখন পছন্দ কৰে ৰিংকুয়ে সেইখন কিবা নহয় কিবা কৈ ৰিজেক্ট কৰাই দিয়ে। শেষত তাই খঙত ৰিংকুকেই পছন্দ কৰিবলৈ কলে। তেতিয়া ৰিংকুয়ে চেলছ গাৰ্ল গৰাকীক মাতি নি বাহিৰত সজাই থোৱা ৰঙা ৰঙৰ নেটৰ শাৰীখন আনিবলৈ কলে। শাৰীখন বহুত মৰম লগা আছিল। কলা ৰঙৰ  পতি থকা আৰু প্লেন ৰঙা ৰঙৰ শাৰীখন ৰিয়াৰো বহুত পছন্দ হল।

তেতিয়া ৰিংকুৰ চকু আৰু এখন বেঙুনীয়া ৰঙৰ শাৰীত চকু পৰিল। সি মনে মনে সেইখনো লৈ ললে। বেদান্ত আৰু উৰ্মিয়েও বহুত বজাৰ কৰি আনিলে।

উৰ্মিয়ে যেতিয়া ৰিয়াৰ শাৰীখন দেখিলে তাই জঁপিয়াই উঠিল," ইমান ধুনীয়া শাৰীখন, এইখনটো তোমাৰ পছন্দ হবই নোৱাৰে। নিশ্চয় দাদাই পছন্দ কৰিছে।"ৰিয়া: হয়, ৰিংকুদাই পছন্দ কৰিছে।

উৰ্মি: সেইকাৰণে মই কৈছোঁ তুমি এইখন পছন্দ কৰিবই নোৱাৰা। বাৰু ইয়াৰ লগত মিলা খাৰু লব লাগিব।

ৰিয়া: অ।

উৰ্মি: বাৰু ব'লা সেইখন দোকানত খাৰু পাম। দুইজনি ওচৰতে থকা দোকানখনলৈ গল। বেদান্ত আৰু ৰিংকু খাবলৈ গল।

ৰিংকুয়ে দুইজনৰ বাবে কফি অৰ্ডাৰ কৰিলে আৰু তেতিয়া স্বাতি তালৈ আহিল।

স্বাতিয়ে ৰিংকুক দেখি তাৰ ওচৰলৈ আহিল," হাই ৰিংকু, হাই বেদান্ত তোমালোক ইয়াত।"

ৰিংকু: হাই স্বাতি, ৰিয়াৰ অলপ বজাৰ কৰিব লগা আছিল সেইবাবে আমি ইয়ালৈ আহিলো।

স্বাতি: কিন্তু ৰিয়াক দেখা নাই যে কত আছে তাই?

ৰিংকু: আহিছে চাগে তাই, অলপ বজাৰ বাকী আছিল তাইৰ।


তেতিয়া বেদান্তই কলে," দাদা, তোমালোকে কফি খোৱা, মই ইহঁতক চাই আহোঁ কিয় ইমান দেৰি কৰিছে।"

ৰিংকু: ঠিক আছে আৰু সোনকালে আহিবা।

বেদান্ত যোৱাৰ পাছত স্বাতিয়ে ৰিংকুক কলে,"বেদান্তই ৰিয়াৰ বহুত যত্ন লয়।"

ৰিংকু: উম।

স্বাতি: এতিয়া তো ইহঁতৰ কলেজ শেষ হল আগলৈ কি প্লেন আছে?

ৰিংকু: পাপাই বেদান্তক বিজনেছ মেনেজমেণ্টৰ পঢ়াৰ বাবে লণ্ডনলৈ পঠিয়াব বিচাৰে ।

স্বাতি: আৰু ৰিয়া?

ৰিংকু: এই বিষয়ে ৰিয়াৰ লগত একো কথা পতা হোৱা নাই। তাই যিদৰে বিচাৰিব আমিও আগলৈ তাকেই কৰিম।

স্বাতি: সেইটো কোৱা নাই, তোমালোকে বেদান্ত আৰু ৰিয়াৰ বিষয়ে কি ভাবিছা?মোৰটো দুইটাক একেলগত বৰ মৰম লাগে।


তেতিয়াই বেদান্ত আৰু ৰিয়া সোমাই আহিল আৰু উৰ্মিয়ে ফোনত কথা পাতি থকা কাৰণে পিছ পৰিল।

স্বাতিয়ে সিহঁত দুইটাক দেখি ৰিংকুৰ মন বহাবলৈ  কলে," ৱাহ!ইমান মৰম লগা জোৰা। ৰিংকু কিয় জানো তোমালোকে এইবোৰ নেদেখা।"

ৰিংকুয়েও সিহঁতৰ ফালে চালে। ৰিয়াই বেদান্তৰ হাতত ধৰি কিবা কথাত হাঁহি আছিল। বেদান্তইও হাঁহি হাঁহি তাইলৈ চাই আছিল। উৰ্মিও আহিল আৰু সিহঁত টেবুলৰ ওচৰত গৈ পালে।

ৰিয়াই স্বাতিক দেখি মুখ বেঁকা কৰিলে। স্বাতিয়ে ৰিয়াক দেখি মিচিকয়াই কলে," হাই ৰিয়া বহুত ফুৰ্তি যেন পাওঁ। বেদান্তই সকলো বজাৰ তোমাৰ পচন্দতেই কৰি দিলে যেন পাওঁ।"

ৰিয়া: হয়, সকলো বজাৰ মোৰ পচন্দতেই হল। তোমাৰ কফি ঠাণ্ডা হৈ গৈছে।

আৰু তাই ৰিংকুৰফালে চাই কলে,"ৰিংকুদা, মোৰ বহুত ভোক লাগিছে। কফিৰে মোৰ একো নহয়। মই কফি নহয় চাহ খাওঁ।"

বেদান্ত: ৰিয়া দাদাক কফি খাবলৈ দিয়া। মই সকলোৰে বাবে খোৱাৰ অৰ্ডাৰ দি আহোঁ।কিছুসময় পাছত স্বাতি গুচি গল আৰু উৰ্মিয়েও বেদান্তৰ ওচৰলৈ আহিল।

ৰিয়াই ৰিংকুক কলে," আপুনি দোকানলৈ কিয় নগল বেদান্তৰ লগত? মই আপোনাৰ বাবে ৰৈ আছিলো। আমাৰ ৰুমৰ বাবে কিবা দেখুৱাব লগা আছিল আপোনাক।

ৰিংকু: তোমাৰ পছন্দ আছিল যদি লৈ লব লাগিছিল।

ৰিয়া: আপুনি পাহৰি গল চাগে আমি কি সিদ্ধান্ত লৈছিলো যে আমাৰ ৰুমৰ বাবে দুইজনে মিলি বস্তু লম। মই অকলে কেনেকৈ লওঁ?

ৰিংকুয়ে হাঁহি কলে,"তোমাৰ জেঠীজনী আহিছিল যে ৰৈ দিলো।"

ৰিয়া: উম ঠিকেই, জেঠীৰ লগত কফি খাব লগা আছিল তো।

ৰিংকু: তুমি তাইক দেখিলে কিয় খং কৰা?

ৰিয়া: মই খং কৰিব নিবিচাৰো কিন্তু তাই যেতিয়া মোক অজিব চাৱনিৰে চাই মোৰ একদম ভাল নালাগে।

সৰু লৰা ছোৱালীৰ দৰে মুখ খন বেঁকা কৰি দিয়াত ৰিংকুৰ হাঁহি উঠিল।

ৰিংকু: জানানে, তাইতো মোক তোমাৰ আৰু বেদান্তৰ বিয়া কৰাবলৈ পৰামৰ্শ দি আছিল। তাই পাৰিলে আজিয়েই তোমালোকৰ বিয়া পাতি দিব।

ৰিয়া: তেন্তে আপুনি তাইক সকলো কৈ কিয় নিদিলে?

ৰিংকু: এতিয়া বাদ দিয়া, অহা সপ্তাহত আমাৰ বিবাহ বাৰ্ষিকিত সকলোৱে গম পাব যে তুমি মোৰ জীৱন হয়।

কথাখিনি কৈ সি ৰিয়াৰ চকুলৈ চাই হাঁহি দিলে। ৰিয়াইও লাজ কৰি চকু তল কৰিলে।

ৰেষ্টুৰেণ্ট খনত বাজি থকা গানটিয়ে দুয়োৰে মনৰ ভাব প্ৰকাশ কৰিলে

.........

.........

.........

..........

 এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in.Adharua.bibah


(ধাৰাবাহিক খন প্ৰতি বুধ,শুক্ৰ আৰু দেওঁবাৰে দিনৰ ঠিক ৪ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages