এদিনাখন চিন্তিত হৈ ধিৰাজে কলে, মা, এতিয়া কাম কৰা বাইজনীও গুচি গল। তেতিয়া হলে ঘৰৰ বাহিৰত কাম কৰা এজনক কোৱা, যে, ভিতৰৰ পাকঘৰত ভিটালিক সহায়তা কৰি দিবলৈ।( Assamese Storyboard )
মাকে কলে, আজিকালিটো ধৰ্ম কৰ্ম বুলিবলৈ একোকে নাই। এতিয়া কি বাহিৰত কাম কৰা জনো পাকঘৰত সোমাব।
তেতিয়া ধিৰাজে কলে, চোৱা মা, দুজনী নবৌয়ে বয়সত মোতকৈ ডাঙৰ হয়। সেইবাবে তেওঁলোকৰ বিষয়ে মই একো নকওঁ। কিন্তু, মাতুৱেটো অলপ হলেও ঘৰ গৃহস্হী কামত সহায় কৰিব পাৰে। আপুনি ভাৱি চাইছেনে, আপোনাৰ মৰমৰ বাবে তাই কিমান বেয়া হৈ পৰিছে! তাইটো এদিনাখন আনৰ ঘৰলৈ যাব লাগিব! কি এয়া ভাল হৈছে নে, ঘৰৰ বাকীবোৰ মহিলাই ভৰি ওপৰত ভৰি তুলি বহি থাকিব আৰু ভিটালিয়ে অকলেই ঘৰৰ কাম কৰি ফুৰিব!
মাকে কলে, কোনে কৈছে তাইক, চাকৰিৰ বাবে! ঘৰখনত ইমান ধন সম্পত্তি আছে যে, আহিবলগীয়া ৭ পুৰুষেও বহি বহি খাব পাৰিব।
ধিৰাজে কলে, অ' মা, আমিওটো মাতুক এইবাবে পঢ়োৱাইছো ন, যাতে তাই নিজৰ ভৰিৰ ওপৰত ঠিয় হব পাৰে। আৰু যদি তাইৰ শহুৰৰ ঘৰৰ লোকে এনেদৰে ব্যৱহাৰ কৰে, যেনে আপোনালোকে ভিটালিৰ লগত কৰে! তেতিয়া আপোনাৰ কেনে লাগিব!
মাকে কলে, ধিৰাজ, চাই চিতি কথা কবা। মাতু আৰু ভিটালিৰ মাজত তুলনা কৰিবলৈ অধিকাৰ তোমাক কোনে দিলে! মাতু কোনো সৰু ঘৰৰ ছোৱালী নহয়। মাকৰ এই কথাত ধিৰাজৰ বহুত খং উঠে। আৰু সি বেংকৰ পৰা লোন লৈ এটা নতুন ঘৰ বনালে আৰু বেলেগ হৈ গল।
কিন্তু নতুন ঘৰলৈ গৈ ভিটালি সুখী হোৱা নাছিল। তাই বাৰে বাৰে এয়াই কৈছিল যে, ধিৰাজ, তোমাৰ মোৰ বাবে ঘৰৰপৰা বেলেগ হবলগীয়া হল!
ধিৰাজে কলে, ভিটালি, যত তোমাৰ বাবে কোনো ঠাই নাই, তাত আকৌ কিয় নিজৰ বাবে ঠাই বনাবলৈ চিন্তিত হৈ পৰিছা! লাহে লাহে ৫মাহ পাৰ হৈ গল। এদিনাখন প্ৰসৱ যান্ত্রনাত ভিটালি হস্পিটাল পালেগৈ। কিন্তু শহুৰৰ ঘৰৰ পৰা কোনো নাহিল। ভিটালিৰ মাক দেউতাক আৰু ধিৰাজে অলপ সময়ৰ বাবেও ভিটালিক অকলশৰীয়া নকৰিলে। কিন্তু তথাপিটো ভিটালিয়ে ভাৱিছিল, কিমান ভাল লাগিল হয়, যদি ধিৰাজ ঘৰৰপৰাও কোনোবা এজন অহা হলে! কিন্তু শুদ্ধি কৰণৰ দিনা উৰ্মি বা, নিজৰ লৰা দুটাৰ সৈতে আহিছিল। উৰ্মি বা, বয়সত ধিৰাজতকে ২০বছৰে ডাঙৰ আছিল। কিন্তু যেতিয়া মা, নবৌ, দাদা মাজত কোনো এজন নাহিলে, তেতিয়া ভিটালি বহুত নিৰাশ হৈ পৰিল। তাই উৰ্মি বাৰ কান্ধতে মূৰটো ৰাখি কলে, বা মইটো ভাৱিছিলো, সন্তান অহা পাছত সকলো দূৰত্ব নিজে নিজে কম হৈ পৰিব! কিন্তু এনে একো নহল।
যেতিয়া ভিটালিৰ লৰাটো ৩মাহ হল, তেতিয়া তাই পুনৰ এবাৰ সেই ঘৰৰ দুৱাৰদলিত গৈ পালেগৈ। যৰপৰা তাই এদিন অপমানিত হৈ ওলাই আহিছিল। ধিৰাজে তাইক বাধা দিব বিচাৰিলে, কিন্তু ভিটালিয়ে নুশুনিলে। পলম কে হলেও পুত্ৰৰ বাবে দয়া জাগিব পাৰে, কিন্তু বোৱাৰীজনীটো আনৰ ঘৰৰ হয়! বোৱাৰীজনীয়েটো নিজে নতুন ঘৰখনত নিজৰ গঢ়ি তুলিব লাগিব। তাকে ভাৱি ভিটালি, শহুৰৰ ঘৰলৈ পুনৰ গৈছিল। দুৱাৰতে ডাঙৰ নবৌয়েকৰ ৬বছৰীয়া জীয়েক গুডি আৰু নন্দেক মাতুক লগ পালে। ভিটালিক দেখা পায়ে, মাতু ভিতৰলৈ গুচি গল। গুডিয়ে তাতে ৰৈ, ভিটালিলৈ চাই ৰল। তাৰপিছত ভিটালিয়ে বাবুক গুডি লগত চকীতে শুৱাই, গোটেই ঘৰটো এপাক মাৰি আহিল।
ভিটালিয়ে দেখা পালে, ডাঙৰ নবৌয়েকে বিচনাতে পৰি কাঁহি আছে। তেওঁৰ জ্বৰ উঠিছিল। ভিটালিয়ে চিনাকি এজনলৈ লৰালৰিকৈ ফোন কৰি ঔষধ অনালে। আৰু ঠাণ্ডা পানীৰে ৰুমাল এখনেৰে নবৌয়েকৰ মূৰত দিলে। কিছু সময়ৰ পাছত নবৌয়েকৰ জ্বৰটো অলপ কমিল। তাৰপিছত ভিটালিয়ে পাকঘৰলৈ গৈ সকলোৰে বাবে চাহ বনালে। আৰু ঘৰৰ বাকীসকলৰ বাবে, ভাত, আঞ্জা বনালে। কিন্তু তাই জানিছিল, মাকে তাইৰ হাতেৰে নাখায় বুলি! দুপৰীয়া ১২বাজি গৈছিল। নবৌ পুৱাতকে সুস্থ হৈ উঠিল। কিন্তু তেতিয়া লৈকে মাক ঘৰ গৈ পোৱাগৈ নাছিল। মাতু আকৌ এতিয়াও ভিটালিক বেয়া পায়ে আছিল। ভিটালিয়ে গৈ নবৌয়েকক চাহ খাবলৈ দিলে। সেই সময়তে শাহুমাককো অহা ভিটালিয়ে দূৰৰপৰা দেখা পালে। শাহুমাকৰ খং এতিয়াও প্ৰথমৰদৰেই আছিল। ভিটালিয়ে জানিছিল, মৰমৰ দ্বাৰা সকলোৰে মন জয়ী কৰিব পাৰি বুলি। ( Assamese Storyboard )
সেইবাবে তাই নিজে বাবুক শাহুমাকৰ কোলাত দি দিলে। আৰু কলে মা, নাতিক আৰ্শীবাদ নিদিয়ে নি! তেতিয়া শাহুমাকে সোণৰ মুদ্ৰা এটা নাতিয়েকৰ হাতত দিলে হয়, কিন্তু সেই মৰম শাহুমাকে নেদেখুৱালে, যিদৰে ভিটালিয়ে ভাৱিছিল। ঘৰলৈ ঘূৰি অহাৰ পাচটো ভিটালিয়ে নবৌয়েকৰ খবৰ লৈ থাকিল। ঔষধ আৰু খোৱা বোৱৰো খবৰ ৰাখিলে। শেষত তাইৰ শ্ৰদ্ধা আৰু ভাৱনাৰ সন্মুখত ডাঙৰ নবৌয়েকেও হাৰ মানিলে। ডাঙৰ নবৌয়েকে কলে, ভিটালি, মোক ক্ষমা কৰি দিয়া, মইও তোমাৰ লগত বহুত ভুল কৰিলো। ডাঙৰ নবৌয়েকে কথা পাতি থাকোতেই মাতুৱে আহি ফোনটো টান মাৰি লৈ ললে,আৰু কলে, নবৌ, বাবু কেনে আছে! আৰু দাদা! সেইদিনাৰ পাছৰ পৰাই মাতু আৰু গুডিয়ে, যেতিয়াই সময় পায়, বাবুৰ লগত খেলিবলৈ গুচি গৈছিল। আৰু ডাঙৰ নবৌয়েকে ফোনতে বাবুক ভালদৰে চোৱা চিতা কৰিবলৈ কৈছিল। আৰু মাজে মাজে আইতাকেও বাবুৰ বাবে মিচিৰি আৰু বোৱাৰী ভিটালিৰ বাবে বাদাম, মাতু আৰু গুডিৰ হাতত দি পথিয়াইছিল। এনেদৰে লাহে লাহে ধিৰাজৰ পৰিয়ালৰ লগত ভিটালিৰ,দূৰত্ব কমিবলৈ ধৰিলে। কিন্তু ভিটালি, শাহুমাকৰ ওচৰলৈ হে যাব বিচাৰিছিল। তেওঁৱেটো সকলো আছিল। এদিনাখন শাহুমাক অসুস্থ হৈ পৰিল। শাহুমাকে উশাহ লব নোঁৱাৰা হল। শৰীৰটো ঘামেৰে তিতি গল। ঘৰৰ সকলো লোক ভয় খায় উঠিল। মাতুৱেও ডাঙৰ ডাঙৰ কৰি কান্দিবলৈ ধৰিলে। তিনিজন ককায়েকে তাইক বুজাইছিল। ডাক্টৰে, ভিটালিক ৰূমলৈ মাতি নি কলে, পইচা জমা কৰি দিয়ক। অপাৰেচন কৰিব লাগিব। কিছু সময়ৰ পাছত পুনৰ ভিটালি ডক্টৰৰ ৰূমলৈ গল। আনফালে, ধিৰাজ, দুজন ককায়েকৰ লগত বাহিৰত বহি আছিল ডাঙৰ নবৌয়েকে, বাবুক কোলাত লৈ চিন্তিত হৈ, এফালৰ পৰা আনফালে খোজ কাঢ়ি ঘূৰি ফুৰিছিল। মাকৰ গাখীৰ খায় থকা বাবুৱে কান্দি আছিল। কিছু সময়ৰ পাছতে তিনিজন ককায়েক, ভায়েক, উৰ্মি বা, দুগৰাকী নবৌয়েক আৰু মাতু, বাহিৰত থকা গছজোপাৰ চায়াতে বহি পৰিল। তেতিয়া মাতুৱে ডাঙৰ নবৌয়েকেক কলে, নবৌ, কি চিন্তা কৰি আছে! দীঘলীয়া উশাহ টানি ডাঙৰ নবৌয়েকে কলে, মাতু, কবলৈ গলে, মা ভাগৰ তিনিজনী বোৱাৰী আছে। কিন্তু প্ৰতি মূহুত্বতে, প্ৰতি সময়তে, ভিটালি য়ে নিজৰ ঠাই নিজে প্ৰস্তুত কৰি লয়। ভিটালিয়ে এপলক নোৰোৱাকৈ লৰি ধাপৰি সকলো কাম কৰে। তথাপিটো, ওঠোতে বহুতে, মায়ে তাইক দুখ দিয়ে। /p>
অপাৰেচনৰ পাছত যেতিয়া শাহুমাকক আই, চিউ, লৈ অনা হল, তেতিয়া প্ৰায় সন্ধ্যা লাগিছিল। তাৰপিছত ভিটালিয়ে বাবুক লৈ ঘৰলৈ আহিল। আই চিউত ৰখাৰ বাবে, কাকোৱে মাকৰ ওচৰলৈ যাবলৈ দিয়া নাছিল। কিন্তু মাকে যেতিয়া চকু খুলিলে, তেতিয়া তেওঁ ভিটালি ভিটালি বুলি মাতিবলৈ ধৰিলে। শাহুমাকে কলে, তেওঁ ভিটালিক লগ কৰিবলৈ বিচাৰিছে। মই তাইক বৰ অনাদৰ কৰিছো। আৰু তেওঁৰ চকুৱেদি দুধাৰি চকুলো ববলৈ ধৰিলে। মাকে দুখী মনেৰে কলে, মইটো আজিলৈকে তাইক আৰ্শীবাদকে নিদিলো, আৰু তাই মোক নতুন জীৱন এটা দিলে। ধিৰাজে কলে, মা, ভিটালিয়ে কেতিয়াও আপোনাৰ কথাত বেয়া নাপায়। তাইয়ে তিনিবছৰৰ পৰা আপোনাক লগ কৰিবলৈ বলীয়া হৈ আছে। সেই নিশা মাকৰ বহুত ভাল টুপন আহিল। পুৱাৰ কিৰণৰ লগত যেতিয়া ৰূমৰ পৰ্দা আঁতৰিলে, তেতিয়া গোটেই কোঠাটো এপাহ গোলাপ ফুলেৰে, সুবাহিত হৈ উঠিল। খিৰিকিৰ পৰ্দা আঁতৰোৱাই ভিটালিয়ে সুধিলে, মা, এতিয়া কেনে লাগিছে! শাহুমাকে চকু দুটা বন্ধ কৰি মূৰটো অলপ লৰালে, আৰু ইংগিতেৰে ভিটালিক তেওঁৰ কাষলৈ আহি বহিবলৈ কলে। পুৱাৰ কিৰণৰ উজ্জলতাৰে শাহুমাকে ভিটালিক মুখনিলৈ চাই ৰৈছিল। সেই সময়তে মাজু নবৌয়েকে বাবুক লৈ কোঠালৈ সুমাই আহিল। তেতিয়া শাহুমাকে বাবুক দেখা পায় সুধিলে, ভিটালি লৰাটোৰ কি নাম ৰাখিছা! ভিটালিয়ে কলে, এনেকৈ কেনেকৈ নাম ৰাখো! সেয়াটো আপুনিয়েই ৰাখিব লাগিব।
ভিটালিৰ এই কথা শুনি শাহুমাকৰ নিজকে অপৰাধী দৰে লাগিল। আৰু তেওঁৰ চকুৱে চকুপানী ববলৈ ধৰিলে। মাকে কলে, ভিটালি, এই ৰবিবাৰে, বাবুৰ নামাকৰণ সমাৰোহ আমি সকলোৱে মিলিজুলি নিজৰ ঘৰত আয়োজন কৰিম। যি দুৱাৰডলিৰপৰা তুমি অপমানিত হৈ আহিছিলা, তালৈকে পুনৰ আশীষ পাবলৈ ঘূৰি আহিবা। শাহুমাকৰ এই কথা শুনি ভিটালি উৎফুল্লিত হৈ পৰিল। তাইৰ এনে লাগিল, তাই যেন, আজি প্রথম বাৰ শহুৰৰ ঘৰত ভৰি ৰাখিছে।
নিজৰ ভাল ব্যৱহাৰৰ বাবে ভিটালিয়ে শাহুমাকৰ অন্তৰ জয়ী কৰিব পাৰিছিল।
এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24
No comments:
Post a Comment