ৰাতিপুৱা লৰালৰিকৈ কলেজলৈ বুলি ওলাই আহিল ভৈৰৱ । তিনি আলিত ৰৈ ৰাজীৱলৈ ফোন কৰি ফোনটো অফ পাই বৰ চিন্তাত পৰিল ভৈৰৱ ( Assamese Storyboard )। তাৰ মনত নানা প্ৰশ্নই তোলপাৰ লগালে । ভৈৰৱ কলেজলৈ যাব নে ৰাজীৱৰ ঘৰলৈ যাব তাকে ভাবি বৰ বিবুদ্ধিত পৰিল ভৈৰৱ । অলপ সময় ইফালে সিফালে চাই থাকোঁতেই মন্দিৰাহঁতক দেখি প্ৰশ্ন কৰিলে মন্দিৰাক
: মন্দিৰা , ৰাজীৱ নাই অহা নেকি....?
: ৰাজীৱৰ গা বহুত বেয়া ভৈৰৱ দা । যোৱা ৰাতিৰ পৰা তাৰ জ্বৰ । ৰাতিয়েই হস্পিতাললৈ নিছে ।
: অঃ...! হয়নেকি....! তুমি কেনেকৈ জানিলা...?
: ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁতে মায়ে কাৰোবাৰ মুখত শুনিছিল ।
: কোনখন হস্পিতালত ভৰ্তি কৰিছে তুমি জানা নেকি.....?
: সেইবোৰ একো নাজানো ভৈৰৱ দা ।
: ঠিক আছে মন্দিৰা । মই এবাৰ ৰাজীৱৰ ঘৰৰ পৰা আহোগৈ...! কথাষাৰ কৈয়ে বাইকখন ঘূৰাই ৰাজীৱৰ ঘৰ পালেহি ভৈৰৱ । পদূলিত বাইকখন ৰখাই উধাতু খাই ভিতৰলৈ সোমাই গ'ল । ....মা, ঘৰত কোন আছে....? ভৈৰৱৰ মাতটো শুনি তৰা ওলাই আহিল ।
: ভৈৰৱ , ৰাজীৱ আজি কলেজলৈ নাযায় । তাক ৰাতিয়েই হস্পিতালত ভৰ্তি কৰিলোঁ ।
: মন্দিৰাৰ মুখেৰে খবৰটো পালোঁ মা । ৰাজীৱ এতিয়া ক'ত আছে ।
: চৰকাৰী হস্পিতালতে আছে । মই যাবলৈ ৰেডী হৈ আছোঁ ।
: ঠিক আছে মা । আপুনি সোনকালে ৰেডী হৈ লওঁক । মোৰ লগতে যাব পাৰিব । ময়ো যাম ৰাজীৱৰ ওচৰলৈ ।
: তুমি তেন্তে অকণমান বহা । মই তাৰ বাবে কিবা এটা বনাই লওঁ ।
: হ'ব মা । আপুনি যোগাৰ কৰি লওঁক । ভৈৰৱক ড্ৰয়িং ৰূমতে বহিবলৈ দি তৰা ভিতৰলৈ সোমাই গ'ল । .....হঠাৎ ৰাজীৱৰ কি হ'ল...? ৰাতি কথা পাতোঁতে দেখোঁন ঠিকেই আছিল । কেনেবাকৈ ৰাজীৱে আত্মহত্যাৰ চেষ্টা কৰিছিল নেকি...? নাই....! নাই.....! ৰাজীৱে ইমান নিকৃষ্ট কাম কৰিব নোৱাৰে । কথাবোৰ ভাবি থাকোতেই ভৈৰৱৰ ফোনটো বাজি উঠিল । প্ৰাণদ্বীপে ফোন কৰিছে । ফোনটো ৰিচিভ কৰিলে ভৈৰৱে।
: হেল্ল'....! প্ৰাণ..
: ক'ত আছ ভৈৰৱ...?
: ৰাজীৱৰ ঘৰত আছোঁ । কচোন ...! কি হ'ল...
: বৰ ডাঙৰ কথা এটা হ'ল । প্ৰিয়মে আত্মহত্যা কৰিলে ।
: কোন প্ৰিয়ম....?
: ৰাজ দাৰ বয়ফ্ৰেণ্ড ।
: ইস: ....! কিয় আত্মহত্যা কৰিলে....?
: ৰাজ দাৰ লগত কিবা কাজিয়া লাগিছিল । কালি ৰাতি ন বজালৈকে ৰাজ দা আমাৰ ৰূমতে আছিল । প্ৰিয়মৰ ফোনটো অহাৰ পাছত বৰ খৰখেদাকৈ ৰাজ দা আমাৰ ৰূমৰ পৰা গুচি গৈছিল ।
: কথাটো শুনি বৰ বেয়া লাগিল প্ৰাণ । যদি সাহসেই নাই তেন্তে সম্পৰ্কটো কিয় ৰাজহুৱা কৰিছিল...? বৰ বেয়া কথা এইবোৰ ।
: ভৈৰৱ , তই ৰাজীৱক কেতিয়াও মনত কষ্ট নিদিবি । আপোন জনৰ পৰা পোৱা অৱহেলা বৰ ডাঙৰ বিহ । ই কেতিয়াও সহ্য কৰিব নোৱাৰি ।
: মই ৰাজীৱক কেতিয়াও কষ্ট দিব নিবিচাৰোঁ । কিন্তু তাৰ ককায়েকে তাক বৰ মানসিক কষ্ট দিয়ে । সেয়ে কেতিয়াবা মোৰ বৰ চিন্তা হয় ৰাজীৱলৈ ।
: তুমি তাক সুখী কৰিবলৈ চেষ্টা কৰিবা ভৈৰৱ ।
: ঠিক আছে প্ৰাণ । মই পাছত ফোন কৰিম । ফোনটো কাটি দিলে ভৈৰৱে । ...মা, আপোনাৰ হ'ল নে....?
: হৈছে ভৈৰৱ । কাপোৰযোৰ পিন্ধিলেই হ'ল আৰু .... ভিতৰৰ পৰাই চিঞৰিলে তৰাই । তৰানৰা চিঙি ভৈৰৱক চাহ একাপ দিলে তৰাই । চাহৰ কাপটো হাতলৈ তুলি আকৌ থৈ দিলে ভৈৰৱে। ৰাজীৱৰ চিন্তাই ভৈৰৱক খুলি খুলি খাব ধৰিছে । ....সঁচা মৰম চাগৈ এনেকুৱাই , কিয় বাৰে বাৰে ৰাজীৱৰ মুখখন মোৰ দুচকুত ভাঁহি আহিছে ...? কিয় বুকুখন বিষোৱা যেন লাগিছে....!
: ভৈৰৱ মোৰ হৈ গ'ল আহাঁ...! ....তুমি দেখোঁন চাহ নাখালাই ভৈৰৱ । ঠাণ্ডা হৈ যাব খাই লোৱা । তৰাৰ মাতষাৰ শুনি উচপ খাই উঠিছিল ভৈৰৱ ।
: কিবা কৈছিল নেকি মা...?
: চাহকাপ তিতা হ'ল নেকি...! নাখালা যে...?
: মোৰ একো খাবলৈ মন যোৱা মা ।
: মই তোমাৰ অৱস্থাটো বুজিব পাৰিছোঁ । আহাঁ , দেৰি হ'লে সোমাবলৈকে নিদিব । তুমি বেগটো লোৱাচোন , মই দুৱাৰখন বন্ধ কৰি লওঁ ।
: দিয়ক মা । তৰাৰ হাতৰ পৰা বেগটো লৈ বাইকত ওলমাই দিলে ভৈৰৱে । তৰায়ো দুৱাৰত তলাটো লগাই গেটখন বন্ধ কৰি ভৈৰৱৰ বাইকত বহিল ।
: মা, ভালকৈ ধৰি ল'ব দেই । ৰাস্তা বহুত বেয়া ।
: তুমি চিন্তা কৰিব নালাগে ভৈৰৱ । ভালকৈ ধৰি লৈছোঁ ।
লাহে লাহে বাইকখন আগুৱাই নিলে ভৈৰৱে । হস্পিতাল পোৱাৰ আগতেই দোকান এখনৰ সন্মুখত বাইকখন ৰখাই ৰঙা সজীৱ গোলাপ ফুলৰ থোপা এটা কিনি আনিলে ভৈৰৱে । ...মা, এইটো ভালকৈ লৈ লওঁকচোন ।
: এইবোৰ কিনি কিয় মিছাতে পইচা খৰছ কৰিছা ভৈৰৱ ...!
: ৰাজীৱে ফুল ভাল পাই মা , সেয়ে লৈ লৈছোঁ ।
: এতিয়া ক'তো ৰ'ব নালাগে । চিধাই হস্পিতাল ব'লা । দেউতাক আজৰি কৰি দিবগৈ লাগিব ।
: আৰু ক'তো নোসোমাও মা । উঠক...
তৰা বাইকত উঠাৰ লগে লগেই অলপ স্পীডত বাইক চলালে ভৈৰৱে । কিছুদূৰ যোৱাৰ পাছতেই হস্পিতালৰ কাষতে থকা পাৰ্কিংত বাইকখন থৈ তৰাৰ পাছে পাছে ভিতৰলৈ সোমাই গ'ল ভৈৰৱ । জেনেৰেল ৱাৰ্ডৰ চাৰি নং বিচনাখনতে গাত পাতল গুলপীয়া কম্বল এখন লৈ শুই আছে ৰাজীৱ । শিতানতে বহি ৰাজীৱৰ কপালত হাত বুলাই লাহেকৈ মাত লগালে ভৈৰৱে । .....ৰাজীৱ , অ' ৰাজীৱ....! চকু মেলা । ভৈৰৱৰ মাতষাৰ শুনি লাহেকৈ চকু দুটা মেলি ভৈৰৱৰ হাতখন খামুচি ধৰিলে । ( Assamese Storyboard )
: ভৈৰৱ দা , তুমি আহিলা । বৰ কষ্ট পাইছোঁ মই... উচুপি উঠিল ৰাজীৱ ।
: নাকান্দিবা কলিজাটো...! মই আছোঁ নহয় । এইয়া চোৱা মই তোমাৰ বাবে তুমি ভালপোৱা সজীৱ গোলাপ ফুল লৈ আহিছোঁ । তৰাৰ হাতৰ পৰা গোলাপ ফুলৰ থোপাটো লৈ ভৈৰৱৰ হাতত তুলি দিলে ।
: ধন্যবাদ । ভৈৰৱ দা । মই এতিয়া বহুত সুখী ভৈৰৱ দা । মোৰ বিপদৰ সময়ত তুমি মোৰ কাষত আছা । স্বৰ্গ কেনেকুৱা মই সপোনতো দেখা নাই । কিন্তু শুনিছোঁ....! স্বৰ্গ হেনো সুখ আৰু সমৃদ্ধিৰ ঠাই । মোৰ বাবে আজি এইয়াই স্বৰ্গ ভৈৰৱ দা । তোমাৰ উপস্থিতিয়ে মোক যি সুখ প্ৰদান কৰিছে সেয়া স্বৰ্গ সুখতকৈ কোনো গুণে কম নহয় । বুলি কৈ ভৈৰৱলৈ চাই মিচিকিয়া হাঁহি এটা মাৰিলে ।
: মা , ৰাজীৱলৈ কি আনিছে দিয়ক । মই খুৱাই দিওঁ । দেউতা , আপুনি যাওঁকগৈ । মই আছোঁ ।
: তুমি কলেজলৈ নোযোৱা নেকি...?
: আজি কলেজলৈ নাযাওঁ দেউতা । ৰাজীৱৰ লগতে থাকিম ।
: অ'...! হয়নেকি....! তেতিয়া হ'লে মই ঘৰৰ পৰা আহোঁগৈ । তৰা , মই গৈ থাকোঁ । কিবা অসুবিধা হ'লে মোক ফোন কৰিবা । কথাষাৰ কৈ পাৰ্চটোৰ পৰা পইচা অলপ উলিয়াই তৰাৰ হাতত দি অৰ্জুন ওলাই আহিল । তৰাইয়ো বেগৰ পৰা টিফিনটো উলিয়াই চামুচ খনৰ সৈতে টিফিনটো ভৈৰৱলৈ আগবঢ়াই দিলে ।
: ভৈৰৱ , তুমি ৰাজীৱক ভাত কেইটা খুৱাই দিয়া । মই ৰিপৰ্ট কেইটা লৈ আহোঁগৈ ।
: হ'ব মা । আপুনি যাওঁক ।
টিফিনটোৰ পৰা ভাতকেইটা উলিয়াই চামুচখনেৰে ভালকৈ সানি এচামুচ এচামুচকৈ ভাতকেইটা খুৱাই দিলে ৰাজীৱক । ভৈৰৱৰ মৰমৰ পৰশত ৰাজীৱৰ মন ফুলনিত ফুলি থকা ফুলবোৰে যেন আনন্দতে হালি জালি নাচিছে । ভাতকেইটা খোৱাই লাহেকৈ ৰাজীৱক শুৱাই দিলে ভৈৰৱে ।
: ভৈৰৱ দা । তুমি আজি মোৰ লগতে থাকিবা দেই ।
: উম..., থাকিম কলিজা । তুমি সোনকালে সুস্থ হৈ উঠা । ফোনটো কিয় অফ কৰি থৈছা তুমি....?
: ফোনটোত চার্জ নাই । ঘৰতে থাকি আহিল ।
: অ'....! টোপনি ধৰিছে নি তোমাৰ...?
: টোপনি ধৰা নাই । গাটো বৰ দুৰ্বল লাগিছে ।
: টোপনি চাবলৈ চেষ্টা কৰাচোন...! তেতিয়া অলপ আৰাম পাবা । ৰাজীৱৰ চুটি চুটি চুলিকেইডালৰ মাজে মাজে লাহে লাহে আঙুলি বুলাই দিলে ভৈৰৱে । পিৰিক পাৰাক কৰি ভৈৰৱৰ মুখলৈ চাই প্ৰশ্ন কৰিলে ৰাজীৱে ।
: তোমাৰ আজি খং উঠা নাই নেকি ভৈৰৱ দা...?
: কিয় সুধিলা...?
: মই কিবা এটা কলে তোমাৰ দেখোঁন সদায় খং উঠে । সেয়ে সুধিলোঁ ।
: আজি মোৰ খং উঠা নাই ৰাজীৱ , দুখহে লাগিছে । সৰু সৰু কথাত যে মই তোমাক গালি পাৰোঁ । সেয়া আচলতে খং নহয় । তোমাৰ প্ৰতি থকা মোৰ মৰমহে । ভৈৰৱৰ দুচকু সেমেকি উঠিল ।
: ভৈৰৱ দা ।
: ৰাজীৱ মই নিজৰ বেমাৰ হ'লেও ইমান দূর্বল অনুভৱ নকৰোঁ । কিন্তু তোমাৰ গা বেয়া বুলি যেতিয়া মন্দিৰাই কলে তেতিয়া মোৰ গোটেই গাটো কপি যোৱা যেন লাগিলে । সেয়ে কলেজলৈ নগৈ চিধাই তোমাৰ ঘৰ পালোগৈ ।
কথা পাতি থাকোঁতেই বগা সাজ পৰিধান কৰা বয়্সস্থ মানুহ এগৰাকী আহি ৰোগীৰ কাষত ৰৈ থকা সকলো মানুহকে বাহিৰলৈ ওলাই যাবলৈ নিৰ্দেশ দিলে । এজন দুজনকৈ সকলো মানুহ ৱাৰ্ডটোৰ পৰা বাহিৰলৈ ওলাই গ'ল । ৰাজীৱৰ কপালতে চুমা এটা খাই ভৈৰৱো বাহিৰলৈ ওলাই আহিল । laboratory পৰা দৌৰা দৌৰিকৈ ৰিপৰ্ট কেইটা লৈ আনি ৰাজীৱৰ বিচনাখনতে ৰিপৰ্টটো থৈ বাহিৰলৈ ওলাই আহিল তৰা । ....মা, আপুনি ৰাজীৱৰ ওচৰতে থাকিব লাগিছিল । ডাক্তৰক কি হৈছে ভালকৈ সুধিব পাৰিলে হেঁতেন...!
: কাকো থাকিবলৈ নিদিয়ে লগত । সকলোকে উলিয়াই দিয়ে ।
: তেন্তে আমি কেনেকৈ জানিম ৰাজীৱৰ কি হৈছে । আপুনি ডাক্তৰৰ লগত এবাৰ কথা পাতি চাওঁক মা ।
: ৰ'বা , ভিজিট দি ওলাই অহাৰ পাছত তেখেতক মই এবাৰ লগ কৰিম ।
: মা, ভিজিট দি হোৱালৈ অলপ সময় লাগিব । চাহ একাপ খাই আহোঁগৈ ব'লক...!
: ব'লা , ভৈৰৱ । ৰাতিপুৱাৰে পৰা যিহে দৌৰা দৌৰি হৈছে । ভালকৈ বহি চাহ একাপ খাবলৈও সময় পোৱা নাই ।
: ইয়াত কেণ্টিন আছে নে নাই মা...?
: মই সেইবোৰ একো নাজানোঁ ভৈৰৱ । গেটৰ সন্মুখত থকা হোটেল এখনতে খাম ব'লা ।
#ক্ৰমশঃ......
( Assamese Storyboard )
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment