ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ১৯ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 27, 2021

ফুলশয্যাৰ নিশাটোত যেতিয়া নামি আহে ঘোৰ অমানিশা ( খণ্ড ১৯ ) : Assamese Storyboard

Assamese Storyboard

 

খামটোৰ পৰা ফটোবোৰ উলিয়াই মনাই আকৌ এবাৰ চালে..., ছবিয়ে কেতিয়াও মিছা কথা নকয়..., তথাপিও কৰবাত যে মনাৰ খেলিমেলি লাগিছে ( Assamese Storyboard )

, একো সিদ্ধান্ত লব পৰা নাই মনাই, সকলো পিনেই হাত ভৰি বন্ধা, দেউতাকৰ অসুখৰ বাবেই কথাবোৰ ঘৰটো কব পৰা নাই, ৰক্তিমৰ লগতো সহজ হব পৰা নাই, নূপুৰেও মনাক ভালদৰে মাতবোল কৰা নাই, বৰ অশান্তিৰ মাজত মনাই দিন পাৰ কৰিবলগীয়া হৈছেল ....., মনটোক শান্তি দিবৰ বাবেই মনা ওচৰৰে মন্দিৰটোলৈ ওলাই গল , চাকি ধূপ জ্বলাই শিৱ গোঁসাইৰ ওচৰত মনৰ সকলো অভিযোগ ব্যক্ত কৰিলে , শিৱই হৈছে সংহাৰ কৰোঁতা সেয়ে মনাই শিৱৰ চৰণতেই শৰণাপন্ন হৈছে , মন্দিৰৰ পৰা ওলাই মনা পুখুৰীৰ পাৰে পাৰে অলপ খোজ কাঢ়িলে..., দুপৰীয়াৰ ৰদজাক হঠাৎ কলীয়া ডাৱৰে আৱৰি ধৰিলে…., হয়টো এজাক দোপালপিতা বৰষুণ আহিব..,  মনাই এবাৰ আকাশখনলৈ চালে , ফৰকাল আকাশখন  মেঘাচ্ছন্ন হৈ পৰিল, প্ৰকৃতিৰ কি বিচিত্ৰ লীলা, এখোজ দুখোজ কৰি মনা মন্দিৰৰ চৌহদৰ পৰা ওলাই আহিল..., ৰাস্তাৰ কাষত এটি কণমানি লগত এগৰাকী অন্ধ মহিলা, মন্দিৰৰ দুৱাৰখনলৈ বৰ আশাৰে বাট চাই আছে , মন্দিৰলৈ অহা দুই এজন ভক্তৰ পৰা কিবা সহায় পোৱাৰ আশাত..., মনা কণমানিজনীৰ কাষ চাপি গল, মনাক দেখি কনমানিজনীয়ে দুহাত মেলি ভিক্ষা খুজিলে.... মনাই বৰ মৰম লগাকৈ পৰিচয় সুধিলে... কি নাম তোমাৰ....?


: অঞ্জলী বড়া, 

: ঘৰত কোন কোন আছে..? এইয়া তোমাৰ মা নেকি...!

: ঘৰত আৰু কোনো নাই , মা আৰু মই , মা অন্ধ , দেউতাৰ মৃত্যুৰ পাছৰ পৰা মন্দিৰ, মছজিদ, হাত বজাৰত ভিক্ষা কৰি কোনৰকম জীয়াই আছো, আজি এতিয়ালৈকে এটকাও ভিক্ষা পোৱা নাই, বেয়া নাপায় যদি কিবা এটা দি সহায় কৰক, কালি ৰাতিৰ পৰা একো খোৱা নাই......, কথাবোৰ কৈ থাকোতে কণমানিজনীৰ দুচকুৰে চকুলো নিগৰি আহিছিল, সেই দৃশ্য দেখাৰ পাছত মনা আৰু ঠিৰেৰে থাকিব নোৱাৰিলে , ওচৰতে থকা হোটেলখনলৈ দুয়োকে লৈ গল, মনা ভিতৰলৈ সোমাই গল কিন্তু কণমানিজনী মাকৰ সৈতে দুৱাৰমুখতে থিয় দি থাকিল..., মনাই ইংগিত দি কণমানি জনীক ভিতৰলৈ সোমাই আহিবলৈ কলে,  দুখোজ ভিতৰ সোমাই আহোতেই লৰা এজনে সিহঁতক গতিয়াই উলিয়াই দিলে , মনা বহাৰ পৰা উঠি আহিল... কিয় তেওঁলোকক এনেকুৱা ব্যৱহাৰ কৰিছাঁ..., তেওঁলোকক মই লৈ আহিছোঁ ইয়ালৈ , চোৱা ভাইটি এই কণমানি জনীলৈ তোমাৰ বেয়া লগা নাই নে ....! কালি ৰাতিটো একো খোৱা নাই...

: বাইদেউ, ইহঁতক সুবিধা দিলে সদায় সুবিধা বিচাৰি আহে..., 

: ইচ্ছা কৰি কোনেও এইদৰে ভিক্ষা খুজিবলৈ নাহে,  সেই কণমানিজনী যদি তোমাৰ ভন্টী আৰু মানুহগৰাকী মা হোৱা হলে, তুমি তেওঁলোকক এনেকুৱা ব্যৱহাৰ কৰিলাহেঁতেন নে ....? কেতিয়াও নকৰা...., এটা কথা সদায় মনত ৰাখিবা , প্ৰতিগৰাকী নাৰীয়ে এগৰাকী মাতৃ , গতিকে এগৰাকী অসহায় মাতৃ আৰু ভগ্নীক সহায় কৰিলে তোমাৰ একো ক্ষতি নহয় , মানৱ ধৰ্মতকৈ শ্ৰেষ্ঠ ধৰ্ম একো নাই, যোৱা তেওঁলোকক ভিতৰলৈ মাতি আনা...

: কিন্তু ...! বাইদেউ....?

: কোনো কিন্তু নাই, 


           মনালিছাৰ কথা মতেই লৰাজনে তেওঁলোকক ভিতৰলৈ মাতি আনিলে আৰু মনালিছাৰ লগত একেখন টেবুলতে বহিবলৈ দিলে, মনাই কণমানিজনী আৰু মাকৰ বাবে ভাত আৰু নিজৰ বাবে একাপ চাহ অৰ্ডাৰ কৰিলে , ভাতৰ থাল দুখন মুখৰ আগত দিয়াৰ মাত্ৰেই কাপোৰৰ বেগটো খুচৰি কণমানি জনীয়ে এটা পলিথিন উলিয়াই এখন কাহীৰ ভাতবোৰ আলফুলকৈ ভৰাই ললে, কণমানিজনীয়ে ভালকৈ ভাতকেইটা সানি এগৰাহ এগৰাহকৈ ভাত কেইটামান খুৱাই দিলে, কণমানিজনীয়ে বৰ সুন্দৰকৈ ভাতকেইটা খালে , অন্ধ মানুহগৰাকীয়ে মনাক খেপিয়াই চালে ..... ঈশ্বৰে আপোনাক দীৰ্ঘায়ু কৰক...., মনাই হোটেলৰ বিল পৰিশোধ কৰি , কণমানিজনীৰ হাতত টকা এশ গুজি দিলে , আৰু ঘৰলৈ বুলি খোজ দিলে...., কথাবোৰ ভাবি ভাবি আহি থাকোঁতে কেতিয়া যে  ঘৰ পালেহি মনাই গমকেই নাপালে, গেটখন খুলি মনা সোমাই আহিল , ৰক্তিমে বাৰাণ্ডাতে বহি পেপাৰখন পঢ়ি আছিল...... কত গৈছিলা , কাকো একো নজনোৱাকৈ , ৰক্তিমে প্ৰশ্নবোধক দৃষ্টিৰে মনালৈ চালে

: মন্দিৰলৈ গৈছিলো , 

: হঠাৎ কিয় মন্দিৰ যাব লগা হল....! 

: সেই একেটা প্ৰশ্ন যদি মই তোমাক সুধো..., নীহাৰ লগত ইমানখিনি হৈ যোৱাৰ পাছতো হঠাৎ মোক বিয়া কৰোৱা সিদ্ধান্ত কিয় ললা....! কিছুসময় মৌন হৈ ৰৈছিল ৰক্তিম,.... কি হল  ! একো নকলা  যে....? 

: মোক পৰিস্হিতিয়ে বাধ্য কৰাইছিল, 

: মোৰো একেই অৱস্থা,  পৰিস্হিতিয়ে  মোকো মন্দিৰলৈ যাবলৈ বাধ্য কৰাইছিল, অশান্ত মনটোক শান্তি দিবৰ বাবেই মই মন্দিৰলৈ গৈছিলো , 

: মাৰ ঘৰলৈ নোযোৱা নেকি ....! 

( Assamese Storyboard )

: সময় সুবিধা মিলাই তুমিয়ে গৈ আহিবা, 

: তুমি কিয় নোযোৱা.....?

: বুকুত একুৰা জুই লৈ, মুখত মিচিকিয়া হাঁহি লৈ, মই আগৰ মনাজনী হৈ অভিনয় কৰিব নোৱাৰোঁ , তুমি মোৰ জীৱনটো শেষ কৰি পেলালা ৰক্তিম.., এতিয়া না মই দুখত কান্দিব পাৰিছোঁ , না সুখত প্ৰাণ খুলি হাঁহিব পাৰিছোঁ , মিছা এটা সম্পৰ্ক জীয়াই ৰাখি সুখী হোৱাৰ অভিনয় কৰি আছোঁ, হয়টো আৰু বেছি দিন নাই নাটকখনৰ যৱনীকা পৰিব,


: stop it মনা, সম্পৰ্ক এটা শেষ কৰো বুলিলেই শেষ কৰিব নোৱাৰি , হয় , নীহাই তোমাৰ হাতত তুলি দিয়া ফটোবোৰ দেখি মোৰ প্ৰতি তোমাৰ ঘৃণা উপজিছে , কিন্তু সেয়া সত্য নহয় মনা, তুমি বিশ্বাস কৰা বা নকৰা সেয়া তোমাৰ ওপৰত নিৰ্ভৰ কৰিব, নীহাক মই ভালপাইছিলোঁ সঁচা কিন্তু শাৰীৰিক সম্পৰ্ক স্থাপন কৰা নাছিলোঁ, 

: ৰক্তিম ..., চোৰে চুৰ কৰি ধৰা পৰিলে চোৰ নাইকৰা বুলিয়ে কয় , কথাষাৰ কৈয়ে মনা ৰক্তিমৰ কাষৰ পৰা আতঁৰহৈ গৈছিল নিজৰ শোৱনী কোথালৈ ..... কাপোৰ কানি কেইটা সলায় মনা পাকঘৰলৈ গল, চাহৰ চ'চটো তুলি দেউতাকক মাত লগালে..., দেউতা খুৰীহঁতৰ ঘৰলৈ গৈছে,....ৰক্তিমে কলে

: অ'...! নূপুৰ নাই নেকি....! 

: তায়ো দেউতাৰ লগত গৈছে, 

: চাহ কৰিছোঁ ! খাবা নহয়, 

: দিবা একাপ , ভিতৰলৈ সোমাই আহি টেবুলখনতে মোবাইল ফোনটো থৈ ৰক্তিম ৱাচ ৰূমলৈ গল , হঠাৎ ৰক্তিমৰ ফোনটো ভাইব্ৰেত হব ধৰিলে , স্ক্ৰীণত জিলিকি উঠিল নীহাৰ নাম..., মনাই ধৰোঁ নধৰোঁকৈ ফোনটো ৰিচিভ কৰিলে........ হেল্ল..! হেল্ল...! মনাৰ মাতটো শুনি নীহাই ফোনটো কাটি দিলে, চাহৰ কাপ দুটা মনাই টেবুলতে থলে , ৰক্তিমে চাহৰ কাপটো লৈ মনাৰ মুখামুখি কৈ বহিল, মনাই চাহৰ কাপত চুমুক দি কথাটো কলে...... নীহাই ফোন কৰিছিল, মোৰ মাত শুনি কাটি দিলে, মই এটা কথা বুজি পোৱা নাই নীহাই কিয় তোমাক ফোন কৰি থাকে....

: নীহা ছোৱালী জনী দেখাত যিমান সহজ সৰল, কিন্তু ভিতৰি সম্পূৰ্ণ ওলোটা , বিৰাট জেদী তাই , 

: ৰক্তিম , নীহাই এইবোৰ অভিনয় কৰা নাইটো , 

: মোৰ কিন্ত অভিনয় যেন হে লাগিছে , 

: এটা কাম কৰিলে কেনেকুৱা হয় ! তাই যে গৰ্ভৱতী তাৰ প্ৰমাণ বিচাৰিব লাগিব... মানে ডাক্তৰৰ ৰিপৰ্টটো বিচাৰিব লাগিব ...., তেতিয়া তাই ধৰা পৰি যাব , 


: তুমি ভবাৰ দৰেই নীহা ইমান মূৰ্খ নহয় , মৃণালিনী চৌধুৰী বৰ হাত দীঘল মানুহ , সকলো মেনেজ কৰি দিব , 

: যদি নীহা সচাকৈ গৰ্ভৱতী তেন্তে তুমি তাইক এদিন ডাক্তৰৰ ওচৰলৈ লগ ধৰিবা আৰু সাৱতীয় সকলো পৰীক্ষা সম্পূৰ্ণ কৰিবা , লগতে তুমি নীহাক স্পষ্টভাৱে জনাই দিবা পিতৃ পৰিচয় দিয়াৰ আগতে সকলো পৰীক্ষা মই কৰাব বিচাৰোঁ স্বচক্ষুৰে নেদেখা কৈ তুমি দিয়া ৰিপৰ্টবোৰ চাই মই পিতৃৰ পৰিচয় দিব নোৱাৰোঁ.... আৰু যদি নীহাই অভিনয় কৰিছে তেন্তে তাই তোমাৰ লগত যাবলৈ অমান্তি হব , আৰু তেতিয়া প্ৰমাণ হৈ যাব কোন সঁচা , কোন মিছা..., 

: ঠিক আছে মনা...., মই আজি নীহাৰ লগত কথা পাতিম , তাইৰ লগত পতা প্ৰতিটো কথা মই ৰেকৰ্ড কৰি ৰাখিম.....

         ( ক্ৰমশঃ )

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages