সচাঁ প্ৰেম চিনি পাওতে যেতিয়া পলম হয় : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Saturday, July 3, 2021

সচাঁ প্ৰেম চিনি পাওতে যেতিয়া পলম হয় : Assamese Storyboard

Assamese Storyboard

কৃষ্ণচূড়াৰ তলে তলে --  বসন্তৰ ন-কুঁহি পাত । গাত বলিয়া বতাহ কলেজৰ দীঘল পদুলিত এদিন তল মুৰ কৈ অহা হিয়াই খুন্দা মাৰিল মোৰ গাত । sorry  sorry  Dada  বুলি  হিয়া আতৰি গৈছিল কিন্তু হিয়াৰ গাৰ পৰশে মোক এটা অজান  শিহৰণ দি গৈছিল । লাহে লাহে হিয়াৰ প্ৰতি দুৰ্বল হৈ আহিলো এইয়াই প্ৰেম নেকি নাজানোঁ ,কাৰণ হিয়াক নেদেখিলে থাকিব নোৱাৰা হলো । হিয়াৰ সংগই  মোক পাগল কৰিবলৈ ধৰিলে ।  ভেলেন্টাইন ডে দিনা কলেজৰ দীঘল পদূলিত ভৰি দিয়ে হিয়াক বিচাৰিছিলো ।  তাকে দেখি ল'গৰ কিজনীয়ে হাঁহিছি ।  জোকাৰিছিল  --আমাৰ হে আৰু নাই পাই -? কোনোবা কাৰোবাৰ কাৰণে ৰৈ আছে দেই লাইবেৰিত ।( Assamese Storyboard )

 মইও দৌৰ মাৰিছিলো লাইবেৰিলৈ ।  মই জানো হিয়াই উপন্যাস পঢ়ি বৰ ভাল পাই । কিন্তু হিয়া যে নাই ? লগৰ কিজনীয়ে মোক মিছাকে কলে নে কি বাৰু ? হিয়াক বিচাৰি  নাপায় পাগলৰ দৰে হৈ বহি পৰিলো  ৰঙা কৃষ্ণচূড়া জোপাৰ তলতে ?   এনেতে হিয়াৰ লগৰ  চুমে  এটা টোপোলা দি গৈছিল ? মই জানিলো হিয়াই তাইৰ হতুৱাই কিবা দিছে কিন্তু কিয় তাই আজি এনে কৰিলে মোক ?   দুখেৰে ঘৰ পালোহি ।   টোপালাত আছে এখন গামোচা আৰু এখন চিঠি হিয়াৰ তেজেৰে লিখা -- 

মোৰ মৰমৰ জান  "  I loved  you   My  Jaan " 


 মই চিঠিখন বুকুত সাৱটি ল'লো  , হিয়াই যেন বুকুঢালি মোক চিঠি দিয়া নাই মৰম হে দিছে ।  পিছ দিনাই কলেজত হিয়াক বিচাৰি ফুৰিছো - হিয়াচোন নাই ? তেনেতে হিয়া এজন ল'ৰাৰ বাইকৰ পৰা নামিল ---  By Darling .. মুৰ চোৰ কিবা গৰম হৈ আহিল ? হিয়াই চোন মোৰ ফালে চোৱাই নাই কিয় ? কালি তেজেৰে চিঠি লিখিছে আৰু আজি ?  ইমান লেবেল দিছে ?  মনটো বহুত বেয়া লাগি কৃষ্ণচূড়াৰ জোপাৰ তলতে বহি পৰিলো ।

জান কি  হ'ল তোমাৰ ? পৰীক্ষালৈ বেছি দিন নাই পঢ়াশুনাত মন দিয়া , মা দেউতা স'তে আমাৰ ওপৰত বহুত ভৰষা কৰে । কথাটো হয়  চুম ।   চুম তোমাৰ  আঙুলিত কিহ'ল ?  কাটিলে ।হব দিয়া তোমাক লগ পাই মনটো অলপ ভাল লাগিল । দিন বাগৰিছিল কিন্তু মোৰ দুখ দুগুণে বাঢ়িছিল -- হিয়াই  দেৱজিতৰ লগত অনবৰতে  থাকে । বাইকত উঠে । হাঁহি হাঁহি আহে আৰু হাঁহি হাঁহি যায় । মোৰ ফালে এবাৰো নাচায়  বৰ দুখ পাওঁ মই । পৰীক্ষা ও হৈ গ"ল । চুমে পৰীক্ষাত বহুত সহায় কৰিলে নহলে চাগে পাছেই নকৰিলো হেতেন ?  কলেজ  সামৰি ঘৰলৈ যাবৰ হ'ল ? কিন্তু মনত ৰৈ যাব হিয়াৰ স্মৃতি ।  চুমকো নাই দেখা এই কেইদিন ,ছোৱালীবোৰো যে ? মহিমা ধৰিবয় নোৱাৰি ।   কালিলৈ কলেজ শেষ । আজি হিয়াক লগ কৰিবয় লাগিব - কিয় হিয়াই মোক এনে কৰিলে ?  লাইবেৰি ৰোমত হিয়া অকলে আছে -- মইওঁ  সোমাই গ'লো হিয়া তুমি মোক কিয় এনে কৰিলা ? হিয়াই যে থতমত খালে ?

মই মই মানে কি কৰিলো ?

মই তোমাক বহুত ভাল পাওঁ -- I lolove  u …..

what   ? কি কৈছা এই বোৰ ? মই টো দেৱজিতক ভাল পাওঁ ? 

তেনে সেই দিনা  ভেলেন্টাইন ডে দিয়া তেজেৰে লিখা  চিঠিখন ? গামোচা খন ? ( Assamese Storyboard )

মইতো নাই দিয়া ? চুম ? চুমে দিছিল তোমাক ? 

"অ " তাই তোমাক ভাল পাই ।কি ? চুমে মোক ভাল পাই ? কি আচৰিত ? তাই মোৰ ভালপোৱা দেখিও নিৰবে মোক ভাল পাই গৈছিল । সকলো ক্ষেত্ৰতে সহায় কৰিছিল ।  আৰু ভেলেন্টাইন ডে দিনা তাই মোক মৰমৰ উপহাৰ দি  গৈছিল তেজেৰে ।হিয়া ফোনটো লগোৱা ?    কিৰং কিৰিং  -- চুমৰ ৰিংটন টো বাজি উঠিল -- 


ৰ'দৰে ফুল সেউজী ধৰা ------  Hallo   Hallo   কোন মই চুমৰ দেউতাকে কৈছো । দেউতা চুমক ফোনটো দিয়ক চোন দেউতাকে হুক হুকাই কান্দি দিলে ।।। কি কবা মাজনী  চুম আৰু এই পৃথিৱীত নাই । কি কলে ? কি কলে ? তাই আজি তিনিদিন হ'ল ঢোকোৱা ?   "Oh my God  " এইয়া কি শুনিছো মই ? হে ভগৱান ? দেউতা কেনেকৈ ? কি কবা মাজনী । হঠাৎ জ্বৰ হৈছিল ।  চিকিৎসালয়লৈ নিলো ?ক্ৰমে জ্বৰ কমক চাৰি বেছি হে   হব ধৰিলে ।  আমি নোৱাৰিলো বচাবলে তাইক ।  আৰু এটা কথা,চুমে জ্বৰত কাৰোবাৰ নাম এটা লৈছিল ? কি বোলেনে …জান অ জান ।  জনো কোন নাজানোঁ কিন্তু জানৰ নামত তাই বহুত চিঠি  তেজেৰে লিখি থৈ গৈছে । "হয় " অ মাজনী জানক তাই বহুত ভাল পাইছিলে ? 

উঃ নোৱাৰো আৰু শুনিব । মুৰটো যেন ঘুৰাব ধৰিছে ---মই যাক ভাল পাওঁ ,  তেওঁ মোক ভাল নাপায়  আকৌ যাৰ কথা এবাৰো নাভাৱো তাই মোৰ কাৰণে তেজ দিব পাৰে । প্ৰেম কি ?  এই জীয়া জুইকুৰাই মোকো শেষ কৰিব ।  লগে লগে তাইৰ আঙুলিটোলৈ মনত পৰিল । হয়  টো ? ভেলেনটাইদৰ দিনা চুমে মোক  তেজৰে উপহাৰ দিছিল । মই পাগলে হিয়াই দিছে বুলি আজিওঁ ভাৱি থাকিলো ।  বহুত ভুল হ"ল মোৰ হিয়া বহুত ? এতিয়া যে মই নিসংগ হৈ পৰিলো ----  হাঃ হাঃ হাঃ চুমে মোৰ বুকুৰ সঁচা প্ৰেমৰ বীজ সিঁচি গ"ল ? দি গ"ল  

উজাগৰী নিশাৰ সপোন -------?

Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages