যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (শেষ খণ্ড ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Friday, July 9, 2021

যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (শেষ খণ্ড ) : Assamese Storyboard

Assamese Storyboard


কৰৱী সোনকালে ওলোৱা আমি চেন্নাই যাব লাগিব l গৌৰৱে মনুক বিচাৰি পাইছে l তাই চেন্নাইত আছে l হয়তো তাই বহুত কষ্টৰে আছে গৌৰৱে কৈছে l আমি অলপ দেৰি কৰিলে হয়তো অঘটন ঘটিব পাৰে l( Assamese Storyboard )


কৰৱী আৰু মানস ফ্লাইটত উঠিল l 


মানস মই তোমাক অলপ কথা ক'ব আছিল l শুনিলে হয়তো তুমিও আচৰিত হ'বা l


কি কথা কোৱা কৰৱী l 


মনু আৰু মোৰ দাদা গৌৰৱৰ কথা l তুমি জানানে দাদাই বিয়াৰ আগতে কিয় নোহোৱা হৈছিল l কাৰণ দুয়ো দুয়োকে বহুত ভাল পাইছিল l মনুৰ বিয়া হোৱাৰ ইচ্ছা নাছিল তাই মনে প্ৰান ভৰি দাদাক ভাল পাইছিল l তোমাৰ আৰু মাৰ সুখৰ বাবে তাই নিজৰ ভাল পোৱাক ত্যাগ কৰিলে l


কৰৱী এইবোৰ তুমি কি কৈছা l কিন্তু গৌৰৱে মোক এবাৰ হলেও ক'ব পাৰিল হয় l মই সুখেৰে মনুক গৌৰৱক গতাই দিলো হয় l সিহঁতে কিয় নকলে এবাৰো l আৰু তুমি যদি জানিছিলা মোক কিয় নকলা l 


মই যেতিয়া গম পাইছো তেতিয়ালৈ বহুত দেৰি হ'ল l দাদাক বহুত বাৰ সুধিলো কিন্তু সি একো নকলে l আৰু বিয়া খন যিহে খৰ খেদাকৈ হ'ল একো সুবিধাই নাপালো l দাদায়ে মনুক বিয়াত বহিবলৈ বাধ্য কৰাইছিল l তাৰ অলপ অসুখ হৈছিল l কিন্তু সেই অসুখ ডাক্তৰে এক মাৰাত্মক ৰোগ বুলি ক'লে l বহুতো পৰীক্ষা কৰিলে অসমত কিন্তু তাৰ বেমাৰ ধৰিবই নোৱাৰিলে l সি নিজকে কেন্সাৰ বেমাৰী বুলি ভাবি মনুৰ পৰা আতৰি গ'ল l চেন্নাইত আহি জানিব পাৰিলে যে তাৰ তেনে ধৰণৰ একো বেমাৰ হোৱা নাই l কিন্তু তেতিয়ালৈ মনুৰ বিয়া হৈ গ'ল l 

**********************************


পুলিচৰ দল এটাৰ সৈতে গৌৰৱ দিগন্ত ঘৰ পালেগৈ l অলপো সময় নষ্ট নকৰাকৈ সকলো ঘৰৰ ভিতৰলৈ সোমাই গ'ল l


দিগন্ত আৰু ঘৰৰ সকলোৱে অলপ অ-প্ৰস্তত হ'ল পুলিচ আৰু চিয়াইদিৰ দলটো দেখি l মনুৱে যদি এওঁলোকক তাইৰ লগত কৰা ব্যৱহাৰ কথা কৈ দিয়ে আমি সকলো ফালৰ পৰা ফচিম । 


মি:দিগন্ত আপোনাৰ ওপৰত অফিচৰ পৰা অভিযোগ দিছে l অফিচৰ গোপন তথ্য আত্মসাত কৰাৰ অভিযোগ আছে সেয়ে আমি আপোনাৰ ঘৰৰ তালাচি কৰিব লাগিব l আপোনালোকে এই ঠাইতে থাকিব l কথাষাৰ কৈয়ে দিগন্ত নিজৰ কামত লাগিল l 


চাৰ চাৰ এটা  ৰুমত এগৰাকী মহিলা অচেতন হৈ পৰি আছে তেখেতৰ শৰীৰত গোটেই তেজ l 


গৌৰৱ প্ৰায় দৌৰি গৈ দেখিলে l সেই গৰাকী মহিলা আন কোনো নহয় তাৰ মৰমৰ মনু l 


মনু ! অ'হ মাই গড কি কৰিলা তুমি l কনিস্টবল এজনক মাতি ততালিকে মনুক মেডিকেল লৈ গ'ল l আৰু বাকী সকলক তডন্ত কৰিবলৈ আদেশ দি সি ওলাই গ'ল l


ডাক্তৰ এখেতক যেনেকৈ হলেও সুষ্ঠ কৰক l জীৱনত কৰা ভুলৰ বাবে আজি মনুৱে কষ্ট পাইছে l 


এওঁক তেজ দিব লাগিব আৰু এই গ্ৰোপৰ তেজ আজি আমাৰ ব্লাড বেংকত নাই ডাক্তৰ জনে গৌৰৱক কথাষাৰ কৈ আকৌ সুমাই গ'ল l


**********************************


আপোনালোক সকলো উচ্চ শিক্ষিত মানুহ হৈ এগৰাকী নাৰীৰ মূল্য নুবুজে l মুখা পিন্ধা ভদ্ৰ আপোনালোক l আপোনালোকৰ এই ভুলৰ বাবে উচিত  শাস্তি আইনে দিব l ঘৰৰ প্ৰতিজন সদস্যই শাস্তি পাবলৈ সাজু থাকক মাত্ৰ মনু ভাল হবলৈ বাকি l আৰু এই ক'লা ধানদা বোৰ এৰক l যিখন থালিত খাই সেইখন থালিতে গোৰ মাৰা এই লোভীয়া আৰু মুখা পিন্ধা ভদ্ৰ সকলৰ অভ্যাস আৰু চৰিত্ৰ l

**********************************

চকু মেলিয়েই সকলোকে দেখি মনু আচৰিত হ'ল l তাইক কোনে মেডিকেল আনিলে l সেইখন ঘৰৰ মানুহে তাইক যে অনা নাই সেইটো ভালকৈ জানে l( Assamese Storyboard )


ডাক্তৰ জনে সকলো ক'লে গৌৰৱৰ কথা l গৌৰৱে নিজৰ তেজ দি তোমাক এক নতুন জীৱন দিলে l সেই সময়ত যদি তেওঁ নাথাকিল হয় তেতিয়া তোমাক বচাবলে নোৱাৰিলো হয় l ধন্যবাদ দিয়া যদি তেখেতক দিবা l তেওঁ সময় মতে আহি নোপোৱা হলে তোমাৰ শৰীৰৰ অংগবোৰে কাম নকৰা হল হয় l


অ মনু আমালৈ খবৰ গৌৰৱে দিছিল l সি ইয়াত নথকা হলে আজি তোমাক আমি হেৰুৱাই পেলালো হয় l মোক ক্ষমা কৰি দে ভন্তী l মোক যদি এবাৰ হলেও কলি হয় তোৰ আৰু গৌৰৱৰ সম্পৰ্কৰ কথা l মই কেতিয়াও মানা নকৰিলো হয় l


মই কম বুলি ভাবিছিলো কিন্তু গৌৰৱে এই সম্বন্ধৰ বাবে অপ্ৰস্তত হোৱাৰ বাবে মই তোমাক একো নকলো l গৌৰৱৰ বাবে মই আজি ইমান কষ্ট পালোঁ l সি মোৰ জীৱনলৈ আহিব নালাগিছিল l 


তেনেকৈ নকবি অ মনু মোক কৰৱীয়ে সকলো কলে l সি তোৰ ভাল চিন্তা কৰিহে তাৰ পৰা আতৰি যাব দিছিল l সি নিজকে কেন্সাৰ ৰোগী বুলি ভাবি আছিল l ডাক্তৰৰ ভুলৰ বাবেই এইবোৰ হ'লগৈ l 


গৌৰৱ এই কাম কিয় কৰিলা তুমি ৰোগী হোৱা হলেও মই তোমাৰেই হলো হয় l মোৰ ভাল পোৱা খিনি ইমানেই বুজিছিলা l মোক এবাৰ নকলা কিয় তোমাৰ কথা মইও তোমাৰ দুখত সমভাগী হলো হয় l সেই অধিকাৰ মোৰ পৰা কিয় কাঢ়ি নিলা l


গৌৰৱে নিৰৱে সকলো শুনি গ'ল মাথোন l তাইক কবলৈ একো শব্দই বিচাৰি পোৱা নাছিল l


কথাৰ মাজতে তাইৰ মাকৰ কথা মনত পৰিল l দাদা মাক কিয় লৈ নানিলা l মা কুশলে আছেনে l 


মাকৰ কথা সুধাৰ লগে লগে সকলোৰে চকুত চকু পানী বৈ আহিল l  কেনেকৈ ক'ব এতিয়া তাইৰ আগত মা যে আৰু নাই l মানস আৰু কৰৱীয়ে সাহস গোটাব নোৱাৰিলে l 


গৌৰৱে লাহেকৈ তাইৰ কাষত বহিলে l আৰু এফালৰ পৰা সকলো কথা কৈ গ'ল l 


তাই চকুত অলপো চকু পানী নোলালে l তাইৰ সেই নৰ পিশাচ দিগন্তৰ ওপৰত খং উঠিল l তাক শাস্তি দিহে মনুৱে যেন শান্তি পাব l 


মই বহুত ভুল কৰিবলৈ ওলাইছিলো l দোষীক উচিত শাস্তি নিদি মই নিজকে শেষ কৰিবলৈ লৈছিলো l মই সকলো নাৰীক দেখুৱাই দিম যে l আমি ইচ্ছা কৰিলে কি কৰিব পাৰোঁ l 


মনশ্ৰীয়ে দিগন্তৰ ওপৰত অভিযোগ দিলে l আৰু ঘৰৰ সকলোকে কৰায়ক্ত কৰিলে l দিগন্তৰ জেইল হ'ল । দোষীয়ে উচিত শাস্তি পালে l মনশ্ৰীৰ মনটোৱে যেন এতিয়াহে শান্তি পালে l 


********************* সমাপ্ত


Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages