যিদৰে নিজেই নিজেই জুই জ্বলি উঠিছিল । ঠিক সেইদৰে নুমাই গৈছিল। তাৰ পাছত সিহঁতৰ দেহলৈ শক্তি ঘূৰি অহা দৰে লাগিল
( Assamese Storyboard )
। অলপ পাছত সিহঁতি সাহস গোটাই সেই চুকটোলৈ গ'ল য'ত জুই জ্বলি উঠিছিল। সিহঁতি দেখি আচৰিত হ'ল তাত কোনো জুই জ্বলা চিন নাছিল ।চৰাইবোৰ জ্বলি যোৱাৰো তাত চাঁই
নাছিল। অকল চাৰিফালে কৃত-পতংগৰ মাতহে শুনা গৈছিল। অলপ আগত হৈ যোৱা ঘটনাটো সিহঁতৰ চকুৰ আগত ঘূৰি আছিল আৰু সিহঁতি একো বুজি পোৱা নাছিল যে এইবোৰ কি হৈ আছে।
যেনেতেনে সাহস গোটাই সিহঁতি মন্দিৰৰ বাহিৰলৈ উলাই আহিল। পৰিৱেশটো বহুত ভয়ানক আছিল। বতাহ যেতিয়া শুকান পাতবোৰ মাজেৰে আহে তাৰ মাতটো শুনিবলৈ বহুত ভয় লগা হৈ পৰিছিল। দূৰত ক'ৰবাত শিয়ালে চিঞৰি থকাও শুনিবলৈ পোৱা গৈছিল। সিহঁতি ভয়তে আকৌ মন্দিৰলৈ যাবলে ঠিক কৰিলে কিন্তু হঠাতে " এজন সন্যাসী আহি উপস্থিত হ'ল"। তেওঁ দেখিবলৈ ভয় লগা আছিল।
( Assamese Storyboard )
চাৰিজন বন্ধুৱে ভয়তে কঁপি কঁপি তেওঁৰ ফালে চাবলৈ ধৰিলে। তেওঁ লাহে লাহে সিহঁতৰ ফালে আহিল। সিহঁতৰ ভয়তে মূৰ ঘূৰোৱা দৰে লাগিছিল যেতিয়া সন্যাসীজনে সিহঁতৰ নাম লৈ মাতিলে নয়ন,ৰমেন, ৰক্তিম আৰু নীল।
চাৰিজন বন্ধুৱে হাত জোৰ কৰি আঁঠু লৈ বঢ়িলে আৰু সিহঁতক এই বিপদৰ পৰা বচাবলৈ ক'লে। তাৰ পাছত সন্যাসীজন এটা শিলত বঢ়ি সিহঁতক চাবলৈ ধৰিলে। তাৰ পাছত সিহঁতক তেওঁ ক'লে, "আজি পূৰ্ণিমা আৰু আজি দেৱীয়ে তোমালোকে ইচ্ছা কৰিয়ে এই পুৰণা মন্দিৰটোলে লৈ আহিছে"। আজি যদি মই নাহিলো হেঁতেন তোমালোক কোনো বাচি নাথাকিলা হয়। এই ৰহস্যময় মন্দিৰ আৰু দুষ্ট চন্দালিকাৰ কাহিনী শুনা! ইমানেই কৈ তেওঁ চকু মুদি দিলে ।যেন কাহিনীটো এতিয়া আৰম্ভ কৰিব। সিহঁতি হাত জোৰ কৰি শুনিবলৈ অপেক্ষা কৰি আছিল।
আগলৈ…
এই উপন্যাস খনৰ বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com
( Assamese Storyboard )
আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page
আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com
আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।
আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup
No comments:
Post a Comment