মোক সুখী হ'বলৈ বৰ বেছি একো নালাগে ৰাজীৱ । মোৰ বিশ্বাস আৰু মৰমৰ মূল্য দিবলৈ তুমি মোৰ কাষত থাকিলেই হ'ল । ৰাজীৱক বুকুৰ মাজত সাৱতি কথাকেইটা কলে ভৈৰৱে । ( Assamese Storyboard )
: শেষ উশাহটো থকালৈকে মই সদায় তোমাৰ কাষতেই থাকিম ভৈৰৱ দা । এতিয়া এইবোৰ কথা ভাবি থাকিব নালাগে , উঠা। তোমাৰ টিউচন নাই জানোঁ....!
: আছে । কিন্তু নাযাওঁ । আজি কলেজলৈও নাযাওঁ ।
: কিয়.....?
: আজি প্ৰাণৰ ৰূমলৈ যাম । যোৱা যদি ওলাবা...
: যাম । কিয় নাযাম আকৌ....! কথা পাতি পাতি শুই থাকোঁতেই ঘড়ীটোৱে ছয় বজাৰ সংকেত দিয়াৰ লগে লগেই বিচনাৰ পৰা নামি আহিল ৰাজীৱ । .....উঠা ভৈৰৱ দা । সোনকালে ফ্ৰেচ হৈ লোৱা ।
: তুমি ফ্ৰেচ হৈ লোৱাচোন....! মই আৰু দহ মিনিটমান শুই লওঁ ।
: ঠিক আছে । তুমি শোৱা , মই ফ্ৰেচ হৈ লওঁ । দুৱাৰখন লাহেকৈ খুলি বাহিৰলৈ ওলাই আহিল ৰাজীৱ । পুৱাৰ শীতল বতাহজাকে ৰাজীৱৰ মন প্ৰাণ যেন শাত পেলাই দিলে । মুখত ব্ৰাছডাল ভৰাই দাঁতকেইটা মাজি মুখখন ভালকৈ ধুই চাহৰ চচটো গেছত বহুৱাই । তৰা আৰু অৰ্জুনক মাত লগালে .....মা , অ'... মা ! উঠা । মই চাহ কৰিছোঁ । দেউতাকো মাত লগাই দিয়া । মাক দেউতাকক উঠিবলৈ কৈ অলপ পাতলকৈ ৰঙা চাহ চাৰিকাপ বাকি তৰা আৰু অৰ্জুনলৈ চাহ দুকাপ পাকঘৰতে থৈ হাতত চাহৰ কাপ দুটা লৈ ৰাজীৱ আকৌ বেড ৰূমটোলৈ সোমাই গ'ল ।
: ভৈৰৱ দা , চাহ আনিছোঁ , উঠা....।
: সদায় যদি এনেকৈ বেড টি একাপ পোৱা হ'লে....! চকুদুটা মোহাৰি মোহাৰি কলে ভৈৰৱে ।
: ধৈৰ্য ধৰা । সেই দিন অতি সোনকালে আহিব । ধৈৰ্যৰ ফল সদায় মিঠা হয় । মিচিকিয়া হাঁহি এটা মাৰি কলে ৰাজীৱে । চাহকাপ খাই গা ধুই একেবাৰে আজৰি হৈ ল'বা । মন্দিৰৰ পৰা আহিমগৈ...।
: কিয়...?
: আজি সোমবাৰ নহয় জানোঁ ! সেয়ে..... । তুমি মোৰ জীৱনলৈ অহাৰ দিন ধৰি প্ৰতি সোমবাৰে মই মন্দিৰলৈ যাওঁ । আজি যিহেতু তুমিও আছা , সেয়ে একেলগে যাওঁ বুলি ভাবিছোঁ ।
: বঢ়িয়া...! কিন্তু এটা কথা নহয়....! গামোচা চুৰিয়া একো নানিলোঁ নহয়....
: চুৰিয়া নিপিন্ধিলেও হ'ব ভৈৰৱ দা । গামোচা এখন হ'লেই হ'ল।
: তেতিয়া হ'লে চিন্তা নাই । গামোচা এখন তুমিয়ে দিবা ।
চাহৰ কাপটো ৰাজীৱৰ হাতত দি বিচনাৰ পৰা নামি আহিল ভৈৰৱ । ....গা ধুবলৈ কাপোৰ দিয়া ৰাজীৱ । আলনাত ধুনীয়াকৈ জাপি থোৱা পকোৱা সূতাৰ গামোচা এখন আনি ভৈৰৱৰ হাতত দিলে ৰাজীৱে .....এইখন লোৱা , তিয়াবা আৰু গা মোহাৰিবলৈ মই টাৱেল এখন দিম গৈ তোমাক ।
: ঠিক আছে ।
হাতত গামোচাখন লৈ ৱাচ ৰূমত সোমাল ভৈৰৱ । ৰাজীৱেও বাকচৰ পৰা আলহীৰ বাবে আছুটীয়াকৈ থৈ দিয়ে টাৱেল এখন উলিয়াই ৱাচ ৰূমৰ ওচৰৰ কাপোৰ মেলা ৰছীডালতে থৈ আহিল । হাতত ঝাৰুটো লৈ খৰখেদাকৈ ৰূম কেইটা ঝাৰু দি বিচনা কেইখন চিছিজ কৰি । মন্দিৰলৈ যাবৰ বাবে ভৈৰৱে পিন্ধিবলৈ যীশুৰ চাৰ্ট পেন্ট এযোৰ উলিয়াই বিচনাতে থৈ ৰাজীৱ বাহিৰলৈ ওলাই যাব খোজোঁতেই টাৱেলখনেৰে তিতা চুলিকেইডাল মোহাৰি মোহাৰি ভৈৰৱ ৰূমটোলৈ সোমাই আহিল । .... মোৰ হৈ গ'ল । তুমি ধুই লোৱাগৈ যোৱা....
: উম..! এই চাৰ্টটো পিন্ধি চোৱাচোন , তোমালৈ হয় নে নহয় । নহলে স্পৰ্টিং পিন্ধিব লাগিব ।
: তুমি গা ধুই আহাঁগৈচোন । মই পিন্ধিম বাৰু...!
: যদি চাৰ্টটো টান ঢিলা হয় তেতিয়া বাকচটো খুলি তুমি নিজেই এটা চাই পিন্ধি লবা । হ'বনে....!
: কিবা এটা পিন্ধিম আৰু দিয়া ।
: ৰ'বা । মই সাউৎকৰি গাটো ধুই আহোঁ । আলনাৰ পৰা টাৱেল এখন লৈ গৈ গাটো ধুই আগলটি কলপাত দুখন কাটি আনি পলিথিন এটাত ভৰাই আগফালে থকা বেলজোপাৰ পৰা বেলপাত তিনিটা চিঙি আনিলে ৰাজীৱে । তামোল পাণ এযোৰ আগ গুৰি কাটি পলিথিনটোত ভৰাই কাপোৰ কেইটা পিন্ধি কান্ধত গামোচাখন লৈ মন্দিৰলৈ ওলাল । তৰায়ো বৰ খৰখেদাকৈ গাখীৰ চাহ দুকাপ আনি ভৈৰৱ আৰু ৰাজীৱৰ হাতত তুলি দিলে । ....গৰমে গৰমে চাহকাপ খাই লোৱা ভৈৰৱ । মন্দিৰৰ পৰা আহি ৰুটি খাবাহি ।
: মন্দিৰৰ পৰা ঘৰলৈ নাহো আৰু মা । লাহেকৈ কলে ভৈৰৱে
: একো এটা নোখোৱাকৈ যাবা নে কলেজলৈ ...?
: আজি কলেজলৈ নাযাওঁ মা । প্ৰাণৰ ৰূমলৈ যাম । কাম এটা আছে ।
: আমাৰ সোণো যাব নেকি তোমাৰ লগত....?
: ইয়াকো লৈ যাম মা ।
: হয়নেকি....! তেতিয়া হলে যোৱা । সোনকালে আহিবা ।
: বেছি দেৰি নকৰোঁ মা ।
: তোমালোক যাবা ভৈৰৱ । মই দেউতাৰালৈ খোৱাৰ যোগাৰ কৰোগৈ । কথাষাৰ কৈয়ে তৰা ৰূমটোৰ পৰা ওলাই আহিল । ৰাজীৱে চাহৰ কাপ দুটা পাকঘৰত থৈ হাতখন তিয়াই তামোল পাণৰ টোপোলাটো হাতত লৈ পদূলিলৈ ওলাই গৈ নামঘৰটোৰ পিনে চাই সেৱা এটা জনালে । বাৰাণ্ডাৰ পৰা বাইকখন নমাই বাইকখন ষ্টাৰ্ট দিলে ভৈৰৱে । ৰাজীৱ বাইকত উঠাৰ লগে লগেই বাইকখন লাহে লাহে আগুৱাই নিলে ভৈৰৱে । কিছুদূৰ যোৱাৰ পাছতেই মন্দিৰৰ গেটখনৰ সন্মুখতে বাইকখন ৰখাই মিঠাতেলৰ চাকি দুগজ কিনি ললে ৰাজীৱে । মন্দিৰ গাতে লাগি থকা পানীৰ টেপটো খুলি ভৰি দুখন ধুই গাটোত পানী এছাতি ছটিয়াই সেৱা এটা কৰি মন্দিৰলৈ সোমাই গ'ল ভৈৰৱ আৰু ৰাজীৱ । কলপাতত তামোল পাণ আৰু অৰিহণা আগবঢ়াই চাকি দুগজ জ্বলাই সেৱা কৰি বাহিৰলৈ ওলাই আহি মন্দিৰৰ পুখুৰীটোৰ পাৰৰ ফুলনীখনত দুয়োটাই কেইখনমান ফটো উঠিলে । ইফালে সিফালে অলপ ঘূৰি দুয়ো মন্দিৰৰ পৰা ওলাই আহি চিধাই প্ৰাণদ্বীপৰ ৰূম পালেগৈ । বাইকৰ হৰ্ণটো শুনি প্ৰাণদ্বীপ বাহিৰলৈ ওলাই আহিল । ৰাতিপুৱাই ভৈৰৱ আৰু ৰাজীৱক দেখি প্ৰাণ আচৰিত হ'ল ..... আৰে' ! ভৈৰৱ , ৰাতিপুৱাই যে...?
: এতিয়া আৰু ৰাতিপুৱাবলৈ বাকী নাই । দহ বাজিল ।
: আহ...! গামোচা চামুচা লৈ যে...!
: মন্দিৰলৈ আহিছিলোঁ প্ৰাণ দা । মন্দিৰৰ পৰা চিধাই ইয়ালৈ আহিলোঁ । লাহেকৈ কলে ৰাজীৱে ।( Assamese Storyboard )
: কালি ফোন কৰোতে কোৱা হলে আমিও যাব পাৰিলোঁ হেঁতেন...!
: সোমবাৰে মই সদায় মন্দিৰলৈ আহোঁ ।
: হয়নেকি...! তোমালোক বহাচোন ৰাজীৱ । মই চাহ কৰোগৈ
: চাহ নালাগে প্ৰাণ দা । পানী এগিলাচকে দিয়া ।
: সোমবাৰে তুমি ব্ৰত কৰা নেকি ৰাজীৱ ।
: ব্ৰত নকৰোঁ , নিৰামিষ খাওঁ । গৌৰৱ দা ক'ত...?
: সি অলপ ওলাই গৈছে মালিকৰ ল'ৰাটোৰ লগত ।
: অ'....! কেতিয়া গ'ল ?
: যোৱাৰ সময় হ'ল । পাবহি আৰু.... আহিয়েই চাহ খাম বুলি কৈ গৈছে । সেয়ে তোমালোক বহা , চাহৰ লগত খাবলৈ লুচিকেইখনমান বনাই লওঁ মই ।
: প্ৰাণ.., তোৰ কি কৰিবলৈ আছে কৰি লগৈ যা । আমি বহি আছোঁ ।
: ভৈৰৱ আজি দেখোঁন তোৰ চকুদুটা সোমাই থকা যেন লাগিছে যে...! ৰাতি নুশুলিয়েই নেকি.....? ধেমালিৰ সুৰত কলে প্ৰাণে ।
: পাপীৰ সদায় পিঠাতেই মন । কথা কবলৈ নাপালি আৰু তই...! অলপ খঙেৰে কলে ভৈৰৱে ।
: তই কিয় ইমান চিৰিয়াছ হৈ যাৱ....? মই তোক ধেমালিহে কৰিছিলোঁ ।
: তহঁতৰ পৰা উপাই নাইকিয়া হৈছে মোৰ । কথা পাতি থাকোঁতেই ৰূমৰ পর্দাখন দাঙি গৌৰৱ আৰু মৃত্তিক সোমাই আহিল । ... ৰাজীৱ কেতিয়া আহিলা...? প্ৰশ্ন কৰিলে গৌৰৱে
: বেছি সময় হোৱা নাই ।
: মৃত্তিক এওঁ ভৈৰৱ আৰু তেওঁ ৰাজীৱ । ভৈৰৱ প্ৰাণৰ ভাল বন্ধু আৰু ৰাজীৱ ভৈৰৱৰ boyfriend .
: oh....! তোমালোক বহুত সুখী । আশ্চৰ্যজনক ভাৱে কলে মৃত্তিকে ।
: তোমালোকে কথা পাতা , মই ফ্ৰেচ হৈ লওঁ । কথাষাৰে কৈ গৌৰৱে হাতত টাৱেলএখন লৈ কুঁৱাৰ পাৰ পালেগৈ । গৌৰৱ ওলাই যোৱাৰ পাছত মৃত্তিকলৈ এবাৰ চালে ভৈৰৱে । সুন্দৰ সুঠাম এজন যুৱক , দুগালে চুটি চুটি দাড়ি । ডিঙিত Tato , প্ৰথম দৃষ্টিতেই মানুহৰ মন জয় কৰিব পৰা গুণৰ অধিকাৰী মৃত্তিক ।
: ভৈৰৱ , তোমাৰ প্ৰেমৰ বিষয়ে অলপ কোৱাচোন...! জানিবলৈ বৰ ইচ্ছা হৈছে ।
: কিনো কম...! আমি বহুত সুখী । ইজনে সিজনক বহুত ভাল পাওঁ , বুজি পাওঁ ।
: That's Good...! মোৰ সেইটোৱেই সমস্যা । মই যাক ভাল পাওঁ সি মোক বুজি পায় কিন্তু মই যিটো বিচাৰোঁ সেইটো নাপাওঁ । তথাপিও তাক বহুত ভাল পাওঁ । আজি তিনি বছৰে তাক ভাল পাই আহিছোঁ । বহুত কাজিয়া কৰোঁ আমি , কিন্তু ৰাতিপুৱালৈ আকৌ সকলো ঠিক হৈ যায় । তোমালোকে কাজিয়া কৰা নে....?
: আমাৰ কাজিয়া ইমান নহয় । কিন্তু , মই ইয়াক সৰু সৰু কথাত গালি পাৰোঁ ।
: Actually সেইবোৰ গালি নহয় ভৈৰৱ । সেইবোৰ মৰমৰ অভিমান । মোৰ আকৌ এনেকুৱা হয় , ধৰা আমি কিবা কথাত কাজিয়া লাগিলোঁ । ৰাতিটোৰ ভিতৰতে ইটোৱে সিটোৰ নাম্বাৰ ব্লক কৰি দিওঁ কিন্তু ৰাতিপুৱা আকৌ চাহকাপ একেলগে নাখালে মনটো ভাল নালাগে । মই ফোন কৰি তাক মাতি দিওঁ । ফোন কৰাৰ মাত্ৰেই সি আহি হাজিৰ হৈ যায় ।
: তোমাৰ প্ৰেম কাহিনী দেখোঁন বৰ বেলেগ ধৰণৰ । তোমাৰ কথাবোৰ শুনি মোৰ মনলৈ এটা প্ৰশ্ন আহিছে ।
: কি প্ৰশ্ন ভৈৰৱ ...? কোৱা । মই কথাবোৰ খোলাখুলিকৈ কওঁ ....
: মানে , তুমি যিহেতু তিনি বছৰ তাৰ লগত relationshipত আছা । এই তিনিবছৰত তোমালোকৰ মাজত physical relation হৈছে নে নাই...?
: নাই...! সেইবোৰ একো নাই ।
: কিয়...? একো fillings নাহে নেকি.....?
: Fillings আহে । কিন্তু তাক জোৰ কৰিবলৈ বেয়া লাগে । সি যিহেতু বয়সত মোতকৈ অলপ সৰু ।
: তোমাৰ কষ্ট নহয়নে....?
: বহুত কষ্ট হয় । নিজকে নিজেই বুজাই সান্তনা লওঁ । যিদিনা সি বুজিব সেইদিনা নিজেই মোৰ কাষলৈ আহিব এই আশাটোকে বুকুত বান্ধি আজি তিনি বছৰে তাৰ লগত সম্পৰ্কত আছোঁ ।
: কি আচৰিত সম্পৰ্ক এইয়া মৃত্তিক...!
.....মৃত্তিক চাহ খাবা । ভৈৰৱ , ৰাজীৱ ওচৰ চাপি আহাঁ । হাতত চাহৰ ট্রে আৰু ফুলা লুচিৰ কাঁহীখন আনি টেবুলত থলে প্ৰাণে ।
: প্ৰাণ...! মৃত্তিকৰ প্ৰেম কাহিনী দেখোঁন বৰ বেলেগ ধৰণৰ । এইয়া আচলতে লাভ নে কি প্ৰাণ.... ? প্ৰশ্ন কৰিলে ভৈৰৱে ।
: এইয়াও ভালপোৱা । কিন্তু এনেদৰে সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ বৰ কষ্ট হয় ।
: উপায় নাই প্ৰাণ । তাক এৰিবও নোৱাৰোঁ আৰু নতুনক আদৰিবও নোৱাৰোঁ । বৰ দোমোজাত জীয়াই আছো মই... বৰ দুখেৰে কলে মৃত্তিকে ।
: ৰাজীৱ , ওচৰ চাপি আহা । চাহ ঠাণ্ডা হৈ যাব । লাহেকৈ কলে প্ৰাণে । বিচনাখনৰ পৰা উঠি আহি চকীখনতে বহি হাতত চাহৰ কাপটো তুলি ললে ৰাজীৱে ।
: সম্পৰ্কবোৰৰ এটা অদৃশ্য সীমাৰেখা থাকে প্ৰাণ । যাৰ বাবে আমি মন আৰু মগজুক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ । প্ৰেমৰ এখন আৱৰণ দি দেহৰ ক্ষুধা নিবাৰণেই ভালপোৱা নহয় । কেতিয়াবা বিশ্বাস আৰু ভাতৃত্ববোধে প্ৰেমতকৈ বহু উৰ্দ্ধত অৱস্থান কৰে ।
: Physical Relation ভালপোৱাৰে এটা অংশ । যিটোক উপেক্ষা কৰি সম্পৰ্ক এটা আগবঢ়াই নিব নোৱাৰি মৃত্তিক ।
ভৈৰৱ ভাল খবৰ এটা কোৱাই নাই নহয়.... কথাষাৰ কৈয়ে ৰূমটোলৈ সোমাই আহিল গৌৰৱ ।
: কি ভাল খবৰ গৌৰৱ ....?
: মোক কোম্পানী এটাই job offer কৰিছে । পৰীক্ষাটো দিয়ে মই জইন কৰিম বুলি ভাবিছোঁ ।
: এইটো দেখোঁন বৰ ভাল খবৰ গৌৰৱ । হেভি পাৰ্টি দিব লাগিব ....!
: কিয় নিদিমনো পাৰ্টি ....! হেভি পাৰ্টি হ'ব । নহয় নে প্ৰাণ....?
গৌৰৱৰ কথা শুনি সকলোৱে প্ৰাণ খুলি হাঁহিলে । বহু সময় হাঁহিৰ ধ্বনিবোৰ ৰূমটোৰ ভিতৰতে আবদ্ধ হৈ থাকিল ....
ক্ৰমশঃ.......
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment