যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (খণ্ড ৩) : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Tuesday, July 6, 2021

যেতিয়া এজনী ছোৱালীৰ জীৱনলৈ নামি আহে অমানিশা (খণ্ড ৩) : Assamese Storyboard

Assamese Storyboard

 

ককায়েক গৌৰৱৰ কথাবোৰে কৰবীৰ মনটো অশান্ত কৰি তুলিলে l গোটেই ৰাতিটো টাই ককায়েকৰ চিন্তাত টোপনি নধৰিল l মনত নানান প্ৰশ্ন আহিল ( Assamese Storyboard )l একো কাৰণ নোহোৱাকৈ মানুহ ইমান সলনি কেনেকৈ হ'ব পাৰে l তাতে তাইৰ মৰমৰ ককায়েকৰ কথাই সুকীয়া l আজিলৈকে যিটো লৰাই কাকো এষাৰ টান কথা ক'ব সাহস কৰা নাছিল সেইটো গৌৰৱদা আজি ইমান সলনি l আমাক হয়টো ক'ব বিচৰা নাই l মই কিন্তু খাতাং তাৰ যে কিবা এটা হৈছে l পুৱা মনুৰ ঘৰত নোযোৱাৰ আগতে দাদাৰ লগত আকৌ এবাৰ কথা পাতিব লাগিব l যেনেকৈ হ'লেও তাৰ কথা উলিয়াব লাগিব l


পিছদিনা পুৱাতে মানস আহি ঘৰ উলালহি l কৰবীক লৈ যাব আৰু লগতে গৌৰৱক মাত দি যাব l

কৰবীয়ে হাতত চাহ'লৈ গৌৰৱৰ ৰুমলৈ গৈ দেখে গৌৰৱ তাত নাই l বস্তুবোৰ য'ত ত'ত পৰি আছে l তাৰ কাপোৰবোৰো নাই l ইমান পুৱাই কলৈ যাব পাৰে l আজিলৈকে এনেদৰে কলৈকো যোৱা নাই l সি কৰবাত গলে আমি কি ওচৰৰ সকলোৱে গম পাই l মাক কৈ যাব পাৰে l 
অ' মা এইফালে আহাঁ দাদা আজি ইমান পুৱাতে কলৈ গ'ল বাৰু তুমি যানানে l 

নাই মাজনি মোক একো কোৱা নাই l মাত্ৰ উলাই যোৱা দেখিলো হাতত বেগ এটা লৈ l তই মানসক চাহ একাপ দেগৈ যা l আৰু সোনকালে যাগৈ সিহঁতৰ ঘৰত চাগৈ বহুত কাম আছে l 

এইয়া চাহ লোৱা l দাদা নাই পুৱাতে ওলাই গ'ল l কি কাম আছিল তাৰ লগত l 

নাই নাই একো কাম নাই l বিয়াত অলপ লাগি দিবলৈ কম বুলিয়েই বিচাৰি আহিছিলো l 

কৰবীয়ে মানসৰ ফালে চাই ৰ'ল l কথাবোৰ কওঁতে মাতটো ইমান কপিছে কিয় l জানা মানস, দাদা বহুত সলনি হ'ল তাৰ অন্তৰত এতিয়া মৰম দয়া বুলিবলৈ একো নাই l তাৰ কি হৈছে জানো একো ধৰিবই পৰা নাই l সম্পূৰ্ণ বেলেগ এটা ৰূপ  যিটো নেকি আমি আগতে কেতিয়াও দেখা নাই l

এতিয়া এইবোৰ কথা বাদ দিয়া আমি পলম নকৰি গৈ থকাটোৱেই ভাল হ'ব ।
*********************************
বাহিৰত কিনকিনকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে l ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহটোত অসম্ভৱ ধৰণে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ l শীতৰ হাড় কঁপোৱা জাৰ l কুঁৱলীৰ ডাঠ আৱৰণে পুৱাতে আকাশখন আৱৰি বেলিৰ ওলাব নোৱাৰাকৈ ঢাকি ৰাখিছে l প্ৰচণ্ড শীতক নেওচি গৌৰৱ আগুৱাই গৈ থাকিল l মুঠতে যেনেকৈ হলেও বিমান বন্দৰত উপস্থিত হ'ব লাগিব l নহলে ফ্লাইট নাপাবগৈ l


 ফ্লাইটৰ চিটটোত নিজকে এৰি দিয়া দি এৰি দিলে l ভাগৰুৱা দেহা এটা কঢ়িয়াই যেন লৈ ফুৰিছে তেনে ভাৱ হ'ল তাৰ l 
চেন্নাই এপ'ল মেডিকেলত তাৰ যদিওবা কিবা এটা হৈ যায় মা আৰু কৰৱীক কোনে খবৰ দিব l হঠাৎ মনলৈ আহিল তাৰ বন্ধু ৰাজীৱৰ কথা l তাক ফোন কৰি সকলো কথা বিৱৰি কলে l 

গৌৰৱ তই একো চিন্তা নকৰিবি সকলো ঠিক হৈ যাব l তই চিন্তা নকৰিবি l মই সকলো ব্যৱস্থা কৰি দিম তোক l 
মেডিকেলত সকলো আগতীয়াকৈ যোগাৰ কৰি ৰাখিছিল l আনকি তাক বিমান বন্দৰৰ পৰা লৈ আহিল l ( Assamese Storyboard )

গৌৰৱ তুমি অলপমান ৰেস্ট লোৱাগৈ মোৰ ৰুমটে l আজি ডাক্তৰজন নাহে l ইয়াৰ সকলোতকৈ ভাল আৰু নামি কেন্সাৰ বিশেষজ্ঞ l তেখেতক দেখুওৱালে ভাল হ'ব l আৰু অসমৰ কোনো ডাক্তৰে সঠিক বেমাৰ ধৰিব নোৱাৰে l সেয়ে বন্ধু অলপ হাঁহিৰে কথা পাত l আজিকালি কেন্সাৰ বেমাৰ ভাল হয় l ইমান চিন্তাৰ বিষয় নহয় l 

মই তোক কেনেকৈ বুজাম l মোৰ সকলো শেষ কৰিহে নিজৰ জীৱন বচাবলে আহিছোঁ l

তইনো কি ক'ব বিচাৰিছ মই একো ধৰিব পৰা নাই l ভালকৈ কবিনে কি ক'ব বিচাৰিছ l

বহুত কথা আছে বাদ দে এইবোৰ l ডাক্তৰ জন লগ পালেই হ'ল আৰু আনৰ বাবে মই সুষ্ঠ হ'ব বিচৰা নাই মাথোন মাৰ বাবেই মই চেষ্টা কৰিছোঁ অলপ সুষ্ঠ হবলৈ l


******************************
হতাশা, অস্থিৰতা, অশান্তিৰে আৰম্ভ হবলৈ ধৰিলে মনশ্ৰীৰ প্ৰতিটো পুৱা l বেদনাজজ'ৰিত হৃদয়ৰে ভাৰাক্ৰান্ত হৈ' দিনটো শেষ হৈ নিশাবোৰ আৰম্ভ হৈছে l 
বিয়াৰ দিন ধৰি দিগন্তই তাইক ভালকৈ মাত এষাৰও দি পোৱা নাই l কিবা এটা ক'ব বিচাৰিলেও তাৰ শুনিবলৈ সময় নাই l শাহুৱেকৰ অতপালী দিনক দিনে বাঢ়ি আহিবলৈ ল'লে l তাইক বিয়া কৰাই নিয়াৰ পিছৰে পৰা ঘৰ খনত থকা সকলো কাম কৰা মানুহ পঠিয়াই দিলে l ঘৰত সৰু কাম এটা কৰি নোপোৱা মনশ্ৰীয়ে আজি সকলো কৰিবলৈ লৈছে l.......আগলৈ


এই উপন্যাস খনৰ  বাকী কেইটা খণ্ড আৰু আন বহু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )

বিঃদ্ৰঃ আমাৰ ইয়ালৈ গল্প প্ৰেৰণ কৰক আৰু জিকক ৫০০ টকাৰ নগদ ধনৰ পৰস্কাৰ।আমাৰ ফেচবুক পেজৰ লাইক কমেণ্ট আৰু শ্বেয়াৰৰ ভিত্তিত প্ৰতিমাহে এগৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়।জুন ২০২১ ত এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে সন্মানীয় ৰেখামণী চাৰিঙীয়া ডাঙৰীয়াণীয়ে।আমাৰ মেইল আই দি,ফেচবুক পেজৰ ইনবক্স নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত গল্প সমূহ প্ৰেৰণ কৰিব পাৰিব।নিৰ্বাচিত গল্প সমূহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।এই মাহৰ বিজয়ী প্ৰাৰ্থী গৰাকীৰ নাম অহাটো মাহৰ প্ৰতিটো গল্পৰ তলত এনেদৰেই উল্লেখ কৰা হব। আমাৰ মেইল আই দি,ফেচবুক পেজৰ লিংক তলত উল্লেখ কৰা হল ।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

আমাৰ মেইল আই ডিৰ লিংক - smj24.in@gmail.com


আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

আমাৰ গ্ৰুপৰ লিংক - SMJ24.facbookgroup


No comments:

Post a Comment

Advertisement

Pages