এগৰাকী মহিলাই যেতিয়া এটা মদাহীৰ সৈতে সংসাৰ তৰে : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 10, 2021

এগৰাকী মহিলাই যেতিয়া এটা মদাহীৰ সৈতে সংসাৰ তৰে : Assamese Storyboard

Assamese Storyboard

"" কহয় মাধৱ দাসে
মানুহে মানুহে আছে,,,,"" 

ভকুৱা মাছ এক কিলো লৈ থৈছোঁ টকা দুশ হাতত আছিল । বহুত দিনৰ পৰাই ভাল কৈ ভাত এসাঁজ আপোনাক খুৱাবলৈ বৰ মন আছিল ককাইদেউ,,,,,,,,,,( Assamese Storyboard )


তৰাই কথা কেইটা কৈ ৰামধনৰ মুখলৈ চালে ।ৰামধন তৰাৰ মাকৰ ঘৰৰ ওচৰৰে সমন্ধীয় ককায়েক । টাউন লৈ আহিল সোমাই খবৰ লৈ যায় । পিছে অসুবিধা কিছুমানৰ বাবে কোনোদিনে কিবা এটা খুৱাই পথাবলৈ নাপাই।আৰু তৰাৰ মনটো সদায় সেই কথাটোৱে খুলি খুলি খাই আছিল । সেয়ে আজি ৰামধনক খবৰ পঠিয়াই ভাত খাবলৈ বুলি মতাই আনিলে ।


Assamese Storyboard

তই সেইবোৰ যোগাৰ কৰা কথা ভাবিব নালাগিছিল অ' তৰা !এনেও মই খোৱা বোৱাত বেছি ৰুচি নাৰাখোঁ । বেয়া পাৱ বুলিহে আহিলোঁ । বাৰু জোঁৱাই ক'ত গ'ল ?


ৰামধন অহা প্ৰায় এঘণ্টা পাৰ হ'ল । 27 কিলোমিটাৰ বাছ ত আহি পানী এটুপা খাওঁ খাওঁ লাগিছিল । অহাৰ পৰা তৰাই ইটো সিটো কথা কৈ লগতে বহি আছে। সৰু লৰা ছোৱালী হাল খেলত ব্যস্ত । জোঁৱাই হৰিক হলে অহা পৰা দেখা নাই ।


তেওঁ বজাৰৰ ফালে গৈছে ককাইদেউ । মই ঘৰতে পাই মাছটোহে লৈ থৈছোঁ । বাকী শাক পাত তেওঁ আনিব । মই বোলো ভাল ঘৰুৱা চাউল কেইটামান ও আনিব । কঁকাইদেউয়ে কিনা চাউল গোন্ধ পাব ।


কথা খিনি কৈ তৰাই ৰাস্তাৰ ফালে ডিঙি মেলি চালে । 


নাই । হৰিৰ কোনো চিন চাব নাই ।


ৰামধনে এনেই এবাৰ বাৰী ফালে পাক এটা মাৰি আকৌ বহা ঠাইতে বহি পৰিল । হ'ল বুলিনো ভনীয়েক জনীৰ লগত কিমান আৰু কথা পাতিব । ইফালে অলপ অলপ ভোক ও লাগি আহিছিল । 


যা চোন তৰা । বিস্কুট আছিল বেগত । চাহ এটুপা গৰম কৰি আন । 


উঠোঁ নুঠু কৈ তৰা ৰান্ধনী ঘৰৰ ফালে গ'ল । কিছু সময়ৰ পিছত গোটেই খন ধুৱাই আৱৰি ধৰিলত ৰামধন নিশ্চিত হ'ল , তৰাই চাহ বনাইছে ।।


ভাগিন পোৱালি হাল বিস্কুট দেখি চাপি আহিল । মোমাই মোমাই বুলি গায়ে মূৰে সাৱটি ৰামধনৰ প্লেটৰ কেইখনো খাই গ'ল ।


কালি ৰাতি ভাত নোখোৱাকৈ শুইছিল সিহঁত ।


তৰাই অনুচ্ছ কণ্ঠৰে ক'লে ।


জোঁৱাইয়েৰে আজিকালি পানীতে ডুবি থাকে ককাইদেউ । কাম কাজত মন নাই । ময়ে যি পাৰো আৰ তাৰ ঘৰত ঘৰ মুচি , কাপোৰ ধুই ঘৰখন চলাই আছোঁ ।( Assamese Storyboard )


কালি আকৌ মহিনা কৰা ঘৰৰ টকা 500 পালোঁ । তাৰে 200 মাছ লৈ বাকী 300 তেওঁক দিছোঁ চাউল পাত আনিব । এতিয়া সেই টকাৰে গিলি নাহিলেই হ'ল ।


ৰামধনে কি ক'ব একো ভাবি নাপাই মনে মনে ৰ'ল ।


দিনৰ 2 মান বাজিব হ'ল ।হৰিৰ তেতিয়াও দেখাদেখি নাই । ৰামধনৰ অলপ খং ও উঠিছিল । ঘৰত খাবলৈ চাউল নাই , আৰু তাই মাছ লৈ আলহী ভাত খাবলৈ মাতিছে । 


ককাইদেউ 


একো নহয় দে তৰা । মই বেয়া নাপাওঁ ।


মই তেওঁক বিচাৰি যাওঁ । হয়তো মাল খাই কৰবাত পৰি আছে । আপুনি অলপ বহক চোন ।


কৈয়ে তৰা বেগেৰে ওলাই গ'ল। ৰামধনে কি কৰিব ভাবি একো উৱাদিহ পোৱা নাই । ভাগিন দুটালৈ বেয়াও লাগিল । আৰু তৰা ! কি এটা জীৱন লৈ জীয়াই আছে তাই ? ৰামধন তৰা উভতি নহালৈকে ঘৰলৈ ও উভতিব নোৱাৰে ,,,,,,


তেতিয়া বেলি লহিয়াইছিল । শেষৰ বাছ খন ৰামধনে ধৰিব গৈ লাগিব । পদূলিত কাৰোবাৰ মাত শুনি উঠি গ'ল ।


তৰাই হৰিক টানি আজুৰি চুচুৰাই ঘৰলৈ অনাৰ চেষ্টা কৰিছে । নিচা লাগি মানুহটো গধুৰ হৈ ওলমি পৰিছে । কাপোৰ কানিত বোকা । মুখত অবাইছ মাত ।


চালি ৰে,,,,,, । কোন পৈয়েৰক ভাত খুৱাব মন তোৰ । এইটো জীয়া মতাই হেঁপাহ পলুৱা নাই কে,,,,,,,


ৰামধনৰ কান মূৰ লাজ অপমানত ৰঙা পৰিল । তৰাই ৰামধনৰ চকুলৈ এবাৰ চাই তল মূৰ কৈ হৰিক ভিতৰলৈ নিয়াৰ চেষ্টা কৰিলে । তাইৰ চকুৰে যেন কাকূটি কৰি কলে,,,


ককাইদেউ । মাফ কৰিবি জোঁৱাই বুলি ।।


ৰামধন ভিতৰলৈ আহি খালি বেগ টো হাতত লৈ চোতাল পালেহি । তেতিয়া হৰিক বিছনাত শুৱাই তৰা ৰামধনৰ ওচৰ পাইছিল ।


আজি তৰা আৰু ৰামধন , দুয়ো ককাই ভনীয়ে নোকোৱা কৈ যেন বহু কথা কৈ পেলালে ।


মই যাওঁ তৰা ।


ককাইদেউ ।


তৰাই একো কব নোৱাৰিলে । কিন্তু ৰামধনে যেন সকলো শুনিলে । তৰাই যেন ৰামধনক কলে,,,,,,


কাকো নকবি ককাইদেউ , তোৰ জোঁৱাই মদাহী ।

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages