ৰিমাশ্ৰীৰ আমৃত্যু আত্মাই মোক এই আটাইখিনি কথা কৈ আছিল। মোৰো বহুত বেয়া লাগিল। মই ইয়ালৈ আহোঁতে যিজনী পাগলীক লগ পাইছিলো সেইজনীয়ে আছিল প্ৰণৱৰ মাক ( Assamese Storyboard )। লাহে লাহে মই দেখিব লৈছিলোঁ ৰিমাৰ আত্মাটো ধোৱা হৈ প্ৰকৃতিত বিলীন হৈ গ'ল। কান্দি কান্দি ভাগৰি পৰিছিল ৰিমাশ্ৰীৰ আত্মাটো। মই নিজকে জীৱ শ্ৰেষ্ঠ বুলি কবলৈ লাজ লাগিছিল।
হয়টো ৰিমাশ্ৰী আৰু প্ৰণৱৰ নিচিনাকৈ বহুতৰেই নিস্বাৰ্থ প্ৰেম সমাজ অথবা পৰিয়ালৰ আব্দাৰত পুৰ্ণ হোৱা নাই। প্ৰেম অন্তৰৰ গোপন কোনত জন্ম লয়। ই কোনো ধৰ্ম,বৰ্ণ নাচায় মাথোঁ হৈ যায়। সমাজৰ নিয়মৰ চক্ৰবেহুত পাক খাই আজি কেইবাটাও জীৱন শেষ হৈ গ'ল। সেই নিয়মৰেই কবলত পৰি গ'ল আজন্ম নিস্পাপ শিশুটো।
ভগৱানে আমাক মানুহ ৰূপে পৃথিৱীত পঠাইছে। হিন্দু অথবা মুচলমান কৰি নহয়। এইফালে প্ৰেম , প্ৰেমত পৰিলে আমাৰ বাধা কিহৰ? সিহতৰ আশাৰ ঘৰ আৰু আমাৰ সপোনৰ অগচৰ। আৰু এতিয়া ধৰ্মই হৈছে প্ৰেমটো বাধা , ধৰ্মই হৈছে আশাটো বাধা। প্ৰেম লৈ ধৰ্ম হৈছে , ধৰ্ম লৈ প্ৰেম হৈছে আৰু আশাক ধৰ্মই থৈছে বান্ধি। প্ৰেম কৰা নাযায় , প্ৰেম হৈ যায়। আৰু যেতিয়া চকুয়ে কথা কয় , শব্দবোৰটো তাতেই থমকি ৰয়।
আজি ৰিমা অথবা প্ৰণৱৰ নিচিনা হেজাৰ প্ৰেমিক প্ৰেমিকা আছে যাৰ হয়টো প্ৰেম অকালতে মৰহি থাকিল। ( Assamese Storyboard )
"আমাক জীয়াই থাকিবলৈ দে" কাহিনী ভাগ ইমানতেই যৱনিকা পৰিল। আপোনালোকৰ সহাৰিয়েই লিখিবলৈ উৎসাহ যোগাই সেয়েহে আজি আকৌ শুধিছো কেনে পালে কাহিনী ভাগ। আকৌ লগ পোৱাৰ আশাৰে ...............
শ্ৰী পাৰ্থ প্ৰতিম কলিতা
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment