বন্ধুত্বতো থাকিব পাৰে ভালপোৱা : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

বন্ধুত্বতো থাকিব পাৰে ভালপোৱা : Assamese Storyboard

 

Assamese Storyboard

: উঠচোন৷

: নুঠো মানুহে কি বুলিব ৷

: উঠ না বে৷ মই ইমান দেৰি তোৰ কাৰণে ৰৈ আছো৷

: জানিছো৷

ক'লৈ যাবি৷

: উঠ আগত৷

: মানুহবোৰ!

: এই মানুহবোৰৰ পৃথিৱীখনৰ পৰা ওলাই আহি ওচৰৰ আশে পাশে থকা মানুহবোৰক চাবলৈ শিক৷( Assamese Storyboard )

: ব'ল৷

( উঠো নুঠোকৈ দুবৰি উঠিছিল সিদিনা নিয়ৰৰ বাইকত


কলেজত যে লগৰবোৰে জোকায় তাই যোৰহাটত বাইকত নুঠা বেঙীজনী উফ্ ইমান কামোৰ দিছিল সিঁহতে৷

কিন্তু আজি আৰু একোলৈকে ভয়নাই তাইৰ৷


: কি ভাবিছ্ বছলৈ ফোন কৰি পাৰমিছন ল'ব লাগিবনে?

: হা৷ নালাগে৷উঠিছো৷ অলপ আগুৱাই বহ৷

: কি ফাল্টু বে তই৷

: মই এনেকুৱাই৷


কিমান জোৰত নাজানে তাই, নিয়ৰে বাইকখন চলাইছিল৷ সন্মুখৰ আইনাখনত তাইৰ উৰি ফুৰা চুলিবোৰে মুখখন ঢাকি ৰাখিছিল সি দেখা নাছিল তাইক৷

: চুলিবোৰ আঁতৰাই ল নহলে বান্ধি ল৷

: কিয়৷

: এনেই৷


: আগলৈ চা৷

: হ'ব তোক চাবলৈ গৰজ পৰানাই মোৰ৷

হঠাত বতাহছাটি জোৰকৈ বলিল৷ দুৱৰিৰ গালেমুখে চুলিবোৰে চুইছিল৷ হাতেৰে পকাই খোপা এটা বান্ধি ল'লে তাই৷হঠাত সন্মুখৰ গ্লাছখনত মুখখন দেখাপালে৷ একেবাৰে ভাগৰুৱা যেন লাগিছে৷


: কি চাইছ হা৷

: একোনাই৷ নিয়ৰৰ মাতত উচপখাই উঠিল তাই৷

ঐ কলৈ যাম আমি৷

: নাজানো৷


: ৰচোন বাইক খন ৰখাই দে৷

: কি হ'ল তোৰ৷

: কি কৰিছো আমি৷

: নাজানো আহি আছো কেৱল৷

ৰাস্তাৰ সৈতে৷

: ৰাস্তাৰ একাত্মতাবোৰে মোক আমনি কৰে যদি আৰু তোকো!

: নাজানো৷ এনেই ভাল লাগিছে মোৰ৷ তই হাঁহিছ যে চাচোন হাঁহিলে,তোক ধুনীয়া দেখি৷

: নিয়ৰ৷

: বলিয়া ধেমালি কৰিছো৷


: নিয়ৰ বাইকখন ৰখাই দে৷

: নিয়ৰ মোৰ ভাললগানাই৷

: ৰচোন তোৰ ভোক লাগিছে,চাগে৷ ব'ল কিবা খাঁওগৈ৷

: নিয়ৰ ৰখাচোন৷

: আৰে বাবা ৰ৷

ৰখালো অব খুচ৷

তঁহত ছোৱালীবোৰৰ পৰা শান্তি নাই৷

: মই আন ছোৱালী নহয়৷

: দুৱৰী৷

: ভাললগানাই মোৰ৷ এই যেন চিঁয়ৰি চিঁয়ৰি কান্দি দিম৷

: কান্দিবলৈ সাহস লাগিব৷

: মই সাহসী৷

: অ প্লিজ চুপ থাক 

ৰ এইখিনিতে৷

: ক'ত যাবি৷


: হু ল ঠাণ্ডা খাম কৈছিলি প্ৰথম লগপোৱাৰ দিনা 

: মনত আছে তোৰ৷

: আছেতো পাগলী৷

: কান্দিবলৈ কিয় মন গৈছিল৷

: নাজানো ৷

: চা তোৰ লাইফ তোৰ কথা কিন্তু এই যে মোৰ মন গ'ল তোক লগপাবলৈ তোৰো গ'ল লগপাবলৈ বচ its simple...

: কথাবোৰ সহজ হোৱা হ'লে ভালেই৷

: তঁহত আৱেগিক ছোৱালীবোৰৰ এইটোৱে প্ৰব্লেম৷ don't think too much.ok...আজিৰ পৰা তোক লগনাপাঁও মই৷


: নিয়ৰ কথাবোৰ তেনেকুৱা নহয়৷

: বাদ দে তই৷ ব'ল যাঁও৷

: মই যাব পাৰিম৷

:নোৱাৰিবি,ইমান ৰাতি অকলে যাব নোৱাৰিবি৷ ক'ত নমাম কবি বাইকত উঠ৷

একো মাতিবই নোৱাৰিল দুৱৰিয়ে বহু কথা কবলৈ মন আছিল নিয়ৰক৷

তাইৰ কথা তাইৰ জীৱনৰ কথা৷

নোৱাৰিলে তাই৷

: নিয়ৰ৷

ৰখাবি৷

: sorry For everything.

: sorry for what!

: বাদ দে৷ Take CAre...

বহুত কথা কবলৈ আছিল তাক৷

সাহস হৈ আগবঢ়োৱা বন্ধুত্বৰ হাতখন যেন নোহোৱা হৈ গ'ল৷

নাই নোৱাৰিলে ক'ব তাই 

ৰাতিলৈ ঘৰত আহি যেন বহত কথা ক'ব তাক৷


নাই তাৰ ফোন নট ৰিশ্চেব'ল আৰু ভাৰ্চুৱেল পৃথিৱীতো নাই সি৷

কি আচৰিত ৷

তাৰ মানে তাৰ,বন্ধুত্বৰ শাৰীৰ পৰা তাই বৰ্জিত৷

নিষ্ঠুৰ সময়বোৰ৷

ইমান সহজে শেষ হ'ব পাৰেনে বন্ধুত্ব বোৰ৷

এই যে আপোন হৈ পৰা মানুহবোৰ৷

কথাবোৰ কিবা সাঁথৰ যেন লাগে৷

উহো তাইৰ আজিও তাৰ নম্বৰ চেভ আছে৷

তাইতো মানুহ হে৷ ইমান নিৰ্দয় তাই হ'ব নোৱাৰে৷ 


খালি জীৱনটোলৈ আক্ষেপ থাকি ৰয় মনত,

অসহায় লাগে

গুচিযোৱাৰ কথাই যদি আছিল

দুদিনীয়া বন্ধুত্বৰ মুখা পিন্ধি আহা কিয়৷

এদিনীয়া আন্তৰিকতাবোৰ যে মিছা বুলি মনে নলয় বুজনি

এদিন হয়তো তই বুজি পাবি

নিয়ৰ আৰু দুবৰিৰ বন্ধুত্বৰ কাহিনী৷


 আন্তৰিকতাবোৰ যে মিছা বুলি মনে নলয় বুজনি

এদিন হয়তো তই বুজি পাবি নিয়ৰ৷ বৰুৱাচাৰিআলিৰ পৰা গড়আলিলৈকে উৰুৱাই নিয়া ধূলিবোৰত হয়তো কিবা এটা আত্মীয়তাৰ গোন্ধে তোকো আমনি কৰিব৷

নিয়ৰৰ নম্বৰ দুৱৰীৰ ফোন লিষ্টত চেভ হৈ থাকিব

মন গ'লেই ডাইল কৰিব পাৰিবি

আৰু পুনৰ শুনিব পাৰিবি

নিয়ৰ আৰু দুবৰিৰ বন্ধুত্বৰ কাহিনী৷

( অজুহাত দি আঁতৰি যোৱা বন্ধুত্ববোৰ মনৰ পৰা শেষ হ'ব নোৱাৰে সকলোতকৈ শ্ৰেষ্ট সম্পৰ্ক বন্ধুত্ব)


স্নেপচট 2


:কি জানো হৈছে ঠাইখন চোন

কিবা অচিনাকী লাগিছে

3years 

..ইমান দিন মই যেন মই হৈ নাছিলো৷

সময়বোৰ পাৰ হৈ গৈছে ধুমুহা সদৃশ গতিত৷


একো পাৰ পোৱানাই আজি

 যোৰহাটখন সলনি হৈছে৷বতাহচাটি গাত লগানাই মোৰ৷

এইসময়ত মই তাত কি কৰিছিলো আৰু ইয়াত কি কৰিছো৷

ভাবি পোৱানাই৷

আপোন ঠাইখন সলনি হৈছে আৰু মানুহবোৰ৷

বৰুৱাচাৰিআলিটোচোন একেই আছে৷ কিমানৰ সপোনবোৰ এই ঠাইখনত ওলমি ৰৈছিল কোনেও তাৰ হিচাপ ৰখানাই৷

উফ স্মৃতিবোৰ৷

জেবিৰ বুকুৰ পৰা বৰুৱাচাৰিআলি আপনাবজাৰলৈকে সকলো কিবা অচিনাকী লাগিছে৷৷


মোৰ এম ফিলৰ ড্ৰিগীটো গৱেষণাৰ কামবোৰৰ পৰা এতিয়া মুক্ত মই৷

যোৱা তিনিটা বছৰেই অসমৰ পৰা আঁতৰি আছিলো৷ অসমৰ মাটিত দুবৰি বোৰ তিতে নে আজিকালি ৰাতিপুৱা?

চোৱাই নাই বহুদিন৷

হঠাত ফোনটো বাজি উঠিল৷

: হেল্ল বা তই আহিলি৷

চকুহাল সেমেকি উঠিল৷ যোৰহাট অহা খবৰটো সি গমপায় ফোন কৰিব বুলি জানিছিলো৷

: কালি পালোহি৷ কিবা ভাললগানাই৷ তিনিবছৰত সকলো সলনি হৈ গৈছে৷ইউনিভাৰ্চিটি এৰাৰ পাঁচবছৰৰ পিছত মই মোৰ ঠাইখনত যেন অচিনাকী আজি৷


: আজি ওলাই আহিবি৷ মোৰ প্ৰমোচন হ'ল৷ তোক খুৱাব আছে৷ তিনিবছৰ বহুত সম‍য়৷আৰে বিয়া হৈ যোৱা নিচিনা লাগিছিল তই৷

: ধেত বলিয়া ত্ৰিশৰ আগত বিয়া নহঁও৷

বাৰু আজি লগপাম৷ তোলৈ কিবা কিবি আনিছো লৈ যাম মোকো ৰিৰ্টান কিবা লাগিব৷

: অকে বচ৷ আহি যা আগত৷

 সন্ধিয়ালৈ ফোন লগালো৷

তাইকো লৈ যাম৷ বহুদিন লগপোৱানাই আমিবোৰ ৷

আজি লগপাম৷


আলোচনীবোৰ চালো বহুতদিনৰ মুৰত৷ নতুন গল্পটো ওলাইছে৷

হৃদয়ৰ প্ৰৱন্ধ টো পঢ়িলো৷

ভাল লাগিল৷ ভাল লিখে সি৷

কিন্তু নাই নাই ভালপাব পৰাকৈ ভাল হ'ব নোৱাৰে সি৷

ফোনটো অফ কৰি থ'ব মন গ'ল৷সি যদি ফোন কৰে৷ বা আন্টিয়ে উফ মানুহবোৰৰ মৰমবোৰ ভালনালাগে মোৰ৷

দিল্লীত থকা সময়বোৰত তেঁওলোকৰ মৰম আপদাৰ বোৰ ভাললাগিছিল৷

যোৰহাটৰ মানুহবোৰ আকৌ এনেকৈ লগপাম ভবাই নাছিলো৷

অচিনাকী ঠাইত মোৰ সংগী সাহস হৈছিল নিজৰ ছোৱালীৰ দৰে আন্টিয়ে মৰম কৰিছিল হয়তো দেউতাৰ লগত তেঁওলোকৰ পুৰণা সম্পৰ্ক৷

নাই আন্টিক ৰাতিলৈ ফোন কৰিম ভালেই আছো মই কিন্তু হৃদয়ক না ভালনালাগে মোৰ ইমান আপদাৰ৷

ৰাতিলৈ কথা হম তেঁওৰ লগত৷


আজি ওলাই যাম৷৷যোৰহাটৰ সৈতে কথা হ'ম৷

সোনকালে যাম অলপ৷

সন্ধিয়া আহিবৰে হ'ল৷ 

পল্লবলৈ অনা কুৰতা টো সন্ধিয়াৰ কাপোৰজোৰ বেগত লৈ লৈছো৷


বৰুৱাচাৰিআলিত মোক দেখি সন্ধিয়া পল্লব অবাক৷

মোৰ new look new hairstyle

সিঁহতৰ চাগে পচণ্ড হোৱানাই৷

নিজকে সলনি কৰিলো মই৷

পল্লবে দূৰৰ পৰাই চিঁয়ৰিলে"

একদম journalist বনি গ'লি বে

Not bad.

তিনিওটাই হাঁহি দিলো৷

বৰুৱাচাৰিআলিত আড্ডা দিয়া মানুহবোৰে আমালৈ চাইছে৷

হাঁহিবোৰ অ'ত ত'ত বিয়পিছে৷

চেল্ফি লৈছো আমি৷

হাঁহিছো সময়বোৰ আমাৰ৷

কিমান সময় যে কথা হ'লো আমি হিচাপ নাই৷

আমাৰ প্ৰিয় ৰেষ্টোৰা খনত বহি আড্ডা দিলো৷

কিন্তু কি আচৰিত আমি তাত থাকোতেই ক'ৰবাৰ পৰা চিনাকী মুখ এখনে মোক আমনি কৰিলে৷

আমাৰ সন্মুখৰ চিটকেইটাত তিনিজন ল'ৰা৷

নিয়ৰ মোৰ মুখৰ পৰা ওলাই গ'ল৷


নামটো যেন ৰেস্টোৰা সেই বিশেষ ৰুমটোত বিয়পি পৰিল৷

মই মুখখন ঢাকি দিলো৷

নাজানো কিয়৷

সেই সময়খিনিত মই যেন ওলাই গুচি আহিম তাৰপৰা তেনে লাগিল৷ সেইটো নিয়ৰ যাৰ সৈতে আজিৰ পৰা চাৰিবছৰ আগতেই সকলোবোৰ সম্পৰ্ক শেষ হৈছিল সেই বন্ধুত্ব সেই আন্তৰিকতাবোৰ৷


মই মুখখন ঢাকিছো৷

: বা তোৰ কি হৈছে৷ 

: যাঁওগৈনেকি আমি৷

: কিয় ! 

এনেতে পল্লবক কোনোবাই চিঁয়ৰিছে 

নিয়ৰৰ বন্ধু সেইজন হয়তো অৰ্ণব৷

: ঐ পল্লব কি খবৰ বে ৷ 

পল্লবে ঘূৰি চালে৷ 

আৰে তঁহত কি আচৰিত  গুৱাহাটীৰ পৰা কেতিয়া আহিলি৷

পল্লবে সিঁহতৰ লগত কথা পতাত লাগিল৷

মই আৰু সন্ধিয়া বহি আছো 

মই যিমান পাৰো সিঁহত কেইটাৰ পৰা নিজকে ঢাকিছো৷৷

মোৰ মনলৈ বহু কথাই আহিল সেই লাষ্ট মেচেজটো৷

: আজিৰ পৰা তোক সন্মুখত নাহো৷

: নাহিবি৷

: সঁচাকৈ নাহো 

: নাহিবি বে৷ 

: ok fine...i never want a fnd like u...i just hate u.

bye good bye.

: ok fine দুবৰী৷ bye.


Bye...সম্পৰ্ক বোৰ শেষ কৰিবলৈ এই শব্দটোৱেই যঠেষ্ট৷

প্ৰেমে যেনেকৈ

বয়স নামানে  জাতি নামানে ধৰ্ম নামানে

বন্ধুত্ববোৰেও নামানে৷

কেনেকৈ যে নিয়ৰ মোৰ আপোন হৈছিল৷ ভাবিলে আচৰিত লাগে৷ কিন্তু bye এই শব্দবোৰে শেষ কৰি দিয়ে সম্পৰ্কবোৰ৷

জেদী সি বহুত 

আৰু ময়ো৷

নিয়ৰ আৰু দুবৰি বহুত জেদী৷

নজনাকৈ বন্ধু হৈছিল নিয়ৰ৷ 


দুবৰিৰ জীৱনৰ কোনোবা এটা সময়ত নিয়ৰ নামটো যেন ৰৈ গৈছিল৷ delhit থকা সময়ত বৰুৱাচাৰিআলিতো মনত পৰিলেই নিয়ৰলৈ মনত নপৰা নহয়৷ এৰা প্ৰথম লগপোৱাৰ দিনটো৷

উফ্ কিবা এটা ভাললগা৷

প্ৰথম চিনাকীতেই তই তই আত্মীক সম্পৰ্ক এটা৷

বলীয়ামিবোৰ পাগলামিবোৰ হয়তো তাৰ দৰে ল'ৰাই হজম কৰিব নোৱাৰে৷ সি চিৰিয়াত মুডতেই থাকে সদায়৷

শেষ লগপোৱাৰ দিনা এবাৰো ঘূৰি নাচালো তালৈ৷ বাইকৰ পৰা নামি গুচি আহিছিলো৷

কেতিয়াও তাৰ মুখ নোচোৱাৰ কথা আছিল


চাৰিবছৰৰ পিছত নিয়ৰ দুবৰিৰ সন্মুখত৷

কি হ'ব এতিয়া৷

ডাঙৰ কাজিয়া এখন হোৱাৰ আগতেই যোৱাৰ কথা ভাবি দুবৰিয়ে সন্ধিয়াক লৈ উঠি আহিব লঁওতেই৷

: দুবৰী৷

: মাতো নামাতোকৈ মাতিলো নি নি     ------------ নিয়ৰ৷

ভালনে?

: ভাল  মোৰ৷

তোমাৰ?

: ময়ো ভালেই৷

ইমান ফৰমেলিটিছ ৷

কি কৰো ভাবিলো ৷ পল্লবে নিয়ৰক লৈ আহিল৷

: তঁহতি নমতা কিমান বছৰ হ'ল বাৰু৷

চাচোন আজি কেনেকৈ লগপালি৷

নিয়ৰ তই বৰ গুণ্ডা দে দুবৰী বাক নো বেয়াপাব পাৰেনে মানুহে৷

তয়েই প্ৰথম যি তাইৰ লগত কাজিয়া কৰি নমতা হৈছিলি চাগে৷

মই একো কবলৈ নাপালো নিয়ৰে মাত লগালে৷( Assamese Storyboard )

: মই পাহৰিলো সেইবোৰ কথা৷

মোৰ মুৰটো গৰম হৈ গ'ল৷

পাহৰিম বুলিয়ে পাহৰিব নোৱাৰি চাৰিবছৰ সি মোক এবাৰো নামাতিলে৷ স্বাৰ্থপৰ সকলো মানুহ৷ মোৰ ভাল নালাগে মানুহবোৰক আজিকালি৷

: বা তই থাকিবি নে এতিয়া৷

ৰ কিবা এটা নিয়ৰলৈ অৰ্ডাৰ দিঁও৷

: চকলেট pestry

নিয়ৰ আৰু মই একেলগে কৈ দিলো৷


: তোৰ চয়চ৷সলনি হোৱানাই তাৰমানে৷

: তোৰো প্ৰিয়

: হম্ বাৰু৷

গোটেইকেইটাই চকলেট pestry share কৰিলো৷

মোৰ নিয়ৰক মাতিবলৈ অলপো মন যোৱানাই৷ এবাৰতো sorry ক নাই খবৰেই নাই৷ কি ভাবে নিজকে৷ যোৰহাটৰ ৰাজকুমাৰ৷ একোটো নাই৷ খং উঠি গৈ আছে মোৰ৷ সি মোলৈ চাই আছে৷

: তই delhi কেতিয়া গৈছিলি৷

সন্ধিয়াই মাত লগালে , তাই দিল্লী পৰা আহিলোৱে৷ তুমি contact ৰাখিলেহে গমপাবা৷


ইমান কাষত নিয়ৰক মোৰ আজি সহ্য হোৱানাই৷

মই দিল্লীলৈ যোৱা কথাবোৰো সি গমনাপায়৷

মোৰ আৰু কথা পাতিব মন নাই একো৷

: দুবৰী

কিবা এটা ক৷

: অ দিল্লীৰ পৰা আহিলো৷

Mphil lolu 

এতিয়া ইয়াতে অলপ কাম কৰিম৷

তই কি কৰি আছ্ কাম চলি আছে৷

: আছে আছে৷

: আজিকালি বেডমিন্টন খেল্ নে?

নিয়ৰ ভাল বেডমিন্টন প্লেয়াৰ বাইক ৰাইডাৰো৷

: নাই বাদ দিলো সকলো৷

কিবা এটা আৱেগত সি কথাষাৰ ক'লে৷

সেই সময়তে পল্লবে মাত লগালে বাৰু 

বা তই এতিয়া ক'ত যাবি ?

নিয়ৰে মাত লগালে মোৰ লগত যাব ৷


কি মানে মোৰ অসহ্য লাগিল কি ভাবে সি নিজক মই তাক লগপাবলৈ আজি  অহানাছিলো৷

: বা তই যাবি তেন্তে মই সন্ধিয়াক লৈ যাঁও৷

মই একো ভাবি নাপালো কি কম৷

নিয়ৰে মাত লগালে৷

:অলপ টাইম ফ্ৰি আছা চাগে৷

দৰকাৰ হ'লে মই থৈ আহিমগৈ ঘৰত৷

মোৰ কবলৈ মন গৈছিল মই নিজে যাব পাৰো 

তিনিটা বছৰৰ দিল্লীত থকা অভিজ্ঞতাই মোক বহুত শিকালে

ৰাতিৰ মায়াবী কথাবোৰ

দিনৰ ব্যস্ততাবোৰ পৰা মই বহুত শিকিলো৷

নিজকে সাহসী কৰিলো৷ ভয় বোৰ আঁতৰিল মোৰ

এতিয়া অকলে সকলোলৈকে যাব পৰা হ'লো৷

তাৰ পিছত সি মোক ঘৰত থোৱাৰ কথা কয়৷

খংটো উঠি আহিল 

মই একো নোকোৱা দেখি সি ক'লে৷

খং বোৰ কমাবলৈ কি কৰিব লাগিব৷

পল্লবে হাঁহি দিলে৷ কৈ গ'ল সি আইচক্ৰীম,নতুবা চকলেট দে৷

অকে আমি যাঁও৷

See u soon.

Ta ta dii.

পল্লৱ সন্ধিয়া গ'লগৈ৷

মই সিঁহতক বাধা দিব নোৱাৰিলো৷

ঘড়ীটো চালো ছয় বাজিল৷

বাহিৰত অলপ অলপ পোহৰ

: ক কিবা দুবৰি৷

নিয়ৰে মোলৈ চালে৷

মোৰ তাৰ মুখলৈ চাবলৈ সাহস হোৱানাই সেই যে সি মোক বিদায় জনাই গুচি গৈছিল আকৌ কিয় লগপালো আমি৷

: কবলৈ একো মন যোৱা নাই৷

: তোমোলোক ছোৱালীবোৰৰ প্ৰব্লেমটো ক'ত৷

তোমালোক অহ ইমান ফৰমেলিটিছ৷

অহ প্লিজ নিয়ৰ৷

আকৌ আৰম্ভ নকৰিবি কাজিয়া লাগিবৰ মন নাই কবলৈ মন গ'ল৷৷নোৱাৰিলো মই৷


নিয়ৰে আকৌ ক'লে দুবৰি মোৰ ভুল হৈছিল৷

আজি চাৰিবছৰ হ'ল আমি চিনাকি হোৱা তই কিন্তু একেই আছ্ 

একদম পাগলী কিন্তু তই ইমান মৌন কিয়৷

কৈছিলি চোন মোক লগপালে মোক ঘোচা দিবি দম দিবি যোৰহাটৰ ছোৱালীৰ দমবোৰ কথা তই কৈছিলি৷


মোৰ মনত পৰি গ'ল কৈছিলো তাক এদিন চাৰিবছৰৰ আগৰ কথাবোৰ তাৰ মনত আছে৷ আচৰিত৷


চাৰিবছৰৰ আগৰ স্মৃতিবোৰ ৷নাই মনত পেলাব নিবিচাৰো৷

মৌনতা প্ৰিয় আজিকালি মোৰ৷

নিয়ৰে জানে মই ইমান মৌন হৈ থকা প্ৰাণী নহয় পিছে কাজিয়া লগাৰ অৱকাশো নাই এতিয়া৷

দুবৰী i m sorry

মোৰ চকুলৈ চাই নিয়ৰে কৈ গ'ল তাৰ চকুহালত অলপ বিষাদ৷

এই যে ল'ৰাবোৰ এইবোৰেই খং উঠে নিজে কৰিব ভুল নিজে মাফ খুজি ৰজা হৈ যায় কিন্তু আজিৰ পৰা ইমান দিনৰ আগৰ কথাবোৰ মই পাহৰিব বিচাৰিছিলো৷

সেই যে তাৰ শেষ মেচেজটো Bye নামাতিবি মোক আজিৰপৰা 

আকৌ মাতিছে আজি৷


কিমান বাৰ ফোন কৰিছিলো হিচাপ নাই৷

: আইচক্ৰীম খাবি তোৰ প্ৰিয় চকলেট ৷

: বলীয়া তোৰ মনত আছে মোৰ সকলো কথা৷

: কিয় নাথাকিব৷

দুটা চকলেট আইচক্ৰীম অৰ্ডাৰ দিলে সি৷

:thnks কলো মই৷

:হ'ব বাদ দে নিজৰ লগত ৰাখ৷

সঁচাকৈ পাগল এইটো৷

:নিয়ৰ

:দুবৰি ক৷

: ইমান বছৰৰ পিছত কিয় লগপালো৷

: নাজানো হয়তো পাবলগীয়া আছিল৷

: হম্৷

: আৰু কোৱা জোনাকৰ কি খবৰ৷

ক'ত আছে? বিয়া বাৰু কথা কিবা ভাবিছ?


জোনাক উফ্ বুকুত বিষ এটা আকৌ জগাই দিলে এই নামটো তাৰ মনত আছে কি আচৰিত৷ নাই মই নোৱাৰিলো আৰু চকুপানী ওলাই আহিল৷

: নিয়ৰ৷

: দুবৰি are u ok?

Why r u crying? 

তঁহত ছোৱালীবোৰ৷

: প্লিজ সৱ ছোৱালীৰ লগত কমপেয়াৰ নকৰিবি মোক৷

: অকে বাবা কান্দিবি কিয় তই


: জোনাকৰ নাম কিয় উলিয়াইছ৷

সকলো জানি শুনিও৷

: কচম একো নাজানো৷

: জান তই৷ তোক লগপোৱাৰ দিনাই কৈছিলো মই জোনাক মোৰ ভালপোৱা আছিল আজি অলপ দিনৰ পৰা সি আঁতৰি গৈছে মোৰ পৰা ক্ৰমশ৷

মনত নাই তোৰ?

: আছে কৈছিলি আৰু কৈছিলি তই তাক বহুত ভালপাৱ৷

: ভালপাইছিলো৷

সেই যে তোক কৈছিলো সেই তেতিয়াই মোক সি এদিন কৈছিল৷

দুবৰি নোৱাৰো আমাৰ সম্পৰ্কটো ৰাখিব এতিয়া মই মোৰ কেৰিয়াৰ গঢ়িব লাগিব৷ ভালপাব নোৱাৰিম আৰু৷ মা দেউতাৰ কথা ভাবিব লাগিব৷ আৰু তোমাৰ মোৰ সম্পৰ্কক সমাজে আদৰিব নোৱাৰিব৷

হা:হা:হা

নিয়ৰ ভালপাবলৈ জোনাকৰ সাহস নাছিল

সমাজলৈ ভয় কৰা ভিৰু পুৰুষ সি হয়তো৷ নাজানো মই বাদ দিছো সকলো৷

ভালপোৱাবোৰ মোৰ পৰা আছিল হয়তো ৷

: সেয়ে ইমান বছৰৰ পিছতো তই আজি তাৰ কথা শুনি কান্দিব পাৰিছ৷ তোৰ ভালপোৱাবোৰ আজিও আছে৷ এবাৰ তাক কৈ নিদিলি কিয়

: কনটেক্ট ৰখানাই মই৷

আৰু মই তাকভালনাপাঁও৷

: atcha সেইকাৰণে দুখৰ স্টেটাচ লিখি থাকিব পাৰ৷

: কি ফাল্টু তই মোৰ স্টেটাচ চেক কৰ্ অথচ মোক ফোন এটা নকৰ্৷

: yessss তোৰ প্ৰতি বস্তুৱে পঢ়ো মই৷ ইমান আৱেগিক কিয় তই সেয়ে তোৰ সুবিধা লয় মানুহবোৰে৷

অজানিতে নিয়ৰে ডাঙৰ কথা এটা কৈ গ'ল৷


: be practical দুবৰি love emotions এইবোৰ সৱ ক্ষন্তেকীয়া 

: জানো মই৷

: জানি বুজি আজিও তাক ভালপাৱ কিয়৷

: নাপাও ভাল৷

: নিজক ফাঁকি নিদিবি৷

: ভালোপৱা বোৰ সকলোতে থাকিব পাৰে নুবুজিবি তই৷

: বুজো মই৷

কথা হ তাৰ সৈতে৷ ক তাক এনেকৈ সকলো শেষ নকৰিবি৷

: কিয় হম কথা তয়োতো আজিৰ পৰা চাৰিবছৰৰ আগতেই মোক বন্ধুৰ তালিকাৰ পৰা বৰ্জন কৰিছিলো৷

: মই তোৰ বন্ধু but he is your love.

: oh atchaaa...freindship is better then love.

শেষ বুলিলেই সকলো শেষ নহয় i never want him again in my life মই নিজকে সৱল কৰিছো৷

: সি যদি ঘূৰি আহে মই ঘূৰি অহাৰ দৰে???

নিয়ৰে এইবোৰ কি কৈছে৷ কেনেকৈ বুজাম তাক আজি চাৰিবছৰে জোনাকে দি যোৱা তিতা মিঠা আঘাত বোৰ বুকুত কঢ়িয়াই ফুৰিছো৷৷মানুহৰ আগত ভালবুলি নিজকে কৈছো৷ হাঁহিছো ফুৰ্তি কৰিছো৷ অকলে থাকিবলৈ শিকি গৈছো৷

: নিয়ৰ৷

: give me the ans please

: তেতিয়া ঘূৰি আহি কি লাভ যেতিয়া তেঁওৰ অবিহনে মই জীয়াই থাকিবলৈ শিকি গৈছো৷

: দুবৰী৷

: প্লিজ আৰু একো নকওঁ মই৷

জোনাক কেৱল এটা ধুনীয়া কবিতা মোৰ বাবে মোৰ কোনো আক্ষেপ নাই তাৰ প্ৰতি৷

কিন্তু জীৱনৰ প্ৰতি ক্ষোভ আছে৷

: ইমান দুখ বোৰ লৈ জীয়াই কেনেকৈ আছ বে 

: ফটুৱা কৰি দিলি সৱ একেই হ'ব যা একো নকঁও তোক৷

: পাগলী দুবৰি just kidding yaar.

I like u

: কি ফাল্টু বাৰু

: আৰে বাবা ভাল লাগে তোৰ এই কথাবোৰ৷

ভালনাপাঁও দে৷ ভালপোৱাতকৈ এই সম্পৰ্কবোৰ ধুনীয়া৷

: বহুত ধুনীয়া এইবোৰক কোনো আশা নাথাকে বচ 

: life is beautiful.

: তোৰ প্ৰিয়াৰ কথা ক৷

: breakup hoise 2years আগত 

: omg তোৰো breakup হয়নে?

: কি ফাল্টু মানে৷  হব নোৱাৰেনেকি৷ হ'ল৷ শুন না দুবৰি ছোৱালী এজনী চাই দিবি৷

: নিদো৷ অকলে থাকিবলৈ শিকি ল৷ জীৱনে শিকায় যাব৷

: বুজিছো৷ উফ্৷

আৰু sorry again for everything.

আছো মই তোৰ লগত৷

: চাৰিবছৰৰ আগৰ কমন ডাইল'গ এইটো

We r good fnds

সদায় থাকিম লগত৷

Ha ha ha ha.

: insult kriso...are sorry ক'লো না৷

: অকে বাৰু বাদ দে

যাঁও ব'ল৷

: নাজানো কিয় আজি তোৰ লগত বহুত কথা পাতিব মন গৈছে 

: মোৰো মন গৈছিল চাৰিবছৰৰ আগত৷

তই নাছিলি শুনিবলৈ৷

: আৰে বাবা আহিলো মই কবি সৱ শুনিম৷

তোৰ সৱ কাহিনী৷

: বাৰু যাঁও ব'ল৷

: বাইকত উঠিবিনে?

নিয়ৰে মোলৈ চালে৷

: ব'ল৷

তাৰ বাইক খন নতুন ৷

উঠিলো মই আজি মোৰ ভয়নাই সেই যে প্ৰথম দিনা ভয় কৰিছিলো৷ উফ কিবা এটা সাহসত যে উঠিছিলো মই নিয়ৰৰ লগত 

আমাৰ মাজত চিটতোত ইমান যে ব্যৱধান আছিল নিয়ৰে বুজিছিল মই comfortable feel কৰা নাছিলো কিন্তু মই কিবা এটা secure feel কৰাৰ বাবেই তাৰ সৈতে আহিছিলো৷

: বলীয়া কি ভাবিছ৷

কোনেও নেদেখে উঠ৷

: ধেত উঠিছো৷ ৰ৷ 

বৰুৱাচাৰিআলিটো আজি নতুন নতুন গোন্ধাইছে৷

: ঘৰত থৈ আহিম তোক 

আজি৷ কেতিয়াবা ঘৰলৈ যাম৷

: আহিবি আজি নমাই গুচি আহিবি বেলেগ এদিন মাতিম৷

: অকে৷


গধূলি হৈ আহিছিল৷

বতাহ অলপ বলিছিল মোৰ খোলা চুলিখিনি উৰিছিল চুলিবোৰ চুটি এতিয়া উৰিলেও প্ৰব্লেম নহয়৷

আমি গৈ আছো  মনত দুটাৰে,আজি বহু কথাই আমনি কৰিব৷

ঘৰ পালোহি সি বাইক খন ৰখালে৷

: দুবৰি হাতখন দে৷

: মই আচৰিত হ'লো কি হ'ল তাৰ মোৰ হাতত মোৰ প্ৰিয় চকলেটো তুলি দিলে

:  friends forever.....

Take care.

 Call korim ৰাতি ধৰিবি 

মই একো কোৱাৰ আগতেই সি বাইক ঘূৰাই গ'লগৈ যোৱাৰ আগত চিঁয়ৰি গ'ল ৰাতি ফোনটো ধৰিবি ব্লক লিষ্টৰ পৰা নাম্বাৰটো আঁতৰাবি 

সঁচাই পাগলটো৷ 


আকাশত তেতিয়া জোনটো জিলিকি উঠিছিল৷

বতাহ বলিছিল জোৰকৈ বহুত জোৰকৈ জোনটোৱে যেন মোলৈ মিচিকিয়াই হাঁহিছে৷


( প্ৰেম ভালপোৱাতকৈ বহু ওপৰত বন্ধুত্ব বন্ধুত্বতো থাকিব পাৰে ভালপোৱা৷ গতিকে বন্ধুত্ব বোৰক সযতনে ৰাখক৷

আদৰ কৰিবলৈ শিকক)

প্ৰতিজন বন্ধুৰ হাতত৷

Har Ek Friend 

jaruri hota hain.



এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages