মৰমৰ
ৰাজ দা,
নিজকে বহুত বুজালোঁ মই , কিন্তু নোৱাৰিলোঁ । মৰিবলৈ অকণো ইচ্ছা নাছিলে মোৰ । মই নিৰূপায় সোণ, মই সুখী হৈ থাকিবলৈ হলে তোমাৰ সংসাৰখন ভাগি থানবান হৈ যাব ( Assamese Storyboard )। তোমাৰ আৰু মোৰ মাজত থকা সকলো সম্পৰ্কৰ কথা বৌয়ে জানিছিল । তোমাৰ পৰা আতঁৰহৈ আহিবলৈ মোক বাৰে বাৰে অনুৰোধ কৰিছিল । মই আতঁৰহৈ যাম বুলি বৌক কথাও দিছিলোঁ । কিয় জানো তথাপিও তোমাৰ কথা মনত পৰিলে বৌক দিয়া কথাবোৰ পাহৰি থাকিবৰ মন যায় । মই জানো মোৰ পৰা আতঁৰহৈ তুমিও সুখী হৈ থাকিব নোৱাৰা । তুমি সুখী হবলৈ হলে মই এই পৃথিৱীৰ পৰা আতঁৰহৈ যাব লাগিব । প্ৰথমে ভাবিছিলোঁ আমি দুয়ো একেলগে আত্মহত্যা কৰিম , কিন্তু তোমাৰ কণমানিজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই মই তোমাক এই পথৰ যাত্ৰী কৰিব নোৱাৰিলোঁ ৰাজ দা । তোমাক এই কাৰণে ইনভাইট কৰিছিলোঁ যাতে তোমাৰ কোলাত মূৰ থৈ হাঁহি মুখে শেষ উশাহটো ল'ব পাৰিম । ভগৱানে সেইটোও হবলৈ নিদিলে , তোমাক কথাবোৰ পাহৰাই দিলে । মোৰ অনুপস্থিতিয়ে তোমাক হয়তো বহুত দুৰ্বল কৰি পেলাব । তথাপিও তুমি ভাগি নপৰিবা ৰাজ দা । মই সদায় তোমাৰ কাষতেই থাকিম । পাৰা যদি তুমি নিজকে সলনি কৰা ৰাজ দা , আমাৰ সমাজখনে আমাক শান্তিত জীয়াই থাকিবলৈ নিদিয়ে ৰাজ দা । কোনেও আমাৰ মৰম আৰু ভালপোৱাৰ মূল্য বুজি নাপায় । তুমি যদি জীয়াই থাকিব বিচৰা তেন্তে এই মিছা ৰঙীণ পৃথিৱীখনৰ পৰা নিজকে উলিয়াই নি বৌ আৰু কণমানিজনীৰ সৈতে নিজৰ জীৱনটো উপভোগ কৰা । তুমি সদায় সুখী হোৱা । এইয়াই মোৰ আশা । শেষত এবুকু মৰম আৰু ভালপোৱাৰে তোমাৰ প্ৰিয়ম । লাভ ইউ ৰাজ দা .....
মৃত্যুৰ আগমুহূৰ্ত্বত প্ৰিয়মে লিখি থৈ যোৱা চিঠিখন পঢ়ি হিয়া উজাৰি কান্দিলে ৰাজে । ...প্ৰাণ , মোৰ সুখৰ বাবেই সি এই পৃথিৱীৰ পৰাই গুচি গ'ল । বহুত ভাল পাইছিল মোক প্ৰিয়মে । সি মোক মাজে মাজে কৈছিল .... মোৰ সুখৰ বাবে সি নিজৰ জীৱনটোও উচৰ্গা কৰি দিব পাৰিম বুলি । সি মোক কথাটো ৰাখি মোৰ সুখৰ বাবেই সি নিজৰ জীৱন উচৰ্গা কৰি দিলে । কিন্তু মই কি দিলোঁ তাক.... বুকুত ভুকুৱাই ভুকুৱাই কান্দিলে ৰাজে ।
: ধৈৰ্য ধৰক ৰাজ দা । যি হ'ব লগা আছিল সেয়াটো হৈয়ে গ'ল । এতিয়া হৈ যোৱা কথাবোৰ ভাবি থাকিলে মনটোৱেহে কষ্ট পাব । চাওঁ উঠক , এইদৰে কন্দা কটা কৰি থাকিলে নহব নহয় ....! বুজনীৰ সুৰত কলে প্ৰাণে ।
: প্ৰাণ , সি কিয় এনেকুৱা কৰিলে ...? মোক কিয় সি অকলশৰীয়া কৰিলে ....? তাৰ অবিহনে মই কেতিয়াও সুখী হব নোৱাৰোঁ ।
: পাৰিব লাগিব ৰাজ দা । প্ৰিয়মৰ এই ত্যাগৰ মূল্য আপুনি বুজি পাব লাগিব । আপোনাৰ সংসাৰ আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই প্ৰিয়ম গুচি গ'ল । এই সকলোবোৰ এটা বেয়া সপোন বুলি ভাবি পাহৰি যাবলৈ চেষ্টা কৰক । জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰক...!
: মই নোৱাৰোঁ অ' প্ৰাণ....! তুমি কি বুজিবা...! বহুত ভাল পাইছিলোঁ প্ৰিয়মক । সুখ দুখৰ প্ৰতিটো মুহূৰ্ততে সি মোক সাহস দিছিল । এতিয়া মোৰ এনেকুৱা অনুভৱ হৈছে যে মোৰ কলিজাটোৱেই হেৰাই থাকিল ।
: বুজি পাইছোঁ ৰাজ দা । এতিয়া আপুনি প্ৰিয়মৰ কথা পাহৰি বৌ আৰু কণমানি জনীৰ কথা চিন্তা কৰক । এইদৰে থাকিলে বৌও আপোনাৰ জীৱনৰ পৰা আতঁৰহৈ যাব । তেতিয়া আপুনি বৰ অকলশৰীয়া হৈ পৰিব । ৰাজৰ কাষতে বহি বুজাবলৈ চেষ্টা কৰিলে গৌৰৱে ।
: মোৰ ভুল ক'ত হল সেইটোহে বুজি নাপালোঁ । কাৰোবাক মৰম কৰাটো জানো ভুল....? প্ৰেমৰ জানো কিবা লিঙ্গ আছে ...? দুখন হৃদয়ৰ সঁচা মিলনেই যদি ভালপোৱা । তেন্তে মোৰ দোষ ক'ত গৌৰৱ....?
: দোষ আপোনাৰ নহয় ৰাজ দা । আমাৰ সমাজখন ইয়াৰ বাবে দায়ী । সকলো দিশতে পাশ্চাত্যক আঁকোৱালি লোৱা আমাৰ এই সমাজখনে সমকামী সকলক কিয় সহজভাৱে আঁকোৱালি ল'ব নোৱাৰে...! কিয় নিজৰ চিন্তাধাৰা সলনি কৰিব নোৱাৰে .....? পাশ্চাত্যক আঁকোৱালি লৈ যিমানেই নিজকে আধুনিক বুলি চিনাকী নিদিয়ক কিয় , যেতিয়ালৈকে তেওঁলোকৰ চিন্তাধাৰা আৰু মানসিকতা সলনি নহয় তেতিয়ালৈকে আমি সেইসকল লোকক আধুনিক বুলি কব নোৱাৰিম ৰাজ দা । এইসকল লোকৰ বাবে সমকামীতা এটা ডাঙৰ অপৰাধ । যদি মানুহৰ মানসিকতা সলনি নহয় তেন্তে হাজাৰজন প্ৰিয়মে আপোনাজনক নোপোৱাৰ দোষত মৃত্যুক আঁকোৱালি লব লাগিব ।
: গৌৰৱে সঁচা কথা কৈছে ৰাজ দা । আপুনি এতিয়া ভাগি পৰিলে নহব । এতিয়া আপুনি শক্তিশালী হ'ব লাগিব ।
কথা পাতি থাকোঁতেই ৰাজৰ ফোনটো বাজি উঠিল । প্ৰাণে চার্জৰ পৰা ফোনটো খুলি আনি ৰাজৰ হাতত দিলে । নিজকে অলপ সংযত কৰি ফোনটো ৰিচিভ কৰি স্পীকাৰটো অন কৰি দিলে ৰাজে
: কোৱা ....!
: ক'ত আছে আপুনি...?
: ঘৰতে আছোঁ । কোৱা....
: মই যাবলৈ ওলাইছোঁ । গাড়ীৰ পৰা নামি ফোন কৰিম , লৈ যাবাহি ।
: আজি আহিব নালাগে নেকি...! সন্ধিয়া লাগিবৰে হ'ল দেখোঁন....! ৰাতিপুৱাই মই লৈ আহিমগৈ ...
: এতিয়া গ'লে আপোনাৰ কি অসুবিধা হ'বনো....! নে আপুনি প্ৰিয়মৰ লগত ব্যস্ত হৈ আছে...?
: প্ৰতিটো কথাতে তুমি কিয় প্ৰিয়মক টানি আনা...? প্ৰিয়মেনো তোমাক কি অমৃতত বিহ ঢালিলে....?
: মোৰ পৰা দেখোঁন আপোনাক আজুৰি নিলে , এইয়া বিহেই যথেষ্ট , আৰু নালাগে ।
: শুনা ....! আজিৰ পৰা আৰু তুমি প্ৰিয়মৰ বাবে অলপো অসুবিধা নোপোৱা । তোমাৰ মোৰ সুখৰ বাবেই প্ৰিয়মে নিজৰ জীৱনটোকেই শেষ কৰি দিলে ।
: কি....? আপুনি এইবোৰ কি কৈছে....?
: এইয়াই সত্য । এতিয়া মই তোমাৰ হৈয়ে থাকিম মালা... কথাষাৰ কৈয়ে উচুপি উঠিল ৰাজ । ....শুনিলা..! শুনিলা...! প্ৰাণ । কথাই কথাই প্ৰিয়মক সন্দেহ কৰে । এইবোৰৰ বাবেই আমাৰ মাজত সদায় কাজিয়া হয় । মই সকলো নীৰৱে সহ্য কৰিলোঁ । কিন্তু প্ৰিয়মে জানো সহ্য কৰিব পাৰিলে...? মোৰ দুখবোৰ সহ্য কৰিব নোৱাৰা বাবেই সি নিজকে শেষ কৰি পেলালে । ( Assamese Storyboard )
: সমকামী হিচাপে আজিৰ সমাজত জীয়াই থাকিবলৈ হ'লে বুকুত সাহস লাগিব ৰাজ দা । সমাজৰ প্ৰতিটো সমস্যা বা বাধাক আওকাণ কৰি নিজৰ জীৱনটো সুন্দৰকৈ সজাই উপভোগ কৰিবলৈ শিকিব লাগিব । তেতিয়াহে সমাজত আন দহজনৰ দৰে মূৰ দাঙি জীয়াই থাকিব পাৰিব । বৰ স্পষ্টভাৱে কথাকেইটা কলে প্ৰাণে ।
: প্ৰাণ...! মইয়ো কেতিয়াবা নিজকে শেষ কৰি পেলাম । তেতিয়া মালাই নিজৰ ইচ্ছা মতেই জীৱনটো উপভোগ কৰিব পাৰিব ।
: তেনেকুৱা কথা নক'ব ৰাজ দা । ভয়াতুৰ মানুহেহে মৃত্যুৰ কথা ভাবে । আপুনি জীয়াই থাকিব লাগিব । অন্ততঃ প্ৰিয়মৰ শেষ আশাটো পূৰণ কৰিবৰ বাবেই ।
: ৰাজ দা , আমি থাকোঁতেই আপুনি কিবা এটা খাই লওঁক । নোখোৱাকৈ থাকিলে আপোনাৰ দেহাটোৱেহে কষ্ট পাব ।
: কলিজাটোৱেই যেতিয়া হেৰাই গ'ল মইনো জীয়াই থাকি কি কৰিম অ' প্ৰাণ....!
: আপুনি কিয় একেটা কথাতে লাগি আছে ৰাজ দা । আপুনি জানো আমাক নিজৰ বুলি নাভাবে....! প্ৰাণ আৰু মোৰ বাবেই কিবা এটা খাওঁক । আপুনি এইদৰে থাকিলে আমাৰ ভাল লাগিব জানো....! অলপ দুখেৰে কলে গৌৰৱে ।
: তোমালোকে ইমানকৈ জোৰ কৰিছা যেতিয়া । গাখীৰ এগিলাচকে খাব পাৰোঁ । গৌৰৱ ফ্ৰীজতে গাখীৰ আছে । গৰম কৰি তাকে আনাগৈ যোৱা । লাহেকৈ কলে ৰাজে ।
: ঠিক আছে ৰাজ দা । আপুনি মুখখন ধুই দিয়্কগৈ যাওঁক । কান্দি কান্দি চকুদুটা উখহাই পেলালে । কথাষাৰ কৈয়ে ভিতৰলৈ সোমাই গ'ল গৌৰৱ । ফ্ৰীজৰ পৰা গাখীৰখিনি উলিয়াই ভালকৈ গৰম কৰি । ইফালে সিফালে চাই বিস্কুটৰ টেমাতোৰ পৰা বিস্কুট কেইটামান উলিয়াই বাতি এটাত দি গৰম গাখীৰখিনি ঢালি চেনী এচামুছ গুলি জলপানৰ দৰে কৰি খাবলৈ দিলে ৰাজক । ....ৰাজ দা , এইকণ খাই দিয়ক ।
: এইবোৰ কিয় কৰিলানো....!
: বিশেষ একো নাই । বিস্কুট কেইটামান গুলি দিছোঁ । খাই দিয়ক ৰাজ দা ।
: গৌৰৱ , তোমাৰ practical কৰিবলৈ নাই জানো...? তুমি ৰূমলৈকে যোৱাগৈ । মই ৰাজ দাৰ লগতে থাকিম ।
: প্ৰাণ, তুমি বলিয়া হৈছা নেকি....? ৰাজ দা ইয়াত থাকিব নালাগে । আমাৰ ৰূমতে থাকিব ।
: তেতিয়া হলে সোনকালে খাওঁক ৰাজ দা । গৌৰৱ , তুমি অলপ আগবাঢ়ি যোৱা । মই আৰু ৰাজ দা অলপ পাছত যাম।
: ঠিক আছে প্ৰাণ । মই গৈ থাকোঁ । কথাষাৰ কৈয়ে গৌৰৱ বাহিৰলৈ ওলাই আহিল । গেটখন খুলি বাইকখন ৰাস্তালৈ উলিয়াই গেটখন আকৌ বন্ধ কৰি দিলে গৌৰৱে । বাইকখন ষ্টাৰ্ট দি লাহে লাহে ৰূমলৈ গতি কৰিলে । গভীৰ আন্ধাৰ নিশা বাইকৰ লাইটৰ পোহৰত ভয়ে ভয়ে বাইকখন আগুৱাই নিলে । ডাঠ হাবিখন পাৰ হোৱাৰ আগতেই ভৈৰৱৰ বুকুখন চিৰিং কৰি উঠিল । ৰাস্তাৰ দুয়োকাষে ওখ ওখ গছ , ঘোৰ আন্ধাৰ । এক অজান ভয়ত গৌৰৱৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিলে । সি এবাৰ পাছলৈ উভতি চালে । এখনো গাড়ী তাৰ পাছত নাই , ভয়ে ভয়ে বাইকখন পাছলৈ আনি প্ৰাণলৈ ফোন কৰি সোনকালে আহিবলৈ অনুৰোধ কৰিলে আৰু হাবিখনৰ পৰা কিছু দূৰলৈ আঁতৰি আহি বাইকখনতে বহি থাকিল গৌৰৱ । হঠাৎ গৌৰৱৰ সন্মুখেদি ক'লা মেকুৰী এজনী মেও বুলি ডাঙৰকৈ চিঞৰি পাৰ হৈ গ'ল । ভয়ত গৌৰৱৰ গালে মুখে ঘাম বিৰিঙি উঠিল । বাইকখন ঘূৰাবলৈ লওঁতেই প্ৰাণ আৰু ৰাজ আহি গৌৰৱৰ সন্মুখত বাইকখন ৰখাই দিলেহি....
: প্ৰাণ....! পালাহি....! কপা কপা মাতেৰে কলে গৌৰৱে ।
: কি হ'ল গৌৰৱ...? ইমানকৈ ঘামিছা যে.....?
: বিৰাট ভয় খালোঁ প্ৰাণ....! আজিৰ নিচিনা ভয় মই কেতিয়াও খোৱা নাছিলোঁ ।
: বাইক চলাব পাৰিবা নে নাই....? নোৱাৰা যদি মোৰ ইয়ালৈ আহাঁ....!
: পাৰিম প্ৰাণ । তোমালোক আগে আগে যোৱা , মই পাছে পাছে গৈ আছোঁ ।
প্ৰাণে বাইকখন আগবঢ়াই দিয়াৰ লগে লগেই গৌৰৱেও বাইকখন আগুৱাই নিলে । আন্ধাৰ ফালি ফালি বাইক দুখন আগুৱাই গৈ থাকিল ।
ক্ৰমশঃ.....
( Assamese Storyboard )
বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।
জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment