শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( খণ্ড ৭ ) :Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Monday, July 12, 2021

শহুৰৰ ঘৰত এগৰাকী অসহায় বোৱাৰীৰ মৰ্মবেদনা ( খণ্ড ৭ ) :Assamese Storyboard

Assamese Storyboard

হাতৰ পৰা পৰি যোৱা ফোনটো উঠাই পুনৰ বৌয়েকলৈ ফোন লগালে প্ৰীতিয়ে । ( Assamese Storyboard )

সিফালৰ পৰা ৰিচিভ কৰা বৌয়েকক তাই একো ক'বলৈ সুযোগ নিদি কৈ উঠিল --

: বৌ , এইয়া কি কৈছে আপুনি ? সুশান্তৰ ওপৰত ইমান এটা ডাঙৰ অপযশ দিছে ! ঘৃণাৰো এটা সীমা থাকে বৌ ।

Assamese Storyboard

: কি কৈছা তুমি ? অপযশ ! মই অপযশ দিছো সুশান্তৰ ওপৰত ! এতিয়া এইটো নিউজ সমগ্ৰ সুৰুয নগৰতে পাবা । কেনেদৰে ফেক্টৰীত আন্ধাৰৰ সুযোগ লৈ মহিলা শ্ৰমিকক অশালীন ব্যৱহাৰ কৰিছিল ফেক্টৰীৰ মালিক সুশান্ত চৌধুৰীয়। শ্ৰমিক মহিলাগৰাকী কিন্তু ধুনীয়া জানা প্ৰীতি ।  

: Stop it ! বৌ ,  please stop it !

ফোন দিচকানেক্ট কৰি দুহাতেৰে মুখ ঢাকি কান্দি উঠিল প্ৰীতিয়ে । কিবা এটা ভাবি সুশান্তলৈ ফোন কৰিলে ..চুইছ অফ দেখাইছে সুশান্তৰ ফোন । প্ৰীতিৰ বুজিবলৈ বাকী নাথাকিল বৌয়েকৰ কথা মিছা নহয় ।কিয় এনে কৰিলা তুমি?  মোৰ সেন্দুৰৰ মূল্য দিব কিয় নোৱাৰিলা ? মোৰ মৰম ভালপোৱাবোৰ এজনী সাধাৰন বনোৱা মহিলাৰ ওচৰত সৰু হৈ গল নে ? ছিঃ .সুশান্ত ছিঃ ...ঘিণ কৰো তোমাক মই ..আজি তুমি মোৰ আত্মাক অপমান কৰিলা ..মোৰ সেন্দুৰক অপমান কৰিলা ।গাৰুত মুখগুজি হুক-হুকাই কান্দি উঠে প্ৰীতি ।

     

ৰাতি বহুদেৰীলৈকে পঢ়ি থকা বিদিশাই ৰাতিপুৱা দেৰীকৈ সাৰপালে । মনত পৰিল যোৱাকালি ককাক আইতাকে প্ৰীতি আৰু বিদিশাক মাতি পঠিয়াইছিল । দিনটো থকাকৈ । পোনে পোনে গা ধুই লোৱা কথাকে ভাবি তাই বাথৰুমত সোমাল । গাধুই আহি দেখে মাকৰ ৰূমৰ দৰ্জা বন্ধ হৈ আছে । দৰ্জাত টোকৰ দিলে তাই ..দৰ্জাত টোকৰ শুনি প্ৰীতিয়ে নিজকে সংযত কৰি দৰ্জা খুলি দিলে । 

: মা , তোমাৰ গা-বেয়া নেকি ? 

: গাটো দেখোন ভাল লগা নাই , মুৰটো সাংঘাটিক বিষাইছে ..সঁচাকথা ক'ব নোৱাৰে তাই জীয়েকৰ আগত ।

: অ কে মা , তুমি একো কৰিব নালাগে..ব্ৰেকফাষ্ট মই ৰেদী কৰিম । আৰু আইতাক ফোন কৰি জনাও দিওঁ ..আজি যাব নোৱাৰিম বুলি ।

: নাই , নাই , জনাব নালাগে , মই যাব নোৱাৰিলেও তুমি যাবা । আশাকৰি আছে ছাগে কালিৰ পৰা ।আৰু শুনা , আইতাক নকবা .. মোৰ গা-বেয়া বুলি .অযথা চিন্তা কৰিব । 

: ঠিক আছে মা । তুমি যি বিচৰা ।

      প্ৰীতি বাথৰূমত সোমাই চাৱাৰটো খুলি নিজকে এৰি দিলে চাৱাৰৰ তলত । বহু সময় তেনেকৈয়ে থাকিল তাই । বাহিৰৰ পৰা বিদিশাৰ মাতত চক খাই উঠে তাই । 

" মা , বেছি পানী লৈ নাথাকিবা , এনেই গা-বেয়া । সোনকালে ওলাই আঁহা । ব্ৰেকফাষ্ট ৰেডী হৈ গ'ল " 

  লৰা-লৰিকৈ ওলাই আহে প্ৰীতি । বিদিশালৈ মৰম লাগি যায় ..ছোৱালী ডাঙৰেই হ'ল..মাকলৈ চিন্তা কৰিব পৰা হ'ল ।  ব্ৰেকফাষ্টো ৰেডী কৰিলে । 

খাবৰ মন একেবাৰে মন নাছিল যদিও বিদিশাৰ কাৰনে খাব লগা হ'ল অলপ ।  

    

ককাকে পঠিয়াই দিয়া দ্ৰাইভাৰৰ সৈতে গাড়ীখনত বিদিশা যাবলৈ ওলায় । যোৱাৰ আগত প্ৰীতিক ৰেষ্টত থাকিবলৈ কৈ যায় । ককাকৰ ঘৰ পাই বিদিশাক ফোন কৰিবলৈ কয় প্ৰীতিয়ে । 

    আগফালে বেলকনিত অলশভাৱে বহি ৰয় তাই । বৌয়েকৰ কথাবোৰে মুৰত পাকঘূৰণী খায় আছে

পুনৰ সুশান্তলৈ ফোন লগাই  প্ৰীতিয়ে । আকৌ সেই একে ..চুইছ অফ । তনয়লৈ ফোন কৰে তাই ..তনয়ক আমনি কৰা ভাল নহ'ব ..ফোনটো কাটি দিয়ে প্ৰীতিয়ে । আজি তাইৰ কাষত কোনো নাই ..অকলশৰীয়া আজি তাই..সুখ দুখৰ সমভাগী তনয়ো আজি দুৰত তাইৰ পৰা ।ক্ষন্তেক পাছতে প্ৰীতিৰ ফোন বাজি উঠে ।ৰিচিভ কৰে তাই: তনয় 

: ফোন কৰিছিলা প্ৰীতি ?

: ওমম কৰিছিলো ..উচুপি উঠে প্ৰীতি

: কি হ'ল তোমাৰ ? কিয় কান্দিছা ? 

তনয়ৰ প্ৰশ্নৰ একো উত্তৰ নিদি তেনেকৈয় উচুপিয়ে থাকিল তাই ।

: নোকোৱা কিয় কি হৈছে !" 

লাহে লাহে প্ৰীতিয়ে  

বৌয়েকে কোৱা সকলোখিনি তনয়ৰ আগত কৈ যায় ।

: তুমি সুশান্তৰ লগত কথা পাতিলানে ? 

: সুশান্তৰ ফোন অফ আছে ।

: সুশান্তৰ লগত কথাপাতি সত্যখিনি জানি লোৱা ..পতকৈ কিবা এটা ভাবি নেপেলাবা । 

: মই একো ভাবিব পৰা নাই তনয় , প্ৰকৃততে সঁচা কি..কোন শুদ্ধ ..

: সুশান্তক ক'বলৈ সুবিধা দিয়া কথাখিনি ।বৌতকৈ সুশান্ত তোমাৰ বেছি আপোন ।মনত ৰাখিবা ।আৰু এটা কথা প্ৰীতি , কথাটো কিমান দুৰ সঁচা তুমি আৰু মই নাজানো কোনটো ভুল কোনটো শুদ্ধ বিচাৰ কৰিব পৰা নোৱৰা ।সি হয়তো অনুতপ্ত ..সেয়হে ফোন অফ কৰি থৈছে । তোমালৈ সুশান্তই নিজে ফোন কৰিব চাই থাকা । মই তোমাক পুনৰ কৈছো ..সুশান্তৰ সকলো কথা শুনি লবা ।  এতিয়া কিবা এটা খোৱা ।

তনয়ৰ কথাখিনিয়ে মনতো অলপ মুকলি কৰিলেও সম্পূৰ্ণৰূপে আশ্বস্ত হ'ব নোৱাৰিলে প্ৰীতি । বিশ্বাস অবিশ্বাসৰ দোমোজাত ভাৰাক্ৰান্ত তাইৰ মন ।( Assamese Storyboard )

অনিচ্ছা স্বত্বেও প্ৰীতিয়ে ৰাতি সাজৰ কাৰনে সাধাৰনকৈ কিবা এটা বনাই বিদিশাৰ সৈতে নিয়মটো কৰিলে । বিদিশা পঢ়া টেবুলত বহিছে । প্ৰীতিয়ে নিজৰ ৰূমলৈ আহি বিচনাখনত আউজি বহিল । ফোনটো ৰিং হোৱা দেখি চালে -- তনয়ে কৰিছে --

: কোৱা তনয় 

: কিবা খালানে ?

: ওমম ।

: কি কৰি আছা এতিয়া ?

: জাষ্ট বহিছো বিচনাত ।

: অকে , ভালকৈ টোপনি যাবা । নহ'লে গা বেয়া লাগিব । বাই , গুড নাইট 

: গুডনাইট তনয় 


ফোনটো থবলৈ লওঁতে পুনৰ ৰিং হয় ।সুশান্তই কৰিছে --অলপ সময় বাজি বন্ধ হৈ গ'ল । আকৌ ৰিং হ'ল -- এইবাৰ ৰিচিভ কৰিলে প্ৰীতিয়ে

:প্ৰীতি 

:কোৱা শুনি আছো ।

: প্লীজ প্ৰীতি মোক ভুল নুবুজিবা ,মই তোমাক সকলো কম ।মাত্ৰ ক'বলৈ মোক এবাৰ সুবিধা দিয়া 

: বুজিবলৈ কি বাকী থলা তুমি ? 

: তেনেকৈ নকবা প্লীজ ! মাত্ৰ এবাৰ শুনা মোৰ কথা 

: ঠিক আছে মই ৰাজী আছো শুনিবলৈ ..কৈ যোৱা ।

    সুশান্তই ফোনতে সকলোখিনি কৈ যায় ---

প্ৰতি শনিবাৰে কাম শেষ হোৱাৰ পাছত বনুৱাসকলক পেমেন্ট কৰে সুশান্তই..কালি অৰ্থাৎ শনিবাৰে পেমেন্ট কৰাৰ পাছত দিনটো ভাগৰত ফেক্টৰীতে চকীখনত হেলান দি বহি পৰে সুশান্ত --" বাবু " -- কাৰোবাৰ মাতত চকু মেলি চাই দেখে ফেক্টৰিতে কাম কৰা  অমৰৰ পত্নী কমলা ৰৈ আছে । -- কি হ'ল কমলা ? তই পইচা পোৱা নাই নেকি ?

: "মই পে মেন্ট কৰাৰ সময়ত নাছিলো বাবু ..সেইকাৰনে এতিয়া আহিছো । বাবু আপোনাৰ গাটো বেয়া আছে নেকি ! 

: নাই , অলপ মুৰটো বিষাইছে । 

: মই মালিচ কৰি দিম ?

: নালাগে , চাহ একাপ খাই দিলে ভাল লাগিব । তোৰ পইচা ল'

কমলাই সুশান্তৰ কথা নুশুনি মুৰটো মালিচ কৰিবলৈ ধৰিলে । তাইৰ হাতৰ স্পৰ্শত সুশান্তই ৰিলেক্স অনুভৱ কৰিলে ।

: তই সঁচাই ধুনীয়া মালিচ কৰিব জান'

: সেইকাৰনে বাবু , মই কৰি দিছো ..আপুনি বহুত ভালপাব । 

সঁচাকৈ সুশান্তই বহুখিনি সতেজ অনুভৱ কৰিছিল ,সুশান্তই চকীৰ পৰা উঠি তাইক ক'লে - হ'ব , যা এতিয়া পইচা লয় ।কমলা তেতিয়াও  ৰৈয়ে আছিল। তেনেকুৱাতে কমলাৰ গিৰিয়েক অমৰ সেইখিনি পায়হি । অমৰক দেখি কমলাই চিঞৰ-বাখৰ কৰিবলৈ লয় ।সুশান্ত বাবুৱে তাইক জোৰ জবৰদস্তি কৰে বুলি । ঘটনাৰ আকস্মিকতাত সুশান্ত বাকৰুদ্ধ হৈ পৰে । তেতিয়াই ঘৰৰ মানুহ লগতে ওচৰতে থকা আন বনুৱাখিনিও উপস্থিত হয়হি ।কমলাই কান্দি কান্দি কয় -- "বাবুৰ মুৰ বিষোৱা বুলি কৈ মোক মালিচ কৰিব কৈছিল ..মই মালিচ কৰি থাকোতে সুশান্ত বাবুৱে মোক "...এইবুলি পুনৰ কান্দিবলৈ লয় তাই । সুশান্তৰ কথা কোনেও বিশ্বাস নকৰা হ'ল । পাচদিনা ৰাতিপুৱাই নাই ..অলপ অলপ অান্ধাৰে হৈ আছে ..সুশান্তৰ টোপনি অহা নাছিল গোটেই ৰাতি । এনেই বাহিৰলৈ ওলাই অহাত ফেক্টৰী ভিতৰত কাৰোবাৰ অনুচ্ছ সুৰত কথোপকথন শুনিবলৈ পায় । লাহে লাহে আগবাঢ়ি যায় সুশান্ত ।  ফেক্টৰীলৈ জুমি চাই দেখি আচৰিত হয় সুশান্ত । তাৰে এখন মুখ স্পষ্ট হৈ ধৰা দিয়ে সুশান্তৰ আগত । সেইখন মুখ কমলাৰ আছিল । আৰু আনখন কাৰ হ'ব পাৰে ? ভালকৈ চাবলৈ চেষ্টা কৰিও বিফল হয় সুশান্ত । লৰালৰিকৈ সেই লোকজন কমলাৰ সৈতে আঁতৰি যায় ফেক্টৰীৰ পৰা । 


   সকলো নিৰৱে শুনি গৈছিল প্ৰীতিয়ে । আচৰিত হয় তায়ো ..কোন হ'ব পাৰে সেইজন ..যি সুশান্তৰ গাত বদনাম জাপি দিব বিচাৰিছে !  প্ৰীতিৰ একেটা  প্ৰশ্নই বাৰে বাৰে মনলৈ আহি থাকিল --কোন হ'ব পাৰে ??

     আগলৈ ...

  (পুনৰ সকলোলৈ মৰমেৰে ধন্যবাদ জনালো ।



এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages