এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ১৯ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 30, 2021

এগৰাকী বেশ্যাৰ হত্যাকাণ্ডৰ ৰহস্য ( খণ্ড ১৯ ) : Assamese Storyboard

Assamese Storyboard

 

ইতিমধ্যে খাৰঘৰীয়া আৰু ৰূপালী দত্ত ই যিমান পাৰে সিমান সোনকালেই এখন ডায়েৰী প্ৰস্তুত কৰি উলিয়ালে । সেইখন হ'ল ৰাধিকা ৰ ডায়েৰী ( Assamese Storyboard )।‌ ভাগৱতী এতিয়া মুক্ত । বহুত চিন্তা ত পৰিছিল ভাগৱতীয়ে । একো নভৱা নিচিন্তাকৈ কৰা সিদ্ধান্ত ই এতিয়া ই বিপদত পেলালে হৈ ভাগৱতী ক । কিন্তু আজি একমাত্ৰ খাৰঘৰীয়া ৰ কাৰনে ভাগৱতী উক্ত বিপদৰ পৰা বাছিলে । এই কেছটো শেষ হোৱাৰ পাছত ভাগৱতী ৰ আৰু কিহৰ চিন্তা । ৰূপালী নিচিনা সুন্দৰী নাৰী এজনীৰ লগত প্ৰতিটো দিন মনৰ হেঁপাহ পূৰণ কৰিব ।


               বৰুৱাই নিজৰ কৰ্তব্য সামৰি আহি বিছনা খনতে পৰি কিতাপ এখন মেলিছে । আচলতে বৰুৱাৰ কিতাপ পঢ়াৰ চখ পঢ়া কালিৰ পৰাই আছে ।‌ " মোৰ হৃদয় এখন যুদ্ধ ক্ষেত্ৰ "  হোমেন বৰগোহাঞি ছাৰৰ আত্ম জীৱনী মূলক গ্ৰন্থ খন পঢ়ি আছিলে বৰুৱাই । তেনেতে বৰুৱা ৰ ফোন টো বাজি উঠিল । ডিজিপি গুস্বামীৰ ফোন ।


- hellow sir

- congratulation mr. Baruah

- but why sir

- because you proved today that you didn't ask for money from anyone .

- thak you sir

- we are happy that you proved thise allegation to be false as directed by our department .

- today I am happy sir . Thise is because the stains on the clothes proved to be artificial stains .

- Growing up . Always work like thise .

- thank you so much sir .

- always welcome mr. Baruah bye

- bye sir .


              বৰুৱা আজি বহুত সুখী । যি ডিজিপি ছাৰে এদিন বৰুৱা ক ধমক দিছিলে । উক্ত কথাতে আজি ডিজিপি ছাৰে বৰুৱা ক অভিনন্দন জনাইছে । এই ক্ষেত্ৰত কিন্তু বৰুৱা ক সহায় কৰিছিল কাবেৰী য়ে ।


              আজি নিয়ৰৰ মাকৰ শ্ৰাদ্ধ । কিন্তু নিজ পুত্ৰ আজি সেই শ্ৰাদ্ধত উপস্থিত নাই । কিন্তু নিয়ৰ ৰ ঠাইত আজি সেই শ্ৰাদ্ধ ত উপস্থিত হৈছে কাবেৰী । ব্ৰাহ্মন ৰ মুখে মুখে মন্ত্ৰ জপ কৰি শ্ৰাদ্ধ ৰ নিয়ম বোৰ কৰি আছিল নিয়ৰ ৰ দেউতাকে ।‌ কাবেৰী য়ে লক্ষ্য কৰিছিল মনমোহন ছাৰৰ মুখ খনৰ ৰং সলনি হৈছে । বগা কৈ ধুনীয়া মানুহ জনৰ হাহি থকা মুখ খন বিবৰ্ণ হৈছিল ।  হয়টো মানুহ জনে আজি চিঞৰি কান্দিব বিচাৰি ও কান্দিব পৰা নাই । ওলাই অহা কান্দোন যেতিয়া হেচি ধৰা হয় তেতিয়া বহুত কষ্ট হয় । মানুহ জনী গলগৈ , একমাত্ৰ ল'ৰা আজি লক আপত । সুখৰ সংসাৰ খন গৈ ধূসৰ হ'ল । মানুহ ৰে ভৰা ঘৰ খন গৈ মৰুভূমি হ'ল । মৰুভূমি ৰ মাজত আজি এজন অসহায় জীয়া মানুহ । কিছু সময় পাছত শ্ৰাদ্ধ ৰ কাম কাজ খিনি শেষ হৈছিল । মাষ্টৰে বহাৰ পৰা উঠিছিল । কাবেৰী বাৰান্দা খনৰ এচুকত বহি আছিল । তেনেতে মাষ্টৰৰ চকুত পৰিল কাবেৰী ক ।


- কাবেৰী কেতিয়া আহিলা ?

- অকনমান সময় হ'ল ছাৰ ।

- আমাৰ সি !

- নিয়ৰ আছে ছাৰ । সিহঁতৰ কেছ ক'ৰ্টত তিব্ৰ গতিত চলিছে । আৰু কেইদিন মানৰ পাছতে নিয়ৰে নিৰ্দোষী প্ৰমান হৈ ঘৰলৈ আহিব পাৰিব ছাৰ ।

- এৰা , সেই বিশ্বাস মোৰ আছে কাবেৰী । মই জানো মোৰ লৰাই কাৰো অপকাৰ কৰিব নোৱাৰে । এয়া মোৰ অহংকাৰ, গৌৰৱ নহয় । এয়া মোৰ ল'ৰা ৰ প্ৰতি থকা বিশ্বাস ।

- হয়, ছাৰ নিয়ৰ কেতিয়াও হত্যাকাৰী হ'ব নোৱাৰে ।

- কিন্তু আজি দুখ লাগিছে কাবেৰী । মাকৰ শ্ৰাদ্ধ ত একামাত্ৰ ল'ৰা টো পিণ্ড কন ও দিব নোৱাৰিলে । দহ মাহ দহ দিন গৰ্ভত ৰাখি প্ৰসব বেদনাত চতফটাই জন্ম দিয়া সন্তান টো আজি মাকৰ শ্ৰাদ্ধৰ দিনাও লক আপৰ ভিতৰত ।

- ছাৰ দুখ নকৰিব । নিয়ৰ ওলাই আহি সদায় মাকৰ স্মৃতিক জীয়াই ৰাখিব ।

- এখন মৰমৰ ঘৰ । সুখৰ চাচ্ছন্দ্যত নাছি থকা ঘৰ খন আজি কেবল আন্ধাৰ । কোলাহল পূৰ্ণ ঘৰখনত এতিয়া বহে মৌনতাৰ সভা । মই ভাগি নপৰো কাবেৰী , মই হতাশ নহওঁ । যদি মই হতাশ তেন্তে মই হ'ম এজন পৰাজিত পিতৃ । 

- ছাৰ মই দেৰি নকৰোঁ । মই আজিয়ে যাম গৈ । কিন্তু মোৰ সৰু অনুৰোধ এটা আছে ছাৰ ।

- সৰু অনুৰোধ ! কোৱা কাবেৰী ।

- মই আপোনাক মোৰ ঘৰলৈ লৈ যাৱ বিচাৰোঁ । আপুনি ইয়াত অকলে অকলে থাকিব নালাগে ছাৰ ।

- কথাষাৰ শুনি মই সচাকৈ সন্তোষ পালোঁ কাবেৰী ।  কিন্তু মই তোমাৰ অনুৰোধ টি ৰক্ষা কৰিব নোৱাৰিম কাবেৰী ।

- কিন্তু কিয় ছাৰ ?

- কাৰন এই খন ঘৰত মোৰ বাহিৰে আৰু এজনী আছে ।

- আৰু এজনী !

- এৰা নিয়ৰ ৰ মাক । কিন্তু বৰ্তমান তেওঁ অদৃশ্য মানৱ । কিন্তু মই জানো কাবেৰী তেওঁ মোক এৰি যাব নোৱাৰে । তেওঁ মোৰ ওচৰতে আছে । গতিকে তেওঁ ক এৰি মই জানো তোমাৰ লগত যাৱ পাৰিম কাবেৰী ? তেওঁ মোক হাহিব । তেওঁ কব মোৰ মানুহ জনৰ মোৰ প্ৰতি এয়াই মৰম আছিল ।

- মই বুজিছো ছাৰ । কিন্তু আপুনি সময় মতে খোৱা বোৱা কৰিব । কথাবোৰ ভাৱি টোপনি ক্ষতি নকৰিব । 

- হ'ব কাবেৰী । তুমি মাত্ৰ এটা কাম কৰা । এয়া নিৰ্মালি । এইখেনি তুমি নিয়ৰক দিবা । তাক কবা যে ইয়াত তোমাৰ মাৰৰ আশীৰ্বাদ আছে । আৰু তোমাৰ দুৰ্ভগীয়া পিতৃ য়ে তোৰ বাবে ৰৈ আছে । 


                মানুহ জনৰ চলচলীয়া চকু দুটা দেখি কাবেৰী ৰ  আৰু একো কবলৈ সাহস নহল । তাই মাষ্টৰৰ ভৰি চুই আশীৰ্বাদ লৈ তাৰ পৰা গুছি আহিলে ।


           বৰ্মনে আবেলি থানাৰ চৌহদৰ ফুল ৰ পুলি কেইজোপাত পানী দি আছিল । তেনেতে আহমেদে অকলে বৰ্মনক দেখি সুধিলে ।


- কিহে বৰ্মন দা । কালি অলপ বেছি হ'ল যেন পাইছোঁ ।

ইতিমধ্যে সেই কথা খিনি বৰ্মনে ও উপলব্ধি কৰিছিল । কাৰন ৰাতিপুৱা বৰ্মনৰ মূৰটো খুব বিষাইছিল । চকু কেইটাৰে ও ধুৱলি কুৱলি দেখিছিল । বৰ্মনে ইফালে সিফালে চাই আহমেদ ক ওচৰলৈ ইংগিতেৰে মাতিছিল ।( Assamese Storyboard )

- হেৰা, সচাই কালি বেছি হ'ল হে । বেছি কিবা গণ্ডগোল কৰিলোঁ নেকি ?

- গণ্ডগোল মানে সাংঘাটিক গণ্ডগোল।

- কি কৰিলোঁ কোৱাছোন ! মোৰ হ'লে একো মনত নাই ।

- আপুনি কালি পাণ্ডৱ পক্ষ এৰি কৌৰৱ পক্ষত লগ লাগিল যে ! শুকুনিৰ চৰিত্ৰ লৈছে আপুনি ।

- হেই ! কি কোৱা ! 

- বাপৰে ভাগৱতী ছাৰ জিন্দাবাদ । 

- নাই কোৱা নেকি ?

- শুনক এটুপি ৰঙা পানী পায় , দুটুকুৰা মাংস পায় মানুহে নিজস্ব পাহৰি যাৱ নালাগে । আচলতে আপোনাৰ চৰিত্ৰ দেখা কালি আমাৰে ঘৃনা লাগিছে ।

- আচলতে মোৰ কি হৈ গ'ল নিজে নাজানিলো ।

- আপুনি এতিয়া অপৰাধী ৰ পক্ষত । এনেকুৱা হ'লে এদিন যে আপোনাৰ ও চাকৰি যাৱ সেয়া খাটাং । মনত ৰাখিব আমি হলো সাধাৰণ কনিষ্টবল । গতিকে আমি ডাঙৰ ডাঙৰ পুলিচ বিষয়াৰ লগত মানদণ্ড বজাই ৰাখিব লাগিব ।

- আহমেদ মোক ক্ষমা কৰি দিয়া তোমালোকে । মই মোৰ আদৰ্শ একে ৰাখিম । মই সলনি নহও ।

- ভাল কথা । সদায় নিজকে পাহৰি নাযাৱ ।


           আহমেদে ভিতৰলৈ সোমায় গ'ল । বৰ্মনে শিল পৰা কপৌৰ দৰে হ'ল । চেহ , এটুপি মদৰ লোভত কিমান ডাঙৰ ভুল কৰি পেলাইছে বৰ্মনে । ভাগৱতীৰ নিচিনা অফিচাৰ ক সমৰ্থন কৰিছে । তেনেতে কাবেৰী আহিল থানা লৈ । কাবেৰী য়ে দেখিলে বৰ্মনে থিয় হৈ কিবা চিন্তা কৰি আছে ।


- বৰ্মন দা 

কাবেৰী ৰ মাতত বৰ্মনৰ সম্বিত ঘূৰি আহিল ।

- অহ , বাইদেউ !

সন্মুখত কাবেৰী ক দেখি বৰ্মনে ভয়ে খালে ।

- কি চিন্তা কৰি আছিলে ?

- নাই ,,, নাই  এনেই আকাশ খন চাই আছিলোঁ । নীলা আকাশ মোৰ খুব ভাল লাগে ।

- কিন্তু বৰ্মন দা আজিৰ আকাশ খন ভাৱৰীয়া হে !

- নহয় নীলা নীলা আকাশ , আজি বৰ ধুনীয়া লাগিছে আকাশ খন ।

- আপুনি এবাৰ ওপৰলৈ চাওক চোন !


              বৰ্মনে ওপৰলৈ চালে । অ হয়টো আজি আকাশ খন সম্পূৰ্ণ ভাৱৰীয়া । মেঘে ধাকি ৰখা আকাশ খনক বৰ্মনে নীলা আকাশ বুলি কৈছে । চেহ: এতিয়া কি ক'ব বাৰু কাবেৰী ক !


- হয় , এতিয়া ডাৱৰ আহিলে । কিন্তু মই যেতিয়া চাই আছিলোঁ তেতিয়া নীলা আকাশ আছিলে ।

- হয় বৰ্মন দা , আকাশ খন ক্ৰিকেট গ্ৰাউণ্ড হে । বৰষুণ দিলে যে তিৰপাল খন পাৰি দিয়ে । আকৌ বৰষুণ এৰিলে যে লগে লগে গুছাই দিয়ে ।

কাবেৰী য়ে কথাষাৰ হাহি হাহি কৈছিল ।


          বৰ্মনে লাজ হে পালে । এই অধিবক্তা বোৰৰ আগত কথা কোৱাত কৈ নোকোৱা হে ভাল ।‌ 


- একো নাই বৰ্মন দা মই জানো আপুনি কিবা গভীৰ চিন্তা ত মগ্ন আছিল । হয়টো যি কথা আপুনি মোৰ আগত প্ৰকাশ কৰিব নোৱাৰে । বাদ দিয়ক এইবোৰ । ভাল নে আপোনাৰ ?

- ভালেই বাইদেউ ।

- আপুনি এটা কাম কৰক !

কাবেৰী য়ে পলিথিন এটা আগুৱাই দিছিল বৰ্মন লৈ ।

- এইটো লওক ।

- এয়া কি বাইদেউ ?

- আজি নিয়ৰ ৰ মাকৰ শ্ৰাদ্ধ গ'ল । এয়া তাৰে নিৰ্মালি । এই খিনি আপুনি নিয়ৰক দিব ।

- এৰা ল'ৰা টোলৈ বৰ দুখ লাগে । তেনে সহজ সৰল । আজি মাকৰ শ্ৰাদ্ধ ৰ দিনা ও সি নাই ।

- কি কৰিব । উপায়টো নাই । মই গৈ থাকো দিয়ক । বৰষুণ আহিব চাগে মেঘে গাজিছে ।

- উম ঠিক আছে বাইদেউ ।

- আহিছোঁ ।


               বৰ্মনে নিৰ্মালি খিনি নিয়ৰক দিয়াৰ উদ্দেশ্য ৰে ভিতৰলৈ সোমায় গ'ল । তেনেতে বৰ্মনে ভাগৱতীৰ মুখামুখি হল ।পলিথিনটোৰ ফালে লক্ষ্য কৰি ভাগৱতী য়ে বৰ্মনক সুধিছিল ।


- এয়া কি বৰ্মন ?

- ছাৰ নিৰ্মালি ।

- কৃষ্ণ , কৰবাত মন্দিৰত গৈছিলে নেকি ?

- নহয় ছাৰ কাবেৰী বাইদেউয়ে দি গ'ল !

- কাবেৰী ! এই নামটোয়ে আমাক জ্বলাই মাৰিছে । পৰা হ'লে গুলিয়াই মাৰিলো হেঁতেন ।পিছে নিৰ্মালি কিহৰ ?

- নিয়ৰ ৰ মাকৰ শ্ৰাদ্ধ ৰ ।

- কি!


           ভাগৱতী য়ে বৰ্মনৰ হাতৰ পৰা পলিথিনটো কাঢ়ি লৈ , ভিতৰৰ নিৰ্মালি খিনি উলিয়াই ভৰিৰে গছকি মোহাৰি পেলালে ।


- এয়া নিৰ্মালি নহয় , এয়া যাদু মন্ত্ৰ ।  বৰ্মন এই জাৱৰ খিনি বাহিৰত পেলাই দিয়া ।


               কথা খিনি কৈ ভাগৱতী বাহিৰলৈ ওলাই গ'ল । বৰ্মনৰ নিজৰ গাল খনতে চৰ মাৰিবলৈ মন গৈছিল । এই মানুহ জনক ও বৰ্মনে জিন্দাবাদ কৈছিল । বৰ্মনে ভৰিৰে গচকা নিৰ্মালি খিনি বুটলি নিয়ৰ ৰ ওচৰলৈ লৈ গ'ল । 


- নিয়ৰ ?

- বৰ্মন দা ।

- এয়া লোৱা তোমাৰ মাৰ শ্ৰাদ্ধৰ নিৰ্মালি ।

- কি ! মাৰ শ্ৰাদ্ধৰ , দিয়ক বৰ্মন দা ।

নিয়ৰে নিৰ্মালি খিনি হাতত লৈ দেখিছিল তাত ধূলি ।

- বৰ্মন দা নিৰ্মালিত ধূলি কেনেকৈ আহিল ?

বৰ্মনে বুজিছিল এয়া ভাগৱতীৰ জোতাৰ ধূলি ।কও নকওঁ কৈ বৰ্মনে কৈছিল ।

- মই নিৰ্মালি খিনি লৈ সোমায় আহোতে ভাগৱতী ছাৰে লগ পায় সুধিছিল কিহৰ নিৰ্মালি । মই তোমাৰ মাৰ শ্ৰাদ্ধৰ নিৰ্মালি বুলি কওতে ভৰিৰে গচকি মোহাৰি পেলাইছিল ।

- কি ! মোৰ মাৰ শ্ৰাদ্ধৰ নিৰ্মালি ভৰিৰে গচকি মোহাৰি পেলাইছে । ইমান নিষ্ঠুৰ , পাষান হৃদয়ৰ ব্যক্তি । কিন্তু মই মোৰ মাৰ শ্ৰাদ্ধৰ নিৰ্মালি খিনি লম । কাৰন এয়া মোৰ আশীৰ্বাদ । মোৰ মাৰ আশীৰ্বাদ মোৰ লগত থাকিলে কোনো শত্ৰুৱে মোক নাশ কৰিব নোৱাৰে ।


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খনৰ পৰবৰ্তী খণ্ড কালিলৈ দিনৰ ঠিক ১১ বজাত প্ৰকাশ পাব। সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )


                    ক্ৰমশঃ © ৰাগ ৰঞ্জন


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড পঢ়ক এই লিংকত - https://www.smj24.in/search/label/Radhika?&max-results=7


(ধাৰাবাহিক খন প্ৰতি দিনেদিনৰ ঠিক ১২ বজাত প্ৰকাশ পায়। সেয়ে  নিৰ্দিষ্ট সময়মতে পঢ়িবলৈ অনুগ্ৰহ কৰি গুগুলত চাৰ্ছ কৰিব - smj24.in )

আগলৈ…



Assamese Storyboard

গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।( Assamese Storyboard )

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages