প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৬ ) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Wednesday, July 7, 2021

প্ৰেমিক-প্ৰমিকা হালৰ মৃত্যুৰ কাৰণ হত্যা নে আত্মহত্যা ? ( খণ্ড ৬ ) : Assamese Storyboard

Assamese Storyboard

 

মৰম স্নেহৰ মাজেৰেই দুয়োৰে প্ৰেম আগবাঢ়িব লৈছিল। আজি পাঁচটা বছৰৰ অন্তত প্ৰণৱে ৰিমাৰ আগত বিয়াৰ প্ৰস্তাব ৰাখিলে( Assamese Storyboard )। পাঁচবছৰৰ নিস্বাৰ্থৰ প্ৰেম যেন এক হ'ব ওলাইছিল। প্ৰণৱৰ কথা শুনি ৰিমাই ক'লে-


: প্ৰণৱ মোৰ লগত তুমি সুখী হ'ব নোৱাৰিবা। মই তোমাক সেইখিনি দিব নোৱাৰিম যিখিনি এজনী পত্নীয়ে নিজৰ স্বামীক দিয়ে। মোৰ পৰা তুমি সেইখিনি সুখ নাপাবা যিখিনি এজন স্বামীয়ে বিচাৰে।

: ৰিমা তোমাৰ পৰা মোক একো নালাগে। নালাগে তুমি মোক পত্নী সুখ দিব। মাথোঁ তুমি মোৰ হোৱা। মই তোমাক ভাল পাওঁ।


প্ৰণৱৰ মন্তব্যৰ বিৰোধিতা কৰাৰ সাহস হয়টো ৰিমাৰ নাছিল। ৰিমাই প্ৰণৱক দুখ নিদিয়াকৈ তাৰ মন্তব্য স্বীকাৰ কৰিলে। দুদিন পাছত দুয়ো মন্দিৰৰ পুৰোহিতক সকলো কথা জনাই দুয়ো বিবাহপাশত আৱদ্ধ হ'ল। ইছলাম ধৰ্মৰ হৈয়ো প্ৰণৱৰ হাতেৰে ৰিমাই নিজৰ শিৰ ৰক্তাক্ত কৰি ল'লে। পবিত্ৰ অগ্নিক সাক্ষী কৰি মৃত্যু পৰ্যন্ত একেলগে কটোৱাৰ প্ৰতিশ্ৰুতি বদ্ধ হ'ল। বাহঃ প্ৰেম কি সুমধুৰ নহয়নে? প্ৰণৱৰ নিচিনা এজন ল'ৰাই ৰিমাৰ নিচিনা এজনী অসুখীয়া ছোৱালীক নিজৰ জীৱন সংগী কৰি ল'লে। আনফালে সমস্ত উজাৰি ৰিমাইও প্ৰণৱৰ হাতেৰে সেন্দুৰ পিন্ধি মৃত্যু পৰ্যন্ত প্ৰণৱৰ হাতত  ধৰাৰ প্ৰতিশ্ৰুতি ল'লে। কিন্তু জানো দুয়োৰে এই বিয়াখন সমাজে মানি ল'ব? বুজি পাব জানো দুয়োৰে অন্তৰৰ ভাষা।


প্ৰণৱে বিয়া পাতি ঘৰলৈ আহোঁতে সকলোৰে মুখে মুখে আলোচনা। সকলোৰে চকু ঠিয়। 


: এয়া চা ভাই আমাৰ মৃণালৰ ল'ৰাইও মুছলমান ছোৱালীহে পাইছে নে?

: ও বাই চা চোন সেইযোৰা আহিল গাৱলৈ মৃণালৰ নাক কান চব কাটিলে।( Assamese Storyboard )


সকলো নেওচি আগবঢ়ি দুয়ো প্ৰণৱৰ ঘৰ পালে। মৃণাল চৌধুৰী খংত লাল কাল। যেন লগে লগে নৃসিংহ ৰূপ ল'ব। এইফালে প্ৰণৱৰ মাক জনীয়ে কান্দি আছে। মৃণাল চৌধুৰীয়ে ক'ব ল'লে-


: প্ৰণৱ এয়া তই কি কৰিলি?

: অ দেউতা মই ৰিমাক বিয়া পাতিছো।

: তই এতিয়াই তাইৰ শিৰৰ সেন্দুৰ মছি দে নহ'লে তোক।

: দেউতা জীৱনটো একেলগে কটাম বুলি পবিত্ৰ অগ্নিক সাক্ষী কৰি আহিছোঁ। কোনেও এতিয়া আমাক বেলেগ কৰিব নোৱাৰে।

: তোৰ যদি এয়াই সিদ্ধান্ত তেন্তে মোৰো সিদ্ধান্ত শুনি লʼ আজিৰ পৰা তই মোৰ সন্তান নহয়। এতিয়াই তই ইয়াৰ পৰা আতৰি যা।


সময়ে নিষ্ঠুৰ খেল খেলিলে প্ৰণৱ আৰু ৰিমাৰ লগত। ক'ত যাব বাৰু এতিয়া দুয়ো। সমাজৰ মানসিকতাৰ লগত যুজ দিব পাৰিবনে প্ৰণৱ আৰু ৰিমাৰ প্ৰেমে।


আগলৈ....................................

Assamese Storyboard

এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages