মা, ৰিহাৰ ঘৰটো আমাৰ ঘৰৰপৰা বেছি দূৰত নহয়। তথাপিটো ৰিহা ঘৰলৈ ইমান দিনৰ পাছত কিয় আহে!ডিম্পলে নিজৰ শাহুৱেক চেনেহীক সুধিলে।( Assamese Storyboard )
দৰাচলতে ডিম্পল বিয়া হৈ অহা আঠ মাহ হৈছিল। তাইৰ ননন্দ ৰিহা ডিম্পলৰ ঘৰৰ পৰা ১০মিনিট আঁতৰতে থাকিছিল। কিন্তু ডিম্পলৰ বিয়াৰ পৰা ৰিহা মাত্র দুবাৰহে ঘৰলৈ আহিছিল। এবাৰ কাতি বিহুত আৰু এবাৰ ৰিহাৰ দেউতাকৰ গা বেয়া হোৱাত।
মাজনী, ৰিহা এনেই নাহে! কিন্তু তুমি এনেকৈ কিয় সুধিছা ডিম্পল! শাহুমাক চেনেহীয়ে ডিম্পলক সুধিলে!
নহয় মা মানে, ৰিহা ইমান ওচৰতে থাকিও নাহে যে সেইবাবে মোৰ কিবা আচৰিত লাগে! সেইবাবে সুধিলো।
প্ৰথমে ৰিহাই, মাহটোত ১বাৰ ২বাৰ পাক মাৰি গৈছিল। কিন্তু এতিয়া মোৰ ছোৱালীজনীয়ে মোৰ এই ঘৰখনৰ বাটেই পাহৰি গল। কিন্তু ডিম্পল মাজনী, তাইও ঠিকে কৰিছে। কি দৰকাৰ এনে ঠাইলৈ অহাৰ, যত নিকি তাইৰ মান সন্মান পোৱা ঠাইত, ওলোটাই কথা শুনোৱা যায়। চেনেহীয়ে চকুত চকুলো লৈ কলে।
কিয় মা! অলি নবৌৱে, ৰিহাক মান সন্মান দিয়া নাছিল নি! ডিম্পলে শাহুৱেকক সুধিলে! কাৰণ অলি নবৌৰ ব্যৱহাৰ ডিম্পলে ভালদৰে জানিছিল।
ডিম্পল মাজনী, অলিয়ে যি কৰিছিল, ঠিক কৰিছিল। তুমি কাকোৱে একো নকবা। যি হল, যি হৈ আছে, সকলো ঠিক হৈছে। শাহুমাকে নিজৰ মনৰ বেদনা লুকুৱাই ৰিম্পলক কলে। কাৰণ শাহুমাকে বিচৰা নাছিল যে, ঘৰখনত কোনো ধৰণৰ কাজিয়া আৰম্ভ হোৱাটো।
ডিম্পলে জানিবলৈ বিচাৰিছিল কাৰণটো কি! সেইবাবে ডিম্পলে ৰিহাক ফোন কৰিলে। আৰু কলে যে, ৰিহা আজি আবেলিলৈ তুমি ঘৰলৈ আহা, মোৰ কণমানি জনীক চাবলৈ মন গৈছে।
আজি যাব নোৱাঁৰিম ডিম্পল বৌ, এতিয়া মোৰ বহুত কাম আছে। ৰিহাই এনে কয় ডিম্পলৰ কথাটো মনা কৰি দিলে। ডিম্পলে বুজি উঠিলে, নিশ্চয় কিবা কথা আছে, নহলেনো মাকৰ ঘৰৰপৰা ছোৱালীজনীক মাতি পথিয়ালে তাই কোনো কাৰণ নোহোৱাকৈ ঘৰলৈ আহিবলৈ মনা নকৰে! তাকো ইমান ওচৰতে থাকিও! ডিম্পলৰ কথাটো গণ্ডগুলীয়া লাগিল আৰু শাহুমাকৰ চকুলো বৈ অহা মুখলৈ মনত পৰিল। ডিম্পলে মনতে ভাৱিলে, মায়েটো কথাটো ভালদৰে নকয় আৰু ৰিহায়ো ঘৰলৈ আহিবলৈ মনা কৰি দিলে, এনে কৰোঁ আবেলি দ্বীপক(ৰিম্পলৰ স্বামী) সুধো। নিশাৰ খোৱাৰ পাছত যেতিয়া ডিম্পলে দ্বীপৰ লগতে কথা পাতিবলৈ সময় পালে, তেতিয়া ডিম্পলে কলে, দ্বীপ এটা কথা কোৱাচোন, এনে কি হৈছিল যাৰ বাবে ৰিহা নিজৰ ঘৰলৈ আহিবলৈ নিবিচাৰে! মই ৰিহালৈ ফোনো কৰিছিলো, কিন্তু ৰিহাই আহিবলৈ মনা কৰি দিলে।
ডিম্পল, ৰিহা ঘৰলৈ নাহিব। তাই কেৱল উৎসৱ পাৰ্ৱন হলেহে আহে, সেয়াও অতি প্ৰয়োজন হলেহে। নহলে তেতিয়াও নাহে। দ্বীপে, ৰিম্পলক কলে।
কিন্তু কিয়? এনে কি হল, ডিম্পলে দ্বীপক জোৰ কৰি সুধিলে। ডিম্পলে বাৰে বাৰে সুধাত দ্বীপে ৰিম্পলক কবলৈ বাধ্য হল,
ডিম্পল, দৰাচলতে যেতিয়া পৰা অলি নবৌ এই ঘৰলৈ আহিলে, তেতিয়া পৰাই ৰিহাই ঘৰলৈ অহাটো কম কৰি দিলে। কাৰণ যেতিয়াই ৰিহা ঘৰলৈ আহে, তেতিয়াই অলি নবৌৱে কিবা নহয় কিবা ঘৰত কাজিয়া আৰম্ভ কৰি দিয়ে।আজিলৈকে ৰিহাক ভালদৰে কিবাএটা বনাই খুৱাই নেপালে! কেৱল চাহ বিস্কুট দিয়ে আঁতৰি গৈছিল। ৰিহা ঘৰৰপৰা নোজোৱালৈকে নিজৰ কোঠাতে সুমাই থাকিছিল। আৰু লগতে মাক কয়, নিজৰ ছোৱালীজনীক সদায় সদায় নিজৰ ঘৰলৈ মাতি আনে। বোৱাৰীক হলে মাকৰ ঘৰলৈ যাবলৈ নিদিয়ে!
ক'তা মায়ে দেখুন মোক মাৰ ঘৰলৈ মানা নকৰে! কিন্তু নবৌয়ে এনে কিয় কলে যে, বোৱাৰীক মাকৰ ঘৰলৈ যাবলৈ নিদিয়ে বুলি! ৰিম্পলে দ্বীপক সুধিলে!
নবৌৰ মাকৰ ঘৰখনে নিজেই নবৌক কমকৈ ঘৰলৈ মাতে! মায়ে কিয় আকৌ নবৌক ঘৰলৈ যোৰ কৰি পথিয়াব? এই সকলোবোৰ নবৌয়ে ৰিহাৰ বাবে জানি বুজি কৰিছিল। এইবোৰ কাৰণতে ৰিহা ঘৰলৈ নহা হল। হব এতিয়া শুই যোৱা, এনে কৈয়ে দ্বীপ টুপনি গল। কিন্তু, ডিম্পলে এতিয়া কি কৰিব, তাকে ভাৱিবলৈ ধৰিলে। তিনিদিন মানৰ পাছত ডিম্পলে জেদ কৰি ৰিহাক ঘৰলৈ আহিবলৈ কলে। ডিম্পলে, ৰিহাৰ বাবে সকলোবোৰ ভালধৰণে আয়োজন কৰিলে। শাহুমাক আৰু ৰিহাক একেলগে পুৱাৰ আহাৰ খাবলৈ দিলে।ৰিহাক বহুতদিনৰ পাছত মাকৰ ঘৰখন ভাল লাগিছিল।।। ৰিহাৰ ইমান বেছিকৈ আলপেচান কৰা দেখা পায়, শাহুমাকৰ চকুলো বৈ আহিল। কিন্তু তেওঁৰ ডাঙৰ বোৱাৰী অলিৰ মুখ খন ফুলি এপাচি মান হল। কিন্তু অলিয়ে মুখেৰে মাত একোকে নিদিলে। ডিম্পলে জেদ ধৰি ৰিহাক ২দিন ঘৰত ৰখালে।। ( Assamese Storyboard )
প্লিজ ৰিহা, ২দিন ঘৰত থাকিযোৱা না। চোৱা লৰা ছোৱালী দুটাও কিমান সুখী হৈছে। নবৌয়েকৰ লৰাটো আৰু ৰিহাৰ ছোৱালী জনীলৈ চাই ডিম্পলে কলে।
যেতিয়াই অলিয়ে এই কথা গম পালে যে, ৰিহা আজি ইয়াত থাকিব, তেতিয়া অলিয়ে কবলৈ আৰম্ভ কৰি দিলে, শহুৰৰ ঘৰৰ পৰা আহি ইয়াত পৰি থাকে হি। কামৰ পৰা পলাই ফুৰে। দেউতাক আৰু ককায়েক হঁতৰ পাচার খাবলৈ আহে।
অলিৰ মুখৰপৰা এনে শব্দ শুনি, ডিম্পলে যত নবৌয়েকৰ লগতে পাকঘৰত কাম কৰি আছিল, তেতিয়া ডিম্পলে কলে, নবৌ, আপুনি ৰিহাৰ পৰা কি অসুবিধা পায়! তাইটো আপোনাক একোকে নকয়, সকলোৰে লগত ইমান মৰমেৰে থাকে, তথাপিটো আপুনি ৰিহাৰ লগত এনে ব্যৱহাৰ কিয় কৰে!
অ ডিম্পল, তুমি ৰিহাৰ ব্যৱহাৰ দেখা পোৱা নাই নি, কেনেকৈ মহাৰাণীৰ দৰে বহি আছে। যেতিয়াই আহে, ৰিহাৰ এই অভ্যাসৰ বাবেই ৰিহাক মাতিবলৈ মোৰ মন নাযায়। আৰু ওপৰৰ পৰা মাৰ অৰ্ডাৰ, জীয়েক আহিছে, এইটো বনোৱা, সেইটো বনোৱা, আৰু নিজে বহি লৈ কথা মাৰে।
খং কৰি অলিয়ে কলে। তাতে কি হল নবৌ! যদি তেওঁলোকে বহি লৈ কথা পাতিছে, পাতিবলৈ দিয়ক। কামটো আমিয়েই মিলিজুলি কৰিব লাগিব। নবৌ, ছোৱালীজনী নিজৰ মাকৰ ঘৰখনলৈ একেবাৰে থাকি যাবলৈ নাহে নহয়! কেৱল অলপ আনন্দ কৰিবলৈ, মাকৰ ঘৰখনক মৰম চেনেহ দিবলৈহে আহে। চাওঁকচোন মা কিমান সুখী হৈ পৰিছে, ৰিহা ঘৰলৈ আহিলত। নবৌয়েকক বুজাই লৈ ডিম্পলে কলে।
মাৰ ঘৰলৈটো আমিও যাওঁ। আমিওটো মাৰ লগত সমানে কাম কৰোঁ। ৰিহাৰ দৰে এনেদৰে আহি মহাৰাণীৰ দৰে বহি নাথাকোগৈ। নবৌয়েকে নিজৰ খংৰ জুইকুৰা দেখুৱাই লৈ কলে।।
অলিৰ মাকৰ ঘৰত তেওঁৰ নবৌয়েক নাছিল। সেইবাবে যেতিয়াই তেওঁ মাকৰ ঘৰলৈ যায়, অলিয়ে নিবিচাৰিলেও মাকৰ কামত সহায়তা কৰিব লগি হৈছিল। আৰু ইয়াত ৰিহাক আৰামাত মাকৰ সৈতে কথা পতা থকা দেখা পালে, অলিৰ বৰ খং উঠিছিল।
নবৌ, আপোনাৰ মাৰ ঘৰত নবৌ নাই বাবে, আপুনি আপোনাৰ মাৰ সহায়তা কৰে। হব পাৰে যেতিয়া আপুনি আৰু মই নাছিলো, তেতিয়া ৰিহায়ো মাৰ সহায়তা কৰিছিল। চাব, এতিয়া আপোনাক কিবা এটা দেখুৱাম। এক মিনিট ৰখিব।
তিয়ঁহ এটা আৰু কটাৰী এখন হাতত লৈ, ডিম্পলে কোঠালৈ গৈ ৰিহাক কলে, ৰিহা তুমি ইয়াতে মাৰ লগত কথা পাতি পাতি, এই তিয়হঁটো কাটি দিবা। মানে মই আৰু নবৌৱে পাকঘৰত বেলেগ কাম কৰি আছো। ৰিহাক কটাৰীখন দি ডিম্পলে কলে।
অ, ডিম্পল নবৌ মই কাটি দিম আৰু যেতিয়া তোমালোকে পুৰী বনাবলৈ আৰম্ভ কৰিবা, মোকো মাত দিবা। তেতিয়া আমি তিনিওৱে লগ হৈ বনালে, সোনকালে হৈ যাব।ৰিহাই কলে।
হব বাৰু , ডিম্পল পাকঘৰলৈ আহিল, আৰু নবৌৱেকক কলে, দেখিলা নবৌ, একেবাৰতে ললে ন! কটাৰী আৰু তিয়হঁটোক। ৰিহাই এবাৰলৈও নকৰোঁ বুলি নকলে। নবৌ আপুনি যদি, ৰিহা আৰু মাক কিবা কাম কৰিবলৈ নকলে, তেওঁলোকে কি দৰে যানিব! নে ওপৰৰ পৰা আকাশবাণী হব নি যে কোনটো কাম আধৰুৱা হৈ আছে। ডিম্পলে অলিক বুজাবলৈ চেষ্টা কৰিলে।
হয়, ডিম্পল, মই বুজিছো তুমি ঠিক কৈছা। আগতেও যেতিয়া মই পাকঘৰত কাম কৰি থাকো, তেতিয়াও ৰিহা পাকঘৰলৈ আহিছিল কাম কৰিবলৈ। কিন্তু তেতিয়া মইয়ে ৰিহাক কাম কৰিবলৈ বাধা দিছিলো, যাতে মায়ে বেয়া নাপায়। খংতে মই মাকো একো কৰিবলৈ নিদিছিলো। নিজেই সকলোবোৰ অকলে কৰিছিলো। যাৰ বাবে মই ভাগৰুৱা হৈ পৰিছিলো। আৰু কোনো কথা নোহোৱাকৈ খং কৰিছিলো। সচাঁকৈ ডিম্পল, তুমি মোক সকলোবোৰ ভালদৰে বুজাই দিলা। মই বৰ ভালপালো। নিজৰ ভুল স্বীকাৰ কৰি অলিয়ে কলে।
হওক তেওঁ মোৰ চেষ্টাই ফল দিলে, ভাল হল, সুখী হৈ ডিম্পলে কলে।
এতিয়া মই প্ৰতিটো উৎসৱতে ৰিহাক তোমাতকে আগত মই নিমন্ত্রণ দিম। অলিয়ে আনন্দ মনেৰে কলে।
নবৌ মই আপুনি নিমন্ত্রণ দিয়াৰ আগতে আহি যাম। ৰিহাই দুয়োৰে কথা শুনি লৈ কলে।
ৰিহা মোক ক্ষমা কৰি দিবা। ইমান বছৰে মই তোমাৰ লগত যি ব্যৱহাৰ কৰিলো। নিজৰ ভুল স্বীকাৰ কৰি অলিয়ে ৰিহাৰ আগত ক্ষমা বিচাৰিলে।
নহয় নবৌ আপুনি ক্ষমা নিবিচাৰিব। মই মোৰ মাৰ ঘৰখন পুনৰ ঘূৰাই পালো। সেইবাবে আপোনালোক দুয়োগৰাকীলৈ ধন্যবাদ জনালো। ঈশ্বৰে কৰক যেন, সকলোৱে এনেকুৱা নবৌয়েক পায়।
কিছু সময়ৰ পাছতে পাকঘৰৰ পৰা হাঁহিৰ খিলখিলনি মাত শুনা পায় মাক পাকঘৰলৈ আহিল আৰু তিনিওকে একেলগে হাঁহি থকা দেখা পায়, মনতে ডিম্পলক ধন্যবাদ জনালে। কাৰণ তেওঁ বুজিছিল যে এই সকলোবোৰ ডিম্পলৰ বাবে হল। সৰু বোৱাৰীয়েকৰ বুজি পোৱা শক্তিৰ বাবেই ৰিহাই তাইৰ হেৰাই যোৱা ঘৰখন পুনৰ ঘূৰাই পালে। এনে বুজি পোৱা শক্তি আমাৰ সকলোৰে থাকিব লাগে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment