এজন দেউতাকে বহু আদৰ মৰমেৰে নিজৰ ছোৱালীজনীক ডাঙৰ দীঘল কৰে।( Assamese Storyboard )
সৰ্বগুণ সম্পন্ন হোৱাত প্ৰাপ্তিৰ দেউতাকে তাইক বিয়া দি বিদায় জনালে। বিদায় সময়ত যেতিয়া প্ৰাপ্তিয়ে দেউতাকৰ আৰ্শীবাদ ললে, তেতিয়া জীয়েকক আৰ্শীবাদ দি প্ৰাপ্তিৰ দেউতাকে কলে, মাজনী, আমাৰ নিয়ম শহুৰৰ ঘৰত নচলিব। তাৰ নীতি নিয়ম বেলেগ হব। সেইবাবে শহুৰৰ ঘৰলে গৈ জ্যেষ্ঠ জনৰপৰা সকলো শিকি লবা। প্ৰাপ্তি যেতিয়া বোৱাৰী হৈ শহুৰৰ ঘৰ গৈ পালেগৈ, তেতিয়া প্ৰাপ্তিয়ে দেখা পালে তাইৰ নতুন ঘৰখনত প্ৰাপ্তিৰ স্বামীৰ বাহিৰে শাহুৱেক, শহুৱেক, আৰু এগৰাকী আইতা শাহু আছিল।
নতুন ঘৰখনত প্ৰাপ্তিৰ কিছু দিন যোৱা পাছত তাই দেখা পালে যে, ঘৰখনত আইতা শাহুৰৰ বহু অপমান আৰু তিৰষ্কাৰ কৰা হৈছে। অপমানৰ সীমা তেতিয়া পাৰ হৈছিল যেতিয়া প্ৰাপ্তিৰ শাহুৱেকে আইতা শাহুক ঠেলা মাৰি দিছিল, গালি শপনি পাৰিছিল আৰু খাবলেও ভালদৰে একো নিদিছিল। প্ৰাপ্তিৰ এই সকলোবোৰ দেখা পায় বৰ দুখ লাগিল। তেতিয়া প্ৰাপ্তিৰ মাক দেউতাকে দিয়া সংস্কাৰৰ কথা মনত পৰিল। প্ৰাপ্তিৰ, আইতা শাহু ওপৰত বৰ দয়া উপজিল। তাই ভাৱিলে ঘৰখনত ডাঙৰ বৃদ্ধজনৰ তিৰষ্কাৰ হলে, ঘৰখন নৰকলৈ পৰিণত হয়। মই মোৰ আইতা শাহু বাবে কিবা এটা কৰিব লাগিব। প্ৰাপ্তিয়ে ভাৱিলে তাই যদি শাহুমাক বুজাই তেতিয়া শাহুমাকে তাইৰ ওপৰত এনে ব্যৱহাৰে কৰিব। তাই নিজে নিজৰ আইতা শাহুৰ সেৱা কৰা কথা ভাৱিলে। এতিয়া তাই সদায়ে ঘৰৰ সকলো কাম কৰি আইতা শাহু ওচৰত বহিছিল আৰু তেওঁৰ গা পিটিকি দিছিল। কিছু দিনৰ পাছত প্ৰাপ্তিৰ শাহুৱেকৰ তাই এনেদৰে আইতা শাহুৱেকৰ ওচৰত বহা তথা তেওঁৰ সেৱা কৰাটো ভাল নেদেখিলে।
এদিন প্ৰাপ্তিৰ শাহুৱেকে তাইক মাতিলে আৰু কলে, বোৱাৰী তুমি ঘৰৰ সকলো কাম এৰি আইতা ওচৰত কিয় বহি থাকাগৈ?
প্ৰাপ্তিয়ে জানিছিল, এদিন নহয় এদিন তাইৰ শাহুৱেকে, এই প্ৰশ্ন তাইক নিশ্চয় কৰিব! প্ৰাপ্তিয়ে কলে, মা মই ঘৰখনৰ সকলো কাম কৰিলো। আৰু তাৰ মাজতো যদি কিবা কাম থাকি গল, তেতিয়া হলে মোক কব। কামটো একো বাকী নাই।
কিন্তু দিনটো আইতা ওচৰত বহি থকাটো ঠিক কথা নহয়।
প্ৰাপ্তিয়ে, শাহুৱেকৰ কথা খিনি মনোযোগেৰে শুনিলে আৰু কলে, মা, মোৰ দেউতাই সদায়ে এয়াই শিকাই যে, ডেকা গাভৰুৰ মাজত কেতিয়াও নবহিবা। যদি জীৱনত কিবা শিক্ষা লবলগীয়া আছে, তেতিয়া হলে ঘৰখনৰ ডাঙৰ বৃদ্ধজনৰ ওচৰত বহিবা। আমাৰ ঘৰখনত সকলোতকে ডাঙৰ আইতাই হয়, সেইবাবে মই তেওঁৰ ওচৰতে বহো।দেউতাই মোক বিদায় দিয়া সময়তো কৈছিল, মাজনী, এতিয়া সেয়াই তোমাৰ ঘৰ আৰু তাৰে নীতি নিয়ম মানি চলিব লাগিব। সেইবাবে মই ঘৰৰ ৰীতি নিয়মৰ কথা আইতাক সুধো যে, মোৰ শাহুমায়ে আপোনাৰ কি দৰে সেৱা কৰে।যাতে মইও পাচলৈ আপোনাক তেনে সেৱায়ে কৰিব পাৰো।
প্ৰাপ্তিৰ শাহুৱেকে যেতিয়া এই কথা শুনিলে, তেতিয়া অলপ ভয় খায় সুধিলে, বুঢ়ীয়ে কি কলে তোমাক মোৰ বিষয়ে!
প্ৰাপ্তিয়ে বহু চতুৰ বুদ্ধিৰে শালীনতাৰে উত্তৰ দিলে যে, মা, আইতাই কলে যে, প্ৰাপ্তি…তোৰ শাহুৱে যিদিনা মোক গালি শপনি নিদিয়ে, মোক গতিয়া গতি নকৰে, সেই দিনটোতহে তাই মোক সেৱা কৰা যেন অনুভৱ হয়।নহলে আৰু দেখিচয়ে নহয় তুৰ শাহুৱে প্ৰতিদিনে মোক কৰা সেৱা সমূহ।
প্ৰাপ্তিৰ কথা শুনি শাহুৱেকে কলে, কি তুমিও মোৰ লগত এনে কৰিবা!
প্ৰাপ্তিয়ে, শাহুৱেকৰ এই প্ৰশ্নলৈ অপেক্ষা কৰিছিল। প্ৰাপ্তিয়ে কলে, মা মোক দেউতাই ঘৰখনৰ ডাঙৰৰ পৰা ঘৰখনৰ নীতি নিয়ম শিকিবলৈ কৈছিল। যদি ঘৰখনৰ নীতি নিয়ম ঘৰখনৰ ডাঙৰ লোকৰ অপমান কৰা হয়, তেতিয়া হলে মইও সেই নীতি নিয়মকে শিকিবলৈ লাগিব।
প্ৰাপ্তিৰ কথা শুনি শাহুৱেকৰ এতিয়া ভৱিষ্যতৰ কথা লৈ চিন্তিত হব ধৰিলে। শাহুৱেকে ভাৱিলে, মই যেনেকুৱা ব্যৱহাৰ মোৰ শাহুমা লগত কৰোঁ, তাকে প্ৰাপ্তিয়ে শিকিব। আৰু তাইয়ো মোৰ লগত তেনে ব্যৱহাৰে কৰিব। শাহুৱেকে এতিয়া সেই কথাকে লৈ চিন্তিত হৈ পৰিল। পাছদিনাই প্ৰাপ্তিয়ে কাগজৰ প্লেট আনি ঘৰৰ এটা কোণত আনি ৰাখিলে। ঘৰৰ কোণত ইমানবোৰ কাগজৰ প্লেট দেখা পায় শাহুৱেকে প্ৰাপ্তিক ইমানবোৰ কাগজৰ প্লেট অনাৰ কাৰণ সুধিলে!
প্ৰাপ্তিয়ে, বিনম্ৰতাৰে কলে, মা আপুনি আইতাক কাগজৰ প্লেটতে ভাত দিয়ে। মই ভাৱিলো, পাছত কাগজৰ প্লেট পাবলৈ অসুবিধা হলে, সেইবাবে মই এতিয়াৰপৰাই আপোনালৈ কাগজৰ প্লেট গোটাই ৰাখিছো।
প্ৰাপ্তিৰ কথা শুনি শাহুৱেকে ভয় খায় সুধিলে, তুমি মোক কাগজৰ প্লেটত খাবলৈ দিবা নি?
প্ৰাপ্তিয়ে কলে, মা মোৰ দেউতাই কৈছিল, ইয়াৰ নীতি নিয়ম তাত নচলিব। তাৰ নীতি নিয়ম বেলেগ হব। আৰু ইয়াৰ নীতি নিয়ম যি এতিয়া মই তাকে কৰিব লাগিব।( Assamese Storyboard )
প্ৰাপ্তিৰ কথা শুনি শাহুৱেকে কলে, ইয়াৰ নীতি নীয়ম বেছি নাই। এতিয়া আইতা শাহুক কাঁহীত আহাৰ দিবা। প্ৰাপ্তিয়ে শাহুৱেকৰ কথা শুনি বহু সুখী হল। প্ৰাপ্তিৰ জ্ঞানৰ বাবে এতিয়া আইতাকে কাঁহীত ভাত খাবলৈ পালে। প্ৰাপ্তিয়ে পাছদিনা দেখা পালে যে, ঘৰৰ সকলোৱে আহাৰ খোৱা পাছত বাকী থকা কিছু আহাৰ আইতাকক দিয়া হৈছিল । প্ৰাপ্তিয়ে সেই আহাৰক ভালদৰে চাই ৰল। প্ৰাপ্তিয়ে এনেদৰে আহাৰলৈ চাই ৰোৱাত প্ৰাপ্তিৰ শাহুৱেকে সুধিলে, বোৱাৰী, কি চাইছা!
প্ৰাপ্তিয়ে কলে, শিকি লৈছো, ঘৰখনত বৃদ্ধ লোকক কি আহাৰ দিয়া হয়। প্ৰাপ্তিৰ কথা শুনি শাহুৱেকে ভয় খায় কলে, মাজনী, এয়া কোনো ঘৰৰ নিয়ম নহয়। কাইলৈ পৰা তুমি আইতাক প্ৰথমে আহাৰ দিবা।
পাছদিনা পৰাই আইতাকে ভাল ভাল খাদ্য পাবলৈ ধৰিলে। লাহে লাহে প্ৰাপ্তিয়ে শাহুৱেকৰ সকলো বেয়া অভ্যাস সলনি কৰি পেলালে। যদি বোৱাৰীয়েকে শাহুৱেকক উপদেশ দিয়া হলে যে, তেওঁ বৃদ্ধ লোকৰ লগত এনে ব্যৱহাৰ কৰিব নাপায়, তেতিয়া শাহুৱেকে প্ৰাপ্তিৰ কথা কেতিয়াও মানি নললে হয়। সেইবাবে আজিৰ দিনত উপদেশ দিয়াৰ সলনি নিজৰ আচৰণক সলনি কৰিব লাগে । সেইবাবে কোৱা হয়, কথাৰে প্ৰভাৱ নপৰে। আচৰণৰ প্ৰভাৱ হে পৰে।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
No comments:
Post a Comment