ফুলশয্যাৰ নিশা তাই হব লগীয়া হৈছিল অৱহেলিত : Assamese Storyboard - SMJ24 - Social Media Journalism

SMJ24 - Social Media Journalism

Assamese News & Entertainment Site. An unique platform of News, Entertainment, Health, Fashion, Recipes, Storys, Poems etc.

Recent Post

Advertisement

Thursday, July 1, 2021

ফুলশয্যাৰ নিশা তাই হব লগীয়া হৈছিল অৱহেলিত : Assamese Storyboard

Assamese Storyboard

কৌস্তুভক আজি দৰা সাঁজত বৰ ধুনীয়া লাগিছিল। সকলোলোকে কৌস্তুভৰ আজি বহুত প্ৰশংসা কৰিছিল। কৌস্তুভ ইমানে ধুনীয়া আছিল যে, আনে তাৰ প্ৰশংসা কৰি আমনি নাপাইছিল। আৰু কৌস্তুভৰ গাওঁৰ ছোৱালী বোৰ তাৰ ওপৰত বলীয়া হৈ ৰৈছিল।( Assamese Storyboard )

আনে নিজৰ বিয়াত বহু সুখী হয়, কিন্তু কৌস্তুভৰ মুখ মণ্ডলত সেই সুখ নাছিল। দৰাচলতে কৌস্তুভৰ বিয়া যি জনী ছোৱালীৰ লগত ঠিক হৈছিল, সেই ছোৱালী জনীক কৌস্তুভে একেবাৰে পচন্দ নকৰিছিল। তাৰ বিয়া সেই ছোৱালীজনীৰ লগত জোৰেৰে কৰোৱা হৈছিল। কথা এয়া যে, কৌস্তুভৰ দেউতাক বহু কৃপণ আছিল। তেওঁ কৌস্তুভৰ বিয়া যিজনী ছোৱালী লগত ঠিক কৰিছিল, সেই ছোৱালীজনী চৰকাৰী শিক্ষয়ত্ৰী আছিল। কৌস্তুভৰ দেউতাকৰ কেৱল টকা পইচা লগত সম্বন্ধ আছিল। তেওঁৰ লৰাৰ সুখ কত! কি ভালপাই! এইবোৰৰ লগত কৌস্তুভৰ দেউতাকৰ কোনো সম্বন্ধ নাছিল।


কৌস্তুভে বহু বাৰ ঘৰত এই বিয়াৰ বাবে মনা কৰিছিল, কিন্তু কৌস্তুভৰ দেউতাকে তাক খং কৰি কৈছিল, লাগিলে যি হওক, মই তোমাৰ বিয়া সেই ছোৱালীজনীক লগত কৰোৱাম। কাৰণ ছোৱালীজনীয়ে চৰকাৰী চাকৰি কৰে। কৌস্তুভে নিজৰ দেউতাকক বহুত বুজালে যে, টকা পইচা আহিব গৈ থাকিব। কিন্তু আপুনি মোৰ বিয়া যি জনী ছোৱালীৰ লগত কৰোৱাব বিচাৰিছে, সেই ছোৱালীজনীৰ লগত মই খাপ খাব নোঁৱাৰো। আপুনি পইচাৰ বাবে মোৰ জীৱনটো কিয় শেষ কৰিবলৈ লৈছে! কৌস্তুভে নিজৰ দোউতাকক হাজাৰ বাৰ বুজাবলৈ চেষ্টা কৰিলে কিন্তু তাৰ দেউতাকে নিজৰ কথাতে থাকিল। এনেদৰে ঘৰত কাজিয়া পেচালৰ মাজত অৱশেষত সেই দিনটো আহিল।

কৌস্তুভ আজি দৰা সাঁজত। কিন্তু কৌস্তুভৰ মুখত কোনো আনন্দ নাছিল। কৌস্তুভে নিজৰ বিয়াখনক লৈ বহু সপোন ৰচিছিল। কিন্তু আজি সেই কৌস্তুভে নিজৰ বিয়াৰ আনন্দ নহয় যেন, নিজৰ মৃত্যুৰ আনন্দ কৰিছে। দৰা ৰূপত যেতিয়া কৌস্তুভ নিজৰ কইনা ঘৰলৈ গল, তেতিয়া সকলোৱে কৌস্তুভক থৰ লাগি চায়ে ৰল। আশে পাশে থকা লোকে কৌস্তুভক দেখা পায় কথা পাতিবলৈ ধৰিলে যে, লৰাটো দেখিবলৈ বহুত ধুনীয়া হয়। কিন্তু ইমান শকত ছোৱালীজনীক কেনেকৈ পচন্দ কৰিলে! তেতিয়া তাৰ মাজতে কোনোবাই কয় যে, পচন্দ কৰিলে কিন্তু, এই বিবাহ বেছিদিনলৈ ঠিক হৈ নেথাকে। কৌস্তুভ আৰু মনীষাৰ বিয়া যেনে তেনে হৈ গল। 


মনীষাষা কইনা হৈ, কৌস্তুভৰ ঘৰলৈ আহিল। কিন্তু মনীষাই এই কথা অলপো জনা নাছিল যে, কৌস্তুভে তাইক অলপো পচন্দ নকৰিছিল বুলি। মনীষাই সাজি কাচি ফুলশয্যাৰ নিশা বিচনাতে বহি কৌস্তুভলৈ অপেক্ষা কৰি আছিল। কিন্তু বহুত পলম হৈ গল, কৌস্তুভ কোঠালৈ যোৱা নাছিল। যেতিয়া কৌস্তুভৰ দেউতাকে এই কথা গম পালে, যে, কৌস্তুভে কোঠালৈ যাবলৈ অমান্তি কৰিছে, আৰু সি বাহিৰতে শুইছে, তেতিয়া দেউতাক কৌস্তুভৰ ওচৰলৈ আহিল আৰু কলে যে, তোমাৰ ইমান সাহস কেনেকৈ হল যে, বাহিৰত শুৱলৈ! বোৱাৰীয়ে তোমালৈ ইমান সময় ধৰি বাট চাই ৰৈছে!কিয় তুমি কোঠালৈ যোৱা নাই!

কৌস্তুভে কলে, পাপা আজিলৈকে মই আপোনাৰ সকলো কথাকে মানি আহিছো। কিন্তু এতিয়া আৰু নহব। কাৰণ এতিয়া আৰু মই সেই শকত ছোৱালীজনীৰ কোঠালৈ যাব নোঁৱাৰো। এই কথা মই ভালদৰে জানো যে, আমাৰ সম্বন্ধ বেছি দিনলৈ নাথাকে। মই তাইৰ লগত মোৰ সম্পূর্ণ জীৱন অতিবাহিত কৰিব নোঁৱাৰো। কিন্তু কৌস্তুভৰ দেউতাকে কত বুজিলে হয় কৌস্তুভৰ কথা। কাৰণ এতিয়ালৈকে তেওঁৰ কথাকে চলি আহিছে। এতিয়ানো কেনেকৈ কৌস্তুভৰ কথা চলিব। দেউতাকে গালি শপনি দি কৌস্তুভক মনীষাৰ কোঠালৈ পথিয়ালে। কৌস্তুভ আৰু দেউতাকৰ মাজত তৰ্ক কৰোঁতে কৰোঁতে বহু নিশা হৈছিল। তথাপিটো অৱশেষত কৌস্তুভ মনীষাৰ কোঠালৈ যাব লগীয়া হল।



কিন্তু কোঠালৈ যোৱাৰ পাছত কৌস্তুভে দেখা পালে যে, মনীষা টুপনি গৈছিল। আৰু তেতিয়া কৌস্তুভে দীঘলীয়া উশাহ টানিলে আৰু বিচনাৰ পৰা গাৰু লৈ চোফাতে শুলে। কিন্তু কিছু সময়ৰ পাছত যেতিয়া মনীষাৰ চকু খুল খালে, তেতিয়া তাই দেখা পালে, তাইৰ স্বামী কৌস্তুভ চোফাতে শুই আছে। দৰাচলতে মনীষা গভীৰ নিদ্ৰাত নাছিল, তাই খংতে চকুহাল বন্ধ কৰি ৰাখিছিল। তাই ভাৱিছিল, কৌস্তুভে আহি তাইক মাতিব, আৰু কোঠালৈ পলমকে অহাত সি তাইৰ ওচৰত ক্ষমা বিচাৰি নিজৰ কাণত ধৰি তাইক মনাব। যেনেদৰে প্ৰতিজন স্বামীয়ে নিজৰ মুখ ফুলাই থকা পত্নীক মনাই। কিন্তু মনীষাৰ লগত এনে একু নহলে। কৌস্তুভে চোফাতে নাক বজাই শুই থাকিলে আৰু গোটেই নিশা মনীষা কান্দি কান্দি পাৰ কৰিলে। মনীষাই কান্দি কান্দি ভাৱি আছিল, পুৱা হবলৈ দিয়া, তেতিয়া মই কৌস্তুভৰ খবৰ লম যে, আমাৰ প্ৰথম নিশা আছিল আৰু আপুনি মোক কিয় নামাতিলে! মনীষাই অলপো নাজানিছিল যে, দেউতাকৰ কথাতহে কৌস্তুভে তাইৰ লগত বিবাহত বহিল।

পাচদিনা পুৱা যেতিয়া কৌস্তুভৰ টুপনি ভাঙিল, তেতিয়া সি দেখা পালে, মনীষা সেই সময়ত গভীৰ নিদ্ৰাত আছিল। গোটেই নিশা মনীষাৰ টুপনি নহাত, পুৱা ৫মান বজাত মনীষা শুই পৰিছিল। মনীষাক টুপনিত দেখা পায়, পুনৰ কৌস্তুভে দীঘলীয়া নিশ্বাস এৰিলে। আৰু লাহে কৰি কোঠাৰপৰা বাহিৰলৈ ওলাই আহিল। প্রথম দিন আৰু প্রথম নিশা এনেদৰে পাৰ হৈ গল।

কিন্তু এতিয়া কৌস্তুভে দ্বিতীয় নিশাৰ কথা চিন্তা কৰিলে! দ্বিতীয় নিশা কেনেকৈ কি কৰা যায়। আৰু আনফালে যেতিয়া মনীষাৰ টুপনি ভাঙিল তেতিয়া তাই বহুত দুখী আৰু উদাশ মনেৰে আছিল। কিন্তু তাই নিজৰ মনৰ কথা কাকোৱে নকলে। তাই ভাৱিলে, কোনো কথা নাই, বিয়াৰ ভাগৰৰ বাবে কৌস্তুভৰ টুপনি ধৰিলে। আজি মই তেওঁৰ লগত কথা পাতিম। মনীষাই এই কথবোৰকে ভাৱি ভাৱি নিজকে সান্তনা দিছিল, কিন্তু তাইও সন্দেহ কৰিছিল যে কৰবাত কিবা নহয় কিবা কথা নিশ্চয় আছে। নহলে, কোনো স্বামীয়ে বিয়াৰ প্রথম নিশা নিজৰ পত্নী লগত কথা নপতাকে শুই নপৰে।


দ্বিতীয় নিশা মনীষাই প্ৰতিজ্ঞা কৰিলে যে লাগিলে যিমানে পলম নকৰক কৌস্তুভে কোঠালৈ আহোতে, কিন্তু আজি মই টুপনি নাযাওঁ, বহি থাকিম। মনীষাই বহু পৰ অপেক্ষা কৰাৰ পাছত কৌস্তুভ মনীষাৰ কোঠালৈ আহিল। কৌস্তুভ কৌঠালৈ আহিল হয়, কিন্তু সি মনীষাৰ লগত কোনো কথা নাপাতিলে। মনীষাক কোনো মাত নিদিয়াকৈ সি বিচনাৰ পৰা গাৰুটো ললে আৰু চোফাত গৈ শুই পৰিল। মনীষাই কৌস্তুভৰ কাণ্ড কাৰখানা বোৰ মনোযোগেৰে চাই আছিল। আৰু ভাৱিছিল, এইজন কেনেধৰণৰ স্বামী! এওঁটো মোত এশাৰো মাত নলগালে। আৰু চিধাই আহি চোফাত শুই পৰিল। কিছু সময়ৰ চিন্তা কৰাৰ পাছত মনীষাই নিজে  মাত লগালে আৰু সুধিলে, আপুনি চোফাত কিয় শুইছে!

কৌস্তুভে কথাটো পাতল কৰিবলৈ বিচাৰি কলে, মোৰ চোফাত শুৱাৰ অভ্যাস আছে। সেইবাবে মই চোফাতে শুইছো।

কৌস্তুভৰ কথাত মনীষাই কলে, কিন্তু এতিয়া আপোনি বিয়া কৰালে, এতিয়া আপুনি চোফাত শুৱ নেলাগে। আৰু কথা এয়া যে, চোফাত শুৱা নুশুৱা পাছৰ কথা, এতিয়া মই আপোনাৰ পত্নী। কালিৰপৰা মই আপোনালৈ বাট চাই আছো। কিন্তু কালিও আপুনি আহি মোক মাত নিদিলে, আৰু আজিও মাত নিদিয়াকে চিধাই শুবলৈ ললে।

কৌস্তুভে পুনৰ কথাটো পাতল কৰি লৈ কলে, আজি কিছু দিনৰপৰা মোৰ স্বাস্থ্য ভাল নহয়, সেইবাবে কাৰো লগত কথা পাতিবলৈ মোৰ মন নাই। কোনোজনী ছোৱালী ইমানো মূৰ্খ নহয় যে, তাইৰ স্বামীয়ে তাইক বাৰে বাৰে অৱহেলা কৰিছে, আৰু সেই কথা ছোৱালী জনী বুজি নাপাব। মনীষাও নিজৰ স্বামী কৌস্তুভৰ কথা বুজিছিল। কৌস্তুভে কিয় মোৰ লগত কথা পাতিবলৈ বিচৰা নাই। পাচদিনা পুৱা মনীষাই নিজৰ শাহুমাকক কৌস্তুভৰ সকলো কথা বিৱৰি কলে। মনীষা আৰু শাহুমাকৰ মাজত এই সকলোবোৰ কথা চলি থাকোঁতেই শহুৰ দেউতাকো সেই ঠাইত উপস্থিত হয়গৈ। আৰু সুধিলে, তোমালোকৰ মাজত কি কথা বতৰা হৈছে, বৰ চিন্তিত দেখা পাইছো। মনীষাই একো নোকোৱাকৈ তাৰ পৰা আঁতৰি আহিল।( Assamese Storyboard )



তেতিয়া কৌস্তুভৰ মাকে, দেউতাকক কৌস্তুভৰ বিষয়ে সকলো কথা কলে। কৌস্তুভৰ দেউতাকে যেতিয়া কৌস্তুভৰ এই ব্যৱহাৰৰ কথা গম পালে, তেতিয়া তেওঁ খংত জ্বলি পকি উঠিল। সেই সময়ত কৌস্তুভ ঘৰত নাছিল। আৰু কিছু সময়ৰ পাছত যেতিয়া কৌস্তুভ ঘৰলৈ আহিল, তেতিয়া দেউতাকে তাক খংৰে সুধিলে, এইবোৰ কি কথা! বিয়া কৰোৱাই কিয় ভাওঁণা দেখুৱাব বিচাৰিছা!

কৌস্তুভে নিজৰ দেউতাকক সুধিলে কি কথা মানে! পাপা, আপুনি এনেদৰে কিয় কৈছে!

কৌস্তুভৰ দেউতাকে খংতে কলে, ঐ বুৰ্বক, সকলো কথা খুলাকৈ কলেহে, তই বুজি পাৱ নি! তই চোফাত কিয় শুৱ!

কৌস্তুভে দেউতাকক কলে, পাপা, মই সৰুৰে পৰা আজিলৈকে আপোনাৰ সকলো কথা মানি চলি আহিছো। কিন্তু এইটো কথাতে অমান্তি হৈছিলো যে, বিয়া কোনো ধেমালি কৰা নহয়, এয়া মোৰ জীৱনৰ সকলোতকৈ মহত্বপূৰ্ণ কথা আছিল। মই আপোনাক বহু বুজাবলৈ চেষ্টা কৰিলো কিন্তু আপুনি তথাপিটো মোৰ বিয়া মনীষাৰ লগত কৰোৱালে। আপুনি মোৰ লগতে মনীষাৰ জীৱনটো শেষ কৰি দিলে। কাৰণ মই মনীষাৰ লগত মোৰ জীৱন অতিবাহিত কৰিব নোঁৱাৰো। আৰু কথা যে, চোফাত শুৱা নুশুৱা লৈ, সেয়া মোৰ ব্যক্তিগত কথা। আৰু মোৰ যতে মন যায় তাতে শুম। আৰু সেই শকত মনীষা শুৱাৰ পাচত বিচনাত কত নো ঠাই থাকে, যত মই শুবলৈ পাম।

এটা কোণত ৰৈ, মনীষাই কৌস্তুভৰ সকলো কথা শুনি কান্দি আছিল। মনীষাই  নিজৰ স্বামী কৌস্তুভ আৰু নিজৰ সম্বন্ধৰ সচাঁটো জানিলে যে, তাইৰ আৰু কৌস্তুভৰ বিয়া জোৰ কৰি পাতি দিয়া হৈছিল। এই সকলোবোৰ জনাৰ পাছত মনীষাই নিজকে কোঠাত বন্ধ কৰি ললে। ১দিনৰ পৰা ২দিন পাৰ হৈ গল, কিন্তু মনীষাই এতিয়াও নিজকে কোঠাতে আৱদ্ধ কৰি ৰাখিছিল। কৌস্তুভটো তাইক একো সুধিবলৈ নাযায়। কিন্তু তাইৰ শাহু শহুৰে মনীষাক কোঠাৰ দুৱাৰ খুলিদিবলৈ বহু চেষ্টা কৰিলে। কিন্তু মনীষাই দুৱাৰ খুলা নাছিল।


এদিন কৌস্তুভৰ বৰ বেয়াকৈ একচিদেন্ত হল আৰু তাক হস্পিটালত এডমিত কৰোৱা হল। কৌস্তুভৰ মাকে বহুত কান্দিছিল। কান্দোনৰ মাত শুনি, মনীষাই কোঠাৰ ভিতৰৰ পৰাই সুধিলে, কি হৈছে মা! আপুনি কিয় ইমান কান্দিছে!

মনীষাৰ শাহুমাকে কান্দি কাতিয়ে কলে, মাজনী এতিয়াটো দুৱাৰ খুলি দিয়া, বহুত ডাঙৰ ঘটনা ঘটিছে।

নিজৰ শাহুমাকৰ মুখৰ পৰা এনে কথা শুনি, মনীষাই তক্ষনাৎ দুৱাৰ খুলি দিলে। আৰু কোঠাৰ বাহিৰলৈ আহি মাকক সুধিলে, কি হৈছে মা, এতিয়া সকলো খুলি কওক।

তেতিয়া মনীষাৰ শাহুমাকে মনীষাক কৌস্তুভৰ একচিদেন্ত হোৱা কথা কলে।

 মনীষাই কান্দি কান্দি শাহুমাকক কলে, মা, কৌস্তুভে মোক ভাল নাপালেও, কিন্তু মই কৌস্তুভক বহুত ভালপাওঁ। সেইবাবে দয়া কৰি আপুনি হস্পিটাললৈ লৈ বলক। মই কৌস্তুভৰ কাষলৈ যাব বিচাৰো।

মনীষাৰ শাহুমাকে কলে, মাজনী তুমি ঠিকে কৈছা। বলা তোমাক মই হস্পিটাললৈ লৈ যাও। মনীষা আৰু মনীষাৰ শাহুমাক, যি খন হস্পিটালত কৌস্তুভ এডমিট আছিল তালৈ যায় আৰু তাত গৈ পায়ে মনীষাই কৌস্তুভক দেখি  কান্দোনত ভাঙি পৰে। কাৰণ কৌস্তুভৰ বহুত আঘাত প্ৰাপ্ত হৈছিল।

কিছু সময়ৰ পাছত মনীষাই শাহুমাকক কলে  আপোনালোক ঘৰলৈ যাওকগৈ, মই কৌস্তুভৰ চোৱা চিতা কৰিম। সেইদিনাৰ পৰা মনীষা কৌস্তুভৰ লগত হস্পিটালত থাকিল। আৰু কৌস্তুভৰ মনে প্ৰাণে চোৱা চিতা কৰিবলৈ ধৰিলে। কিছু দিনৰ পাছত ডক্টৰে কৌস্তুভক হস্পিটালৰ পৰা চুটি দিলে। কৌস্তুভ ঘৰলৈ আহিল আৰু ঘৰলৈ অহাৰ পাছটো মনীষাই তাৰ চোৱা চিতাত কোনো কমি নকৰিলে। কিছু দিনৰ পাছত কৌস্তুভ সুস্থ হৈ উঠিল।এদিন যেতিয়া কৌস্তুভ টুপনিৰ পৰা উঠিল, তেতিয়া কৌস্তুভৰ মাকে তালৈ চাহ লৈ আহিল। তেতিয়া কৌস্তুভে মাকক সুধিলে, কি কথা মা, মনীষাক দেখা নাই যে! আৰু আজি আপুনি চাহ লৈ আহিলে যে! কিয়নো যেতিয়া পৰা মই হস্পিটাললৈ পৰা আহিছো, তেতিয়া পৰা মনীষাই মোলৈ চাহ লৈ আনে, কিন্তু আজি তাই কত?

তেতিয়া কৌস্তুভৰ মাকে কৌস্তুভক কলে, আজি মনীষাই সদায় বাবে ঘৰ এৰি থৈ গুচি গল।

মাকৰ মুখৰ পৰা এই কথা শুনি, কৌস্তুভৰ হাতৰ পৰা চাহৰ কাপটো সৰি পৰিল। আৰু আচৰিত হৈ সি মাকক সুধিলে, কিয় মা, তাই মোক একো নোকোৱাকৈ কিয় গুচি গল?

কৌস্তুভৰ মাকে কলে, তোমাক নো কয় কৰিবনো কি! তুমি আজিলৈকে তাইক পত্নীৰ অধিকাৰ দিলা নে! যে, তাই তোমাক প্ৰতিটো কথা কোৱাৰ প্ৰয়োজনীয় বুলি ভাৱে। আৰু আজি যেতিয়া মই টুপনিৰ পৰা উঠি পাক ঘৰলৈ গৈছিলো, তেতিয়া মই পাকঘৰত এইখন চিঠি পালো। চিঠিখনৰ ওপৰত লিখা আছিল, মা মই সদায় বাবে ঘৰ অৰি গুচি আহিছো। আৰু এইখন চিঠি কৌস্তুভকো দিব। কৌস্তুভে মাকৰ হাতৰ পৰা লৰালৰিকৈ চিঠিখন লৈ পঢ়ি বলৈ ললে, সেই চিঠিখনত লিখা আছিল -

কৌস্তুভ, আপুনি মোক পত্নীৰ অধিকাৰ কোনো দিন নিদিলেও, কিন্তু মই আপোনাৰ বহুত ভাল পাই পেলালো। যাৰ আন্দাজ আপুনিও লগাব নোঁৱাৰে। সেইবাবে মই আপোনাৰ সুখৰ বাবে এই ঘৰৰপৰা আঁতৰি আহিছো। কাৰণ মই জানো আপুনি মোৰ লগত সুখী হব নোঁৱাৰে। সেইবাবে আপুনি আন এজনী ছোৱালী বিবাহ কৰোৱাই আপোনাৰ জীৱন নতুনকে আৰম্ভ কৰক। কিন্তু যেতিয়ালৈকে মই আপোনাৰ ওপৰত বোজা হৈ থাকিলো হয়, তেতিয়া লৈকে আপোনাৰ দেউতাই আপোনাৰ বিয়া আন ছোৱালীৰ লগত হবলৈ নিদিয়ে। আৰু শেষত এয়াই কওঁ যে জ্ঞাতে  অজ্ঞাতে যদি মই কিবা ভুল কৰিছিলো, তেনেহলে মোক ক্ষমা কৰি দিব। আপোনাৰ শকত পত্নী… মনীষা।কৌস্তুভে চিঠিখন পঢ়াৰ পাছতে লৰালৰিকৈ মনীষাৰ মাকৰ ঘৰলৈ গল। আৰু মনীষাৰ ঘৰৰ দুৱাৰৰ বেল বজালেগৈ। তেতিয়া মনীষাই দুৱাৰ খুলিলত, কৌস্তুভে মনীষাক দেখা পায় তাইক লয় সাৱটি ধৰি কান্দি বলে ধৰিলে। আৰু কলে, মোক ক্ষমা কৰি দিয়া মনীষা। আজি মই বুজিলো, মনুষ্যৰ সৌন্দর্যতকৈও অধিক তেওঁৰ কৰ্মহে চিনাক্ত কৰে। মোৰ একচদিন্ট হলত যদি তুমি মোৰ লগ নিদিয়া হলে, আজি মই এনেদৰে নিজৰ ভৰিত থিয় হৈ থাকিব নোৱাৰিলো হয়। কাৰণ যি দৰে তুমি মোৰ শুশ্রূষা কৰিছিলা, তাকে দেখা পায় ডক্টৰো আচৰিত হৈ ৰৈছিল। আৰু তেওঁলোকে কৈছিল, আপোনাৰ লগত চমৎকাৰ হৈছে। নহলেনো আপোনাৰ ভৰি দুখন যিমান আঘাত প্ৰাপ্ত হৈছিল, সেয়া চাবলৈ হলে আপোনাৰ ভৰি দুখন কেতিয়াও ঘূৰাই নাপালে হয়। সেইবাবে মনীষা তোমাক আজিলৈকে মই যি দুখ দিলো, তাৰবাবে মই বহুত লাজ পাইছো। বলা এতিয়া নিজৰ ঘৰলৈ। কৌস্তুভৰ মুখৰ পৰা এই কথা শুনি মনীষাও বহু সুখী হৈছিল। কাৰণ আজি সৌন্দর্যক লৈ নহয়, তাইৰ কৰ্মৰ বাবে তাইৰ স্বামীক পাবলে সক্ষম হল। মনীষা আজি নিজৰ শহুৰৰ ঘৰলৈ গল আৰু আজি পুনৰ তাইৰ ফুলশয্যাৰ নিশাৰ দৰে কোঠাটো সঁজোৱা হল। মনীষা বহু সুখী হৈ কইনা সাঁজত বহি আছিল। আজি কৌস্তুভে পলম নকৰিলে ওলোটাই সময়তকে আগতীয়াকৈ মনীষাৰ কোঠালৈ আহিল আৰু কৌস্তুভে মনীষাক নিজৰ দুবাহুৰ মাজত সাৱটি ললে।


Assamese Storyboard


এনেধৰনৰ আৰু গল্প/উপন্যাস পঢ়ক এই লিংকত - www.গল্প/উপন্যাস.com

( Assamese Storyboard )


বিঃদ্ৰঃ আপোনালোকেও যদি কোনো গল্প আমাৰ ৱেবছাইটত প্ৰকাশ কৰিব বিছাৰে তেন্তে আমাৰ ফেচবুক পেজৰ ইনবক্সত নতুবা ৯৮৫৪৭৯৯৫৭৭ নম্বৰত হুৱাটছ এপ যোগে প্ৰৰণ কৰক।

আমাৰ ফেচবুক পেজৰ লিংক - www.SMJ24.facebook page

 নিৰ্বাচিত গল্প সমূহহ লেখকৰ নাম আৰু ছবি সহ আমাৰ ৱেবছাইটত প্ৰকাশ কৰা হব।

আমাৰ ফেচবুক গ্ৰুপটো আপুনি পোনপটিয়াকৈ গল্প প্ৰকাশ কৰিব পাৰে।

1 comment:

Advertisement

Pages