এগৰাকী যুৱতীৰ এক হৃদয়স্পৰ্শী কাহিনী : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 20, 2021

এগৰাকী যুৱতীৰ এক হৃদয়স্পৰ্শী কাহিনী : Assamese Storyboard

Assamese Storyboard

 "ভন্টি,অ ভন্টি,মোৰ ঘামচি কেইটা ফুটাই দে চোন। বৰকৈ কামুৰি থাকে অ'"।


                "এ...., মই নোৱাৰো যা।বেলেগ কাম আছে মোৰ। সদায় সদায় মোকে কৈ থাক' কিবা"।( Assamese Storyboard )


                 "কথা এটা ক'লে নুশুনা হৈছ', ৰ বাপেকে  তোক বিয়া দি আছো। তেতিয়া পৰৰ পুতেকৰ কাপোৰ ধোৱাৰ পৰা ভাতৰ যোগাৰ কৰালৈকে কৰি দিব পাৰ নে নোৱাৰ দেখিম।"

     ডাঙৰ ককায়েকৰ কথাত ভনীয়েকে খঙতে উচাত মাৰি গুচি যায়।

  

    পমী --দুই ককায়েকৰ মাজত তাই ডাঙৰ ভনীয়েক। সকলোৰে অত্যন্ত মৰমৰ তাই। ৰূপে-গুণে, পঢ়া-শুনাই, কামে-কাজে কোনোটো ফালৰ পৰা চেৰ পেলাবলৈ কাৰোৰে যেন ক্ষমতা নাই। মাকৰ শাৰীৰিক অসুস্থতাৰ ফলশ্ৰুতিত ঘৰখন চম্ভালি লব'লৈ খুব কম বয়সতে শিকি লৈছে তাই। 


    পমী এতিয়া উ:মা: প্ৰথম বৰ্ষৰ ছাত্ৰী।ওচৰৰ কলেজ খনতে এডমিশ্যন লৈছে। তাই ঘৰৰ সকলো কাম-কাজ সামৰি সদায় সৰু ককায়েকৰ সৈতে কলেজলৈ যায়, ককায়েকৰ সৈতে ঘৰলৈ উভতিওঁ আহে।


      সেইদিনাও তাৰ ব্যতিক্ৰম নহ'ল, গৰমত ঘামি-জামি ঘৰ সোমাল। ঘৰ সোমাওঁতে তাই লক্ষ্য কৰিলে ডাঙৰ ককায়েক আৰু মাকে সিহঁতৰ ঘৰৰ ওচৰতে চাকৰি কৰা কৰ্মচাৰী জনৰ সৈতে কথা পাতি আছে। তাই কথাটোত বৰ বেছি গুৰুত্ব নিদি কাপোৰ-কানি সলাই নিজৰ কামত লাগিল।


       গধুলি সময়ত ভায়েক-ভনীয়েক, সৰু ককায়েকৰ সৈতে চাৰিওজন একেলগে 

পঢ়াত ব্যস্ত। তেনেতে ডাঙৰ ককায়েকে মাত লগালে--"ঐ ভন্টি, কৈছিলোনে তোক এমাহৰ ভিতৰত বিয়া দিম বুলি।দ'ৰা পাই গ'লো বুজিছ। দুপৰীয়া যে আহিছিল মানুহজন, সিহঁতৰ গাঁৱৰে ল'ৰা।ডাঙৰ চাকৰি কৰে। তোৰ বিয়া ঠিক হৈ গ'ল। দেউতাকো ফোন কৰি জনাইছো তেখেতো মান্তি হৈছে।" কথাখিনি যেন একে উশাহতে কৈ শেষ কৰি পেলালে।

      

           সংসাৰৰ আওঁ-ভাওঁ বুজি নোপাৱা পমীৰ মুখেৰে "কি" শব্দটোৰ বাহিৰে  আন একো ক'বলৈ সুবিধাই নাপালে। কণ কণ ভায়েক-ভনীয়েকৰ মনতো অপাৰ আনন্দ, বায়েকৰ বিয়া হ'ব। ভিনিহিয়েক পাব সিহঁতেও, বিয়াত ফূৰ্ত্তি কৰিব। এইখিনিতেই যেন সিহঁতৰ আনন্দ সীমাৱদ্ধ। সৰু ককায়েকেও বহুত ভাবি-চিন্তি মাক-দেউতাকৰ কথাত মান্তি হ'ল। একপ্ৰকাৰ পমীৰ বিয়াখন খাটাং এ হৈ পৰিল কিন্তু তাইৰ মনৰ বতৰা ল'বলৈ কোনেওঁ নিবিচাৰিলে। 

  

   দৰাপক্ষক খবৰ দিয়া হ'ল। দ'ৰাঘৰৰ সকলোবোৰ মানুহ আহি পমীক চাই গ'ল। সকলোৰে পচন্দ হৈছে। পমীৰ ঘৰৰ মানুহো গ'ল দৰাৰ ঘৰত। সকলোবোৰ ঠিকেই পালে। বিয়াৰ দিন ঠিক ক'ৰা হ'ল। জেঠ মাহৰ ২৪ তাৰিখে পমীৰ বিয়া। গাওঁ খনতো যেন এই খবৰটি বনজুইৰ দৰে বিয়পি পৰিল।এপদ-দুপদকৈ বিয়াৰ সকলো যোগাৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিল। মাজতে তাইৰ হ'ব লগীয়া গিৰিয়েকজন গধুলি সময়ত তিনি-চাৰিদিন মান আহিছিল যদিও তাইৰ সৈতে বিশেষ কোনো কথা নহয়। আলহীৰ দৰে বহি চাহ-পানী খাই গুচি যায়।তাইৰ মাকে এই কথাটোত অলপ আপত্তি কৰিছিল যদিও দিনত আহিবলৈ সময় নাপাই বাবে গধুলি আহে বুলি কোৱাত মানি ল'লে। 


      বিয়ালৈ মাজত মাথো এসপ্তাহ। নিজৰ মৰমৰ ছোৱালী জনীক আনৰ ঘৰ এখনলৈ উলিয়াই দিবলগীয়া হোৱাত এতিয়াহে যেন সকলোৰে বুকুত এক বিষ হ'বলৈ আৰম্ভ কৰিছে। ইজনক লুকুৱাই সিজনে যেন চকুপানী টুকিবলৈ আৰম্ভ কৰিছে। বিয়াৰ কাম-কাজবোৰো পূৰ্ণ গতিত হৈ আছে। 

     পমীয়ে ভনীয়েক সৰু হৈ থকাৰে পৰা ভনীয়েক মুনুক তাইৰ সৈতে শুৱাই লয়। সেইদিনাওঁ দুয়ো ভনীয়েক শুলে। বিচনাত উঠি তাই ভনীয়েকক মনৰ কথাবোৰ ক'লে। "জান' মুনু,বিয়া মানে কি মই ভালদৰে বুজিয়ে নাপাওঁ।মই বিয়া হ'বলৈ মানসিক-শাৰীৰিক ভাৱে একদমেই প্ৰস্তুত নহয় অ'।মানুহজনকো মোৰ অকণো ভাল লগা নাই। দেউতাহঁতে কিয় যে মোক এইজনৰ লগত বিয়া দিব বিচাৰিছে। মই সুখ নাপাম চাগে মুনু, মোৰ মনটোৱে নকয় সুখী হ'ব পাৰিম বুলি"। এইদৰে কৈ পমীয়ে ভনীয়েকক সাৱটি ধৰি কান্দিবলৈ ধৰিলে।বায়েকৰ কথাবোৰ সপ্তম শ্ৰেণীত পঢ়ি থকা ভনীয়েকৰ বুজা-নুবুজাৰ দোমোজাত ৰৈ গ'ল। বায়েকক সাৱটি তায়ো কান্দিবলৈ ধৰিলে। এইদৰেই বিয়াৰ দিনটো উপস্থিত হ'ল।


      আজি জেঠ মাহৰ ২৪ তাৰিখ। গাঁও খনৰ অমায়িক, শান্ত, নম্ৰ ছোৱালী পমীৰ বিয়া। সকলোৰে মুখত আনন্দৰ হাঁহি। অঙহী-বঙহী, ইষ্ট-কুটুম্ব, বন্ধু-বান্ধৱেৰে ভৰি পৰিছে ৰভাতলি। সকলোৱে ভাগে ভাগে কাম কৰিছে। অতিথিবোৰক সাদৰেৰে আপ্যায়ন কৰা হৈছে। উলাহত যেন সকলোৰে মন নাচি উঠিছে। এনেদৰেই  সকলো নীতি-নিয়মৰ মাজেৰে ধুম-ধামেৰে বিয়া চলি আছে।


       "ঐ ঐ, চকীখন আৰু লেম্পটো লৈ আহছোন। দ'ৰা আহিছে প্ৰশ্ন সুধিব লাগে।"

"অ' সৰু দা,দৰা আহিছে। তহঁত গেটৰ মুখলৈ সোনকালে আহ। দৰা আহি পালেহি, আদৰিব লাগে।" - - - দ'ৰা পালেহি, সকলোৰে যেন লৰা-ঢপৰা দৰাপক্ষক আদৰিব লাগে। সেইফালে পমীৰ বুকুত হেঁচি ধৰিছে এক অজান ভয় তথা শোকে। 


    কইনাপক্ষৰ ককায়েক এজনে সুধিলে," হেৰি ডাঙৰীয়া, কওঁকচোন - "কাৰ পো, কাৰ নাতি, ক'লৈ যোৱা দোভাগ ৰাতি। কাৰ চোতালত থবা ভৰি, কোনে দিব মালাধাৰি"??? 

    " আব্বে, বন্ধ কৰ এইচব চাল্লা কুকুৰহঁত। দৰাক আগচি প্ৰশ্ন কৰিবলৈ আহিছ। চিনি পোৱা নাই বাপেৰক। এইটো দেখিছ' বন্দুক, উৰুৱাই দিম। ভালে ভালে বাট এৰি দে।" - - দ'ৰাৰ গাড়ীৰ পৰা নামি সম্পৰ্কীয় ককায়েক এজনৰ এয়া উত্তৰ।


         কইনাপক্ষৰ মানুহ এনে আচৰণ দেখিআচৰিত। কইনাৰ ককায়েক এজনে প্ৰশ্ন কৰিলে, 'কিহৰ বাবে এই ব্যৱহাৰ। আৰু বিয়া কৰাবলৈ বন্দুক লৈ আহিছে যে। গুণ্ডা বাহিনী নেকি।'

    'অ' আমি গুণ্ডা', এইদৰে কৈ দৰাৰ ককায়েকে কইনাৰ ককায়েকৰ গালত বহালে এক প্ৰচণ্ড চৰ। তাৰ পিছত টাঙোনেৰে কোবাব ধৰিলে। এইদৰে দুয়োপক্ষৰ মাজত তয়া-ময়া কাজিয়া লাগিল। 

      কইনাঘৰৰ চোতাললৈকে সেই মানুহবোৰ টাকোন লৈ আহি বস্তুবোৰ কোবাই ভাঙি বহুত ক্ষতি কৰিলে। এই ভয়ংকৰ কাজিয়াৰ মাজতে পমীৰ বিয়াৰ নীতি-নিয়ম শেষ কৰিলে।কোনেওঁ যেন ধৰিবকে নোৱাৰিলে আচলতে হৈ গ'ল কি..!!

        

          অৱশেষত পমীক দৰাঘৰৰ মানুহে লৈ যাবলৈ ওলাল। মাক-দেউতাকক সেৱা কৰিবলৈও সুযোগকণ নিদিলে দৰাপক্ষই। পমীৰ সৈতে ভনীয়েক আৰু দুজন দাদাক যাব ওলাল। দৰাঘৰৰ বাটত গৈ যিখিন সন্মান পালে পমী আৰু তাইৰ ভনীয়েকে জীৱনত নাপাহৰে।


         দিনটো থাকি ভনীয়েকহঁত আবেলি সময়ত আহিব ওলাল। লগত পমীকো লৈ আহিব বিচাৰিলে কিন্তু দৰাপক্ষৰ আহিব দিয়া নিয়ম নাই বুলি আহিব নিদিলে। ভনীয়েকে বায়েকক সাৱটি ধৰি কান্দি কান্দি গুচি আহিল। বায়েকওঁ মৰমৰ ভনীয়েকক বুকুৰ মাজত সাৱটি লৈ হিয়া ঢাকুৰি কান্দিলে কিন্তু দৰাঘৰৰ মানুহৰ অন্তৰ নগলিল। পমীক শাহুৱেকে গালিহে পাৰিলে। পমীৰ জীৱনলৈ যেন সিদিনাৰ পৰাই অন্ধকাৰ নামি আহিল।

        

         মাকৰ ঘৰৰ সৈতে পমীক সংযোগ ৰখাত বাধা দিয়া হ'ল। আনকি পমীৰ ঘৰৰ মানুহকো তাইৰ খবৰ লব'লৈ যোৱাত বাধা দিয়ে। সকলো বাধা আওকাণ কৰি এদিন তাইৰ সৰু ককায়েক আৰু দেউতাক আলসুৱা পমীজনীৰ খবৰ ল'বলৈ শহুৰেকৰ ঘৰত উপস্থিত হ'ল কিন্তু সন্মুখীন হ ব লগা হ ল বিভিন্ন কটু কথা, অপমান, লাঞ্ছনা-গঞ্জনা, তিৰস্কাৰৰ।আনকি তেওঁলোকক পমীৰ সৈতে কথা পাতিবলৈও নিদিলে। দুখ-শোকত কান্দি-কাটি পমীৰ ঘৰৰ পৰা উভটি আহিল তাইৰ দেউতাক-ককায়েক। সিহঁতৰ জীৱনলৈ যেন নামি আহিল কাল অমানিশা।


     দিনবোৰ এইদৰেই পাৰ হ'ল।মানুহৰ মুখেৰে শুনিব পালে পমীয়ে হেনো বৰ কষ্টৰে দিন কটাবলগীয়া হৈছে। গিৰিয়েকজনো হেনো স্বভাৱ-চৰিত্ৰই একেবাৰে বেয়া। পমীৰ ঘৰৰ মানুহৰ কথাবোৰ সহ্য নহ'ল।


      বিয়াৰ ৩ মাহ পাৰ হ'ল। এদিন হঠাৎ পমীৰ মাকৰ ঘৰে আন মানুহৰ মুখেৰে গম পালে তাই হেনো অন্ত:সত্ত্বা। মৰমৰ ছোৱালীজনী মাক হ'বলৈ ওলাইছে কিন্তু মাকজনী যাব নোৱাৰে খবৰ ল'বলৈ। কি কৰিব! উপায়বিহীন সকলো। ইফালে বায়েকক তেনেকৈ এৰি আহিবৰ দিনাৰ পৰা ভনীয়েকে কান্দিয়ে কটাই। পঢ়া-শুনাতো মন নিদিয়ে। স্কুললৈ গৈ লগৰীয়াৰ সৈতে কথা নাপাতে। অনবৰতে মন মাৰি থাকে। ভনীয়েকৰ জীৱনটোও যেন আন্ধাৰৰ দিশে গতি কৰিব ধৰিলে।


     "মুনু"--মাকৰ মাতত ভাব বিভোৰ হৈ থকা ভনীয়েকে উচপ খাই উঠিল।( তাই নুবুজে আচলতে বায়েকৰ কি হ'ল, কিয় এনেকুৱা হ'ল। অন্তঃসত্ত্বা,গৰ্ভৱতী  আদি শব্দবোৰ তাইৰ বাবে অপৰিচিত। সেইবোৰ ভাবিয়ে যেন তাই জুপুকা মাৰি বহি থকা হ'ল।) "তই বায়েৰৰ ঘৰলৈ যাগৈ যা। খবৰ এটা লৈ আহ তাইৰ।পাৰিবিনে অকলে যাব?" মাকৰ কথাত ভনীয়েকে চকু দুটা বহলকৈ মেলি মাকক ক'লে-"সিহঁতৰ ঘৰলৈ গ'লে যদি মোক খেদি পঠাই? আৰু মা, বাৰ কি হৈছেনো? গৰ্ভৱতী হোৱা বুলিছ যে কি তাৰমানে? " মাকে চকুপানী টুকি মুনুক বুজাই দিলে বায়েকৰ কি হৈছে। মুনুৱেওঁ কথাখিনি বুজি পাই হুকহুকাই কান্দি পেলালে।


       ১২ বছৰ বয়স তেতিয়া পমীৰ ভনীয়েকৰ। ইমান কম বয়সতে বুকুত সাহস গোটাই মুনুৱে প্ৰায় ৮ কি:মি: ৰাস্তা চাইকেল চলাই যাবলৈ ওলাল বায়েকৰ ঘৰলৈ। মাকে বান্ধি দিয়া পিঠা-পনাখিনি লগত লৈ ল'লে।মুনু যাবলৈ ওলোৱাত তাইৰ মাকে চকুপানী টুকিলে। খবৰ লব'লৈ ডাঙৰ মানুহ থকা স্বত্বেও পঠাব নোৱাৰে। শোকে খুন্দা মাৰি ধৰিলে পমীৰ মাকৰ বুকুখন।


      ভয়-শংকা বুকুত বান্ধি মুনু ৰাওঁনা হ'ল বায়েকৰ ঘৰলৈ। মনতে শক্তি গোটাই ল'লে মুনুৱে। এনেদৰে গৈ মুনু বায়েকৰ শহুৰেকৰ ঘৰৰ চোতালত উপস্থিত হ' ল। চোতালত পমীৰ শাহুৱেক আৰু জায়েক অৰ্থাৎ পমীৰ গিৰিয়েকৰ বৌয়েক বহি আছিল। মুনুৱে হাঁহি মাৰি দুয়োজনীকে মাত লগালে--"ভালে আছে?" কিন্তু কোনো উত্তৰ নাপালে। মুনুৱে আকৌ সুধিলে--"বা ক'ত আছে?" দুয়োজনীয়ে উত্তৰ দিলে, "বায়েৰা ঘৰত নাই।" মুনুৰ যেন মনটো সেমেকি উঠিল। আজি ৩ মাহৰ মুৰত মৰমৰ বায়েকজনীক লগ পাব বুলি কিমান আশা লৈ আহিছিল কিন্তু লগ নাপালে। এনেতে পিছফালৰ পৰা মাত লগালে "মুনু, তই কাৰ লগত আহিছ? অকলে আহিব পাৰিছ?" ঘুৰি চাই দেখে তাইৰ অতি মৰমৰ বায়েকজনী। "বা" বুলি দৌৰি গৈ দুয়ো দুয়োকে সাৱটি ধৰি খুব কান্দিলে।

   

     বহুদিনৰ মুৰত বায়েকক লগ পাই মুনুৰ খুব ভাল লাগিল। দুখো লাগিল কাৰণ তাইৰ সৰু মনটোৱে বুজি পালে তাইৰ বায়েক যে বহুত কষ্টত আছে। মাকে যতনাই দি পঠোৱা পিঠা-পনাখিনি মুনুৱে বায়েকৰ হাতত দিলে কিন্তু আচৰিতভাৱে শাহুৱেকে সেয়া কাঢ়ি নিলে, জায়েকে সেইখিনি নি নৰ্দমাত পেলাই দিলে। মুনুৱে কিবা ক'ব খুজিওঁ বায়েকৰ মুখলৈ চাই মনে মনে ৰ'ল।


          সিদিনাখন মুনু ঘৰলৈ নাহিল। বায়েকেও আহিব নিদিলে। ভিনিহিয়েক হেনো ডিউটিত গৈছে, নিশা নাহে। সেইবাবে মুনুৱে ভিনিহিয়েকক লগ নাপালে। নিশা মুনু বায়েকৰ লগত শুলে। মুনুৱে বায়েকক সুধিলে, "বা, তোক ইহঁতে খুব কষ্ট দিছে ন'? " মুনুৰ কথাত বায়েক যেন অস্থিৰ হৈ পৰিল। তাইক সাৱটি ধৰি হুক-হুকাই কান্দি কান্দি কব'লৈ ধৰিলে, - - "তই বহুত সৰু আছ মুনু', এইবোৰ কথা আচলতে তোক কোৱাৰ উপযুক্ত বয়স নহয়।কিন্তু কাকনো কম, মাক ক'বলৈ ইহঁতে মোক তহঁতৰ সৈতে ফোনত কথা পাতিব নিদিয়ে।ইহঁত বহুত বেয়া মানুহ মুনু, বহুত বেয়া মানুহ ইহঁত।"( Assamese Storyboard )


             বায়েকৰ কান্দোনত ভনীয়েক অস্হিৰ হৈ পৰিল। বায়েকক সুধিবলৈ ধৰিলে--"ইহঁতে তোক বহুত শাস্তি দিছে ন' বা, ক'ছোন মোক। মই সকলো কথা বুজি নাপালেওঁ শুনি গৈ মাক ক'ব পাৰিম আৰু মায়ে নিশ্চয় বুজি পাব।"


      ভনীয়েকৰ কথাত পমীয়ে ক'বলৈ ধৰিলে,"হয় মুনু, ইহঁতে মোক বহুত কষ্ট দিছে। সকলো কথাতে গালি পাৰে। সকলো কামতে মোক বান্দীৰ দৰে খটুৱাই। মোক গালি পাৰিলেওঁ ভিনিহিয়েৰে একো মাত নামাতে। আৰু কি জান'নে মুনু,যিটো চাকৰি কৰে বুলি কৈ ভিনিহিয়েৰে মোক বিয়া পাতিবলৈ গৈছিল তেনেকুৱা একো চাকৰি নকৰে। চব মিছা কথা কৈ বিয়া পাতিছে ইহঁতে। এই মানুহজনৰ শুবলৈ এখন বিছনা নাই। পিন্ধিবলৈ এখন কাপোৰ নাই। যিটো ঘৰ তাৰ বুলি কৈ মোক বিয়া পাতিছিল সেইটো তাৰ ঘৰ নহয়। তাৰ নিজৰ বুলিবলৈ এটি কোঠা নাই। আৰু সকলোতকৈ দুখ লগা কথা কি জান',, ককায়েক ঘৰত নথকা সময়ত এই মানুহজনে বৌৱেকৰ লগত নিশা কটাই। বৌৱেকৰ লগত সম্পৰ্ক আছে এই মানুহজনৰ। চৰিত্ৰহীন পুৰুষ এজনৰ সৈতে মোক বিয়া দিলে মা-দেউতাই। ইমান দুখ মই কিদৰে সহ্য কৰিম অ' মুনু।এই কথাবোৰ তহঁতক কৈ দিম বুলি মোক তহঁতৰ সৈতে ফোনত কথা পাতিব নিদিয়ে। "


         কথাবোৰ শুনি ভনীয়েক শিল পৰা কপৌৰ দৰে হৈ পৰিল। ভনীয়েকে পমীক

ক লে,--" মই ঘৰত গৈ মা হঁতক কথাবোৰ কৈ দিম। তোক লৈ যাম ইয়াৰ পৰা। নালাগে তই এইখন ঘৰত থাকিব।"


   পমীয়ে কৈ উঠিল, - -"কেনেকৈ যাম অ' মুনু, নাৰী সতীত্বৰ দ্বাৰাহে শুৱনি হয়। মই এই কথাবোৰ গম পোৱাৰ পিছতে ভিনিহিয়েৰে মদ্যপান কৰি আহি মোৰ অনিচ্ছা সত্ত্বেও মোৰ ওপৰত সন্তানৰ বোজা জাপি দিলে। মোক অন্তঃসত্ত্বা কৰিলে অ'। কি স'তে মই ঘৰলৈ যাম। বেমাৰ হৈ ছটফটাই থাকিলেও এটি টেবলেট আনি নিদিয়ে, কি হৈছে বুলি এবাৰলৈ নোসোধে। বহুত অভদ্ৰ এই মানুহজন। কেৱল মাথোঁ বৌয়েকক হে চিনি পাই।" কথাবোৰ শুনি ভনীয়েকৰ মুখৰ মাত হেৰাল। কান্দি-কান্দি দুয়ো ভনীয়েকৰ সেই নিশা পাৰ হ'ল। ৰাতিপুৱা হ'লত তাই বায়েকক মাত লগাই ঘৰলৈ গুচি আহিল আৰু ঘৰত সকলো কথা বিৱৰি ক'লে।

    মাক-দেউতাক, ককায়েক সকলো দুখত ভাগি পৰিল। খঙত গৰজি উঠিল। ভনীয়েক মুনু যেন বয়সতকৈ বহুখিনি বেছি ডাঙৰ হ'ল বায়েকৰ অভিজ্ঞতাৰে।বায়েকে কোৱা সেই মুহুৰ্তৰ পৰাই ভিনিহিয়েকৰ বিষয়ে মুনুৰ মনত খং, ঘৃণাই জন্ম ল'লে।


    সময়বোৰ এনেদৰে গৈ থাকিল কিন্তু পমীৰ ঘৰৰ আন মানুহক শহুৰেকৰ ঘৰৰ মানুহে যোৱাৰ অনুমতি নিদিলে। পমীৰ সন্তান জন্মৰ দিন চমু চাপি আহিল। বায়েকৰ বিপদ কালৰ লগৰী হ'বলৈ কণমানি মুনুকে পঠোৱা হ'ল। এদিন-দুদিন কৰি মুনু সিহঁতৰ ঘৰত ১০ টা দিন থাকিল আৰু বুজি উঠিল বায়েকৰ প্ৰয়োজনীয়তা কিমানখিনি লৈকে সিহঁতৰ বাবে।দহদিনৰ দিনা পমীৰ সৰু ককায়েক গৈ পমীৰ ঘৰত উপস্থিত হ'ল আৰু মুনুক লৈ আহিব বিচাৰিলে কিয়নো মুনুৰ পুষ্পিতা হোৱাৰ সময় হৈছিল। পমীক সকলো কথা বুজাই কৈ মুনুক লৈ আহিল।বায়েকক এৰি আহিবলৈ ইচ্ছা নকৰি মুনুৱে খুব কান্দিলে। কান্দি কান্দিয়ে তাই ঘৰ পালে। বায়েকৰ স'তে শহুৰেকৰ ঘৰৰ মানুহে কৰা সকলো কথা মুনুৱে মাকহঁতক বিৱৰি ক'লে।কথাবোৰ শুনি সকলোৱে উচুপি উঠিল। 

   

     ভগৱানে যেন বায়েকৰ কষ্ট কমক বুলিয়ে সৰু ককায়েকক পমীৰ ঘৰলৈ পঠাইছিল মুনুক আনিবলৈ। বায়েকৰ ঘৰৰ পৰা অহা পিছদিনাই মুনুৰ পুষ্পিতা হ'ল। ভয়ত মুনুৱে কান্দিবলৈ ধৰিলে। তাতোকৈ বেছি কান্দিলে বায়েকলৈ মনত কৰি।


       মুনুৰ কান্দোনত ৰ'ব নোৱাৰি ডাঙৰ ককায়েক পমীৰ ঘৰলৈ গুচি গ'ল। গৈ পায় চোতালত চিঞৰি চিঞৰি সকলোকে মাতিলে কিন্তু ঘৰত থকা স্বত্বেও কোনেওঁ মাত নিদিলে। এনেতে ৰূমৰ ভিতৰৰ পৰা কেঁকাই- কেঁকাই মাতা শুনিলে, --"অ' ডাঙৰ দাদা। মই ইয়াত আছো। মই মৰি যাম অ' এতিয়া।" পমীৰ মাত শুনি ডাঙৰ ককায়েকে পোনছাটেই ৰূমৰ ভিতৰলৈ সোমাই গ'ল আৰু পমীৰ অৱস্থা দেখি চকু কপালত উঠিল। ৰক্তস্ৰাৱেৰে লুটুৰি-পুটুৰি হৈ বিচনাত পৰি থকা পমীক দেখি ককায়েকে অলপো পলম নকৰি ততা-তৈয়াকৈ হস্পিতাললৈ লৈ আহিল। বহু কষ্টৰ অন্তত: তাই সিদিনা এটি ল'ৰা সন্তানৰ মাক হ'ল।মুনুৰ খবৰটো শুনি পমী আনন্দিত হৈ কৈ উঠিল, "আমাৰ মুনু ডাঙৰেই হ'ল। "পমীৰ গিৰিয়েক আৰু শাহুৱেক বহু সময়ৰ মূৰতহে হস্পিতালত উপস্থিত হ'ল। 


       সকলো দুখ-কষ্ট ত্যাগ কৰি পমীয়ে ল'ৰাটোৰ মুখলৈ চাই দিন কটাবলৈ ধৰিলে। লৰাটোৰ বেমাৰ-আজাৰ সকলোবোৰতে  তাই অকলে কষ্ট ভুগিব লাগে।


           গিৰিয়েকৰ স্বভাৱ সলনি নহ'ল। বৌৱেকৰ সৈতে হলি-গলি আগৰ দৰেই থাকিল। চকু-কাণ বন্ধ কৰি পমীয়ে লৰাটোৰ বাবেই জীয়াই থাকিলে। পমীৰ ঘৰৰ মানুহে এতিয়া কাৰো কথালৈ ভয় নকৰে। ছোৱালীজনীৰ, নাতি লৰাটোৰ খবৰ ল'বলৈ মাক-দেউতাকহঁত যায়। ককায়েকহঁত, ভনীয়েক মুনুয়ো যায় তাইৰ খবৰ ল'বলৈ। ল'ৰাটোৰ অসুখ হ'লে পমীৰ স'তে মুনুয়ে যায় হস্পিতাললৈ।ভিনিহিয়েকৰ কথা-কাণ্ডবোৰ দেখিলে মুনুৰ সহ্য নহয়, তৰ্ক লাগে ভিনিহিয়েকৰ সৈতে। পমীৰ কথা ৰাখিবলৈ বহুক্ষেত্ৰত মুনুৱে মাত নামাতাকৈ থাকে সহ্য কৰি কিন্তু বিৰাট এক খঙে মুনুৰ মগজুত বাহৰ পাতিছে ভিনিহিয়েকৰ প্ৰতি।


       দিন বাগৰাৰ লগে লগে লৰাটো ডাঙৰ হ' ল। স্কুলত নাম লগাই দিলে। পমীৰ ভনীয়েক মুনুয়ো ডিগ্ৰী পাছ কৰি সংস্হাপিত হ'ল। পমীৰ গিৰিয়েকে আগৰ স্বভাৱ এৰা যেন লাগিল দেখাত, কিন্তু পমীয়ে ভালদৰে লক্ষ্য কৰি গম পালে নাই, তেওঁৰ স্বভাৱৰ পৰিৱৰ্ত্তন হোৱা নাই। বৌৱেকৰ উপৰিও আন নাৰীৰ স'তেওঁ তেওঁৰ সম্পৰ্ক থকা গম পালে। বহুত বুজালে তেখেতক কিন্তু নাই। কুকুৰৰ নেজ কেতিয়াওঁ চিধা নহয়, তাকে ভাবি পমীয়ে গিৰিয়েকে য'ত যি কৰে কৰক বুলি ভাবি গুৰুত্ব নিদিয়া হ'ল। এই সকলোবোৰ কথা মুনুৱে গম পাই খঙত ছাটি-ফুটিবলৈ ধৰিলে। তাইৰ পানী হেন বায়েকজনীৰ জীৱনটো চৰিত্ৰহীন এটাই ধ্বংস কৰি দিলে।


        এদিনাখন নিশাৰ কথা।মুনুয়ে বায়েকক ফোন কৰি আছিল। কিন্তু বায়েকৰ ফোনটো চুইছ অফ..!! মুনু অলপ চিন্তাত পৰিল। তাই ভিনিহিয়েকলৈ ফোন কৰিলে কিন্তু তেখেতে ফোনটো ৰিচিভ নকৰিলে। উপায়ন্তৰ হৈ মুনুয়ে বায়েকক মেছেজ এটা দিলে ফোন কৰিবিছোন বৰকৈ মনত পৰিছে তোলৈ। কিন্তু নাই সিদিনা কোনো উত্তৰ নাহিল।


       পিছদিনাখনৰ কথা। মুনুৱে অফিচত ডিউটি কৰি আছে। হঠাৎ বায়েকে মেছেজ দিলে। "এই জনমত জীয়াই থাকো যদি ফোন কৰিম, লগ হম দে। তোক সকলো কম মোৰ দুখৰ কথা। মোৰ অবিহনে মোৰ সোণটোক তই চাবি। এয়া মোৰ লাষ্ট মেছেজ।" মেছেজ দেখি মুনু নিশ্চিত হ'ল, বায়েকৰ নিশ্চয় কিবা অঘটন ঘটিছে। তাই অকণো পলম নকৰি লগে লগে বায়েকলৈ ফোন কৰি সুধিলে, "কি হৈছে বা তোৰ, এনেকুৱা কথা কিয় কৈছ তই? ভিনিদেউৱে কিবা কৈছে নেকি তোক? কি হৈছে ক' চোন মোক?"


     "এনেকৈ ফোনত ক'ব নোৱাৰি মুনু, শুনিলে দোষত পৰিম। পাৰা যদি আহি শুনি যাবি, চাই যাবি মই কিদৰে আছো।"বায়েকৰ কথাই মুনুৰ বুকুখন কঁপাই দিলে। সিদিনা তাই স্হিৰেৰে কাম কৰিব নোৱাৰিলে। অফিচৰ কামবোৰ সোনকালে সামৰি ঘৰত বেগটো থৈ চিধাই বায়েকৰ ঘৰলৈ গ'ল।


       গৈ দেখে বায়েকে বিচনাত শুই আছে। ল'ৰাটোৱে মাকৰ মুৰটো মালিচ কৰি আছে। ভিনিহিয়েক সেই সময়ত ঘৰত নাছিল। তাই সুধিলে,"কি হৈছে বা তোৰ!এনেকুৱা অৱস্থা কিদৰে হ'ব পালে"?


       পমীয়ে ক'বলৈ ধৰিলে, "জান' মুনু, এইখন ঘৰত আজিলৈকে সুখ নাপালো। আৰু সুখ পাম বুলি আশা নকৰো। মই আৰু বেছিদিন জীয়াই নাথাকিম। ভিনিহিয়েৰে মিছা কথা কৈ মোক কেৱল সন্তান জন্ম দিবলৈহে বিয়া পাতিছিল। নিজৰ কামনা পূৰণ কৰিবলৈহে বিয়া পাতিছিল মোক।যিজনী মানুহে ইমান বছৰে তেওঁৰ তিৰস্কাৰ সহ্য কৰিওঁ ক'লৈকো নগ'লো সেইগৰাকী মানুহক তোৰ ভিনিহিয়েৰে সন্দেহ কৰে। কাৰণ একমাত্ৰ তেওঁক গুৰুত্ব নিদিয়া,তেওঁৰ বিচনাৰ সংগী নোহোৱাৰ বাবেই বুজিছ মুনু।ইমান সহি থকাৰ পিছত আজি তেওঁৱেই মোৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উঠালে আজি।মোবাইলটো ভাগি পেলাইছে তহঁতক ফোন কৰো বাবে। কি কৰিম ক' মুনু, মৰি যোৱাৰ বাহিৰে মোৰ আন কোনো উপায় নাই অ'।" - - এইদৰে কৈ পমীয়ে কান্দিবলৈ ধৰিলে।


       মুনুৱে ক'লে," ৰ' বাইদেউ। নাকান্দিবি। কান্দি নিজক দুৰ্বল নসজাবি। ঘৰলৈ আহিব দে তেওঁক, মই কথা পাতিম আজি তেওঁৰ লগত। আৰু ভিনদেউকো ফোন কৰি আছিলো, ফোনটো ৰিচিভ নকৰিলে যে?" পমীয়ে ক'বলৈ ধৰিলে,"তই ফোন কৰি থকাই মোবাইলৰ পৰা চিমখন উলিয়াই থৈ দিছে।"


      মুনুৱে ক' লে, "অ'হ হয় নেকি, ভিনদেউৱে আমি দিয়া ফোনটোৱে ব্যৱহাৰ কৰে নহয় জানো?" পমীয়ে হয় বুলি ক'লে।


        অলপ সময় পিছত পমীৰ গিৰিয়েক ঘৰলৈ আহিল। মুনুৱে ক'লে," ভিনদেউ, আপোনাক ফোন কৰিছিলো ফোনটো ৰিচিভ নকৰি চুইছ অফহে কৰি থৈছিল যে  কিয়? আৰু বাৰ ফোনটো কি কাৰণত ভাগিছে?"মুখেৰে একো নামাতি আঁতৰি যাব বিচাৰিলে তেওঁ।

          মুনুৱে মাত লগালে,--" ৰ'ব, মুখেৰে মাত নামাতিলে আপুনি ধোঁৱা তুলসীৰ পাত হৈ নাযায়। আপুনি ইমান বছৰে বাক কিমান অশান্তি দি আছে সকলো জানো মাথোঁ আশাত বন্দী হৈ আছিলো যে ভাল হ'ব কিন্তু আপোনাৰ দৰে কুকুৰৰ নেজ কেতিয়াওঁ চিধা নহয়।ভাল হ'ব নোৱাৰে আপোনাৰ দৰে নীচ, চৰিত্ৰহীন মানুহ। মা-ভনী চিনি নোপোৱা আপুনি পুৰষৰ নামত কলংক এজন।"


   " তুমি বেছি কৈছা, মনে মনে থাকা"। পমীৰ গিৰিয়েকে এইদৰে ক'লে। 

   "মনে মনে বহুত থাকিলো। আজি মনে মনে নাথাকো। আপোনাৰ ওচৰত বাক বিয়াহে দিছিলো বিক্ৰী কৰা নাছিলো বুজিছে। বিয়াৰ পিছৰে পৰা আপোনাৰ চৰিত্ৰৰ গুণানুকীৰ্তন শুনি আহিছো। আৰু সেই চৰিত্ৰহীন লোক এজন হৈ বাৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন তুলিবলৈ সাহস ক'ত পালে? অকণো লাজ নালাগিল আপোনাৰ। ছি:! আপোনাৰ দৰে পুৰুষে বিয়া পাতিব নালাগে। আপোনালোকৰ কামনা পুৰণৰ বাবে বেশ্যালয় সুন্দৰ ঠাই, তাত যাব লাগিছিল। যদি তাত যাব টকা নাছিল বাক বিয়া পতা আগত নক'লে কিয়, বিয়াত খৰছ কৰা টকাখিনি আপোনাক দান কৰিলো হৈ অন্ততঃ বাৰ জীৱনটো ধ্বংস নহ'ল হৈ তেতিয়া। আৰু সন্তান জন্ম দিবলৈ বৌয়েৰা আছিলে, দেখোন কিয় গৈছিল বাক বিয়া কৰাই জীৱনটো ধ্বংস কৰিব।


      শুনক,বহুত সহ্য কৰিলো আপোনাক আৰু নহ'ব। আজি যদি বাৰ কিবা এটা হয় নাভাবিব সুদাই এৰিম।আপোনাৰ বংশৰ পুলিয়ে-পোখাই উভালি পেলাম মনত ৰাখিব। নাভাবিব বাৰ কোনো নাই যি মন তাকে কৰিব। আৰু শুনক, আশা ৰাখিছো ঈশ্বৰে আপোনাক সু-বুদ্ধি দিব। আপোনাৰ চোতালত ভৰি দিবলৈ আৰু কেতিয়াওঁ নাহো,, সিদিনা আহিম যিদিনা গম পাম যে আপোনাৰ বাবে বাৰ কিবা এটা হৈছে। বাৰ হাড় বিচাৰি আহিম।গতিকে ভালদৰে থকাটো আপোনাৰ নিজৰ বাবেই মংগল। ফটুৱা পুৰুষগিৰি যাতে বাৰ ওপৰত জাহিৰ নকৰে।"


        " আৰু শুনক, বাৰ ফোনটো ভাগিছেই যিহেতু, আমি ফোন কৰিলেওঁ ৰিচিভ নকৰে গতিকে আপোনাক দিয়া ফোনটো লৈ আহিলো।আপোনাৰ প্ৰেয়সীৰ সৈতে কথা পাতিবলৈ মই এই ফোনটো আপোনাক দি যাব নোৱাৰিম।"পমীৰ গিৰিয়েকে মনে মনে শুনি থাকিল সকলো বোৰ। 

       

      এইদৰে কৈ মুনুৱে পমীক সাৱটি ধৰি ক'লে," ভালদৰে থাকিবি বা। নিজক দুৰ্বল নকৰিবি। আমি তোৰ লগত সদায় আছো। কিবা বিপদত পৰিলে খবৰ দিবি যিদৰেই নহওঁক।"ভাগিনীয়েকক সেৱা এটি জনাই, গালত চুমা এটি খাই মুনুৱে তাৰ পৰা আঁতৰি আহিল বুকুত এবুকু গভীৰ বেদনা লৈ। বায়েকেওঁ মুনুৰ ফালে চাই উচুপি ৰ'ল এক অজান, অনিশ্চিত ভৱিষ্যতৰ দিশে মুখ কৰি।


✒️ #ভনিতা_ডেকা

 

Assamese Storyboard

এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

Assamese Storyboard

আমালৈ গল্প বা উপন্যাস প্ৰেৰণ কৰিবলৈ আমাৰ মেইল আই দি আৰু ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24

No comments:

Post a Comment

Advertisement

Pages